মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / যৌৱন অটুট ৰখাটো সম্ভৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যৌৱন অটুট ৰখাটো সম্ভৱ :

যৌৱন অটুট ৰখাটো সম্ভৱৰ বিষয়ে লিখা হৈছে ।

 

বিজ্ঞানৰ চমক -

কালিফ’ৰ্নিয়াৰ চক ইন্সটিটিউটৰ বিজ্ঞানীসকলে সময়ৰ ‘ওভতনি যাত্ৰা’সম্ভৱ কৰিবলৈ প্ৰচেষ্টা চলাইছে।বাৰ্ধক্যমুখী সময়ক যৌৱনমুখী কৰিবলৈ বিচাৰিছে।জিনৰ অভিযন্ত্ৰণ পদ্ধতিৰে জিনৰ পুনৰ সন্মিলন ঘটাই বাৰ্ধক্য বিলম্বনেৰে যৌৱন অটুট ৰাখিবলৈ বিজ্ঞানীসকলে প্ৰথম পৰীক্ষাও চলাইছিল এন্দুৰৰ ওপৰত।এন্দুৰৰ অংগসমুহ সক্ৰিয় আৰু সতেজ কৰি তুলিবলৈ সক্ষম হৈছিল তেওঁলোক।এন্দুৰৰ জীৱনকালো বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল।জি ন অভিযন্ত্ৰণৰ এই প্ৰক্ৰিয়া মানৱ দেহত এতিয়াই পোনপটীয়াকৈ প্ৰয়োগ কৰিব পৰা হোৱা নাই।কিন্তু এই গৱেষণাই মানুহৰ বাৰ্ধক্যপ্ৰাপ্তিৰ বিষয়ে ভালদৰে জনাত সহায় কৰিছে আৰু মানৱকলাও যে পুনৰ সজীৱ কৰি তোলাটো সম্ভৱ সেই আযাৰ সঞ্চাৰ কৰিছে।

চক ইন্সটিটিউটৰ বিজ্ঞানীসকলৰ এই আৱিষ্কাৰৰ কথা “Cell”নামৰ এখন আলোচনীত প্ৰকাশ পোৱাৰ লগে লগে কেউফালে আলোড়নৰ সৃষ্টি হ’ল।নিউয়ৰ্কৰ এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেচিডিন বয়োবৃদ্ধি বিশেষজ্ঞ জন ভিজে এই আৱিষ্কাৰক ‘অভিনৱ আৰু চাঞ্চল্যকৰ’বুলি অভিহিত কৰিছে।আৰু মাচাছুচেটছ প্ৰযুক্তি প্ৰতিষ্ঠানৰ (এম আই টি)’বয়োবৃদ্ধি জীৱবিজ্ঞান’ৰ ছাত্ৰ লিঅ’নাৰ্ড প্যাৰেণ্টিয়ে এইটো বিশাল বুলি আশ্চৰ্য প্ৰকাশ কৰিছে।

এই আৱিষ্কাৰটো (প্ৰতিষ্ঠিত হৈছে)প্ৰচলিত ধাৰণাৰ পৰিপন্থীৰ বিপৰীতে।প্ৰচলিত ধাৰণা হৈছে-জীৱনৰ বাৰ্ধক্যমুখী গতি কেতিয়াও ওলোটামুখী,অৰ্থাৎ যৌৱনমুখী কৰিব নোৱাৰি।বাৰ্ধ্যক্যৰ প্ৰক্ৰিয়া ঘড়ীৰ দৰে ঘড়ীৰ কাঁটা আগবঢ়াবৰ লগে যেনেকৈ সন্ধ্যা নামি আহে তেনেকৈয়ে নিৰ্দিষ্ট গতিত হোৱা কিছুমান পৰিৱৰ্তনৰ দ্বাৰা শৰীৰৰ কোষবোৰৰো সক্ষমতা নিৰ্দিষ্ট গতিত কমি যায় আৰু জীৱনলৈ বাৰ্ধক্য আহে।জীৱবিজ্ঞানৰ এটা গভীৰ ৰহস্য হৈছে জীৱনৰ ঘড়ীৰ কাঁটাকেইদাল সদায় শুন্যৰ পৰাই আৰম্ভ হয়।পিতৃ মাতৃৰ বয়স যিমানেই হওক,সন্তানৰ বয়স আৰম্ভহয় গৰ্ভধাৰণ সময়ৰ পৰাহে,পিতৃ-মাতৃৰ বয়সৰ প্ৰভাৱ সন্তানত নপৰে।

বাৰ্ধক্যমুখী যাত্ৰা যৌৱনমুখী কেনেকৈ -

আজিৰ পৰা ১০ বছৰ আগতে জাপানী জীৱবিজ্ঞানী শ্বিন্যা য়ামানাকাই নিষিক্ত ডিম্বত জীৱনকালৰ ঘড়ী পুনৰ স্থাপন কৰা চাৰিটা জিন আৱিষ্কাৰ কৰি গৱেষকসকলক স্তম্ভিত কৰিছিল।এই জিনকেইটা ইমান শক্তিশালী যে ইহঁতে প্ৰাপ্তবয়স্কৰ ছাল আৰু অন্ত্ৰৰ কোষৰ জিনসমষ্টি পুনৰুজ্জীৱিত কৰি ভ্ৰুণীয় অৱস্থালৈ ঘুৰাই আনিব পাৰে।

বিজ্ঞানীসকলে কল্পনা কৰিছিল-‘এই জিনকেইটা মাত্ৰ টেষ্টটিউৰত ৰখা ছাল বা আন্ত্ৰিক কোষ সজীৱ কৰিবলৈ ব্যৱহাৰ কৰাৰ বিপৰীতে যদি গোটেই প্ৰাণীটোতে প্ৰয়োগ কৰিব পৰা গ’লহেঁতেন।বিজ্ঞানীসকলে আশ্চৰ্যকৰ অনুভুতি অনুভৱ কৰিছিল।২০১৩ আৰু ২০১৪ চনত দুদল গৱেষকে প্ৰাণীৰ যৌৱন ঘুৰাই আনিবলৈ প্ৰাণীদেহত এই জিনকেইটা প্ৰয়োগ কৰি পৰীক্ষা চলাইছিল-কিন্তু ফলাফল আছিল হতাশাজনক,প্ৰাণীবোৰ মৰি গ’ল।কিছুমান মৰিল প্ৰাপবয়স্ক কোষবোৰৰ স্বকীয়তা হেৰাই যোৱাৰ কাৰণে (শৰীৰৰ ভিন ভিন অংগৰ কোষবোৰ ভিন ভিন)আৰু কিছুমান মৰিল কেন্সাৰ হৈ।ভ্ৰুণীয় অৱস্থালৈ ৰুপান্তৰিত হোৱা কোষবোৰ দ্ৰুত বৃদ্ধি হৈ নিয়ন্ত্ৰণহীন হৈ পৰে,ফলত কেন্সাৰৰ সৃষ্টি হয়।

চক ইন্সটিটিউটৰ জোৱান বেলমণ্টে ভিন্ন দিশেৰে আগবঢ়াইছিল।তেওঁ আগ্ৰহী আছিল পুনৰুদ্ভাৱন প্ৰক্ৰিয়াত।জেঠী আৰু মাছে নিজৰ হেৰুওৱা অংগ পুনৰুদ্ধাৰ কৰিব পাৰে এই প্ৰক্ৰিয়াৰেই।তেওঁ গৱেষণা কৰিছিল পুনৰুদ্ভাৱন প্ৰক্ৰিয়াৰ ওপৰত আৰু লক্ষ্য কৰিছিল যে হেৰুওৱা অংগৰ কাষৰ কোষবোৰ অংগটো পুনৰুদ্ধাৰৰ আগে আগে ভ্ৰুণীয় আৰু প্ৰাপ্তবয়স্ক কোষৰ মধ্যৱৰ্তী অৱস্থালৈ ঘুৰিযায়।ভ্ৰুণীয় কোষবোৰ যিকোনো কোষ সৃষ্টি কৰিব পাৰে আৰু  প্ৰাপ্তবয়স্ক কোষবোৰে মাত্ৰ এক নিৰ্দিষ্ট কোষহে সৃষ্টি কৰে।

এই পৰীক্ষাটোৰ পৰা বেলমণ্টে ধাৰণা কৰিব পাৰিলে যে পুনৰ পৰিকল্পনা/পুনৰসংৰচনাটো এটা ক্ৰমানুক্ৰমিক প্ৰক্ৰিয়া আৰু ‘য়ামানাকা কাৰ্ক’ৰ (য়ামানাকাই আৱিষ্কাৰ কৰা জিন চাৰিটা তেওঁৰ নামেৰেই নামাংকিত)এটা সৰু পালিয়েই,ভ্ৰুণীয় পৰ্যায়লৈ ৰুপান্তৰিত হোৱা প্ৰক্ৰিয়াটো সম্পুৰ্ণ হোৱাৰ আগতেই প্ৰাপ্তবয়স্ক কোষবোৰক নৱযৌৱন দিয়ে।চক ইন্সটিটিউটৰ আন আন গৱেষকসকলৰ সহযোগত জোৱান বেলমণ্টে’য়ামানাকা কাৰকৰ’এটা বিপদমুক্ত পালি এন্দুৰত প্ৰয়োগ কৰিবৰ কাৰণে উপায় বিচাৰি দীৰ্ঘ পাঁচ বছৰ কাল গৱেষণা চলাইছিল।তেওঁলোকৰ দলে বিকাশ ঘটোৱা পদ্ধতিটো আছিল এনেধৰণৰ-

থোৰতে পদ্ধতিটো -

এন্দুৰৰ জিন সমষ্টিৰ লগত জিনীয় অভিযন্ত্ৰণ প্ৰক্ৰিয়াৰে চাৰিটা অতিৰিক্ত য়ামানাকা জিন সংযোগ কৰিব লাগিব।সেই জিনকেইটা সক্ৰিয় কৰিবলৈ খোৱাপানীৰ লগত সপ্তাহত দুদিনকৈ ঔষধ লোৱাব লাগিব।এই ঔষধৰ প্ৰ্ভাৱত জিনকেইটা সক্ৰিয় হ’ব।গৱেষক দলটোৱে খৰতকীয়া ফলাফল পাবৰ কাৰণে প্ৰথমতে আগতীয়াকৈ বাৰ্ধক্যপ্ৰাপ্ত হোৱা এন্দুৰৰ ওপৰতহে পৰীক্ষা চলাইছিল।ফলাফলৰ সম্পৰ্কে তেওঁলোক কৈছিল-‘আমি দেখিছিলোঁ যে এন্দুৰবোৰে বহুত লেহেমীয়া বাৰ্ধক্যৰ লক্ষণ দেখুৱাইছে,অংগবোৰ স্বাস্থ্যৱান হৈছে,কোষবোৰ সজীৱ হৈছে আৰু পৰীক্ষাটোৰ শেষত লক্ষ্য কৰিছিলোঁ এই এন্দুৰবোৰৰ আয়ুসকাল সাধাৰণ এন্দুৰবোৰতকৈ ত্ৰিশ শতাংশ বৃদ্ধি হৈছে’।বেলমণ্টে বিশ্বাস কৰিছিল এই ফলাফল পোৱা গৈছে বয়োবৃদ্ধিৰ ঘড়ীটো পুনৰ সংস্থাপন কৰাৰ কাৰণে।এই ঘড়ীটো নিয়ন্ত্ৰণ কৰে এপিজিনমে।এপিজিনম হৈছে কোষৰ ডি এন এ আবৃত কৰি ৰখা প্ৰ’টিন আচ্ছাদন।

এপিজিনমৰ ক্ৰিয়া  -

এপিজিনমে গোটেই জীৱনকালত শৰীৰৰ প্ৰতিটো কোষক ৰক্ষণাবেক্ষণ দিয়ে আৰু প্ৰয়োজন অনুসৰি জিনবোৰক সক্ৰিয় আৰু নিষ্ক্ৰিয় কৰে।এপিজিনম আকৌ নিয়ন্ত্ৰিত হয় কিছুমান অন্য কাৰকৰ দ্বাৰা।এই কাৰকবোৰে এপিজিনমৰ ‘ৰাসায়নিক যুটি বা গ্ৰুপ’-যিবোৰক ‘মাৰ্ক’বোলা হয়।সেইবোৰ প্ৰয়োজন অনুসৰি সংযোগ কৰে বা অপসাৰণ ঘটায়।মাত্ৰ কেইবছৰমান আগতেহে বিজ্ঞানীসকলে জানিব পাৰিছে-এপিজিনমৰ ক্ষতিগ্ৰস্ততাই বাৰ্ধক্য প্ৰাপ্তিৰ মুল কাৰণ।সম্ভৱ বহুত বেছি মাৰ্ক সঞ্চিতকৰণৰ ফলত যেতিয়া এপিজিনম ক্ষতিগ্ৰস্ত হয়,তেতিয়া কোষৰ কৰ্মদক্ষতা হ্ৰাস পায়।বেলমণ্টৰ মতে য়ামানাকা জিনবোৰে অতিৰিক্ত মাৰ্কবোৰ এপিজিনমৰ পৰা আঁতৰাই এন্দুৰত বাৰ্ধক্য বিলম্বন কৰিছিল।

আৰোগ্য অসাধ্য ৰোগ এতিয়া আৰোগ্য সাধ্য

ডিএনএৰ নষ্ট হৈ যোৱা জিন(জিনবোৰ ডিএনএৰ একো একোটা সৰু বৰ অংশ)বোৰ পুনৰুদ্ধাৰৰ কাৰণে বিজ্ঞানীসকলে ‘ডিএনএ সম্পাদনা’ক পুনৰ নিৰীক্ষণৰ এটা নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে।এই পদ্ধতিৰ সহায়ত মগজুৰ কোষৰ ডিএনএৰ নষ্ট হৈ যোৱা জিনবোৰ পুনৰুদ্ধাৰ কৰাটো সম্ভৱ হৈছে।ফলত আগতে আৰোগ্য অসাধ্য বুলি ভবা ৰোগবোৰ আৰোগ্য সাধ্য হৈ পৰিছে।ডিএনএ এডিটিঙৰ দ্বাৰা মানুহৰ যৌৱনকালো বঢ়াব পৰা যাব।এই অভুতপুৰ্ব ঘটনাক জন্মতত্ত্বৰ যীশুখ্ৰীষ্টৰ ‘পবিত্ৰ পিয়লা’হিচাপে অভিহিত কৰা হৈছে।এই পদ্ধতি প্ৰয়োগেৰে অন্ধ এন্দুৰৰ দৃষ্টিশক্তি ঘুৰাই অনাটো সম্ভৱ হৈছে।যিটো কাৰণত এন্দুৰটো অন্ধ হৈছিল সেই একে কাৰণতে মানুহো অন্ধ হয়।

আগতে বিজ্ঞানীসকলে চকু,মগজু,হৃৎপিণ্ড আৰু যকৃৎকলাৰ ডিএনএত সালসলনি ঘটাব পৰা নাছিল।কিন্তু এই নতুন পদ্ধতিটোৱেহে সেইটো সম্ভৱ কৰি তুলিলে আৰু বাৰ্ধক্য প্ৰক্ৰিয়াৰ লগত জড়িত বহুলানি ৰোগৰ নতুন চিকিৎসা ব্যৱস্থা উদ্ভাৱনত সম্ভৱ কৰি তুলিলে।গৱেষক অধ্যাপক জোৱান বেলমণ্টে কৈছে-‘এই পদ্ধতিটো আৱিষ্কাৰ কৰি আমি উত্তেজিত হৈ পৰিছোঁ,কাৰণ আগতে এনে আৱিষ্কাৰ হোৱা নাছিল আৰু ইয়াৰ সম্ভাব্য প্ৰয়োগ বিশাল।

প্ৰাপ্তবয়স্ক অৱস্থাত প্ৰায়বোৰ কলাৰ কোষবোৰৰ (যেনে-মগজু,চকু,হৃৎপিণ্ড,যকৃৎ)বিভাজন নহয়।সেয়েহে বিজ্ঞানীসকলে তেনেবোৰ কোষত বিভাজন ঘটোৱাটো কঠিন আছিল।কিন্তু চক ইন্সটিটিউটৰ অধ্যাপক বেলমণ্টে কয়-‘প্ৰথমবাৰৰ কাৰণে আমি বিভাজন নোহোৱা কোষবোৰত ‘ডিএনএ এডিটিং’ইচ্ছামতে কৰিব পৰাটো সম্ভৱ কৰি তুলিলো।এতিয়া আমাৰ এটা পদ্ধতি আছে,যি পদ্ধতিয়ে মগজু,হৃৎপিণ্ড,যকৃতৰ বিভাজন নোহোৱা কোষবোৰৰ ডিএনএত এৰাই যোৱা বা নষ্ট হৈ যোৱা জিনবোৰ পুনৰ সংৰোপণ কৰি ডিএনএৰ ৰুপান্তৰ ঘটোৱাত সহায় কৰিব।এই পদ্ধতিয়ে আমাক সপোন দেখুৱাইছে-এসময়ত আৰোগ্য অসাধ্য বুলি ভবা ৰোগবোৰ আৰোগ্য সাধ্য হ’ব’।

গৱেষকসকলে পদ্ধতিটো জন্মগতভাৱে জিনীয় ৰোগ বিসংগতি বহন কৰি অন্ধ হোৱা এন্দুৰত প্ৰয়োগ কৰি চাইছিল।এই বিসংগতিৰ ফলত ইংলেণ্ডৰ প্ৰতি ৪০০০ জনৰ এজন আক্ৰান্ত হৈ আহিছে।চকু আক্ৰান্ত কৰা জিনবোৰ সলাই তেওঁলোকে এন্দুৰৰ দৃষ্টিশক্তি ঘুৰাই আনিবলৈ সক্ষম হৈছিল।অৱশ্যে এইটোও উল্লেখ কৰিব লাগিব যে তিনি সপ্তাহ বয়সৰ এন্দুৰৰ চকুৰ ৰেটিনাত মেৰামতি কৰা ডিএনএৰ ইনজেকচন দিয়া হৈছিল যদিও আৰোগ্য লাভ আংশিকভাৱেহে হৈছিল,সম্পুৰ্ণ দৃষ্টিশক্তি ঘুৰি অহা নাছিল।এই গৱেষণাৰ সবিশেষ ‘NATURE’ আলোচনীত প্ৰকাশ পাইছে।অক্সফ’ৰ্ড ইউনিভাছিৰ্টীৰ অধ্যাপক বিশিষ্ট বিজ্ঞানী ৰবাৰ্ট মেকলেৰেন এই গৱেষণাটোক ‘বৈশিষ্ট্যপুৰ্ণ অগ্ৰগতি’বুলি অভিহিত কৰিছে।

লেখিকা:ড° অমিয়া ৰাজবংশী (জিএন আৰ চি স্বাস্থ্য )

 

 

 

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top