মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / যিবোৰ খাদ্যই বয়স বঢ়ায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যিবোৰ খাদ্যই বয়স বঢ়ায়

বহুতৰে ধাৰণা আছে যে আমাৰ বয়স বৃদ্ধিৰ আঁৰত আছে সূৰ্য্যৰ ৰশ্মি, মানসিক চাপ, ধূমপান আদি। পিচে নানা গৱেষণাই প্ৰমাণ কৰিছে

 

বহুতৰে ধাৰণা আছে যে আমাৰ বয়স বৃদ্ধিৰ আঁৰত আছে সূৰ্য্যৰ ৰশ্মি, মানসিক চাপ, ধূমপান আদি। পিচে নানা গৱেষণাই প্ৰমাণ কৰিছে যে, এই ধাৰণাবোৰেই বয়স বৃদ্ধি কৰাৰ মূল কাৰণবোৰ নহয়, আপোনাৰ খাদ্যাভ্যাসেও আপোনাৰ মুখত বলিৰেখা অথবা ছালখন শোটোৰা-শোটোৰ কৰাত অগ্ৰণী ভূমিকা লৈ থাকে। কোনবোৰ খাদ্যই আমাৰ বয়স বঢ়ায় তাৰ বুজ লওঁচোন।

চেনি-

 

বেছিকৈ চেনি নাখাব, কাৰণ শৰীৰটোত যেতিয়া বহুত বেছি চেনি জমা হয়, তেতিয়া ই শৰীৰত থকা কোলাজেন দ্ৰব্যৰ সৈতে সংযুক্ত হৈ পৰে। তাৰ ফলত গাৰ ছালখন কঠিন আৰু অনমনীয় হৈ উঠে এন এ ৰোজেনষ্টেইন নামৰ বিজ্ঞানীজনৰ দ্বাৰা ৰচিত ‘ডায়েট মিথ্‌ছ বাষ্টেড; ফুড ফেক্টচ্‌ নট নিউট্ৰিছন ফিক্সন’ নামৰ গ্ৰন্থখনত উল্লেখ কৰা হৈছে যে, কেনেবাকৈ যদি ছালখনৰ স্থিতিস্থাপকতা নষ্ট হৈ যায়, তেন্তে তৰুণ বয়সীয়াসকলৰ ছালতো বলিৰেখা পৰে আৰু তেওঁলোকক বয়সীয়া লোক যেন লাগে।

চৰ্বি (ট্ৰান্স চৰ্বি)-

 

এনে চৰ্বিযুক্ত আহাৰ গ্ৰহণৰ ফলতো গাৰ ছালখন কঠিন আৰু অনমনীয় হয়। চৰ্বিযুক্ত আহাৰে ধমনী আৰু ৰক্তবাহী সৰু সিৰাবোৰক কঠিন কৰি তেজ চলাচলত বাধা দিয়াৰ ফলত ছালখনত বয়সৰ ছাপ পৰে।

 

 

 

নিমখ-

 

অতিৰিক্ত নিমখ গ্ৰহণ কৰিলে শৰীৰটো পানী শূণ্য কৰে অৰ্থাৎ শুকাই পেলোৱাৰ ফলত ব্যক্তিজনে অৱষন্ন, দুৰ্বল অনুভৱ কৰে। এনে অৱস্থাত ব্যক্তিজনক ক্লান্ত হোৱা যেন লাগে। তদুপৰি অতিৰিক্ত নিমখ গ্ৰহণৰ ফলত বৃক্ক (কিড্‌নী) ৰুগীয়া হয়, উচ্চ ৰক্তচাপ আৰু হাড়ৰ মেটবলিজম (ভাঙোন-গঢ়ন) প্ৰক্ৰিয়াটো বহুত বাঢ়ি যায়।

 

লজেন্স, মিঠাই আদি-

 

লজেন্স, মিঠাই আদিত থকা চেনিয়ে শৰীৰটোত জ্বলা-পোৰা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰটোত বয়সৰ ছাপ পৰে।

 

 

মদ্যপান-

যিবোৰ খাদ্যই বয়স বঢ়ায়

অতিৰিক্ত মদ্যপানৰ ফলত শৰীৰটো পানীশূন্য হৈ পৰে, যাৰ ফলত দেহৰ সকলো ঠাইতে বলিৰেখাৰ সৃষ্টি হয়। ছালত থকা কোলাজেন দ্ৰব্য ঢিলা হৈ পৰে, ছালখন ফুলি উঠে অথবা ৰঙা পৰি উঠে।

 

এইবোৰ খাদ্যৰ উপৰিও অতিৰিক্ত পৰিমাণত কাৰ্বহাইড্ৰেট থকা খাদ্য গ্ৰহণ কৰিলে কোলাজেনৰ ক্ষতি কৰে। বেছিকৈ ভজা-পোৰা খাদ্য খালে কোলাজেন ভাঙি যায়, ফলত ছালখনত বলিৰেখা পৰে। গাখীৰ আৰু পনীৰত কাচিন নামৰ এবিধ পদাৰ্থ থাকে, যি কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে। ফলত মুখত শালমইনা বা ব্ৰন আৰু একাজিমাতো ব্যক্তিজনে ভুগিব পাৰে। ৰঙা মাংস (ৰে’ড মিট), এনাৰ্জী ড্ৰিংক (শক্তিকাৰক পানীয়), পেকেটত থকা তৈয়াৰী আহাৰ (প্ৰচেছড ফুড) আদি খাদ্যবোৰে বয়স বৃদ্ধি কৰে।

উৎস: সাদিন।

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top