অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যকৃতৰ কথা :

যকৃতৰ কথাৰ বিষয়ে লিখা হৈছে ।

 

যকৃৎ শৰীৰৰ এতা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ আৰু ই মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি, জীৱনটোক সতেজ-সুন্দৰ আৰু নিৰোগী কৰি ৰখাত যাৰ এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যকৃতক ইংৰাজীত লিভাৰ বোলা হয়। যিয়ে আমাক জীয়াই ৰাখে বা জীয়াই থকাত সহায় কৰে, সিয়েই হ’ল লিভাৰ বা যকৃৎ। যকৃৎ শব্দটো সংস্কৃত ভাষাৰ পৰা ওলোৱা। যম+কৃত= যকৃৎ। ‘যম’ মানে হৈছে সংযম আৰু ‘কৃত’ মানে হৈছে কৰা। অৰ্থাৎ সংযম কৰা, য’ত নিহিত হৈ আছে মানুহৰ বাবে এক সুন্দৰ সকীয়নি বাৰ্তা- সংযমী হোৱা। খোৱা-বোৱাত সংযমী নহ’লে ৰুগীয়া হৈ অকালতে জীৱন হেৰুৱাবা।

কোমল মাংসপিণ্ডৰে গঠিত যকৃৎ এক বৃহত্তম মানৱ অংগ। ই মানুহৰ দেহৰ প্ৰধান ৰসায়নগাৰ স্বৰূপে। ইয়াৰ কাৰ্য অনেক। যকৃতৰ প্ৰধান কাম হ’ল পিত্তৰস প্ৰস্তুত কৰা। খাদ্যৰ পাচন প্ৰক্ৰিয়াত সহায় কৰা গুৰুত্বপূৰ্ণ পিত্তৰস এই যকৃততে উৎপন্ন হয়। প্ৰ’টিন জাতীয় খাদ্যৰ পাচন প্ৰক্ৰিয়াত উৎপন্ন হোৱা এম’নিয়া, ইউৰিয়া, ইউৰিক এচিড আদি পদাৰ্থৰ পৰিমাণ বাঢ়ি গ’লে দেহৰ বাবে ক্ষতিকাৰক হয় আৰু যকৃতে এইবোৰ পৰিশুদ্ধ কৰি ক্ষতিৰ মাত্ৰা কমায় আৰু বাকীখিনি বৃক্কৰ জৰিয়তে মূত্ৰৰ লগত বাহিৰ কৰি দিয়ে।

যকৃতে আন পদাৰ্থৰপৰা গ্লুক’জ তৈয়াৰ কৰি(প্ৰস্তুত কৰি) তাক গ্লাইক’জেনলৈ ৰূপান্তৰিত কৰে আৰু শৰীৰত খাদ্যৰ অভাৱ হ’লে গ্লাইক’জেনক গ্লুক’জলৈ ৰূপান্তৰিত কৰি শৰীৰ তন্ত্ৰলৈ পঠিয়াব দিয়ে। তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। তেজ গোট মাৰিবলৈ আৱশ্যক হোৱা ‘প্ৰথ্ৰম্বিন’ আদিকে ধৰি কেইবাটাও উপাদান যকৃততে প্ৰস্তুত হয়।

যকৃৎ ভঁৰালৰ নিচিনা। ইয়াৰ কোষৰ সিৰা-উপসিৰাবোৰত তেজ সঞ্চিত হৈ থাকে আৰু দেহৰ প্ৰয়োজন সাপেক্ষে যকৃতে সেই তেজ উলিয়াই দিয়ে। যকৃতে চৰ্বি জমা ৰাখে আৰু চৰ্বিৰপৰা শক্তি তৈয়াৰ কৰাত সহায় কৰে।

মাত্ৰাধিক কলেষ্টেৰ’ল দেহৰ বাবে ক্ষতিকাৰক হ’লেও কলেষ্টেৰ’ল দেহৰ বাবে এবিধ প্ৰয়োজনীয় উপাদান, যি নহ’লে আমি জীৱাই থাকিব নোৱাৰোঁ। লিভাৰেই এই কলেষ্টেৰ’ল প্ৰস্তুত কৰে। লিভাৰে খাদ্যপ্ৰাণ ‘ক’ তৈয়াৰ কৰাত সহায় কৰে। আমাৰ আহাৰৰ জৰিয়তে দেহত প্ৰৱেশ কৰা ক্ষতিকাৰক পদাৰ্থবোৰ লিভাৰে দেহৰপৰা বাহিৰ কৰি দিয়ে।

আমাৰ শৰীৰৰ ৰূপ-লাৱণ্যৰ চাবিকাঠীও লিভাৰৰ হাততেই। সুস্থ লিভাৰে দেহৰ কান্তি দুগুণে চৰায়। লিভাৰ ৰোগাক্ৰান্ত হ’লে শৰীৰৰ সজীৱতা হেৰাই যাব ধৰে।

মানৱ দেহৰ পাচক গ্ৰন্থিসমূহৰ ভিতৰত যকৃতে আটাইতকৈ ডাঙৰ গ্ৰন্থি। অগ্ন্যাশয় দ্বিতীয় বৃহত্তম পাচন গ্ৰন্থি। দেহৰ বৃহত্তম গুৰুত্বপূৰ্ণ গ্ৰন্থি ‘যকৃত’ৰ সুস্থতাৰ প্ৰথম আৰু প্ৰধান চৰ্তটো হ’ল সঠিক-সুষম-খাদ্যাভ্যাস গঢ়ি তোলাটো। শুদ্ধ-সাত্ত্বিক-সুষভ আহাৰে যকৃতত বিৰূপ প্ৰভাৱ পেলাই দেহ দুৰ্বল তথা ৰুগীয়া কৰি তোলে। সুৰাপান-ধূম্ৰপান যকৃতৰ বাবে ভয়ানক ক্ষতিকাৰক। বিষ নাশক, জ্বৰ নাশক আদি বিভিন্ন ঔষধ আৰু ৰাসায়নিক দ্ৰব্যয়ো যকৃতৰ বাৰুকৈয়ে ক্ষতিকৰে। সেয়ে জধে-মধে যিকোনো ঔষধ স্বনিৰ্বাচিতভাৱে চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰিব নালাগে।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top