মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / মেদবহুলতা ৰুধিবলৈ ঔষধ নে শাৰীৰিক পৰিশ্ৰম:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মেদবহুলতা ৰুধিবলৈ ঔষধ নে শাৰীৰিক পৰিশ্ৰম:

মেদবহুলতা ৰুধিবলৈ ঔষধ নে শাৰীৰিক পৰিশ্ৰম:

 

মেদবহুলতা আধুনিক সমাজ, বিশেষকৈ নৱপ্ৰজন্মৰ বাবে এক স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান হৈ পৰিছে। ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে বহুতেই এতিয়া চমু ৰাস্তা বিচাৰি বিভিন্ন ঔষধ বা তথাকথিত ভেষজ বা খাদ্য পৰিপুৰকৰ আশ্ৰয় গ্ৰহণ কৰা দেখা যায়। বিশেষকৈ যুৱতী, মহিলা বা অভিনয়, মডেলিং জাতীয় পেছাৰ স’তে জড়িত নিজৰ চেহেৰা সম্পৰ্কে সচেতন এচামে এনে পন্থা ব্যাপকভাৱে গ্ৰহণ কৰা দেখা যায়।

ক্ষীণোৱা বা মেদবহুলতা কমোৱাৰ বাবে উপলব্ধ ঔষধসমুহে খোৱাৰ ইচ্ছা কমোৱা, খোৱা খাদ্যৰ পৰিশোষণৰ হাৰ কমোৱা আদি ধৰণৰ শৰীৰৰ মৌলিক ক্ৰিয়াৰ পৰিৱৰ্তন ঘটোৱাৰ ফলত ওজন হ্ৰাস হয়। ‘খোৱাৰ ইচ্ছা কমোৱা’ বা ‘পৰিশোষণৰ হাৰ কমোৱা’ আদি কথা শুনিবলৈ যিমান সৰল যেন লাগিছে, কাৰ্যক্ষেত্ৰত তেনে নহয়, বৰঞ্চ শৰীৰত স্বাভাৱিকভাৱে চলি থকা জটিল বিক্ৰিয়া কিছুমান কৃত্ৰিমভাৱে বাধাগ্ৰস্ত বা পৰিৱৰ্তন কৰোৱাৰ ফলস্বৰুপেহে এনে হয়। উদাহৰণস্বৰুপে ‘ছিবুট্ৰামাইন (Sibutramine) নামৰ ওজন কমাবলৈ ব্যৱহাৰ হোৱা এবিধ ঔষধে মানুহৰ মগজুত ক্ৰিয়া কৰি মনো-এমাইন অকচিডেজ নামৰ স্নায়ুৰস এবিধৰ স্বাভাৱিক ক্ৰিয়া বাধাগ্ৰস্ত কৰাৰ ফলতহে খাবলৈ ইচ্ছা নোহোৱা হয় বা ভোক কম হয়। শৰীৰৰ স্বাভাৱিক বিক্ৰিয়াসমুহ বাধাগ্ৰস্ত কৰা হেতুকে এনেবোৰ ঔষধৰ ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়া বেছি হোৱা  দেখা যায়। সেইবাবে ইয়াত উদাহৰণস্বৰুপে উল্লখ কৰা ‘ছিবুট্ৰামাইন’কে ধৰি ক্ষীণাবলৈ ব্যৱহাৰ কৰা বহুবোৰ ঔষধ বিভিন্ন দেশত ইতিমধ্যে নিষিদ্ধ হৈছে। যিসমুহ ঔষধ এতিয়াও নিষেধ হোৱা নাই- সেইসমুহতো ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াৰ পৰা সম্পুৰ্নৰুপে মুক্ত নহয়। বহুসংখ্যক চিকিৎসকে সেইবাবে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি এনেবোৰ ঔষধ বিধান কৰাৰ পৰা বিৰত থাকে। কোনো কোনো সময়ত আকৌ ৰোগী বা অভিভাৱকৰ হেঁচাৰ বাবেহে অনিচ্ছাসত্ত্বেও মেদবহুলতানাশক ঔষধ বিধান কৰা দেখা যায়। এইক্ষেত্ৰত চিকিৎসক শ্ৰেণী নিজৰ স্থিতিত দৃঢ় হৈ থকা যুগুত বুলি অনুভৱ হয়।

ব্যৱসায়ীসকলে চৰকাৰ বা চিকিৎসকসকলৰ হাতৰ পৰা ওজন কমোৱা ঔষধৰ বজাৰ-নিয়ন্ত্ৰণ নোহোৱা কৰিবলৈ ‘খাদ্য-পৰিপুৰক’ (Dietary Supplement) বা ‘ভেষজ উৎপন্ন’ (Herbal Product) আদি ।

সৰ্বসাধাৰণক আকৰ্ষিত আৰু সময়ত বিপথে পৰিচালিত কৰিব পৰা নাম ব্যৱহাৰ কৰি এনেবোৰ দ্ৰব্য বিক্ৰী কৰাৰ কৌশল এটা সততে অৱলম্বন কৰা দেখা যায়। ডিচেম্বৰ-২০০৮ ত আমেৰিকাৰ ‘খাদ্য আৰু ঔষধ প্ৰশাসন’ (Food and Drug Administration) – এ ২৭ বিধ ওজন কমোৱা তথাকথিত খাদ্য-পৰিপুৰক (Dietary Supplement) ৰ তালিকা প্ৰকাশ কৰিছিল, য’ত নীতিবিৰুদ্ধভাৱে গোপনে নিষিদ্ধ ছিবুট্ৰামাইন ঔষধ মিহলোৱাৰ প্ৰমাণ পোৱা হৈছিল। ২০০৯ ৰ অইন এটি ঘটনাত চীনত তৈয়াৰী তথাকথিত ‘ভেষজ পৰিপুৰক’(Herbal Supplement) ত যথেষ্ট বেছি পৰিমাণত ছিবুট্ৰামাইনৰ অৱস্থিতি প্ৰমাণিত হয়। পৃথিৱীৰ বিভিন্ন দেশত যাৱতীয় পৰীক্ষাৰ দ্বাৰা ছিবুট্ৰামিন জাতীয় ঔষধত ৰাসায়নিকৰ অৱস্থিতি প্ৰমাণ হোৱা, ক্ষীণাবলৈ বা ক্ষীণ হৈ থাকিবলৈ বহুলভাৱে প্ৰচাৰিত বা ব্যৱহৃত হৈ থকা, ‘ভেষজ’ বা ‘খাদ্য-পৰিপুৰক’ বুলি দাবী কৰি অহা কেতবোৰ উৎপন্ন এনেধৰণৰ –Herbal Diet Natural(কানাডা),Slimming Beauty Capsules  (আমেৰিকাৰ , Payauji Tea) (ইংলেণ্ড), Pai-You Guoslim Capsule (ইংলেণ্ড), Fruta Planta(আমেৰিকা) ইত্যাদি।  ভাৰততো ভেষজ (Herbal) বা আয়ুৰ্বেদিক পৰিপুৰক বুলি এনেবোৰ ঔষধি ৰাসায়নিক মিহলোৱা দ্ৰব্য বহুলভাৱে ব্যৱহাৰ হৈ থকাৰ আশংকা অৱশ্যেই আছে। সেয়ে ‘ভেষজ’ বা আয়ুৰ্বেদিক বুলি ক’লেই নিৰাপদ বুলি ভবা ৰাইজ সচেতন হ’বৰ হৈছে। ভাৰতত বৈদ্যুতিন মাধ্যম বা ছপা-সংবাদ মাধ্যমৰ যোগেদি ব্যাপকভাৱে চলোৱা ওজন কমোৱা বা ক্ষীণোৱা খাদ্য-পৰিপুৰকৰ বিজ্ঞাপনে সৰ্বসাধাৰণক ভুল পথে পৰিচালিত কৰি আহিছে। এইক্ষেত্ৰত অইন কিছুমান দেশৰ দৰে আইন প্ৰণয়ণ কৰি এনেবোৰ ভেষজ বুলি দাবী কৰা পদাৰ্থসমুহৰ ৰাসায়নিক গঠন আৰু গুণাগুণ পৰীক্ষণৰ পিছতহে বিজ্ঞাপন প্ৰচাৰৰ অনুমতি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

আধুনিকতাই আনি দিয়া কৰ্মবিমুখতা ক্ৰমবৰ্ধমান মেদবহুলতাজনিত সমস্যাৰ মুল কাৰণ। গতিকে স্বাভাৱিকতে পৰিমিত শাৰীৰিক পৰিশ্ৰমেই বেছিভাগ মেদবহুলতাজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰকৃত পথ হ’ব।

লেখক: ডা: ৰমেন কুমাৰ কাকতি (নিয়মীয়া বাৰ্তা)

2.89655172414
জ্যোতি প্ৰসাদ কাকতি Mar 17, 2018 01:59 PM

মোৰ চকুৰ চেলাউৰিত চৰ্বিৰ প্ৰলেপ পৰিছে । কি কৰিলে ভাল হʼব ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top