অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগ আৰু স্বাস্থ্য :

যোগ আৰু স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

যোগ অভ্যাস কৰাটো একমাত্ৰ শাৰীৰিক ব্যায়ামেই নহয়, ই মানসিক সুস্থতা আৰু সহনশীলতা বৃদ্ধি তথা শৰীৰৰ অনাৱশ্যক ওজন কমোৱাতো সহায়ক। যোগ অভ্যাসে যিদৰে শৰীৰক সুস্থতা আৰু উন্নতি প্ৰদান কৰে, তেনেদৰে নৈতিক উন্নতিৰ লগতে স্বৰ্গীয় সুখানুভূতি দিয়ে।

আমাৰ মেৰুদণ্ড পোন আৰু সবল হৈ কাৰ্যক্ষম হৈ থাকিলেহে শৰীৰ সুস্থ লহৈ থাকে। মেৰুদণ্ড আগলৈ-পিছলৈ, সোঁৱে-বাৱেঁ ঘূৰোৱা-পকোৱা কাৰ্য যোগ ব্যায়ামৰ অনুশীলনৰ দ্বাৰাহে সুচাৰুৰূপে হয়। বৰ্তমান পৃথিৱীত বহুতো ধৰণৰ ব্যায়াম চৰ্চাৰ সঁজুলি ওলাইছে যদিও কোনো ব্যায়ামে যোগৰ লগত ফেৰ মাৰিব নোৱাৰে।

যোগক সংস্কৃতত এক ‘যুঁজ’ আখ্যা দিয়া হয়। আমাৰ শৰীৰটো এক যুদ্ধ ক্ষেত্ৰ। গতিকে ইয়াক শান্ত-শিষ্ট কৰি বহিঃশত্ৰুৰ(ৰোগ) পৰা মুক্ৰ কৰি ৰাখিবলৈ যোগ অভ্যাস কৰি থাকিব লাগে।

ধৰ্মশাস্ত্ৰৰ(গীতা) মতে সকলো ফালে আত্মাৰ উন্নতি হ’লেহে পৰমাত্মাৰ লগত মিলন সম্ভৱ হয়। পৰমাত্মাৰ লগত মিলনৰ কাৰণে লোভহ, লালসা, অহংকাৰ আদিৰ পৰা মুক্ত হৈ এক সুখী, নিকা, অৰ্থপূৰ্ণ জীৱন-যাপন কৰিব লাগে। কাৰণ মানৱ জীৱন ক্ষণভংগুৰ। গতিকে যিকেইদিন জীয়াই থকা যায়, সুখে সন্তোষে থকাটোৱেই জীৱনৰ লক্ষ্য হোৱা উচিত।

এই কলিযুগত সকলোৱে যিকোনো প্ৰকাৰ ভোগী জীৱন যাপন কৰিবলৈ বিচাৰে। ধন-সম্পত্তি, যশস্যা, সামাজিক প্ৰতিপত্তি আদি সকলোৱে বিচাৰে। কিন্তু প্ৰকৃতিয়ে নিৰলে লক্ষ্য কৰি থাকে, সকলো কৰ্মৰে সীমা বান্ধি দিয়ে। আত্মগৌৰৱৰ জখলাত বগাবলৈ দি শেষ ঢাপ পোৱাৰ আগতে প্ৰকৃতিয়ে খহাই পেলায়। এই ভোগৰ লালসাত ধাবমান হোৱাসকল এটা সময়ত ৰোগীলৈ ৰূপান্তৰিত হয়ি। শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক সকলোফালে সফল হোৱাৰ পিছতো ৰোগৰ পৰা নিস্তাৰ নেপায়।

অকল দেখাত হৃষ্ট-পুষ্ট অৱস্থাই স্বাস্থ্য নহয়। কিবা উএটা বেমাৰ নথকা মানুহ পৃথিৱীতে বিৰকি। আধুনিক চিকিৎসা শাস্ত্ৰৰ বাটকটীয়া হিপোক্ৰেটিছে(Hippocrates of Kos. 460 B.C.) কৈ গৈছে যে ৰোগ নথকা মানুহ হয় দেৱতা নহ’লে ৰবট হব।

স্বাস্থ্য মানে শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিকভাৱে সক্ষম অৱস্থা। উৎসাহ-উদ্দীপনাৰে জীৱন ধাৰণ কৰাজনকহে স্বাস্থ্যৱান আখ্যা দিব পাৰি।

ভুল আহাৰ(ভেজাল), পথ্য খাই থকাৰ বাবে আজিকালি অভিজাত ৰোগ, যেনে- বহুমূত্ৰ, ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক আদি ঘাতক ৰোগে বাহ লয়।

হালোৱা, চহাৰ নিমাখিত আহাৰ, যেনে- শাক-পাচলি(কচু, ঢেঁকীয়া), পুঠি, খলিহনা মাছ খোৱা মানুহৰ এনেবোৰ ঘাতক ৰোগ নহয়। অৱশ্যে মহামাৰীৰ কথা বেলেগ।

যিমানেই ঔষধ আৱিষ্কাৰ নহওক কিয়, বৰ্তমান চিকিৎসা বিধিতো ‘যোগ অভ্যাস’ কৰিবলৈ নিৰ্দেশ দিয়ে। হাত, ভৰি আৰু কঁকালৰ বিষ, বহুমূত্ৰ্ত আদি ৰোগ নিৰাময় কৰাত যোগ অভ্যাসে সহায় কৰে। ৰক্তচাপ থকা লোকেও শৱাসন কৰি দুই চাৰিটা আসন-প্ৰাণায়াম কৰিলে সুফল পাব পাৰে।

যোগৰ প্ৰকাৰ বহুতো। একমাত্ৰ ৰাজযোগৰ দ্বাৰা শৰীৰ আৰু আত্মা দুয়োৰে উন্নতি সাধন কৰিব পাৰি। গীতাত এই যোগৰ বিধান দিছে। অল্প ভক্ষণ, অল্প নিদ্ৰা, সকলো বেয়া ভাব-চিন্তা, বেয়া কৰ্মৰ পৰা আঁতৰত থাকি একমাত্ৰ সু-চিন্তা কৰিব লাগে।

যোগক জীৱনৰ অংগ কৰি ল’লে জীৱন সুখ আৰু শান্তিময় হয়ু। বৰ দুখৰ বিষয় যে বৰ্তমান আমাৰ দেশৰ ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে মানসিকভাৱে হতাশগ্ৰস্ত হৈ আত্মহননৰ দৰে কাৰ্যও কৰে। পৰীক্ষাৰ ফলাফল বেয়া হোৱা, কৰ্মসংস্থাপন নোহোৱা আদি কাৰণত হতাশ হৈ বহুতো যুৱক-যুৱতী মানসিকভাৱে ভাগি পৰে। যোগ অভ্যাসে হতাশগ্ৰস্ততা নিৰাময় কৰিব পাৰে। প্ৰতিদিনে সূৰ্য নমস্কাৰ আৰু আন আসন কৰিলে হতাশগ্ৰস্ততাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

বক্ৰাসন অভ্যাস কৰিলেও ফল পোৱা যায়। এই আসন কৰাটো অতি সহজ। দুই ভৰিৰ ওপৰত পোনভাৱে থিয় হৈ সোঁ-ভৰি বাওঁ আঁঠুলৈ কোচাই আনি দুই হাত মূৰৰ ওপৰলৈ নি একে লগ কৰি দুই মিনিট থাকি পুনৰ বাওঁ ভৰিত একে অৱস্থাৰে দুই মিনিট অভ্যাস কৰিলে সুফল পোৱা যাব। উশাহ-নিশাহ নিয়মিত লৈ থাকিব লাগে।

ভেজাল খাদ্য খোৱাৰ কাৰণে পেটৰ অসুখ হয়ি। পৰীক্ষাৰ ভয়ত কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে বমি কৰে। নিয়মিতভাৱে বজ্ৰাসন কৰিলে সুফল পোৱা যায়। এই আসনো অতি সহজ। আঁঠু কাঢ়ি পিছফালে গোৰোহাৰ ওপৰত বহি দুই হাত আঁঠুৰ ওপৰত ৰাখিলে বা প্ৰসাৰিত কৰি ওপৰলৈ তুলি দুই বা তিনি মিনিট সময় থাকিলে এই ব্যায়াম কৰা হয়। অভ্যাস হ’লে চাৰি-পাঁচ মিনিটলৈকে থাকিব পাৰি। হজম শক্তি বৃদ্ধি হোৱাৰ মানসিক প্ৰশান্তিও আহিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(প্ৰিয়েন্দ্ৰ তামুলী)

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top