মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মেদবহুলতা নিয়ন্ত্ৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদবহুলতা নিয়ন্ত্ৰণ :

মেদবহুলতা নিয়ন্ত্ৰণৰ বিষয়ে লিখা হৈছে ।

 

অস্ত্ৰোপচাৰে জীৱনলৈ আনিব ভয়াৱহতা!

বিশ্বতে মেদবহুলতাই এক ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰূপে ধৰা দিছে। অনিয়মীয়া খাদ্যাভ্যাস, অপৰিমিত খাদ্য তালিকা তথা ব্যস্ততাপূর্ণ যান্ত্রিক জীৱনশৈলীয়েই এই সমস্যাৰ মূল কাৰণ। পিচে উক্ত সমস্যাৰ পৰা হাত সৰাৰ উপায় স্বৰূপেই বজাৰত এতিয়া উপলব্ধ হৈছে নানান আহিলা। বহু লোকে এনে আহিলাসমূহ ব্যৱহাৰ কৰিয়েই মেদবহুলতাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰাৰ বিপৰীতে বহু লোকে আকৌ খাদ্য নিয়ন্ত্রণ, নিয়মিত কচৰৎ, যোগাভ্যাস আদিৰ সহায়ত উক্ত সমস্যাৰ পৰা হাত সাৰি নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ প্ৰয়াস কৰে।

কিন্তু এই সকলোৰে বিপৰীতে একাংশ লোকে মেদবহুলতাৰ পৰা হাত সাৰিবলৈ বাইপাছ ছাৰ্জাৰীৰ সহায় লয়। কিয়নো বিনা পৰিশ্ৰমে কেৱল অস্ত্ৰোপচাৰৰ সহায়ত এক ক্ষীণাংগী দেহ লাভ কৰিবলৈ এইচাম লোকে প্ৰয়াস কৰে।কিন্তু শেহতীয়াভাৱে কৰা এক অধ্যয়নত প্রাপ্ত তথ্য অনুসৰি বিনা পৰিশ্ৰমে মেদবহুলতা নিয়ন্ত্রণ কৰিবলৈ কৰা এনে বাইপাছ চাৰ্জাৰী শৰীৰৰ বাবে হানিকাৰকো হ’ব পাৰে। চিকিৎসা বিজ্ঞানৰ গৱেষণা অনুসৰি এই অস্ত্ৰোপচাৰসমূহৰ পৰা সংক্রমণ হোৱাৰ আশংকা থাকে। চিকিৎসাশাস্ত্ৰৰ গৱেষকৰ ভাষ্য অনুসৰি মেদবহুলতা নিয়ন্ত্ৰণ কৰিবলৈ অস্ত্ৰোপচাৰ কৰোৱা যি ৰোগীৰ হৃদজনিত কোনো সমস্যা থাকে, তেনে ৰোগীৰ অস্ত্ৰোপচাৰৰ ৩০ দিনৰ পিচলৈকো সংক্ৰমণৰ আশংকা থাকে। উক্ত তথ্যৰ ওপৰত ভিত্তি কৰিয়েই কানাডাৰ ইউনিভাৰ্ছিটি অব্‌ এলবাৰ্টৰ মুখ্য গৱেষক চছুকু টেৰাছাই কয়— ‘সাধাৰণ বি এম আই (Body mass index)  থকা ৰোগীৰ তুলনাত অধিক বি এম আই থকা ৰোগীৰ মেদবহুলতাৰ বাবে কৰা বাইপাছ চাৰ্জাৰীৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকা ১.৯ গুণ বেছি। সেয়েহে এনে ৰোগীয়ে পৰাপক্ষত উক্ত অস্ত্ৰোপচাৰৰ পৰা দূৰত থকাই শ্রেয়।”

দৰাচলতে গৱেষকসকলে উক্ত অধ্যয়নৰ বাবে মুঠ ৫৬,৭২২ গৰাকী ৰোগীক অন্তৰ্ভুক্ত কৰিছিল। এই ৰোগীসকলৰ বডি মাছ ইন্‌ডেক্স (বি এম আই), ক’ৰনেৰী আৰ্টৰী বাইপাছ গ্রাফটিং (চি এ বি জি) আৰু ক’ৰনেৰী এন্‌ডিঅ'প্লাষ্টী পৰীক্ষাৰ ওপৰত অধ্যয়ন কৰিয়েই মেদবহুলতা নিয়ন্ত্রণৰ বাবে কৰা বাইপাছ চাৰ্জাৰীৰ পিচত হোৱা সংক্ৰমণৰ বিষয়ে জানিবলৈ প্রয়াস কৰা হৈছিল। উক্ত গৱেষণাৰ ফলাফল কানাডাত অনুষ্ঠিত এক চিকিৎসা বিজ্ঞানৰ সন্মিলনত ঘোষণা কৰা হয়। মেদবহুলতা নিয়ন্ত্রণৰ বাবে এতিয়া অস্ত্রোপচাৰৰ পৰিবর্তে সাধাৰণভাবেই কৰা খাদ্য নিয়ন্ত্রণ, কচৰৎ আদিয়েই উৎকৃষ্ট বুলি চিকিৎসা বিজ্ঞানৰ গৱেষকসকলে উল্লেখ কৰিছে।

উৎস: সাদিন।

 

 

3.0303030303
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top