মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / যোগাভ্যাস নিচাশক্তিৰ পৰা কেনেকৈ মুক্তি পাব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাভ্যাস নিচাশক্তিৰ পৰা কেনেকৈ মুক্তি পাব

যোগাভ্যাস নিচাশক্তিৰ পৰা কেনেকৈ মুক্তি পাব, সেই বিষয়ে লিখা হৈছে ।

 

অলপতে ভাগ্যক্ৰমে গুৱাহাটীৰ স্বনামধন্য যুৱক কৃষ্ণকান্ত বৰাক লগ পাই এই লেখকে ড্ৰাগছ-মদ তথা যুৱচামৰ ওপৰত পৰা ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে ভালকৈ হৃদয়ংগম কৰিব পাৰিলো । লগতে সকলো সমাজ সচেতন এনে লোকে ড্ৰাগছ তথা অন্য ৰাগীয়াল বস্তুৰ বিৰুদ্ধে সজাগতা অনাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ ওপৰত কৰা কৰ্মৰাজিবোৰৰ বিষয়ে জানিব পাৰি ভালকৈ বুজি উঠিছিলো-অন্ধকাৰ যিদৰে আছে ঠিক সেইদৰে পোহৰো আছে । সামান্য এটা চাকিয়ে চৌদিশ পোহৰাই তুলিব পাৰে । যোগৰ বন্তিৰ লেলিহান শিখাই ভৌগোলিক, ৰাজনৈতিক, ধৰ্মীয়, জাতিভেদে পাহৰাই সকলোকে চিৰ আনন্দময় কৰুণা আৰু আৰোগ্য প্ৰদান কৰে ।

ড্ৰাগছৰ শৰশয্যাত থকা যুৱচামক যোগৰুপী অমৃতেহে উদ্ধাৰ কৰিব পাৰে । জীৱন আলোচনীৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে যে অসমৰ ৫০ শতাংশ যুৱক-যুৱতী ড্ৰাগছ তথা মদৰ আসক্ত । উল্লেখনীয় কথাষাৰ হ’ল যে ইয়াত ধূমপানৰ প্ৰসংগটো উত্থাপন হোৱা নাছিলেই । মাথোঁ ড্ৰাগছ আৰু মদতেই আজি আমাৰ এই মানৱ সম্পদৰ আধাসংখ্যক যুৱকৰ অকালতেই শ্মশানযাত্ৰা । এখন দেশ তথা জাতি এটাৰ আটাইতকৈ উল্লেখনীয় সম্পদ হৈছে ইয়াৰ যুৱশক্তি । এওঁলোকেই আমাৰ মানৱ সম্পদ ।

অসম তথ্য সমগ্ৰ ভাৰতবৰ্ষত ড্ৰাগছ-মদৰ যি দ্ৰুতগতিত প্ৰচলন হ’বলৈ ধৰিছে তাৰ অন্তৰালত এক বৃহৎ আন্ত:ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ লুকাই আছে । যিসকলৰ উদ্দেশ্যে হৈছে আনক মাৰি নিজে ধনী হোৱাৰ তথা ভাৰতবৰ্ষৰ আমাৰ যুৱচামৰ বিচাৰ-বিবেচনা শক্তি বিভ্ৰান্তি ঘটাই, সিহঁতৰ মস্তিষ্ক বিকল কৰি আমাৰ ৰাষ্ট্ৰখনকেই পংগু কৰি পেলোৱাটো ।

বেমাৰ যিমান পুৰণি হ’ব, ডাক্তৰো সিমানেই অভিজ্ঞতাসম্পন্ন তথা পুৰনি হ’ব লাগিব । গতিকে আজিৰ এই সামাজিক প্ৰেক্ষাপটত আমাৰ এই যুৱচামৰ মাজত যি ড্ৰাগছ মদৰ আসক্ত বৃদ্ধি পাইছে , তাৰ লগতে বৃদ্ধি পোৱা অপৰাধপ্ৰৱণতা, অস্থিৰতা, শাৰীৰিক-মানসিক সুস্থতাৰ যি অভাৱ ঘটিছে, তাক ঠিক কৰিবলৈ আমাৰ মাজত আছে এজন অতি অভিজ্ঞতাসম্পন্ন তথা পুৰনি ডাক্তৰস্বৰুপ এই ‘যোগ’ যাৰ পৰশ পোৱা মাত্ৰেই সকলো বৃদ্ধ-তৰুণ, ৰোগী-যোগী, আস্তিক- নাস্তিক, পুৰুষ-মহিলাৰ দেহত এক বুজাব নোৱাৰা কাৰ্যকাৰিত, ঐশ্বৰিক , চিৰস্থায়ী, লাৱণ্যময়ী প্ৰাণসঞ্চাৰ হয়, যিয়ে শৰীৰ-মনৰ ৰোগ-ব্যাধি দূৰ কৰি প্ৰকৃত সুখ আমাক প্ৰদান কৰে ।

জীৱনটোক প্ৰত্যাহ্বান- বিফলতা-বিপৰ্যয় থাকিবই । কিন্তু ইয়াতেই যদি আমি আমাৰ ধৈৰ্য্য-সাহস হেৰুৱাই পেলাওঁ, তেতিয়াহ’লে আমি আমাৰ মানসিক নিয়ন্ত্ৰণ হেৰুৱাই পেলাম আৰু এনেকুৱা কিছুমান নিচাজাতীয় বদ অভ্যাসৰ চিকাৰ হোৱাৰ সম্ভাৱনীয়তা আহি পৰিব । কিন্তু প্ৰকৃতাৰ্থত যি পুৰুষ, যাৰ মাজত পুৰুষত্ব-বীৰ্যতা-নম্ৰতা বিদ্যমান, তেওঁ ইয়াৰ সমান্তৰালকৈ যোগ সাধনা কৰি এনে এক অৱস্থা পায়, যিয়ে তেওঁক সকলো পৰিৱেশ- পৰিস্থিতিতেই দেহ-মনক কৰ্মমুখী কৰিবলৈ আচৰিতভাৱে প্ৰেৰণা যোগায় । দেহ-মনত অদম্য শক্তি প্ৰদান কৰে । গতিকে কোনো যুৱক-যুৱতীয়ে পঢ়িশুনিও যদি চাকৰি নাপায়, তেনেস্থলত নিয়মিতভাৱে যোগাসাধন কৰা যুৱক-যুৱতীয়ে দেহ-মনত এনে এক শক্তি পাই যিহৰ দ্বাৰা জীৱনত অহা সকলো প্ৰত্যাহ্বানেই তেওঁলোকে সহজভাৱে ল’বলৈ সক্ষম হয় । কোনো পৰিৱেশ- পৰিস্থিতিতেই তেওঁলোক ভাগৰি নপৰে । বৰঞ্চ তেওঁলোক অধিক কৰ্মপৰায়ণ হৈ উঠে আৰু জীৱনৰ সাৰ্থকতা ভালকৈয়ে বুজি উঠে ।

যোগাসনৰ দ্বাৰা যিদৰে ড্ৰাগছ তথা আন ৰাগীয়াল বস্তু সেৱনৰ মানসিকতা নজন্মে, ঠিক তেনেকৈয়ে ভুক্তভোগী ড্ৰাগছ আসক্ত যুৱক-যুৱতীক যোগৰ আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যানৰ অভাসৰ দ্বাৰা সিহঁতৰ শাৰীৰিক- মানসিক বিসংগতি দূৰ হৈ পুনৰ তেওঁলোক সুস্থ হৈ উঠিব । যৌগিক চিকিৎসাই যিদৰে ৰোগ আৰোগ্য কৰিব পাৰে , সেইদৰে ভাবী ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও তাৰ অসাধাৰণ । যৌগিক আসন, মুদ্ৰা আৰু প্ৰাণায়াম অভ্যাসৰ দ্বাৰা স্নায়ু, পেশী, ধমনী, গ্ৰন্থি, হৃৎপিণ্ড, ফুচফুচ প্ৰভৃতি দেহ পৰিচালক যন্ত্ৰবোৰ ইমানেই সবলতৰ আৰু প্ৰাণৱন্ত হৈ উঠে যে ই অনায়াসে এনে ৰোগ নিৰ্মূল কৰিব পাৰে ।

প্ৰকৃতাৰ্থত পৃথিৱীৰ কোনো মানুহেই বেয়া নহয়, আমি যাক বেয়া বুলি ভাবো, তেওঁলোক দুৰ্নীতিপৰায়ণ হোৱা সত্ত্বেও বেয়া নহয়, তেওঁলোকৰ দেহযন্ত্ৰ, দেহস্থ গ্ৰন্থি প্ৰভৃতিৰ ক্ৰিয়া দোষযুক্ত হৈছে কাৰণেই কুকৰ্ম আৰু কুচিন্তা দ্বাৰা হৈছে । নিৰ্দোষ পথ্য আৰু যোগ ক্ৰিয়াদিৰ সহায়ত দেহযন্ত্ৰৰ এই ক্ৰুটি অনায়াসে সংশোধন কৰি এনেলোকক ভাল কৰিব পাৰি । এইবাবেই হঠযোগে দেহ শুদ্ধিৰ ওপৰত বিশেষভাৱে জোৰ দিছে । দেহ শুদ্ধ হ’লে হ’লে মন শুদ্ধ হ’ব । এই শুদ্ধ মনেই আত্মোপলব্ধিৰ সহায়ক । যদি দেহস্থ স্নায়ু, পেশী আৰু গ্ৰন্থিৰ কাৰ্যকাৰিতা স্বাভাৱিক থাকে, দোষমুক্ত থাকে, তেনেহ’লে এই দেহযন্ত্ৰৰ ভিতৰত আত্মাৰ দেৱভাৱ, ভাগৱতভাব স্ফুৰিত হৈ উঠিব । কিন্তু এই দেহযন্ত্ৰত ক্ৰুটি থাকিলে দেহ-মন পাশৱিক ভাবৰহে লীলাভূমি হৈ উঠিব । অন্তত: তলত উল্লেখ কৰা এই আসন, মুদ্ৰা, প্ৰাণায়াম তথা  যোগনিদ্ৰাৰ নিয়মিত অভ্যাসে আমাৰ যুৱক-যুৱতীসকলক বিপথে যোৱাৰ পৰা বচাব আৰু ইতিমধ্যে ভুক্তভোগীসকলকো তেওঁলোকে কৰা ভুল সংশোধন কৰি পুনৰ শাৰীৰিক-মানসিকভাৱে পূৰ্ণৰুপে কাৰ্যক্ষম হৈ উঠিব ।

আসন -

সূৰ্য নমস্কাৰ, পদহস্তাসন, সংকটাসন, গোমুখাসন, চক্ৰাসন, হস্তমুদ্ৰা, পদমুদ্ৰা, সৰ্বাংগাসন, অৰ্ধ-মৎস্যেন্দ্ৰাসন, শীৰ্ষাসন ।

মুদ্ৰা :-

শক্তিচালনী, উড্ডীয়ানবন্ধ ।

প্ৰাণায়াম -

ভস্ত্ৰিকা, কপালভাটি, অনুলম-বিলম, ভ্ৰামৰী, উজ্জায়ী, উম প্ৰাণায়াম আৰু লগতে যোগনিদ্ৰা ।

বৰ্তমান সমাজখনৰ যুৱচামৰ যি অধ:পতন বিশৃংখলতা, ধৈৰ্যহীনতা, অনুশাসনহীনতা তথা মানৱীয় প্ৰমুল্য্বোধৰ শ্মশানযাত্ৰা হৈছে তথা দানৱীয় মানসিকতা আৰু তামসিক-ৰাজসিক গুণৰ উত্তৰণ ঘটিছে, তাক কেৱল যোগৰ দ্বাৰাহে ভাল কৰা সম্ভৱপৰ । যোগ যদি কৰ্মভূমি হয় আৰু যোগৰুপী বৃক্ষ গজে, তেন্তে সেই বৃক্ষত বোধৰুপী ফল লাগে আৰু সেই ফলত প্ৰেমৰুপী ৰস ভৰি যায়, ফলৰ ৰসেই এই সকলো মায়াৰ পৰা উদ্ধাৰ কৰি কৰ্মপথত আগুৱাই যোৱাৰ অনুপ্ৰেৰণা যোগায় । যোগ অভ্যাসৰ দ্বাৰা প্ৰতিজন যুৱক- যুৱতীয়ে সকলো গুণসম্পন্ন বিকশিত মনুষ্যৰ শাৰীত উপনীত হয় আৰু ভৱিষ্যতৰ ব্যৱহাৰিক জীৱনক প্ৰত্যাহ্বান জনোৱাত নিৰ্বাচিত তথা লাগতিয়াল উপৰিউক্ত এই আসন, মুদ্ৰা, প্ৰাণায়াম, ধ্যানৰ দ্বাৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ শাৰীৰিক-মানসিক-আধ্যাত্মিক উৎকৰ্ষ সাধন হওক আৰু এখন সমৃদ্ধিশালী, নিৰোগী, সুস্থ ভাৰতবৰ্ষ নিৰ্মাণ হওক । গতিকে মাদক দ্ৰব্যৰ পৰা নিজকে আৰু নিকটাত্মীয়ক দূৰত ৰাখক ।

লেখক :- পাৰ্থপ্ৰতিম দাস

উৎস :- অসমীয়া খবৰ

2.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top