অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যৌনতা আৰু অজ্ঞানতা :

যৌনতা আৰু অজ্ঞানতাৰ বিষয়ে লিখা হৈছে ।

কিছুদিন আগতে বন্ধু এজনৰ লগত চাহৰ দোকান এখনত চাহ খাই বিল পৰিষোধ কৰি থাকোতে হঠাৎ মোৰ বন্ধুজনৰ মানিবেগত চকু পৰিল। মানিবেগৰ চুকত কেইটামান টেবলেট দেখা যেন পালো। বাহিৰত ওলাই আহি মই এই বিষয়ে তেওঁক সোধাত জানিব পাৰিলো যে সেইকেইটা যৌন উত্তেজনা ও যৌন শক্তিবৰ্ধক ঔষধ।
মই জানিব পাৰি আচৰিত হলো যে তেওঁ সেইবোৰ বিয়াৰ পিছৰে পৰা যোৱা ৫ বছৰ ধৰি নিয়মিয়াকৈ ব্যৱহাৰ কৰি আছে কোনো চিকিৎসকৰ পৰামৰ্শ অবিহনে। তেওঁ কলে যে গাওঁৰ পৰা চহৰলৈ সকলো ফাৰ্মাচিতে এইবিলাক ঔষধৰ বিক্ৰীৰ হাৰ বহুত বেছি।

এয়া মাথো এক উদাহাৰণহে।। প্ৰথমতে চখত, তাৰ পিছত প্ৰয়োজনত আৰু শেষত অভ্যাসত।। এই ঔষধবোৰৰ যথেষ্ট পাৰ্শ্বক্ৰিয়া আছে আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচিৰ পৰা আনি জধে-মধে ব্যৱহাৰ কৰিলে জটিল সমস্যাৰ সৃষ্টি হব পাৰে।।

যৌনতা বিষয়ক কিছু কথা -

বিয়াৰ আগতেই হওক বা পিছতেই হওক বহুতৰে চিন্তা হয় লিংগৰ জোখ, দুয়োপক্ষৰ সহবাহৰ চৰমতৃপ্তিৰ সময় ইত্যাদি ইত্যাদি। সাধাৰণতে পুৰুষসকলৰ, মহিলাতকৈ সোনকালে বীৰ্যস্খলন হয়। বেছিভাগ পুৰুষৰে ২ ৰ পৰা ৮ মিনিটৰ ভিতৰত বীৰ্যপাত হয়, আনহাতে বেছিভাগ মহিলাৰে চৰমতৃপ্তি পাবলৈ কমেও ২০ ৰ পৰা ২৫ মিনিটৰ প্ৰয়োজন হয়।। এই সময়ৰ ব্যৱধান কমাবলৈ oral sex প্ৰয়োজন।

  • কিছুমান পুৰুষে বীৰ্যবেগ ৰখাই ৰখাই সময় বৃদ্ধি কৰা দেখা যায় আৰু যিটো স্বাস্থ্যৰ বাবে হানিকাৰক। আয়ুৰ্বেদমতে,আমি কিছুমান বেগ যেনেঃ- মুত্ৰবেগ,মলবেগ,বীৰ্যবেগ,হামিওৱা ইত্যাদি কেতিয়াও ৰখাব নালাগে। কাৰণ, ইয়ে আমাৰ শৰীৰত চাপ বৃদ্ধি কৰে, যাৰ ফলত ৰক্তবিকাৰ হোৱাৰ সম্ভাৱনা থাকে।।
  • সাধাৰণতে বীৰ্যপাত হোৱাৰ পিছত পুৰুষৰ লিংগৰ erection আৰু যৌন ইচ্ছা ক্ষন্তেক সময়ৰ বাবে হ্ৰাস পায়। কিন্তু, মানসিকভাৱে প্ৰস্তুত হৈ সুস্থ মানুহ এজনে বীৰ্যস্খলনৰ পিছতো কোনো বিৰতি নোলোৱাকৈ যৌন ক্ৰিয়া চলাই যাব পাৰে। ইয়াৰ বাবে লাগে মাথো এলাহ বৰ্জন আৰু ধনাত্মক মানসিকতাৰ লগতে অভ্যাস। এনেকৈ অভ্যাস কৰিলে সুস্থ পুৰুষ এজনে কেইমাহমানৰ ভিতৰতে কোনো বিৰতি নোহোৱাকৈ ৩০-৬০ মিনিট পৰ্যন্ত যৌন ক্ৰিয়া চলাই নিব পাৰে প্ৰাকৃতিকভাৱে কোনো ঔষধ অবিহনে (স্খলন একাধিকবাৰও হব পাৰে)। কিছুমান পুৰুষে আকৌ লিংগৰ আকৃতিক লৈ মানসিক চিন্তাত ভুগি থকা দেখা যায়। এনেকুৱা অজ্ঞানতাৰ সুযোগ লৈয়েই কিছুমান অসাধু ব্যৱসায়ীয়ে লিংগ বৃদ্ধি কৰাৰ বিভিন্ন যন্ত্ৰ,ঔষধ পাতিৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আছে। এইবিলাকে কেতিয়াও স্থায়ী সমাধান দিব নোৱাৰে, বৰং হিতে বিপৰীত হোৱাৰ হে আশংকা থাকে।
  • সাধাৰণতে লিংগৰ সকলো আকৃতি যোনীয়ে adjust কৰি লব পাৰে। আকৌ, যোনীৰ সন্মুখৰ পৰা ২/৩ ইঞ্চিমান অংশহে অত্যধিক সক্ৰিয়।গতিকে, এই হিচাপত লিংগৰ দীঘ ৩ ইঞ্চিৰ ওপৰৰ যিকোনো হলেই হল। আনহাতে লিংগৰ Girth যিয়েই নহওক কিয় hardness তোহে আচল ।

গতিকে, সকলো পুৰুষ-মহিলাই প্ৰাকৃতিকভাৱে সম্ভোগ ক্ৰিয়া চলাই যাওক।।কোম্পানীবোৰৰ বিজ্ঞাপনত ভোল নাযাব, কিবা সমস্যা হলে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

লেখক :-হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top