মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মৃত্যুৰ দুৱৰডলিত ৰাখী পুনৰ জীৱনলৈ চিকিৎসাবিজ্ঞানৰ নতুন বিষ্ময়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৃত্যুৰ দুৱৰডলিত ৰাখী পুনৰ জীৱনলৈ চিকিৎসাবিজ্ঞানৰ নতুন বিষ্ময়

মৃত্যুৰ দুৱৰডলিত ৰাখী পুনৰ জীৱনলৈ চিকিৎসাবিজ্ঞানৰ নতুন বিষ্ময়

মানুহ এজনক জীয়াই থকা নাই, অথচ তেওঁ মৰাও নাই- এনে এটা অৱস্থাৰ কথা ভাবিব পাৰিনে? আঘাতপ্ৰাপ্ত হৈ মৃতপ্ৰায় হৈ পৰা ৰোগী এজনক এতিয়া এনেদৰেজীৱন আৰু মৃত্যুৰ মাজত ওলোমাই ৰাখি তেওঁৰ চিকিৎসা কৰিব পৰা হৈছে। চিকিৎসা বিজ্ঞানত মাত্ৰ যোৱা এপ্ৰিল (২০১৪) মাহত ব্যৱহাৰ কৰা এই বিস্ময়কৰ ব্যৱস্থাই কিছুস্ংখ্যক মৃত্যু মুখী, আঘাতপ্ৰাপ্ত ৰোগীক পুনৰ জীৱন দান কৰিব পাৰিছে। এই উদ্ভাৱনে মানুহৰ জীবনলৈ নতুন আৰু আলোড়নকাৰী সম্ভাৱনা বহন কৰি আনিছে।

এতিয়া মাত্ৰ আমেৰিকাৰ পিটছবাৰ্গৰ ইউ পি এম ছি প্ৰেছবাইটেৰিয়ান হস্পিটেলত কেৱল বন্দুকৰ গুলী বা ছুৰীৰ আঘাতত অতি বেয়াকৈ আঘাটপ্ৰাপ্ত হোৱা ৰোগীৰ ক্ষেত্ৰতহে এই পদ্ধতি প্ৰয়োগ কৰি চোৱা হৈছে। গণমাধ্যমত নিলম্বিত চৈত্যন্য পদ্ধতি বুলি প্ৰচাৰিত হোৱা এই পদ্ধতিৰ লগত জড়িত এগৰাকী বিশেষজ্ঞ সেই হস্পিটেলৰে শল্যচিকিতসক, ছেমুৱেল টিশ্বাৰমেনে কৈছে- “আমি জীৱন নিলম্বন কৰিছো, কিন্ত্ৰু আমি ইয়াক নিলম্বিত চৈতন্য বা নিলম্বিত জীৱন বুলি ক’ব নোখোজো, কাৰণ তেতিয়া সেয়া কল্পবিজ্ঞান যেনহে শুনা যায়।” তেওঁ কয়- “অমি ইয়াক জৰুৰীকালীন স্ংৰক্ষণ আৰু পুনৰজীৱন দান বুলিহে কও।”

অতি শীতল শৰীৰ

এই পদ্ধতিত শৰীৰৰ সমস্ত তেজ উলিয়াই আনি তাৰ ঠাইত শীতল ছেলাইন দ্ৰৱ সুমুৱাই দিয়া হয়। তেতিয়া শৰীৰটো বৰ সোনকালে শীতল হৈ পৰে আৰু কোষবোৰৰ প্ৰায় সমস্ত কাৰ্য বন্ধ হৈ পৰে।

এই পদ্ধতি উদ্ভাৱন কৰা টাকছনৰ এৰিজ’না বিশ্ববিদ্যলয়ৰ শল্যচিকিতসক পিটাৰ ৰিয়ে কৈছে- “কোনো অজ্ঞাত লোকক যদি মৃত্যু হোৱাৰ দুঘণ্টা পাছত আমাৰ ওচৰলৈ অনা হয়, তেওঁক জীয়াই তুলিব নোৱাৰি। কিন্তু ঠিক মৰোঁ মৰোঁ অৱস্থাতো যদি কোনো ৰোগী অনা হয়, আমি তেওঁক নিলম্বিত জীৱনত ৰাখি দিব পাৰো। তেতিয়া তেওঁৰ শৰীৰৰ খতি-খুনখিনি মেৰামতি কৰাৰ পিছত তেওঁক জীয়াই তুলিব পৰাৰ এটা আশা এটা থাকে।”

কোনো ৰোগীক অতি ঠাণ্ডা বা আৱিষ্ট নিম্নউষ্ণণত ৰাখি দিয়াৰ উপকাৰবোৰৰ কথা কেইবাদশকৰো আগৰেপৰা জানি অহা হৈছে। স্বাভাৱিক উষ্ণতাত, অৰ্থাত প্ৰায় ৩৭ ডিগ্ৰি ছেলছিয়াছত, শৰীৰৰ কোষবোৰক শক্তি উতপাদন কৰিবলৈ অক্সিজেনৰ নিয়মিত যোগানৰ প্ৰয়োজন হয়। কিন্তু হৃদপিণ্ডটোৱে ধপধপাবলৈ এৰিলে তেজে আৰু কোষবোৰলৈ অক্সিজেন কঢ়িয়াই নিনিয়ে। অক্সিজেন নাপালে মস্তিস্কটো মাত্ৰ পাঁচ মিনিটমানহে তিষ্ঠি থাকিব পাৰে, তাৰ অনিষ্ট হয়।

কিন্তু নিম্ন উষ্ণতাত সকলো ৰাসায়নিক বিক্ৰিয়া মন্থৰ হৈ পৰে  বাবে কোষবোৰক কম পৰিমাণেহে অক্সিজেনৰ প্ৰয়োজন হয়। বৰফৰ হ্ৰদত পৰি যোৱা মানুহক যে কেতিয়াবা কেতিয়াবা তেওঁলোকৰ উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ আধাঘণ্টামান পাছতো পুনৰ জীয়াই তুলিব পাৰি এইটোৱেই তাৰ কাৰণ।

হৃদপিণ্ড আৰু মস্তিস্কৰ অস্ত্ৰোপ্ৰচাৰৰ আগেয়ে ডাক্তৰে কেতিয়াবা কেতিয়ব ৰোগীৰ শৰীৰৰ উষ্ণতা বৰফৰ টোপোলা দি কমাই লয়। তেনে ৰোগীৰ তেজো বাহিৰৰ শীতলক তন্ত্ৰৰ মাজেদি পঠাই চেচাকৰি লোৱা হয়। এই পদ্ধতিয়ে ডাক্তৰসকলক ৰোগীৰ তেজ চলাচল ৪৫ মিনিটমানলৈ বন্ধ ৰাখি অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ কৰিবলৈ সুবিধ দিয়ে। কিন্তু এই শীতলীকৰণ প্ৰক্ৰিয়াত যথেষ্ট সময় লাগে আৰু বহু পৰিকল্পনা আৰু প্ৰস্তুতিৰ সহায়তহে এই কাম কৰিব পাৰি।

যেতিয়া কোনো লোকক গুলিৰ ভয়ানক আঘাত বা ভয়ানক ছুৰিকাঘাতেৰে হস্পিটেললৈ অনা হয়, তেতিয়া অৰু তেওঁক লাহে লাহে শীতল কৰাৰ কথা ভাবিব নোৱাৰি। প্ৰায়ে যথেষ্ট ৰক্ত্ৰক্ষৰণ হোৱা বাবে তেনে লোকৰ হৃদস্পন্দন বন্ধ হৈ যায়। তেতিয়া ৰক্তক্ষৰণ বন্ধ কৰা আৰু হৃদপিণ্ড পুনৰ চলোৱা কাম দুটা কৰিবৰ বাবে ডাক্তৰৰ হাতত মাত্ৰ কেইটামান মিনিটহে থাকে। তেজ যোৱা বন্ধ কৰিব পাৰিলেও লগে লগে তেজ ভৰাই দিব নোৱাৰি। কৰণ তেনে কৰিলে ততক্ষণাত অক্সিজেন যোগান আৰম্ভ হৈ কোষৰ সক্ৰিয়তা বঢ়াই দিব। তেতিয়া অধিক ৰসায়ন ক্ষৰিত হৈ শৰীৰৰ কোষবোৰক আঘাট দি ৰোগীৰ মৃত্যুও ঘটাব পাৰে।

গতিকে শৰীৰটোক অতি শীতল কৰি মানুহজনক নিলম্বিত চৈতন্যৰ অৱস্থালৈ নিব পাৰিলে মানুহজন জীৱীত হৈও নাথাকে, কিন্তু তেওঁৰ মৃত্যুও নহয়-এনে এটা অৱস্থাত থাকিব। তেতিয়া ডাক্তৰ সকলে চিকিৎসা কৰিবলৈ কিছু সময় পাব।

মৃত্যুৰ নতুন সংজ্ঞা

২০০২ চনত আমেৰিকাৰ এন এৰ্বৰৰ মিছিগন বিশ্ববিদ্যালয় হস্পিটেলৰ হাছান অলম আৰু তেওঁৰ সহকৰ্মীসকলে গাহৰিৰ ক্ষেত্ৰত এই কৌশল প্ৰথমবাৰ প্ৰয়োগ কৰিছিল। তেনে গাহৰিৰ শৰীৰত কৃত্ৰিম আঘাতৰ সৃষ্টি কৰি, তেজৰ ঠাইত শীতল পটেছিয়াম বা ছেলাইন দ্ৰৱ সুমুৱাই দি সিহতৰ শৰীৰৰ উষ্ণতা ১০ ডিগ্ৰি ছেলছিয়াছলৈ নমাই দিয়া হৈছিল। তাৰ পাছত সিহতৰ আঘাতৰ চিকিৎসা কৰী পুনৰ শৰীৰত তেজৰ যোগান দিয়া হৈছিল আৰু শৰীৰৰ উষ্ণতা লাহে লাহে বঢ়াই অনা হৈছিল। সেই গাহৰিবোৰ সম্পূৰ্ণ সুস্থ হৈ উঠিছিল।

গৱেষক ৰিয়ে কয়- “আমি এই পৰীক্ষাবোৰত সফল হোৱাৰ পাছত মৃত্যুৰ সংজ্ঞায়েই বেলেগ হৈ গ’ল। প্ৰত্যেক দিনে কোনো লোকক মই ম্ৰিত বুলি ঘোষোণা কৰি কাগজ একোখন চহী কৰি দিব লগা হওঁ। এই পদ্ধতিৰ প্ৰয়োগ হ’লে, কেৱল হৃদপিণ্ড বন্ধ হোৱা আৰু মস্তিস্কৰ ক্ৰিয়াকলাপ বন্ধ হোৱাৰ বাবে তেওঁলোকক মৃত বুলি ঘোষণা কৰাৰ সলনি নিলম্বিত চৈতন্যত ৰাখি চিকিত্সা কৰিব পৰা যাব। কাৰণ মই অন্তৰেৰে জানো যে তেওঁলোকৰ মৃত্যু হোৱা নাই।

তেনে ৰোগী সেই হস্পিটেললৈ আহিলে লগে লগে তেওঁৰ হৃদপিণ্ডত ছেলাইন দ্ৰৱ সুমুৱাই দি তেওঁৰ মস্তিস্কলৈও সেই দ্ৰৱ যোৱাৰ ব্যৱস্থা কৰা হ’ব। ১৫ মিনিটমান পাছত ৰোগীৰ শৰীৰৰ উষ্ণতা ১০ ডিগ্ৰি ছেলছিয়াছমান হৈ পৰিব। এই অৱস্থাত শৰীৰত কোনো তেজ নাথাকে আৰু মস্তিস্কৰো ক্ৰিয়াকলাপ নাথাকে। গতিকে ডাক্তৰীভাৱে তেওঁ এগৰাকী মৃত ব্যক্তিৰ দৰে।

অস্ত্ৰোপচাৰৰ মূল্যবান সময়

এই অৱস্থাত ৰোগীৰ শৰীৰত কোনো বিপাকীয় ক্ৰিয়া নাথাকে বাবে কোষবোৰ অক্সিজেনৰ যোগান নহোৱাকৈ কেইবাঘণ্টাও চলি যাব পাৰিব। তেতিয়া ৰোগীক সকলো যন্ত্ৰ-পাতিৰ পৰা বিচ্ছিন্ন কৰি অস্ত্ৰোপচাৰ কৰিবলৈ দুঘণ্টামান সময় পাব।

আঘাত আদি ঠি-ঠাক কৰাৰ পাছত ৰোগীৰ শৰীৰত তেজৰ যোগান দিয়া হ’ব। তেওঁৰ হৃদপিণ্ড নিজে নিজে চলিবলৈ আৰম্ভ নকৰিলে পুনৰ জীৱন দান পদ্ধতিৰে চাপ দি হৃদপিণ্ড চলোৱা হ’ব। পানীত পৰি বা বৈদ্যুতিক আঘাত পাই হৃদস্পন্দন বন্ধ হোৱা ৰোগীক এনেদৰে বুকুত চাপ দি দি তেওঁক পুনৰ জীৱন দান দিয়া হয়।

চিকিৎসকসকলে যথেষ্ট স্ংখ্যক এনে মুমুৰ্ষ ৰোগীৰ ক্ষেত্ৰত পদ্ধতিটো প্ৰয়োগ কৰাৰ পাছত তাক লগা মতে উন্নত কৰাৰ পাছতহে পদ্ধতিটো অন্য চিকিৎসালয়লৈ মুকলি কৰি দিয়া হ’ব। এনে ৰোগীৰ এনেয়ো মৃত্যু হ’লহেতেন বাবে এই পদ্ধতি আৰু অস্ত্ৰোপ্ৰচাৰৰ বাবে ৰোগী বা আত্মীয়ৰ অনুমতিৰ কোনো প্ৰয়োজন নহয়। গতিকে পদ্ধতিটো পৃথিৱীৰ আন হস্পিটেলবোৰত সহজলভ্য হোৱাৰ পাছত মুমূৰ্ষ বহু ৰোগীক ডাক্তৰসকলে আৰোগ্য কৰিব পাৰিব।

জীৱন ওলমাই ৰখা বা চৈতন্য নিলম্বনৰ এই পদ্ধতিটো এতিয়া মাত্ৰ কেইঘণ্টামানৰ বাবেহে কৰিব পৰা হৈছে। কেইবছৰমানৰ ভিতৰতে হয়তো মানুহক জীৱন আৰু মৃত্যুৰ মাজত দীৰ্ঘদিনৰ বাবে ওলমাই দিব পৰা যাব।

দীনেশ চন্দ্ৰ গোস্বামী, প্ৰান্তিক

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top