মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / যদি জ্বৰত ভোগে পালনীয় জৰুৰী নিয়ম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যদি জ্বৰত ভোগে পালনীয় জৰুৰী নিয়ম :

জ্বৰত ভোগা পালনীয় জৰুৰী নিয়মৰ বিষয়ে লিখা হৈছে ।

 

এতিয়া জ্বৰ হোৱাৰ বতৰ। চাৰিওফালে মানুহৰ জ্বৰ হৈছে। জ্বৰ হ’লে ঘৰুৱাভাৱে কেনে ব্যৱস্থা ল’ব সেই বিষয়ে দুটিমান পদ্ধতি আগবঢ়ালো-

*ঠাণ্ডা নাইবা কুহুমীয়া পানীৰে নেমু চৰবত তৈয়াৰ কৰি দিনটোত অন্ততঃ চাৰিবাৰ খুৱাওক। আগবেলা দুবাৰ, পাছবেলা দুবাৰ।

*যথেষ্ট আৰাম কৰিব।

*গৰম পানীৰে গা ধুব আৰু পিন্ধা কাপোৰ সলাওক। বিছনা চাদৰ আৰু গাৰু ৱাৰ সঘনে বদলি কৰিব।

*গাত বেছি কাপোৰ বা ব্লেংকেট নল’ব।

*কোঠাটোত বতাহ চলাচল কৰাৰ ব্যৱস্থা ৰাখিব।

*ঘৰৰ বাকী মানুহে সঘনে হাত ধুই থকা উচিত যাতে জ্বৰ বিয়পি নাযায়।

*তাৰ বাবে সেমেকা টাৱেল, হেণ্ড ছেনিটাইজাৰ ৰখা উচিত যাতে বাৰে বাৰে চাবোনেৰে হাত ধুই নাথাকিলেও হয়।

*ঘৰৰ বাকী লোকসকলে নাক, চকু, মুখত হাত লগোৱা উচিত নহয় যাৰ দ্বাৰা অসুখ বিয়পে।

*যেতিয়া কাহে বা হাঁচিয়ায়- নাক, মুখ ঢাকি বা আঁতৰলৈ গৈ কাহিব বা হাঁচিয়াব লাগে।

*জ্বৰ হোৱাজনক গোটা আহাৰতকৈ সিজোৱা জুলীয়া আহাৰ দিব লাগে।

*মাজে মাজে কুহমীয়া পানী খাই থাকিব লাগে।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top