অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেটাবলিচম(METABOLISM):

মেটাবলিচম(METABOLISM)ৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰচৰ্চা আৰু বিজ্ঞানৰ সম্পৰ্ক ওতঃপ্ৰোত৷ শৰীৰচৰ্চা কৰাৰ সময়ত আপুনি নিজ দেহৰ anatomy জানিব লাগিব৷ শৰীৰচৰ্চাত কেনেদৰে muscle gain, fat loose হয় তাৰ বাবে জানিবলগীয়া এটি বিষয় হল Metabolism৷ এই Metabolism য়েই হল আজি আমাৰ আলোচনাৰ বিষয়৷

জীৱদেহৰ আভ্যন্তৰীণ কাৰ্যপ্ৰণালী সূচাৰুৰূপে পৰিচালিত কৰিবলৈ ব্যৱহাৰ হোৱা শক্তি উৎপন্ন কৰা বিভিন্ন ৰাসায়িনক বিক্ৰিয়া আৰু তাৰপৰা শৰীৰৰ কোষবোৰে পোষণ পোৱা সম্পূৰ্ণ প্ৰক্ৰিয়াটোক Metabolism বোলা হয়৷ Metabolism ৰ গোটই প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে nutrients(diet) ৰ ওপৰত য'ৰ পৰা খাদ্য হজম হৈ শক্তিৰ উৎপন্ন হয়৷ এই শক্তি আমাক প্ৰয়োজন নিউক্লিয় এচিড, প্ৰটিন আৰু আন আন জৈৱঅনুবোৰ সংশ্লেষণ কৰিবলৈ৷ আমি যেতিয়া simple কাৰ্বহাইড্ৰেট গ্ৰহণ কৰো তেতিয়া সেয়া দেহে সৰলীকৰণ কৰি গ্লুকজ- গ্লুকজৰ পৰা পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়৷ লগতে প্ৰচুৰ পৰিমানে শক্তিও উৎপন্ন হয়৷ এই উৎপন্ন হোৱা শক্তিয়েই আমাৰ দেহৰ চালিকা শক্তি ৷ মন কৰিবলগীয়া যে আমাৰ মগজুৰ একমাত্ৰ খাদ্য হল carbs ৰ পৰা পোৱা এই গ্লুকজ৷ মগজুক সঠিক ভাৱে চলাবলৈ গ্লুকজ যোগান ধৰাটো অনিবাৰ্য৷

আমি Metabolism ক দুই প্ৰকাৰে জানিব পাৰো৷ Anabolic আৰু Catabolic৷ 
প্ৰকৃতাৰ্থত anabolic অৱস্থাত দেহৰ গঠন হয় আৰু catabolic অৱস্থাত দেহ বিয়োগাত্মক হৈ পৰে৷ দেহ তেতিয়া anabolic অৱস্থাত থাকে যেতিয়া দেহৰ কাৰ্যৰ বাবে পৰ্যাপ্ত আহাৰ (nutrients) আমি গ্ৰহণ কৰো৷ দেহ তেতিয়া গঠনমূলক অৱস্থাত থাকে অৰ্থাৎ দেহৰ বৃদ্ধি হয়(কোষ বা পেশীৰ গঠন, বৰ্দ্ধন হয়)৷ কিন্তু অবিৰত ঘটি থকা দেহৰ কাৰ্যৰ বাবে যেতিয়া আমি আহাৰ যোগান নধৰো তেতিয়া দেহে আমাৰ store fat বা প্ৰয়োজনত muscle breakdown কৰি তাৰপৰা শক্তি আহৰণ কৰে৷ অৰ্থাৎ দেহ সংশ্লেষণৰ এই বিয়োগাত্মক অৱস্থাক catabolic বোলে৷

শৰীৰচৰ্চাত Metabolism boost কৰি ৰখাটো অতি প্ৰয়োজনীয়৷ দেহক প্ৰটিনৰ উচিত খোৰাক দি বাকী আন nutrients বোৰৰ balance ৰাখি গ্ৰহণ কৰাটোহে প্ৰকৃত diet ৷ zym ত কটোৱা ১ ঘন্টাত আপোনাৰ শৰীৰৰ পেশীসমূহ develop হব বুলি ভবাটো অবান্তৰ মাথো৷ আপুনি ব্যায়ামৰ জৰিয়তে মাত্ৰ পেশীসমুহলৈ nutrients যোৱা পথটোহে মুকলি কৰি দিলে(তেজে nutrient বোৰ কোষলৈ কঢ়িয়াই)৷ কি nutrient কিমান পৰিমানত কোষসমূহক যোগান ধৰিলে সেয়া zym ৰ বাহিৰত কটোৱা বাকী ২৩ ঘন্টাত গ্ৰহণ কৰা diet আৰু proper rest ৰ ওপৰত নিৰ্ভৰ কৰে৷
গতিকে পেট খালি নাৰাখি সময়ে সময়ে balance diet গ্ৰহণ কৰিব লাগে৷ breakfast কেতিয়া নকৰিব৷ pre আৰু post workout diet সঠিক ললে Metabolism boost হৈ থাকিব৷

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ(নয়ন এম কলিতা)

 


2.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top