অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেডিটেচন :

মেডিটেচনৰ বিষয়ে লিখা হৈছে ।

 

আধুনিক ব্যস্তময় জীৱনশৈলীত মেডিটেচনে মানুহক বহুখিনি সকাহ লৈ জীয়াই থকাত সহায় কৰে। নহ’লে জীয়াই থকাটোৱেই হৈ পৰে যথেষ্ট কষ্টকৰ। দৈনন্দিন জীৱনটোত মাজে মাজে ষ্ট্ৰেচৰ মাত্ৰা ইমান বাঢ়ি যায় যে দিনৰ শেষত নিজকে অতি ক্লান্ত যেন অনুভৱ হয়। কিন্তু ষ্ট্ৰেচ মোকাবিলাৰ সহজ উপায় হৈছে মেডিটেচন। মেডিটেচনে ভাগৰুৱা হৈ পৰা শৰীৰত নতুন জীৱনী শক্তি দিয়ে।

মেডিটেচন কি -

মেডিটেচন এনে এবিধ মেন্টেল ডিচিপ্লিন যাৰ দ্বাৰা ‘ৰিফ্লেক্সিভ থিংকিং মাইণ্ড’ৰ বাহিৰলৈ গৈ অৱচেতন মনত প্ৰৱেশ কৰিব পাৰি। গতিকে মেডিটেচনৰ দ্বাৰা নেতিবাচক চিন্তাবোৰ দূৰ হৈ জীৱনক ইতিবাচক দৃষ্টিভংগীৰে ল’ব পৰা হয়। পৰৱৰ্তী কামত মনোনিৱেশ কৰাত সহায় কৰে। নিজৰ কৰ্মৰাজিত নিজকে ফকাছড কৰিব খুজিলে মেডিটেচন ইজ মাষ্ট।

মেডিটেচনৰ পদ্ধতি -

মেডিটেচন বিভিন্ন প্ৰকাৰে কৰিব পাৰি। কিন্তু সকলোতকৈ সহজ হৈছে ব্ৰিডিং মেডিটেচন। দিনে দুইৰ পৰা তিনিবাৰলৈ ১০-১৫ সময় ব্ৰিডিং মেডিটেচন কৰিলে নিজেই জীৱনৰ নতুনত্ব অনুভৱ কৰিব। এখন শান্ত, নিৰিবিলি ঠাই নিৰ্বাচন কৰি লওক য’ত আৰামদায়কভাৱে বহিব পাৰে। ভৰি ক্ৰছ কৰি বহিব লাগে। পিঠি বা স্পাইন সম্পূৰ্ণ পোন কৰি ৰাখিব লাগে। পিঠি পোন নাৰাখিলে টোপনি আহি যোৱাৰ প্ৰৱনতা থাকে। দুই চকু অৰ্ধ-নিমিলিত ৰাখি বা সম্পূৰ্ণ বন্ধ কৰি নিজৰ শ্বাস-প্ৰশ্বাসৰ ওপৰত মনোনিৱেশ কৰিব লাগে। ব্ৰিডিং অতি স্বাভাৱিকভাৱে কৰিব। শ্বাস-প্ৰশ্বাস কৃত্ৰিমভাৱে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব নালাগে। অনুভৱ কৰিব লাগে কিদৰে বতাহ নাকেৰে গৈ হাওঁফাওঁ পাইছে আৰু বুকু ভৰি উঠিছে। এইদৰে যেতিয়া উশাহ লাহে লাহে এৰিছে সেইটোও অনুভৱ কৰিব লাগে। কিদৰে উশাহ নাকেৰে ভিতৰলৈ গৈ বাহিৰলৈ ওলাই আহিছে সেয়া অনুভৱ কৰাটো মেডিটেচনৰ গুৰুত্বপূৰ্ণ অংশ। এই পদ্ধতিৰ দ্বাৰা শৰীৰৰ ভিতৰখন যেন পখালি পেলোৱা হয় তেনে অনুভৱ কৰিব লাগে। ব্ৰিডিং ছেন্সেচন অৰ্থাৎ উশাহ-নিশাহ লোৱাৰ সময়ত আন একো চিন্তা মনলৈ আনিব নালাগে। নিজৰ চাৰিওকাষে কি ঘটিছে, সেই কথা মনলৈ বিন্দুমাত্ৰও আহিবলৈ দিব নালাগে। একপ্ৰকাৰ ধ্যানস্থ ভাৱত ব্ৰিডিং কৰা উচিত। মেডিটেচন কৰাৰ সময়ত মন নামৰ চঞ্চল বস্তুটো যেনি-তেনি যিমানবাৰ যাব খোজে, সিমানবাৰ ব্ৰিডিঙৰ ওপৰত কনচেন্ট্ৰেত, অৰ্থাৎ গভীৰভাৱে মনোযোগী হ’বলৈ চেষ্টা কৰক। দিন যোৱাৰ লগে লগে, মেডিটেচনৰ ওপৰত গুৰুত্ব দিলে, প্ৰচেষ্টা অব্যাহত ৰাখিলে, দেখিব- আপুনি এসময়ত পূৰামাত্ৰাই মনঃসংযোগ বঢ়াব পাৰিছে।

মেডিটেচনত সফল হ’ব পাৰিলে নিশ্চয় সাৰ্থকতা লাভ কৰিব। দেখিব জীৱনলৈ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ষ্ট্ৰেছ চম্ভালিব কৰা হৈছে। যথেষ্টভাবে ৰিলাক্সড অৱস্থাত থাকিব পৰা হৈছে। সকলো কাম কৰিবলৈ মনলৈ উদ্যম আহিছে। স্বাস্থ্যৰ উন্নতি ঘটিছে। শৰীৰ-ছাললৈ ৰুক্ষতা গুচি মসৃণতা আৰু কোমলতা আহিছে।

বৰ্তমান জীৱনবোৰ ঘৰে-বাহিৰে, অন্তৰ্জগত-বহিৰ্জগত ইমান জটিল হৈ পৰিছে যে কিছু শাৰীৰিক ব্যায়াম, মেডিটেচন, মানসিক সন্তুলন আদিৰ ক্ষেত্ৰত সচেতন আগ্ৰহী নহ’লেই নোহোৱা হৈ পৰিছে। পঢ়ি বা যোগ্যসকলৰ ওচৰত শিকিও এয়া আৰম্ভ কৰিব পাৰি। সেই সুযোগ লোৱাটোৱেই হ’ব বুদ্ধিমানৰ কাম।

উৎস: অসম বাণী(প্ৰাচী কাশ্যপ)

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top