অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাসন :

যোগাসনৰ বিষয়ে লিখা হৈছে ।

 

ভুজংগাসন -

‘ভুজনৰ অৰ্থ সাপ। আসনটিৰ পূৰ্ণাংগ ৰুপত সাপে ফেট তোলাৰ দৰে শৰীৰত ৰুপ দিয়াৰ হেতুকে ইয়াক ভুজংগাসন বা সৰ্পাসন নামেৰে নামকৰণ কৰা হৈছে। ভুজংগাসন, মেৰুদণ্ডক পিঠিৰ ফালে ভাঁজ দিয়া অন্য এক আসন। প্ৰথমে পেট পেলাই শুই কৰা আসনৰ স্থিতি অৱস্থাত শুই ল’ব লাগে। তাৰ পিচত হাত দুখন লাহে লাহে বুকুৰ ফাললৈ নানি বুকুৰ দুয়োকাষে দুই হাতৰ তলুৱা মজিয়াত স্থাপন কৰি লৈ কিলাকুটি দুটা গাৰ ফাললৈ চপাই ধৰিব লাগে আৰু মূৰটো দাঙি কপাল মজিয়াত স্থাপন কৰি আসনৰ বাবে সাজু হ’ব লাগে। ইয়াৰ পিচত উশাহ লৈ লাহে লাহে মূৰটো দাঙি পিচৰ ফাললৈ ঘূৰাব লাগে। এনে কৰোতে থুঁতৰিটো টান খাব আৰু বুকু মজিয়াত লাগি থাকিব। মূৰটো যথাসাধ্য পিচফাললৈ ঘূৰাৰ পিচত পিঠিৰ গভীৰত থকা মাংসপেশীবিলাক সংকোচন কৰি লাহে লাহে মূৰৰ ফালৰ পৰা ক্ৰমান্বয়ে এটা এটাকৈ গ্ৰীৱা-কশেৰুকা আৰু বক্ষ কশেৰুকা ভাঁজ দি মেৰুদণ্ডডাল ধেনুভিৰীয়া কৰি ওপৰলৈ তুলিব লাগে। হাতৰ তলুৱা মজিয়াত পৰি থাকিব লাগে যদিও হাতৰ ওপৰত অকণো শৰীৰৰ ভৰ পৰিবলৈ দিব নালাগে। নাভিলৈকে শৰীৰৰ নিম্নাংশ মজিয়াৰ লগত লিপিট খাই থাকিব লাগে আৰু নাভিৰ পৰা ঊৰ্ধ্বাংশ সাধ্যানুসৰি ধেনুভিৰীয়া হ’ব। চকুৰে শৰীৰৰ ভাঁজ অনুসৰি পিচফাললৈ চাব লাগে। এই অৱস্থাত ১০/১৫ ছেকেণ্ডমান ৰৈ আসনৰ পৰা অৱৰোহণ কৰিব লাগে। আসনলৈ আৰোহণ কৰোতে শ্বাস গ্ৰহণ কৰি যাব লাগে আৰু আসনৰ পৰা অৱৰোহণ  কৰোতে উশাহ এৰি এৰি প্ৰথমে পেট, বুকু, মূৰ নমাই আনিব লাগে। আসনটো কৰি সম্পূৰ্ণ হ’লে কিছু সময় জিৰণি লৈ আসনটো পুনৰ ৪/৫ বাৰ অনুশীলন কৰিব লাগে। তাৰ পিচত ২/৩ মিনিট বিশ্ৰাম আসনত জিৰণি ল’ব লাগে। আসনটো কৰোতে ভৰি দুখন কঠিনভাৱে ৰাখিব লাগে যাতে কৰঙণৰ তলৰ অংশত চাপ বেছিকৈ নপৰে।

উপকাৰিতা -

নিয়মিতভাৱে ভুজংগাসনৰ অভ্যাস কৰিলে ছাৰভাইকেল স্পণ্ডেলাইটিছ, ফাইব্ৰোছাইটিছ, মালজিয়া, লাম্বাগো আদি পিঠিৰ বিষ-বেদনা নিৰাময়ৰ ক্ষেত্ৰতে নহয়, বৰং প্ৰতিৰোধো কৰে। ভুজংগাসনৰ মেৰুদণ্ডৰ কশেৰুকাবোৰ লগ লগাই ধৰি ৰখা পেশীতন্তুসমূহ আৰু মেৰুদণ্ডৰ গভীৰ অঞ্চলত থকা পেশীসমূহৰ সম্প্ৰসাৰণ সংকোচন হয়, সেই অঞ্চলসমূহলৈ আৰু লগত মেৰুমজ্জা আৰু অনুকমী স্নায়ুতন্ত্ৰৰ প্ৰগণ্ডবিলাকলৈ তেজৰ সৰবৰাহ যথেষ্ট পৰিমাণে হয়। ফলত সেইসমূহ সুস্থ-সবল হৈ উঠে আৰু মেৰুদণ্ড নমনীয় হয়। মেৰুচক্ৰ স্থানচ্যুত হ’লে স্বস্থানলৈ প্ৰত্যাৱৰ্তন কৰে। মেৰুদণ্ডৰ কশেৰুকা বিলাকৰ জোৰাইদি ওলাই যোৱা একত্ৰিশ যোৰা মেৰুদণ্ডীয় স্নায়ুৰ এই আসনে অৰিহণা যোগোৱাৰ বাবে পিঠিৰ বিষ, কঁকালৰ বিষ, ছায়াটিকা আদি ৰোগৰ উপশম হয়। নিয়মিত ভুজংগাসনৰ অনুশীলনৰ ফলত বক্ষসজ্জাৰ গঢ় ভাল হয়, বক্ষগহ্বৰত থকা অংগসমূহৰ স্বাস্থ্যৰ উন্নতি হয়। এই আসনৰ অভ্যাসৰ দ্বাৰা পেটৰ মাংসপেশী আৰু উদৰ গহ্বৰৰ অংগসমূহ সবল হোৱাৰ ফলত পৰিপাক কাৰ্য ভালদৰে হ’ব পাৰে আৰু পেটফুলা, অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি ৰোগ নাইকিয়া হয়। এই আসনৰ ফলত মহিলাসকলৰ জৰায়ু আৰু ডিম্বাশয়লৈ ৰক্ত চলাচল বৃদ্ধি হয়। ফলত যৌৱন গ্ৰন্থি সুস্থ-সবল হৈ ঋতু নিয়মীয়া কৰি তোলা, ঋতুৰোধ, বাধক বেদনা, স্বল্পৰজ, অতিৰজ, অনিয়মিত ঋতু, শ্বেত প্ৰদৰ আদি ৰোগ আৰোগ্য হয়। মানসিক উত্তেজনাত এড্ৰিনেল গ্ৰন্থিৰ ৰস এড্ৰিনালিনৰ নি:সৰণ অধিক হ’লে উচ্চ ৰক্তচাপ বৃদ্ধি হয়। ভুজংগাসনৰ নিয়মিত অভ্যাসেৰে গ্ৰন্থিটোক দোষ-ক্ৰুটি মুক্ত কৰা যায় আৰু ৰক্তচাপ কমোৱাত সহায়ক হয়। দৈনন্দিন শ্ৰমৰ অৱসাদ, বহু দেৰিলৈকে বহি কাম কৰাসকলৰ কঁকাল, ডিঙি আদিৰ অস্বস্তি, শাৰীৰিক ক্লেশ ভুজংগাসনৰ অভ্যাস কৰিলে শীঘ্ৰেই নিৰাময় হয়। পেটৰ চৰ্বি কমোৱাত এই আসনটো বহু পৰিমাণে সহায়ক হয়।

সাৱধানতা -

যিসকলৰ পেটৰ অঞ্চলৰ অস্ত্ৰোপচাৰ কৰা থাকে, তেওঁলোকে এই আসনটো ৩/৪ মাহলৈকে কৰিব নালাগে। হাৰ্নিয়া আৰু পেটৰ ঘা আদিত ভুগি থাকিলে ভুজংগাসন কৰাটো একেবাৰেই অনুচিত।

উষ্ট্ৰাসন -

‘উষ্ট’ শব্দৰ অৰ্থ হ’ল উট। এই আসনৰ পূৰ্ণাংগ স্থিতিত শৰীৰৰ আকৃতি বহুলাংশে বোজা কঢ়িওৱা উটৰ দৰে দেখা যায় বাবে এই আসনটোৰ নাম উষ্ট্ৰাসন বুলি কোৱা হয়। এই আসনটো মেৰুদণ্ডক পিচফালে বেঁকা কৰা অভ্যাসৰ আসন। উষ্ট্ৰাসন কৰিবৰ বাবে প্ৰথমতে বহি কৰা আসনৰ স্থিতি অৱস্থাত বহি লৈ তাৰ পিচত বজ্ৰাসনত বহি ল’ব লাগে, পিচত বজ্ৰাসনৰ পৰা লাহেকৈ উঠি ভৰি আঙুলিৰ পৰা লাহেকৈ উঠি ভৰি আঙুলিৰ পৰা আঁঠুলৈকে মজিয়াত পেলাই ৰাখি শৰীৰৰ বাকী অংশ মজিয়াৰ ওপৰত লম্বমান হৈ ল’ব লাগে। শ্বাস দীঘলকৈ গ্ৰহণ কৰি প্ৰথমে মূৰ, গ্ৰীৱা আৰু বুকু পিচফালে ভাৰসাম্য অনুযায়ী হাওলাই নিব লাগে। ইয়াৰ পিচত সোঁহাত ওপৰেদি পাক মাৰি, সোঁ ভৰিৰ গোৰোহাত, আৰু বাওঁ হাতেৰেও একেদৰে বাওঁ ভৰিৰ গোৰোহাত ধৰিব লাগে। ইয়াৰ লগে লগে মূৰ পিচফালে তললৈ হাওলাই বুকু ফিন্দাই দি শৰীৰটো ভৰিৰ ফাললৈ ঠেলি দি হাত মজিয়াৰ ওপৰত লম্বমান কৰিব লাগে। এই অৱস্থাই উষ্ট্ৰাসনৰ চৰম অৱস্থা। এই অৱস্থাত স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ ১০ ৰ পৰা ১৫ ছেকেণ্ডমান থাকি বিপৰীত ক্ৰমত লাহে লাহে বজ্ৰাসনলৈ ঘূৰি আহিব লাগে। অৱৰোহণ কৰোতে উশাহ লৈ লৈ প্ৰথমে মূৰ, ইয়াৰ পিচত গ্ৰীৱা বুকুলৈ পোন কৰি দুই হাত গোৰোহাৰ পৰা এৰি দি সম্পূৰ্ণকৈ পূৰ্বৰ স্থিতিলৈ আহিব লাগে। আসনৰ চৰম অৱস্থাত হাত দুখনেৰে ভৰিৰ সৰু গাঁঠিত নধৰি হাতৰ তলুৱা ভৰিৰ তলুৱাত পেলাই ৰাখিবও পাৰে।

উপকাৰিতা -

উষ্ট্ৰাসনৰ নিয়মিত অভ্যাসে মেৰুদণ্ড নমনীয় কৰে। মেৰুদণ্ড, ডিঙি, বাহু আদিৰ মাংসপেশী সুস্থ-সবল কৰে। গলগ্ৰন্থি, উপ-গলগ্ৰন্থি আৰু থাইন গ্ৰন্থিৰ কাৰ্য স্বাভাৱিক কৰাত সহায় কৰে। কণ্ঠলগ্ন থাইৰয়ড আৰু পেৰা থাইৰয়ড সুস্থ-সবল হয়, ফলত গ্ৰন্থিদ্বয়ৰ ৰস নি:সৰণ নিয়মীয়া হয়। যৌনগ্ৰন্থিক সবল কৰি মহিলাৰ ঋতু ৰোগ আৰু পুৰুষৰ শুক্ৰজনিত ৰোগ নিৰাময় কৰা ইন্ধন যোগায়। এই আসনত বক্ষসজ্জা সম্প্ৰসাৰণ হোৱাৰ ফলত হৃৎপিণ্ড আৰু হাওঁফাওঁৰে মুক্তভাৱে কাম কৰিব পাৰে। হাওঁফাওঁৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বায়ু সোমাই দেহাংগত শক্তি সঞ্চাৰ কৰে। ফলস্বৰুপে হাপানী, কফ, ধাতুৰ ৰোগ আৰোগ্য হয়। উষ্ট্ৰাসন কৰোতে পেটৰ মাংসপেশী সম্প্ৰসাৰণ হয়, উদৰ-গহ্বৰৰ অভ্যন্তৰসংগসমূহৰ ওপৰত হেঁচা পৰে, হেঁচামুক্ত হোৱাৰ পিচত সেইসমূহলৈ তেজৰ চলাচল বৃদ্ধি পায় আৰু সেইসমূহ অধিক কৰ্মক্ষম হৈ পৰে। উষ্ট্ৰাসনত গ্ৰীৱাত, বুকুত, পেটত অৰু কঁকালত অত্যন্ত বেছি জোৰ কৰা হেতুকে মেদ বৃদ্ধি নহয়, কঁকালৰ বিষ, স্পণ্ডেলাইটিছ, ছায়টিকা আদি বিষ-বেদনা উপশম আৰু আৰোগ্য হোৱাত সহায়ক হয়।

সাৱধানতা -

উচ্চ ৰক্তচাপ , হৃদৰোগ আৰু হাৰ্নিয়া ৰোগীয়ে এই আসন কৰিব নালাগে।

লেখক: অঞ্জন কৌশিক শৰ্মা (দেওবৰীয়া সম্ভাৰ)

 

 

 

 

 

 

 

 

 

 

 

 

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top