অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেথিশাকৰ গুণাগুণ -

মেথিশাকৰ গুণাগুণৰ বিষয়ে লিখা হৈছে ।

গুণাগুণ -

শীত অহাৰ লগে লগে মেথিশাকৰ দৰে সেউজীয়া শাকৰ জুতি লৈ সচাই ভাল লাগে নহয়নে? মেথি শাক ভাজি থাকোতে ইয়াৰ মলমলীয়া গোন্ধে খাওঁতাজনক দূৰৰ পৰাই আকৰ্ষণ কৰে।

খাওঁতে অলপ তিটিকি তিটিকি লাগে যদিও খাই ভাল পোৱা সকলৰ বাবে ই এবিধ প্ৰিয় শাক। তদুপৰি ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী হোৱাৰ বাবে ইয়াৰ চাহিদাও বেছি।

সমগ্ৰ এছিয়াতেই মেথিৰ ব্যৱহাৰ হয়। ইয়াৰ উপৰিও তুৰ্কীছ, পাৰ্ছীআন, ইজিপ্টছিয়ান খাদ্যসম্ভাৰত মেথিৰ ব্যৱহাৰ হোৱা দেখা যায়। সমগ্ৰ ভাৰততে মেথিৰ ব্যৱহাৰ হয় যদিও উত্তৰ ভাৰতৰ বিভিন্ন জনপ্ৰিয় ব্যঞ্জনত মেথি শাক এবিধ আৱশ্যকীয় উপকৰণ যেনে মেথি পৰঠা, আলু মেথি, মেথি চিকেন আদি।

ব্যঞ্জনত এই মেথি শাক দুই ধৰণেৰে ব্যৱহাৰ হয়, এবিধ হৈছে কেঁচা মেথি শাক আৰু আনবিধ হৈছে শুকান মেথি শাকৰ পাত যাক কঁচুৰী মেথি বুলি কোৱা হয়। শুকুৱাই তৈয়াৰ কৰা মেথি শাক বা কঁচুৰী মেথি বহুতো 'মোগলাই' ব্যঞ্জনত ব্যৱহাৰ হয়।

গতিকে দেখা যায় যে অতীতৰে পৰা ভাৰতত এই কঁচুৰী মেথিৰ ব্যৱহাৰ হৈ আহিছে। আমাৰ পছন্দৰ তন্দুৰী চিকেন, চিকেন টিক্কা, চিকেন বাতাৰ মচলা, পনীৰ বাতাৰ মচলা, চাহি পনীৰ আদি ব্যঞ্জনত প্ৰধানকৈ কঁচুৰী মেথিৰ ব্যৱহাৰ হয়।

বাতাৰ বা ঘিঁত ৰঙা জলকীয়া আৰু কঁচুৰী মেথিৰ ফোৰণ দি বনোৱা 'তাৰকা' খনে বহু ব্যঞ্জনৰ ৰং ৰূপেই সলনি কৰি দিয়ে।

সেয়েহে মেথিশাকৰ গুণ গাইয়ো যেন শেষ কৰিব নোৱাৰি। ব্যঞ্জনৰ উপকৰণ হোৱা হেতুকে মেথিৰ উৎপাদনত অন্যতম আগশাৰীৰ দেশ হিচাবে ভাৰতৰ নাম আছে। এই মেথিশাক পৰিপুষ্টিৰ ফালৰ পৰাও উৎকৃষ্ট।

ইয়াত থকা চত'লন (sotolon) নামৰ ৰাসায়নিক পদাৰ্থৰ বাবে মেথিৰ ধুনীয়া মলমলীয়া গোন্ধটো পোৱা যায়। ইয়াৰ উপৰিও-

*কাৰ্বোহাইড্ৰেট,

*প্ৰটিন,

*আঁহ,

*চডিয়াম,

*পটাছিয়াম,

*মেগনেছিয়াম,

*ফচফৰাছ,

*কেলচিয়াম,

*ভিটামিন বি 6,

*থায়মিন,

*নিয়াচিন,

*ফলিক এচিড আদি ভিটামিন বি যৌগ, আইৰণ আদি আৱশ্যকীয় উপাদান আছে।

স্বাস্থ্য আৰু ৰোগ নিৰাময়ত মেথিশাকে কিদৰে সহায় কৰে তলত থুলমূলকৈ দিয়া হৈছে -

*ডায়েবেটিচ ৰোগীৰ বাবে মেথিশাক অতি উপকাৰী। নিয়মিতভাৱে মেথিশাক খালে ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

গৱেষণাৰ পৰা দেখা গৈছে যে ই ইনচুলিন হৰমনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। তদুপৰি সুস্থ মানুহৰ বাবেও এই শাক উপকাৰী কাৰণ ইয়াত ভিটামিন, খনিজ আদি প্ৰচুৰ পৰিমাণে আছে আৰু ই ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে।

*কলেষ্টৰল সমস্যা কম কৰাতো মেথিশাক উপকাৰী। ই শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম আৰু উপকাৰী HDL কলেষ্টৰল বৃদ্ধি কৰাত সহায় কৰে।

*মেথিশাকত আঁহ থকাৰ বাবে ই কৌষ্ঠকাঠিন্য সমস্যাত উপকাৰী। ই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু পেট পৰিষ্কাৰ কৰি পাচনতন্ত্ৰৰ কাৰ্য্য সুচাৰুভাৱে চলাত সহায়ো কৰে।

*মেথি শাকে কিডনিৰ কাৰ্যক্ষমতা অটুট ৰখাতো সহায় কৰে। কাৰণ ই শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে।

*বিভিন্ন প্ৰকাৰৰ ভিটামিন বি যৌগ পোৱা যায় বাবে মুখৰ ভিতৰত হোৱা ঘাঁ, বেৰি বেৰি ৰোগ বা তেনে অন্য বি ভিটামিন অভাৱজনীত ৰোগ প্ৰতিৰোধ কৰে।

*দুগ্ধৱতী মাতৃৰ বাবেও মেথিশাক উপকাৰী। ই দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ উপৰিও দুগ্ধৰ শোধনো কৰে।

*জ্বৰ হলে মেথিশাক খালে ই জ্বৰ কম কৰাত সহায় কৰে। টনচিলাইটিছ, ফেৰিনজাইটিছ আদিত মেথিশাক উত্তম পথ্য।

*আৰথ্ৰাইটিছ সমস্যাত ভোগা লোকৰ বাবেও মেথিশাক উত্তম। এন্টিঅক্সিডেন্ট থকাৰ বাবে আৰু প্ৰদাহ প্ৰতিৰোধী গুণ থকাৰ বাবে ই আৰথ্ৰাইটিছ সমস্যা কম কৰাত সহায় কৰে। তদুপৰি-

-কেলচিয়াম,

-আইৰণ,

-ফচফৰাছ থকা বাবে হাড়ৰ গঠন মজবুত কৰে।

*ৰক্তহীনতা সমস্যাত ভোগা ৰোগীৰ বাবে মেথিশাক উপকাৰী। কাৰণ ইয়াত আইৰণ, ফলিক এচিড, ভিটামিন বি যৌগ আৰু অন্যান্য আৱশ্যকীয় উপাদান আছে।

*গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষৰ টেষ্ট'ষ্টেৰণ হৰম'নৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত মেথিশাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ই পুৰুষৰ যৌনক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে। মহিলাৰ মাহেকীয়া জনীত সমস্যাতো মেথিশাক উপকাৰী।

*হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাতো মেথিশাকে সহায় কৰে কাৰণ ইয়াত কেতবোৰ বিশেষ ৰাসায়নিক পদাৰ্থ আছে যিয়ে হাৰ্টক সুৰক্ষা প্ৰদান কৰে।

*ডায়েট প্লেনত থকা লোকে মেথিশাক সেৱন কৰিলে সুফল পায়।

*গৱেষণাৰ পৰা দেখা গৈছে যে মেথিশাকে ক'লনৰ কেনচাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

*মেথিশাকৰ সেৱনে-

-ছাল,

-চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।

আইৰণ, ফলিক এচিড আদি থকাৰ বাবে চুলিৰ পুষ্টিসাধন কৰে, চুলি সৰা সমস্যা কম কৰাত সহায় কৰে।

*পুষ্টি আৰু ঔষধি গুনেৰে ভৰপূৰ মেথিশাকে আমাক স্বাস্থ্যবান কৰি ৰখাৰ উপৰিও বহু ৰোগৰ পৰা বচাই ৰাখে। সেয়েহে বতৰৰ এইবিধ শাক আমি প্ৰত্যেকেই খোৱা উচিত।

মেথিশাকৰ পাতখিনি শুকুৱাই আমি সংৰক্ষণ কৰিও ৰাখিব পাৰো যাতে অবতৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে কঁচুৰী মেথি বনোৱা বিধিটো অতি উত্তম।

প্ৰথমে মেথিশাকৰ পাতখিনি ভালকৈ উলিয়াই লৈ পানীৰে ধুই এখন শুকান কাপোৰত মেলি লৈ শুকাবলৈ দিব লাগে।

তাৰ পিছত এখন চালনি বা অন্য পাত্ৰত লৈ ছাঁত কেইদিনমান শুকুৱাই লব লাগে। সম্পূৰ্ণ শুকুৱাৰ পিছত বটলত ভৰাই থ'ব লাগে।

ইচ্ছা কৰিলে মাইক্ৰৱেভত শুকুৱাইও বনাব পাৰি। এনেকৈ প্ৰস্তুত কৰা কঁচুৰী মেথি বহুদিনলৈ ৰাখি ব্যৱহাৰ কৰিব পাৰি। যিকোনো আমিষ বা নিৰামিষ ব্যঞ্জনত কঁচুৰী মেথি দি খাব পাৰি।

বি:দ্ৰ:-

মেথিশাকৰ কোনো অপকাৰ নাই যদিও অত্যাধিক মাত্ৰাত কেতিয়াও খোৱা অনুচিত।

কেতিয়াবা হয়তো কিছুমানৰ শৰীৰত এলাৰ্জি সমস্যা হব পাৰে। পৰিমিত মাত্ৰাত এইশাকৰ সেৱন স্বাস্থ্যসন্মত।

লেখিকা: ডাঃ ৰেইনী দেৱী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন - 7399114617

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top