অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰোণোত্তৰ দেহদান

মৰোণোত্তৰ দেহদান

মৃত্যুঞ্জয়ী ইলোৰা ৰায়চৌধুৰী বাইদেউক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ|

মৃত্যুৰ পিছতো মানৱ সেৱা কৰিব পাৰি। মৰণোত্তৰ দেহদান বা অংগ দানৰ জৰিয়তে মৃত্যুৰ পিচতো মানুহৰ সেৱা আগবঢ়োৱাৰ মহান আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ গুৱাহাটী নিবাসী ইলোৰা ৰায়চৌধুৰীয়ে দেহদান কৰাৰ সংকল্প লয়। জীৱনৰ মাজ বয়সত কৰ্কট ৰোগাক্ৰান্ত হোৱা ৰায়চৌধুৰীয়ে মৃত্যুৰ দুমাহৰ আগেয়ে ২০০৩ চনৰ ১৭ মাৰ্চত স্বাক্ষৰিত ‘শেষ ইচ্ছাপত্ৰ’ৰ যোগে চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা অগ্ৰগতিৰ স্বাৰ্থত মৰণোত্তৰ দেহদানৰ কথা উল্লেখ কৰে। তেৱেঁই মৰণোত্তৰ দেহদান কৰা অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা। ২০০৩ চনৰ ১৫ মেত মৃত্যুৰ লগে লগে তেওঁৰ চকুযুৰি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ক দান কৰা হয় আৰু চিকিৎসালয় কৰ্তৃপক্ষই দুজন অন্ধ লোকৰ চকুত তেওঁৰ কৰ্ণিয়া সংস্থাপন কৰি তেওঁলোকক দৃষ্টিদান কৰে। ১৫ মেৰ দিনাখনেই তেওঁৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়।

কেৱল মৰণোত্তৰ দেহদান বা অংগ দানৰ উদ্দেশ্যৰে নহয়, সমাজৰ চাৰিওফালে যুগ-যুগান্তৰ ধৰি চলি থকা বিভিন্ন অন্ধবিশ্বাস, কু সংস্কাৰ, গোড়ামি আদিৰ অৱসান ঘটাই বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ লক্ষ্যৰে ইলোৰা ৰায়চৌধুৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ অনুষ্ঠানত সতীৰ্থ, স্বামী ইচফাকুৰ ৰহমান আৰু বহু গুণমুগ্ধ লোকে ‘ইলোৰা বিজ্ঞান মঞ্চ’ নামৰ এটি স্বেচ্ছাসেৱী বে-চৰকাৰী সংগঠনৰ জন্ম দিয়ে। সংগঠনটোৱে বিগত বছৰবোৰত মানৱ সেৱাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক লোকে মৰণোত্তৰ দেহদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰে কেইবাগৰাকীৰো ইতিমধ্যে মৃত্যু ঘটাত তেওঁলোকৰ মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক সসন্মানে অৰ্পণ কৰা হৈছে। তাৰোপৰি ব্যাপক সংখ্যক লোকে ৰক্তদান, নেত্ৰদানৰ দৰে পবিত্ৰ মানৱ সেৱাৰ অধিকাৰী হৈছে। এনে কাৰ্যসূচীৰ সমান্তৰালভাৱে মঞ্চই বিদ্যাসাগৰ, ৰামমোহন, হেমচন্দ্র বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আদি মনীষীসকলে ৰোপণ কৰি থৈ যোৱা যুক্তিবাদী ঐতিহ্যৰ আঁত ধৰি অন্ধবিশ্বাস, কু-সংস্কাৰাদিৰ বিৰুদ্ধে সমাজত বৈজ্ঞানিক চিন্তা-চেতনাৰ উন্মেষ ঘটাবলৈও বিনম্ৰ প্ৰয়াস চলাই আহিছে। তাৰেই অকপট চেষ্টাত জন্ম হৈছে ‘সমীক্ষণ’ৰ দৰে বিজ্ঞানমনস্কতা আৰু প্রগতিশীল চিন্তাৰ সময়োপযোগী আলোচনীৰো।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব প্ৰগতি সত্তেও আমাৰ ৰাজ্য তথা দেশখনত কৌটিকলীয়া বহু অযুক্তিকৰ ধ্যান ধাৰণাই আজিও সৰ্বসাধাৰণক আচ্ছন্ন কৰি ৰাখিছে। অস্পৃশ্যতাৰ কঠিন শৃংখলৰ আৱৰ্তত আজিও আৱদ্ধ আমাৰ সমাজ জীৱন। ডাইনীৰ নামত হত্যাৰ দৰে নিষ্ঠুৰ তথা অমানৱীয় কাৰ্য চলিয়েই আছে। কিৰো ইয়ং, নিৰ্মল বাবাহঁতৰ দৰে অপৰাধীৰ সাম্ৰাজ্য দিনে দিনে বিস্তাৰিতহে হৈ গৈ আছে। যিবোৰ সংস্কাৰে আমাৰ ব্যক্তিগত তথা সমাজিক জীৱন পংগু আৰু পশ্চাদমুখী কৰি ৰাখিছে,সেইবোৰৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি থিয় দিয়া উচিত।

মৃত্যুৰ পিছতো মানৱ সেৱা!
মৰণোত্তৰ দেহদানক এক পাৰিবাৰিক/জাতীয়/ৰাষ্ট্ৰীয় পৰম্পৰা/সংস্কৃতিলৈ পৰিণত কৰোঁ আহক।

মানৱ মৃতদেহ এটি অতি মূল্যৱান। ইয়াক কেৱল পৰম্পৰা অনুসৰি দাহ কৰি অথবা সমাধিস্থ কৰি নষ্ট কৰা অনুচিত। আমি কেতিয়াও আমাৰ দেহবোৰ ছাঁই বা ধূলিত পৰিণত হ’বলৈ এৰি দিব নালাগে। প্রয়োজনীয় শৱদেহৰ অভাৱে আমাৰ চিকিৎসা মহাবিদ্যালয়বোৰত এনাটমীৰ শিক্ষা প্ৰদান/গ্ৰহণত বহু সমস্যাৰ সৃষ্টি কৰি আহিছে। এটি মৃতদেহে চিকিৎসা বিজ্ঞানৰ শিক্ষা, প্ৰশিক্ষণ, গৱেষণা আৰু অংগ প্ৰতিস্থাপন/সংৰোপণৰ অলেখ সুযোগ-সুবিধা আগবঢ়ায়।

মৰণোত্তৰ দেহদান এক অতিশয় মহান কাৰ্য। ই এক ধাৰ্মিক কাৰ্য। প্ৰতিদিনেই বহুলোকে এক মানৱ অংগৰ বাবে অপেক্ষাৰত অৱস্থাতেই মৃত্যুক সাৱটি ল’ব লগা হয়। এজন মৃত বা মস্তিষ্কৰ মৃত্যু হোৱা (Brain-stem-death) ব্যক্তিৰ এটা হৃদযন্ত্ৰ অথবা বৃক্কৰ কোনো প্ৰয়োজন নাই। ইয়াক আন কাৰোবাক দীৰ্ঘজীৱন প্ৰদান কৰিবৰ বাবে প্ৰয়োগ কৰিব পাৰি। দান কৰা বৃক্ক, যকৃৎ, নাইবা হৃদযন্ত্ৰই কাৰোবাক নিশ্চিত মৃত্যুৰ মুখৰপৰা বচাব পাৰে। বৃক্ক, যকৃৎ, হৃদযন্ত্ৰ, চকুৰ পৰা হাঁড় আৰু ছাল পৰ্যন্ত দান কৰিব পাৰি আৰু অন্য ব্যক্তিৰ শৰীৰত সংৰোপণ কৰি তেনে ব্যক্তিক নৱজীৱন প্ৰদান কৰিব পাৰি। এটি দেহে অংগ প্ৰতিস্থাপন/সংৰোপণৰ ৫০ টা পৰ্যন্ত সুযোগ প্ৰদান কৰিব পাৰে। আমাৰ মৃত্যু/মস্তিষ্কৰ মৃত্যুৰ পিছতো আমাৰ চকুযুৰি, বৃক্ক, যকৃৎ, হৃদযন্ত্ৰ ইত্যাদি এই পৃথিৱীত জীয়াই থাকিব কাৰোবাক নতুন জীৱন প্ৰদান কৰি! প্ৰকৃতাৰ্থত আমাৰ পুনৰ্জন্ম হ’ব!

মানুহ মৰণশীল। সেয়ে আহক,আমি প্ৰত্যেকেই নিজৰ ব্যক্তিগত জীৱনৰ সুখ উপভোগৰ সমান্তৰালকৈ আনৰো উপকাৰ কৰোঁ – জীৱন কালত ৰক্তদান আদিৰে আৰু মৃত্যুৰ পাছত দেহদানেৰে। সীমাবদ্ধ মানৱ জীৱনে জীৱন কালত কৰিব নোৱাৰাখিনি মৃত্যুৰ পাছতো মানৱ কল্যাণৰ হকে দেহদান কৰি উপভোগ কৰোঁ প্ৰকৃত ধাৰ্মিক জীৱনৰ নিৰ্লোভ আৰু নিৰ্মল আনন্দ। ‘ইলোৰা বিজ্ঞান মঞ্চ’ই এই ক্ষেত্ৰত পাৰ্যমানে সহযোগিতা আগবঢ়াব।

নেত্রদান

সম্প্ৰতি কৰ্ণিয়াজনিত অন্ধতা সমাজৰ ডাঙৰ ব্যাধিৰূপে দেখা দিছে। দুৰ্ঘটনাৰ উপৰিও প্ৰদূষণকে ধৰি বিভিন্ন ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ লগে লগে এই অন্ধতাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বহু লোকে এই সুন্দৰ জগতখন চোৱাৰ পৰা বঞ্চিত হৈছে। এই অন্ধ লোকসকলে জীৱনৰ যিকোনো সময়ত নিজৰ অন্ধতা দূৰ কৰিব পাৰে। একমাত্ৰ উপায় – কৰ্ণিয়া সংৰোপণ। নেত্ৰদানৰ জৰিয়তেহে এই সংৰোপণ সম্ভৱ। কৰ্ণিয়াজনিত অন্ধতাৰ চিকিৎসাৰ বাবে আমাৰ দেশত বছৰি ১.৫ লাখমান মানৱ কৰ্ণিয়াৰ প্ৰয়োজন। এই প্ৰয়োজনীয়তাৰ বিপৰীতে নেত্ৰদানৰ যোগেদি ৪০ হাজাৰতকৈয়ো কম চকুহে দেশৰ নেত্ৰ-ভঁৰাল(Eye Bank) সমূহে লাভ কৰে। প্ৰত্যেক বছৰে এক বৃহৎ অংশ চাহিদা থাকি যায়। সেয়েহে আমি সকলোৱে মৃত্যুৰ পিছত নেত্ৰদান কৰাৰ সংকল্প লোৱা উচিৎ আৰু এই অন্ধ লোকসকলক আমাৰ বিনন্দীয়া পৃথিৱীখনৰ ৰং ৰূপ উপভোগ কৰাত সহায় কৰা উচিৎ। এজন ব্যক্তিৰ নেত্ৰদানে দুজন কৰ্ণিয়াজনিত অন্ধতাত ভোগা লোকক দৃষ্টিশক্তি দান কৰিব পাৰে। চকুৰ আন অংশ গৱেষণা আৰু প্রশিক্ষণৰ বাবে উপযোগী।

নেত্ৰদানৰ বাবে বয়সৰ কোনো বাধা নাই। দুৰ্বল দৃষ্টিশক্তি সম্পন্ন, চশমা ব্যৱহাৰকাৰী, অথবা চকুত চানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ(Cataract Surgery) কৰা ব্যক্তিয়েও নেত্ৰদান কৰিব পাৰে। মৃত ব্যক্তি এগৰাকীয়ে নিজৰ জীৱনকালত নেত্ৰদান নকৰিলে, তেওঁৰ পৰিয়ালৰ সদস্য অথবা নিকটাত্মীয়য়ো তেওঁৰ নেত্ৰ দান দিব পাৰে। ৰাইজক নেত্ৰদান সন্দৰ্ভত সজাগ কৰিব পাৰিলে সমাজৰ পৰা কৰ্ণিয়াজনিত অন্ধতা দূৰ কৰিব পৰা যাব।

লিখক: বিজয় শৰ্মা

2.94642857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top