অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদবহুলতা ৰোধ :

মেদবহুলতা ৰোধ :

 

মেদবহুলতা আধুনিক সমাজ, বিশেষকৈ নৱ-প্ৰজন্মৰ বাবে এক স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান হৈ পৰিছে। ইয়াৰপৰা পৰিত্ৰাণৰ বাবে বহুতেই এতিয়া চমু পৰিচয় পথ বিচাৰি বিভিন্ন ঔষধ বা তথাকথিত ভেষজ বা খাদ্য পৰিপূৰকৰ আশ্ৰয় গ্ৰহণ কৰা দেখা যায়। বিশেষকৈ যুৱতী, মহিলা বা অভিনয়, মডেলিং জাতীয় পেছাৰ সৈতে জড়িত নিজৰ চেহেৰা সম্পৰ্কে সচেতন এচামে এনে পন্থা ব্যাপকভাৱে গ্ৰহণ কৰা দেখা যায়।

ক্ষীণোৱা বা মেদবহুলতা কমোৱাৰ বাবে উপলব্ধ ঔষধসমূহে খোৱাৰ ইচ্ছা কমোৱা, খোৱা খাদ্যৰ পৰিশোষণৰ হাৰ কমোৱা আদি ধৰণৰ শৰীৰৰ মৌলিক ক্ৰিয়াৰ পৰিৱৰ্তন ঘটোৱাৰ ফলত ওজন হ্ৰাস হয়। ‘খোৱাৰ ইচ্ছা কমোৱা’ বা ‘পৰিশোষণৰ হাৰ কমোৱা’ আদি কথা শুনিবলৈ যিমান সৰল যেন লাগিছে, কাৰ্যক্ষেত্ৰত তেনে নহয়, বৰঞ্চ শৰীৰত স্বাভাৱিকভাৱে চলি থকা জটিল বিক্ৰিয়া কিছুমান কৃত্ৰিমভাৱে বাধাগ্ৰস্ত বা পৰিৱৰ্তন কৰোৱাৰ ফলতহে এনে হয়।

উদাহৰণস্বৰূপে ‘ছিবুট্ৰামাইন’(Sibutramine) নামৰ ওজন কমাবলৈ ব্যৱহাত হোৱা এবিধ ঔষধে মানুহৰ মগজুত ক্ৰিয়া কৰি ‘মনো-এমাইন অক্সিডেজ’ নামৰ স্নায়ুৰস এবিধৰ স্বাভাৱিক ক্ৰিয়া বাধাগ্ৰস্ত কৰাৰ ফলতহে খাবলৈ ইচ্ছা নোহোৱা হয় বা ভোক কম হয়। শৰীৰৰ স্বাভাৱিক বিক্ৰিয়াসমূহ বাধাগ্ৰস্ত কৰা হেতুকে এনেবোৰ ঔষধৰ ক্ষতিকাৰক পাৰ্শক্ৰিয়া বেছি হোৱা দেখা যায়।

সেইবাবে ইয়াত উদাহৰনস্বৰূপে উল্লেখ কৰা ‘ছিবুট্ৰামাইন’কে ধৰি ক্ষীণাবলৈ ব্যৱহাৰ কৰা বহু ঔষধ বিভিন্ন দেশত ইতিমধ্যে নিষিদ্ধ হৈছে। যিসমূহ ঔষধ এতিয়াও নিষেধ হোৱা নাই, সেইসমূহো ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াৰপৰা সম্পূৰ্ণৰূপে মুক্ত নহয়। বহুসংখ্যক চিকিৎসকে সেইবাবে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি এনেবোৰ ঔষধ বিধান কৰাৰ পৰা বিৰত থাকে। কোনো কোনো সময়ত আকৌ ৰোগী বা অভিভাৱকৰ হেঁচাৰ বাবেহে অনিচ্ছাসত্ত্বেও মেদবহুলতানাশক ঔষধ বিধান কৰা দেখা যায়। এইক্ষেত্ৰত চিকিৎসক শ্ৰেণী নিজৰ স্থিতিত দৃঢ় হৈ থকা যুগুত বুলি অনুভৱ হয়।

ব্যৱসায়ীসকলে চৰকাৰ বা চিকিৎসকসকলে হাতৰ পৰা ওজন কমোৱা ঔষধৰ বজাৰ নিয়ন্ত্ৰণ নোহোৱা কৰিবলৈ ‘খাদ্য-পৰিপূৰক’(Dietary Supplement) বা ‘ভেষজ উৎপন্ন’(Herbal Product) আদি সৰ্বসাধাৰণক আকৰ্ষিত আৰু সময়ত বিপথে পৰিচালিত কৰিব পৰা নাম ব্যৱহাৰ কৰি এনেবোৰ দ্ৰব্য বিক্ৰী কৰাৰ কৌশল এটা সততে অৱলম্বন কৰা দেখা যায়। ডিচেম্বৰ, ২০০৮ত আমেৰিকাৰ ‘খাদ্য আৰু ঔষধ প্ৰশাসন’(Food and Drug Administration)-এ ২৭ বিধ ওজন কমোৱা তথাকথিত খাদ্য-পৰিপূৰক(Dietary Supplement)ৰ তালিকা প্ৰকাশ কৰিছিল, য’ত নীতিবিৰুদ্ধভাৱে গোপনে নিষিদ্ধ ছিবুট্ৰামাইন ঔষধ মিহলোৱাৰ প্ৰমাণ পোৱা হৈছিল।

২০০৯ৰ আন এটি ঘটনাত চীনত প্ৰস্তুত তথাকথিত ‘ভেষজ পৰিপূৰক’(Herbal Supplement)ত যথেষ্ট বেছি পৰিমাণত ছিবুট্ৰামাইনৰ অৱস্থিতি প্ৰমাণিত হয়। পৃথিৱীৰ বিভিন্ন দেশত যাৱতীয় পৰীক্ষাৰদ্বাৰা ছিবুট্ৰামিন জাতীয় ৰাসায়নিকৰ অৱস্থিতি প্ৰমাণ হোৱা, ক্ষীণাবলৈ বা ক্ষীণ হৈ থাকিবলৈ বহুলভাৱে প্ৰচাৰিত বা ব্যৱহৃত হৈ থকা ‘ভেষজ’ বা খাদ্য-পৰিপূৰক’ বুলি দাবী কৰি অহা কেতবোৰ উৎপন্ন এনেধৰণৰ- Herbal Diet Natural(কানাডা), Slimming Beauty Capsules(আমেৰিকা), Payauji Tea(ইংলেণ্ড), Pai-You-Guo Slim Capsule(ইংলেণ্ড), Fruta Planta(আমেৰিকা) ইত্যাদি।

ভাৰততো ভেষজ (Herbal) বা আয়ুৰ্বেদিক পৰিপূৰক বুলি এনেবোৰ ঔষধী ৰাসায়নিক মিহলোৱা দ্ৰব্য বহুলভাৱে ব্যৱহাৰ হৈ থকাৰ আশংকা অৱশ্যেই আছে। সেয়ে ‘ভেষজ’ বা আয়ুৰ্বেদিক বুলি ক’লেই নিৰাপদ বুলি ভবা ৰাইজ সচেতন হ’বৰ হৈছে।

ভাৰতত বৈদ্যুতিন মাধ্যম বা ছপা সংবাদ মাধ্যমৰ যোগেদি ব্যাপকভাৱে চলোৱা ওজন কমোৱা বা ক্ষীণোৱা খাদ্য-পৰিপূৰকৰ বিজ্ঞাপনে সৰ্বসাধাৰণক ভূল পথে পৰিচালিত কৰি আহিছে।

এইক্ষেত্ৰত আন ল্কিছুমান দেশৰ দৰে আইন প্ৰণয়ন কৰি এনেবোৰ ‘ভেষজ’ বুলি দাবী কৰা পদাৰ্থসমূহৰ ৰাসায়নিক গঠন বুলি গুনাগুণ পৰীক্ষণৰ পিছতহে বিজ্ঞাপন প্ৰচাৰৰ অনুমতি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ প্ৰয়োজনীয় হৈ পৰিছে।আধুনিকতাই আনি দিয়া কৰ্মবিমুখিতা ক্ৰমবৰ্দ্ধমান মেদবহুলতাজনিত সমস্যাৰ মূল কাৰণ।

গতিকে স্বাভাৱিকতে পৰিমিত শাৰীৰিক পৰিশ্ৰমেই বেছিভাগ মেদবহুলতাজনিত সমস্যাৰপৰা পৰিত্ৰাণ পোৱাৰ প্ৰকৃত পথ হ’ব।

লেখক: ডা: ৰমেন কুমাৰ কাকতি(দৈনিক অসম)

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top