মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / যোগাসন কৰক সুস্বাস্থ্যৰ অধিকাৰী হওক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগাসন কৰক সুস্বাস্থ্যৰ অধিকাৰী হওক

যোগাসন কৰক সুস্বাস্থ্যৰ অধিকাৰী হওক, সেই বিষয়ে লিখা হৈছে ।



মোটাপন বা মেদবহুলতাৰ বাবে -


কেইটামান সহজ যোগাসন

স্বাভাৱিক স্বাস্থ্যতকৈ অধিক শকত হোৱাতো কোনেও নিবিচাৰে । এটা আতিল সুন্দৰ দেহৰ বিপৰীতে অধিক মেদবহুল অতি শকত বা অধিক ওজনৰ ব্যক্তিৰ বাবে কামে কাজে উঠা বহা চলন ফুৰনত যথেস্থ অসুবিধা পোৱাতো স্বাভাৱিক ।
তেনে শকত মেদবহুল দেহৰ পৰা এটি সুন্দৰ সুঠাম স্বাভাৱিক চেহেৰা পাবলৈ একমাত্ৰ যোগাসন বা যোগব্যায়ামেই সৰল পথ ॥
তেনে বহুতো আসন ব্যায়ামৰ ভিতৰত সহজে কৰিব পৰা কেইটা মান যোগাসন তলত দিয়া হল ।
ৰাতিপুৱা বা সন্ধিয়া পৰত (খালি পেটে):এনে আসন নিয়মিত ধৈৰ্যসহকাৰে কৰিলে যথেস্থ্য উপকৃত হব –


যোগাসন কৰাৰ আগেয়ে পালিবলগীয়া সাধাৰন নিয়ম –

ঢিলা পোষাক পিন্ধিব, অধিক ব্যস্ততাৰ বাবে দৌৰা দৌৰিকৈ নকৰিব , যি ৰোগৰ বা উদ্দেশ্যৰ বাবে যোগাসন কৰিছে সেই উদ্দেশ্য মনলৈ আনি ধিৰে স্থিৰে কৰিব । কোনো ভাগৰ বোধ কৰিলে বিশ্ৰাম লব । খালিপেটে বা আহাৰ খোৱাৰ কমেও ২ঘন্টা পিচত কৰিব ।
১। দ্বিচক্ৰিকাসন (১ম অবস্থা)

বিচনাত বা সমান ঠাইত চিত হৈ পোনকৈ শুই লব । হাত দুখন নিতম্ব বা তপিনাৰ দুয়ো কাষে তলুৱা মাটিত লগাই ৰাখিব । এইবাৰ ছবিত দেখুৱা দৰে আঠু কোচাই এখনৰ পিচত এখন ভৰি উঠাই শুন্যতে লাহেলাহে ঘুৰাওক - (থিক চাইকেল চলোৱাৰ নিচিনাকৈ)
এনেকৈ ১০ বাৰমান কৰি পুনৰ ওলোটাকৈ চাইকেল চলোৱাৰ নিচিনা ১০ বাৰ মান ঘুৰাওক । এনেকৈ ওলট পালটকৈ কেইবাৰ মান কৰক (সম্ভৱ মতে)
ভাগৰ লাগিলে জিৰাই কৰিব ।
২। দ্বি চক্ৰিকাসন ২য় অৱস্থা -
আগৰ নিচিনা শুই লওক । এইবাৰ দুইখন ভৰি একেলগ কৰি আঠু কোচাই আগৰ নিচিনাকে দুয়ো ভৰিৰে চাইকেল চলোৱাৰ নিচিনাকৈ ১০ বাৰকৈ চক্ৰাকাৰে ঘুৰাওক ,পুনৰ ওলোতাকৈ ১০ বাৰ
সাধ্যানুসৰি কিচুসময় কৰিব । পিচলৈ অভ্যাস হলে সময় বঢ়াব ।
৩। পাদবৃত্তাসন ( ১ম অবস্থা)-

পোনহৈ আগৰ নিচিনাকৈ চিতহৈ শোৱক । হাৰ তলুৱা তলফালে । উশাহ টানি লৈ এখন ভৰি উঠাওক আৰু পোনকৈ ৰাখি ভৰিখন চক্ৰাকাৰে ওপৰতে ৩/৪ বাৰ ঘুৰাওক ( এটা শুন্য অকাৰ নিচিনাকৈ ) পুনৰ ওলোতা ফালে ৩/৪বাৰ ।
আন খন ভৰিৰেও একেদৰে ৩/৪বাৰ ঘুৰাব । সময় সাধ্য অনুসৰি জিৰনি লৈ লৈ কৰিব ।
৪। পাদবৃত্তাসন (২য় অবস্থা) -
চিত হৈ আগৰ নিচিনা শুই দুয়োখন ভৰি ওপৰলৈ উঠাওক । লগে লগে ওপৰতে ডাঙৰ বৃত্তাকাৰে একেলগে ঘুৰাওক । ৩/৪বাৰৰ পিচত পুনৰ ওলোটা ফালে ঘুৰাওক ॥ ওলট পালটকৈ কিছুসময় কৰি জিৰনি লব ॥
৫। অৰ্ধ হলাসন –

চিত হৈ আগৰ দৰে শুই লওক । উশাহ লৈ দুয়োখন ভৰি একেলগে ওপৰলৈ উঠাওক ইংৰাজী L আকাৰত ৯০ ডিগ্ৰী কোন কৈ থাকক আৰু উশাহ এৰি লাহে লাহে ভৰি নমাই পোন হওক ! এইদৰে সাধ্যানুসৰি কেইবাৰ মান কৰক ।
ফলাফল - ধৈৰ্য সহকাৰে কেইদিন মান কৰিলে গা পাতল হয় , দেহৰ অতিৰিক্ত চৰ্বি আতৰি যায় ,মোটাপন বা মেদবহুলতা ত থা কৌষ্ঠকাঠিন্য দুৰ হয় আৰু কোমৰ আঠু ভৰিৰ হাড় স্নায়ু সবল হয় ক্ষীন বা স্বাভাৱিক লোকেও কৰিব পাৰে । কেইদিন মান কৰাৰ পিচত নিজকে জুখি চাব ।
সোনকালে ফল পাবলৈ ত্ৰিফলা, বা আমলখি নিয়মিত খাব ,তেল আৰু চৰ্বিযুকাত খাদ্য কমাই খাব পানী কমেও ৩ বা ৪ লিটাৰ নিতৌ খাব ।
সাৱধানতা -কোমৰৰ বিষ থকা লোকে খুব লাহে লাহে আৰু বিশেষ ৰোগী ব্যক্তিয়ে কম সময়ৰ বাবে কৰিব ।
এই আসনসমুহ বা যিকোনো যোগাসন খৰ খেদাকৈ নকৰিব । সুস্থিৰভাৱে কষ্ট আৰু ভাগৰ নলগাকৈ কৰিব । একেদিনে অধিক নকৰি ক্ৰমান্নয়ে বঢ়াই যাব ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top