মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মেদবহুলতা নিয়ন্ত্ৰণৰ টিপছঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদবহুলতা নিয়ন্ত্ৰণৰ টিপছঃ

মেদবহুলতা নিয়ন্ত্ৰণৰ টিপছ লিখা হৈছে

মেদবহুলতা নিয়ন্ত্ৰণৰ টিপছঃ

ভাৰতীয় মানুহৰ স্বাস্থ্য সমস্যাৰ ভিতৰত পেট আৰু কঁকালৰ আশে-পাশে অপ্ৰয়োজনীয়ভাৱে চৰ্বি বৃদ্ধি পোৱা অন্যতম সমস্যা। এই সমস্যাটো মহিলাসকলৰ তুলনাত পুৰুষৰ মাজত অধিক দেখা যায়। পুৰুষৰ ক্ষেত্ৰত পেটৰ চৰ্বি আৰু মহিলাসকলৰ ক্ষেত্ৰত কঁকালৰ আশে-পাশে চৰ্বি বৃদ্ধি পোৱা পৰিলক্ষিত হয়। বিশেষকৈ মধ্য বয়সত পুৰুষ-মহিলা উভয়ৰ মাজত পেট আৰু কঁকালত চৰ্বি বৃদ্ধি পায়। পেট আৰু কঁকালৰ অনাৱশ্যক চৰ্বি বৃদ্ধিয়ে এগৰাকী ব্যক্তিৰ স্বাস্থ্য আৰু সৌন্দৰ্যক বহুখিনি প্ৰভাৱিত কৰে। পুৰুষসকলৰ ক্ষেত্ৰত পেটত চৰ্বি বৃদ্ধিয়ে চেহেৰা দেখাত অতি দৃষ্টিকটু কৰি তোলে। মহিলাসকলৰ ক্ষেত্ৰত কঁকালৰ অনাৱশ্যক চৰ্বিয়ে দেখাত বয়সস্থ যেন কৰি তোলে আৰু মহিলাৰ সৌন্দৰ্য নষ্ট কৰে। পেট আৰু কঁকালত বৃদ্ধি পোৱা চৰ্বিয়ে বিভিন্ন ৰোগ যেনে- ডায়েবেটিছ, ষ্ট’ন, অৱসাদ আদিৰ সৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি স্বাস্থ্য গৱেষণাই দাঙি ধৰিছে। সেয়েহে পেট আৰু কঁকালক চৰ্বিমুক্ত কৰি ৰখাৰ বাবে পুৰুষ-মহিলা উভয়ে সচেতন হোৱা প্ৰয়োজন। উল্লেখ্য যে কেতবোৰ ব্যায়াম আৰু খাদ্যৰ দিশত সচেতন হ’লে পেট আৰু কঁকালক অবাঞ্ছিত চৰ্বিৰ পৰা মুক্ত কৰি ৰাখিব পাৰি।

পেট আৰু কঁকালৰ চৰ্বি নিয়ন্ত্ৰণত ৰখাৰ বাবে কেইটামান টিপছ আগবঢ়োৱা হ’ল-

  • পেট আৰু কঁকালক অপ্ৰয়োজনীয় চৰ্বিৰ পৰা মুক্ত কৰি ৰাখিবলৈ হ’লে নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব, যিবোৰ ব্যায়াম কৰিলে পেট আৰু কঁকালৰ ওপৰত হেঁচা পৰে। এইক্ষেত্ৰত ছিটআপ এক উৎকৃষ্ট ব্যায়াম। এই ব্যায়মৰ জৰিয়তে পেট আৰু কঁকালৰ চৰ্বি হ্ৰাস কৰিব পাৰি।
  • ফ্ৰী হেণ্ড ব্যায়াম চৰ্বি নিয়ন্ত্ৰণৰ বাবে লাভজনক। এইক্ষেত্ৰত এৰ’বিকছ যথেষ্ট ফলপ্ৰসূ ব্যায়াম হিচাপে পৰিগণিত হৈছে।
  • বিভিন্ন আসন কৰিও পেটৰ চৰ্বি নিয়ন্ত্ৰণত ৰাখিব পাৰি। এইক্ষেত্ৰত আপুনি কোনো যোগাসনবিদৰ সহায় ল’ব পাৰিব অথবা যোগাসন সম্পৰ্কীয় গ্ৰন্থ পঢ়ি ব্যায়াম কৰিব পাৰিব।
  • কঁকাল আৰু পেটৰ চৰ্বি নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলা লাভজনক। বিশেষকৈ পুৱা বা গধূলি জগিং কৰিলে যথেষ্ট সুফল পাব পাৰি।
  • খাদ্য গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সচেতন হ’ব লাগিব। এনে খাদ্য খোৱা অনুচিত, যাৰ ফলত চৰ্বি বৃদ্ধি পায়। অধিক চৰ্বিযুক্ত খাদ্য যেনে- চৰ্বিযুক্ত মাংস, মাখন, ঘিউ, চৰ্বিযুক্ত গাখীৰ আদি নাখাব। ইয়াৰ পৰিৱৰ্তে চৰ্বিবিহীন গাখীৰ, দৈ, মাছ, সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে খোৱা উচিত। বিশেষকৈ খাহীৰ মাংস, গাহৰিৰ মাংস, ব্ৰইলাৰ কুকুৰাৰ মাংস আদি খোৱাৰ পৰিৱৰ্তে দেশী কুকুৰাৰ মাংস খোৱা উচিত। ফলমূল অধিক পৰিমাণে খোৱা উচিত।
  • খাদ্য সদায় নিৰ্দিষ্ট পৰিমাণতহে খোৱা উচিত। অধিক ভোজনৰ পৰা আঁতৰি থকা উচিত। ভাত কমাই খোৱা উচিত। নিশা আহাৰত এবাটি ভাত আৰু দুখন ৰুটী, তৰকাৰী, দাইল, ভাজি, মাছ বা মাংস খোৱা উচিত। তেনেদৰে দিনৰ আহাৰত দুবাটি ভাত, তৰকাৰী, ভাজি, দাইল, মাছ-মাংস বা কণী খাব পাৰে। নিৰ্দিষ্ট পৰিমাণৰ আহাৰ নিয়মীয়াকৈ নিৰ্দিষ্ট সময়ত খোৱাৰ অভ্যাস কৰিলে সুস্থ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু এনে খাদ্যাভ্যাসে চৰ্বিমুক্ত শৰীৰ এটি লাভ কৰাত সহায় কৰে।
  • পানী অধিক পৰিমাণে খোৱা উচিত। আপুনি যদি অধিক পৰিমাণে খাদ্য খায়, তেন্তে চৰ্বি নিয়ন্ত্ৰণৰ বাবে ভোজন কমকৈ কৰি ফলৰ ৰস, গাখীৰ আদি জুলীয়া খাদ্য অধিক পৰিমাণে পান কৰক। এই অভ্যাসে পেট আৰু কঁকালত অত্যধিক চৰ্বি কমায়।
  • কেৱল নিৰ্দিষ্ট পৰিমাণত খাদ্য খালেই নহ’ব, মূল কথা হ’ল চৰ্বি নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে দৈনন্দিন জীৱনত পৰ্যাপ্ত পৰিমাণৰ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব। বিলাসী তথা আৰামপ্ৰিয় জীৱনশৈলী ত্যাগ কৰি বিভিন্ন কাম-কাজত নিজক জড়িক কৰিব লাগিব, যাৰ জৰিয়তে আপুনি খাদ্যৰ পৰা লাভ কৰা অত্যধিক কেলৰিসমূহ ব্যয় কৰিব পাৰে। উল্লেখ্য যে শাৰীৰিক শ্ৰম কৰা ব্যক্তিসকলৰ মাজত মেদবহুলতা সমস্যা তেনেদৰে পৰিলক্ষিত নহয়। বিশেষকৈ পেট আৰু কঁকালৰ চৰ্বি বৃদ্ধি সমস্যাত আক্ৰান্ত অধিকাংশ ব্যক্তিয়েই আৰামপ্ৰিয় জীৱনশৈলীত অভ্যস্ত হোৱা দেখা যায়। সেয়েহে পেট আৰু কঁকালক চৰ্বিমুক্ত কৰিবলৈ হ’লে খাদ্য আৰু ব্যায়াম সচেতনতাৰ লগতে ঘৰুৱা কাম-কাজ, খোজকঢ়া আদিৰ জৰিয়তে দৈনন্দিন জীৱনত শাৰীৰিক শ্ৰম কৰাৰ অভ্যাস গঢ়ি তোলাৰ কোনো বিকল্প নাই বুলি স্বাস্থ্য গৱেষকসকলে মন্তব্য কৰিছে।

(উৎসঃ নিয়মীয়া বাৰ্তা, দিব্যজ্যোতি ভূঞা)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top