অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদ কমোৱাৰ উপায়:

মেদ কমোৱাৰ উপায়ৰ বিষয়ে লিখা হৈছে

বহু সময়ত আমাৰ এনে ভাব হয় যে মেদ আপোনা-আপুনি বাঢ়িছে। জীৱনশৈলী আৰু খাদ্যাভ্যাস সঠিক ৰূপতেইতো আছে। তথাপি শকত হৈ পৰিছো। ওজন বাঢ়ি যায় বুলি অনবৰতে চিন্তা হৈ থাকে আৰু স্থিতি তেতিয়া অধিক ভয়াৱহ হয়, যেতিয়া আপুনি বা মই শকত হৈ গৈ থাকো।

এনে অৱস্থাত ভয় খোৱাতকৈ কিছু সহজ উপায় অৱলম্বন কৰক। সু-পৰিকল্পিত জীৱনশৈলীক আমন্ত্ৰণ জনাওক।

আপুনি যদি মেদবহুলতা হ্ৰাস কৰিব বিচাৰিছে তেন্তে সৰ্বপ্ৰথম প্ৰয়োজনীয় কথা হৈছে আপোনাৰ দৈনিক কাৰ্যক্ৰমণিকা। পুৱা সোনকালে উঠাৰ চেষ্টা কৰক। অন্ততঃ আধা ঘন্টা প্ৰতিদিনে খোজ কাঢ়ক। সঠিক সময়ত সঠিক ভোজন আৰু চিন্তামুক্ত জীৱন কটাব পাৰিলে মেদবহুলতাৰ সমস্যাৰ পৰা আপুনি নিশ্চিত হ’ব পাৰিব।

ফল অৱশ্যেই খাব:

 

আপোনাৰ যদি ফল খোৱাৰ অভ্যাস নাই তেনেহ’লে ইয়াক অভ্যাসত পৰিণত কৰক। পুৱাৰ জলপানৰ লগত ফল ফালে দিনটোলৈ আপোনাৰ শাৰীৰিক সতেজতা অটুট থাকিব। ৰসাল ফল, যেনে- কমলা, মৌচম্বী ইত্যাদি খাওক। ইয়াৰ উপৰি আনাৰস আৰু অমিতা নিয়মিত সেৱন কৰাৰ উফলত আপুনি সোনকালে ওজন কমাব পাৰিব।

ওজনৰ প্ৰতি ধ্যান দিব:

 

নিজৰ ওজন সময়ে সময়ে পৰীক্ষা কৰাই থাকক। যদি আপোনাৰ ভাব হয় যে সদায় পিন্ধি থকা ব্লাউজটো বা কামিজটো পিন্ধিবলৈ কষ্ট হৈছে, তেন্তে সতৰ্ক হওক। যদি অলপমান খোজ কাঢ়িলেই ভাগৰ অনুভৱ কৰে, তেন্তে ওজন পৰীক্ষা কৰি চাওক, কি্যনো ওজনৰ কাৰণেই কিজানি এইধৰণৰ সমস্যাসমূহৰ সন্মুখীন হৈছে। আপোনাৰ আদৰ্শ ওজন কিমান হ’ব লাগে জনা দৰকাৰ।

আহাৰ সম্বন্ধীয় জ্ঞান বঢ়াওক:

 

মেদ বঢ়াৰ এটা প্ৰধান কাৰণ হৈছে সঠিক আহাৰ গ্ৰহণ নকৰা। লক্ষ্য ৰাখক আপুনি কিমান মিঠা আৰু কাৰ্বহাইড্ৰেট গ্ৰহণ কৰে। যদি আপুনি নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকে, তেতিয়াহ’লে সদায় ‘ফিট’ হৈ থকাই নহয়, বৰঞ্চ আপুনি সক্ৰিয় হৈ থকাৰ বাবে সম্পূৰ্ণ শক্তি পাব।

আহাৰত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক:

 

আপুনি যিহকে খায় তাৰ ওপৰত সম্পূৰ্ণ নজৰ ৰখা দৰকাৰ। নিজৰ খাদ্যত প্ৰ’টিনৰ মাত্ৰা বঢ়াওক। দাইল, পনীৰ, ছয়াবিন ইত্যাদিত যথেষ্ট প্ৰ’টিন পোৱা যায়। এইসমূহক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। মহিলাসকলক আইৰনৰ খুব প্ৰয়োজন। সেউজীয়া শাক-পাচলি, যেনে- পালেং, ব্ৰ’কলি, কলডিল, কচু আদিত পোৱা যায়ু। হাড়ৰ সুস্থতা বঢ়োৱাৰ বাবে কেলচিয়াম পৰ্যাপ্ত মাত্ৰাত গ্ৰহণ কৰক। গাখীৰ খাওক।

পাচলি খোৱাৰ প্ৰতি ৰুচি বঢ়াওক:

 

যদিওবা আপুনি পুৱা বা দুপৰীয়াৰ জলপানত কেৱল দুখন ৰুটী খায়, কিন্তু পূৰামাত্ৰাই পাচলি খাওক। ইয়াৰ ফলত ওজন বঢ়াৰ চিন্তাৰ পৰা মুক্ত হ’ব পাৰিব। পাচলি যদি একে ধৰণেৰে ৰান্ধি খাই আমনি লাগি আহিছে, তেন্তে কিছু বেলেগ পদ্ধতিৰে ৰন্ধাৰ কৌশল আয়ত্ত কৰক।

আপুনি ইচ্ছা কৰিলে পাচলিৰ চুপ খাব পাৰে। কিন্তু তাত ক্ৰীম-মাখন আদিৰ ব্যৱহাৰ নকৰিব। পাচলিবোৰ সিজাই চাটনি কৰি বা পাচলিৰ চালাড কৰি নেমু ৰস চেপি খাওক। গাজৰ, বিলাহী আদিৰ জুচত নেমু ৰস মিহলায়ো খাব পাৰে। অন্য এক জুতি পাব।

এইধৰণৰ কিছুমান বস্তুৰেও কমাব পাৰি ওজন:

 

আপোনাৰ পাকঘৰটোত এনে বহুতো সৰু-সুৰা বস্তু থাকে, যাৰ দ্বাৰা ওজন কমাব পৰা যায়। আহক, জানি লওঁ তেনে বস্তুবোৰনো কি, যাৰ জৰিয়তে আপুনি ওজন কমাই আনিব পাৰে।

মেথি আৰু আজোৱাইন:

 

আপোনাৰ পাকঘৰত সচৰাচৰ থকা দুবিধ এনে মচলা, যিয়ে তৎক্ষণাৎ ওজন কমোৱাত সহায় কৰিব পাৰে। প্ৰতিদিনে ৰাতি এক চামুচ মেথি আৰু আজোৱাইন দুগিলাচ পানীত তিয়াই ৰাখক আৰু পুৱা খালী পেটত পি খাওক। মনত ৰাখিব- সেইখিনি পি উঠি আধা ঘন্টামানলৈ একোকে নাখাব। তাৰ পিছত জলপান কৰক।

নহৰু, চফ, ডালচেনি:

 

নহৰুৰ চাটনি বা নহৰুৰ ফোটা চোবাই পানীৰে গিলি থওক। ই ফিটনেছৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ৰক্ষাৰ বাবে উপযোগী। তদুপৰি আহাৰ খোৱাৰ পিছত অক্লপমান চফ খোৱাৰ অভ্যাস কৰিলে ওজন কমোৱাত সহায় হয়। ডালচেনিও পাচলি, চাহ আদিত দি ওজন কমাব পাৰি।

গ্ৰীন টী উত্তম:

 

ওজন কমোৱাৰ বাবে গ্ৰীন টী উত্তম পেয়। ইয়াক ;নিয়মিত ৰূপন পান কৰিলে পাচন ক্ৰিয়া সঠিক হয় আৰু আপোনাৰ উদ্বিগ্নতামুক্ত কৰি ৰাখে।

 

নেমু-পানী আৰু মৌ:

 

যুগ যুগ ধৰি ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত এই দুবিধ অতি লাভদায়ক বস্তু। কুহুমীয়া পানীত নেমু আৰু মৌ মিহলাই প্ৰতিদিনে প্ৰাতঃভ্ৰমণলৈ ওলোৱাৰ আগেয়ে পি লওক।

ই আপোনাৰ পেট পৰিষ্কাৰ কৰি ৰাখে আৰু শক্তি বঢ়োৱাত সহায় কৰে। সুস্থতা বঢ়ায়। এই দুবিধ এনে পানীয়, যিয়ে কম সময়ৰ ভিতৰতে চৰ্বি কমাই আপোনাৰ দেহাংগ ফিট কৰি তোলে।

প্ৰচুৰ পানী খাওক:

 

ওজন কমোৱাৰ একেবাৰে সহজ আৰু সৰল উপায় হৈছে খুব পানী গ্ৰহণ কৰা। দিনটোত অন্ততঃ আঠ-ন গিলাচ পানী অৱশ্যেই পিব। পানী খোৱাৰ পিছত আপোনাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ ওলায়।

ওলট-পালটকৈ খাই থকাৰ পৰা ৰেহাই পাব বিচাৰে যদি পানী খাওক। বন্ধ পাত্ৰত ৰখা জুচ, ক’লড ড্ৰিংকছৰ পৰিৱৰ্তে পানী পিব।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ ৰীণা দেৱী)

3.22727272727
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top