অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰমৰ টোপনিকণৰ বাবে :

মৰমৰ টোপনিকণৰ বিষয়ে লিখা হৈছে ।

 

জীৱন ধাৰণৰ বাবে খোৱা-বোৱা যেনেদৰে গুৰুত্বপূৰ্ণ টোপনিও সেইদৰে অপৰিহাৰ্য। মেচিনকো যিদৰে বিশ্ৰামৰ প্ৰয়োজন, সেইদৰে শৰীৰৰ কল-কব্জাক বিশ্ৰাম দিবৰ বাবে টোপনিৰ দৰকাৰ। টোপনিৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই। কিছুমানে বেছিকৈ শুব পাৰে। কিছুমান লোকে অলপ শুলেই হৈ যায়। কোনে কিমান শুব, সেয়া মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ মাজতো নিদ্ৰা-অনিদ্ৰাৰ সমস্যা কিছুমান মানৱ জীৱনলৈ আহি যায়।

কেতিয়াবা হঠাতে দেখিব সদায় অহাৰ দৰে টোপনি সহজে অহা নাই। এনেদৰে টোপনি নাহিলেই মানুহে ইনছ’মনিয়া বা টোপনি নোহোৱা ৰোগে আহি লগ লোৱা বুলি ভাবিবলৈ ধৰে। মানুহে মাত্ৰৰে ধাৰণা টোপনি নহা মানে ইনছ’মনিয়া। কথাটো কিন্তু তেনে নহয়। এজন সুস্থ, স্বাভাৱিক মানুহৰো সদায় সমান টোপনি নহ’ব পাৰে। কম টোপনি মানে ইনছ’মনিয়া নহয়।

কিন্তু অলপ বেছিকৈয়ে অৰ্থাৎ কেইবামাহো যদি শুবলৈ গৈ গোটেই ৰাতি বিছনাত ছটফটাই থাকিব লগা হয়, টোপনি আহিলেও ভাঙি যায় আৰু সহজে টোপনি নাহে, তেন্তে যায় আৰু সহজে টোপনি নাহে, তেন্তে চিকিৎসকৰ কাষ চাপ উচিত। মনত ৰাখিব নিজে ঔসধ কিনি ডাক্তৰ নোহোৱা সত্ত্বেও নিজে নিজৰ ডাক্তৰ হ’বলৈ নাযাব।

হঠাৎ কিয় টোপনিত ব্যাঘাত হয় -

শোৱাৰ আগেয়ে দুখজনক অথবা উত্তেজনামূলক চিন্তাৰে মন ভাৰাক্ৰান্ত কৰি তুলিলে টোপনি অহা সহজ হৈ নুঠে। অনবৰত মানসিক চিন্তা লৈ থাকিলেও টোপনিত ব্যাঘাত হয়। কেতিয়াবা বহু পৰৰ পাছত টোপনি আহে। মাজতে টোপনি ভাগিও যায়। কিছুমান ৰসায়নেও আমাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। যেনে অতিৰিক্ত চাহ, কফি চিগাৰেট খোৱাৰ ফলতো টোপনি কমি যায়। বেছিকৈ টোপনি অহা ঔষধ সেৱন কৰিলে, এলকহলপ্ৰিয় হ’লে টোপনি কমে। বিভিন্ন শাৰীৰিক অসুস্থতা, হৰম’নৰ তাৰতম্যৰ ফলতো টোপনি কমে।

শ্লীপ এপ’নিয়া নামৰ এবিধ ৰোগ আছে। যাৰ বাবে টোপনিৰ মাজত কেতিয়াবা উশাহ বন্ধৰ দৰে হৈ টোপনি ভাগি যায়। এনেকৈয়ো এজন লোক ইনছ’মনিয়াৰ ফালে গতি কৰে। এইটো সঁচা যে অনিদ্ৰাৰ কাৰণ বহু ক্ষেত্ৰত মানসিক। এনে বহু লোক আছে যে দুদিন টোপনি নাহিলে তৃতীয় দিনাৰ পৰা বিছনালৈ যোৱাৰ আগেয়ে ভাবিবলৈ লয়- আজি বা টোপনি আহিবনে নাই।

এই আগতীয়া দুঃশ্চিন্তায়ো টোপনি অহাত বাধা দিয়ে। অসুস্থতাৰ বাবে হাস্পতালত থাকিবলগীয়া হ’লে, আন ঠাইলৈ গৈ পৰিৱেশ বা বিছনা সলনি হ’লেও টোপনি নহা হয়।

টোপনি নাহিলে কিন্তু ক্ষতি হয় বহুতো। দিনটো টোপনি টোপনি ভাব হৈ থাকে। গা-মন বেয়া লাগে। হতাশা ভাব আহে কামৰ কোৱালিটী বেয়া হয়। মগজু খিটখিটীয়া হয়। অলপ কথাতে খং উঠে, বিৰক্তি লাগে, হজম শক্তি কমে। সকলো মিলি মানুহৰ চেহেৰা বেয়া হৈ পৰে।

টোপনি কমাৰ ক্ষেত্ৰত খোৱা-বোৱাৰ প্ৰভাৱ -

ৰাতিৰ খোৱা-বোৱাও বহু সময়ত টোপনি নহাৰ কাৰণ। অতিৰিক্ত মছলাযুক্ত খাদ্য, বেছিকৈ ভজা খাদ্য খোৱাৰ ফলত ৰাতি টোপনিত ব্যাঘাত জন্মাব পাৰে।

সন্ধিয়াৰ পাছত চাহ-কফি নাখালে ভাল। ৰাতি হজম নোহোৱা খাদ্য, খাই পেটটো বেয়া লাগি থাকিলেও টোপনিত ব্যাঘাত হ’ব। ৰাতি তেনেই কম খোৱাৰহে অভ্যাস কৰিব।

দেহা ভালে থাকিলে টোপনি অহাতো পলম নহ’ব। কেতিয়াবা দিনটো বেছি পৰিশ্ৰম কৰিলেও ৰাতি টোপনি নাহে। তেতিয়া সন্ধিয়াগা-পা ধুই মনটো শান্ত ৰাখি অলপ ধ্যান কৰি নিজকে প্ৰস্তুত কৰি ল’ব।

কিদৰে টোপনি মাতি আনো -

*টোপনি নাহিলে বিছনাত ছটফটাই নাথাকি ছাদ বা বেলকনিত কিছু পৰ শান্ত মনেৰে খোজ কাঢ়ক।

*শোৱাৰ আগে আগে অলপ কুহুমীয়া পানীৰ গা ধুই ল’ব।

*প্ৰতিদিনে নিয়ম মতে অলপ এক্সাৰচাইজ কৰিব।

*টেনছন বা মেন্টেল ষ্ট্ৰেছ কমাবলৈ ধ্যান কৰক।

*শোৱাৰ আগেয়ে খং বা উত্তেজিত হোৱা কথাবোৰ নাভাবিব।

লেখিকা: অংশুমা শইকীয়া(অসম বাণী)

 

2.76923076923
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top