আহাৰ গ্ৰহণৰ মাজত নাইবা পাছত আপুনি পানী খায় নেকি ? নে আপুনি যেতিয়াই-তেতিয়াই পানী খায় ? ইয়াৰ উপৰি বিছনালৈ যোৱাৰ আগেয়ে পেট ভৰাই পানী খায় নেকি ? তেনেহ’লে আপুনি ভুল কৰি আছে। শৰীৰৰ বাবে পানী অপৰিহাৰ্য যদিও যেতিয়াই-তেতিয়াই পানী খোৱাটে বিপজ্জনক। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, কম পৰিমাণৰ পানী খোৱাৰ ফলত শৰীৰৰ বৃক্ক, যকৃত, পৰিপাক তন্ত্ৰ, ৰেচনতন্ত্ৰ, খাদ্যনলীকে ধৰি প্ৰতিটো অংগ-প্ৰত্যংগত বিৰূপ প্ৰভাৱ পৰে। বিপৰীতে মাত্ৰাধিক পানী সেৱন কৰাটোও শৰীৰৰ বাবে ক্ষতিকাৰক। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, দেহৰ ওজনৰ সংখ্যাক ৩০ৰে ভাগ কৰি যিমান পোৱা যায় ঠিক সেই লিটাৰ পৰিমাণৰ পানী খালেই শৰীৰৰ বাবে যথেষ্ট। অধিক পৰিমাণৰ পানী খোৱাৰ ফলত বৃক্ক, হৃদযন্ত্ৰত অতিৰিক্ত চাপ পৰে। হাৰ্ট এটাকৰ সম্ভাৱনা বৃদ্ধি পায়। মূৰৰ বিষ, বমি বমি ভাব, ক্লান্তি ভাব আহে। শৰীৰৰ কোষৰ আকাৰ বৃদ্ধি পায়। মগজুৰ কোষৰ আকাৰো বৃদ্ধি পায়। ফলত মগজুৰ ষ্ট্ৰোক পৰ্যন্ত হ’ব পাৰে। চিকিৎসকসকলৰ মতে পুৱা বা নিশাৰ আহাৰৰ ৩০ মিনিট পূৰ্বে পানী সেৱন কৰিব লাগে। তেনে কৰিলে হজম শক্তি বৃদ্ধি পায়। খোৱাৰ সময়ত মাত্ৰ দুই ঢোক পানীহে খোৱা উচিত। বেছি খোৱাৰ ফলত হাইড্ৰ’ক্লৰিক এচিডৰ সৈতে মিহলি হৈ পানীয়ে তাৰ ক্ষমতা হ্ৰাস কৰে। ফলত খাদ্য হজম হোৱাত বাধাৰ সৃষ্টি হয়। একেদৰে গা ধোৱাৰ আগেয়ে এগিলাচ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ব্যায়াম কৰাৰ ১০ মিনিট আগেয়ে এগিলাচ পানী খোৱাৰ ফলত শক্তি অটুট থাকে। টোপনিৰ পূৰ্বে এগিলাচ পানী খালে ষ্ট্ৰোক তথা হাৰ্ট এটাকৰ সম্ভাৱনা হ্ৰাস পায়। কিন্তু পেট ভৰাই পানী খালে বিপজ্জনক। ইনছ’মনিয়াৰ দৰে ৰোগৰ শংকা বাঢ়ে। বৃক্কত ভয়ংকৰ প্ৰভাৱ পৰে। পুৱা উঠি দুগিলাচ পানী খোৱাৰ ফলত শৰীৰৰ বৰ্জ্য পদাৰ্থ বাহিৰ কৰাত সহায় হয়।
(উৎসঃ নিয়মীয়া বাৰ্তা)।
শেহতীয়া উন্নীতকৰণ: : 3/4/2024