মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / লেপাৰোস্কপি শল্য চিকিৎসাৰ এক নতুন পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লেপাৰোস্কপি শল্য চিকিৎসাৰ এক নতুন পদ্ধতি

লেপাৰোস্কপি শল্য চিকিৎসাৰ এক নতুন পদ্ধতি

বৰ্ত্তমান চিকিৎসা বিজ্ঞানত লেপাৰোস্কপি এবিধ নতুন আৰু জনপ্ৰিয় পদ্ধতি হিচাপে পৰিগণিত হৈ পৰিছে। সাধাৰণতে পুৰণি পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰাৰ সলনি লেপাৰোস্কপি পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰাৰ বাবে চিকিৎসকসকল আগবাঢ়ি অহা দেখা গৈছে। সেয়েহে কুৰি শতিকাৰ শেষৰফালে উদ্ভাৱন কৰা এই অত্যাধুনিক অস্ত্ৰোপচাৰ পদ্ধতিটো মানৱ জাতিলৈ এক অভিনৱ অৱদান বুলি ক’ব পাৰি। লেপাৰোস্কপি পদ্ধতিৰ মূলনায়ক হৈছে জৰ্জ কেলিং (George Kelling)। তেওঁ ১৯০১ চনতে কুকুৰৰ পেটত লেপাৰোস্কপি পদ্ধতি প্ৰয়োগ কৰিছিল। যি অস্ত্ৰৰ সহায়েৰে তেওঁ এই পদ্ধতি আৰম্ভ কৰিছিল তাৰ নাম তেওঁ ‘কেলিওস্কপি’(Koelioskopie) দিছিল। কিন্তু প্ৰকৃততে লেপাৰোস্কপি নামটো ডা° এইচ চি জেকোবাছে (Dr. H.C.Jocobaeus) দিছিল। কুৰি শতিকাৰ প্ৰথম ভাগতেই তেওঁ এই পদ্ধতি প্ৰয়োগ কৰোতে কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। ১৯৩৫ চনত জেনোছ ভেৰেছ (Janos Veress) নামৰ চিকিৎসা বিজ্ঞানীজনে এবিধ উন্নত ধৰণৰ স্প্ৰিং থকা বেজী (Spring Loaded Needle) তৈয়াৰ কৰিছিল যাৰ সহায়ত পেটৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড (Carbon-Dioxide) গেছ সুমুৱাই দিব পৰা যায়। ১৯৮০ চনত কেইজনমান স্ত্ৰীৰোগ বিশেষজ্ঞই কম্পিউটাৰ টেলিভিছন আৰু বিশেষ ধৰণৰ ৰশ্মি আৰু কেমেৰাৰ দ্বাৰাই এই পদ্ধতিৰ উন্নতি সাধন কৰিলে। লাহে লাহে অন্যান্য বিভাগৰ শল্য চিকিৎসকসকলেও ইয়াক ব্যৱহাৰ কৰিবলৈ ধৰিলে। সাধাৰণতে ৰোগীক সংজ্ঞাহৰণ কৰি (General Anaesthesia) বা কেতিয়াবা পেটৰ বিশেষ ঠাইত অচেতন কৰাই (Local Anaesthesia) লেপাৰোস্কপি আৰম্ভ কৰা হয়। অচেতন কৰাৰ পাছত পোনতে পেটৰ ছালত ভেৰাছ বেজি সুমুৱাই কাৰ্বন-ডাই-অক্সাইড গেছ ভৰাই দিয়া হয় যাতে পেটৰ ভিতৰত অন্ত্ৰবোৰ (Intestines)তললৈ নামি আহে। এনে কৰাৰ ফলত চিকিৎসকে পেটৰ ভিতৰত অংগ-প্ৰত্যংগবোৰ ভালদৰে নিৰীক্ষণ কৰিব পাৰে। পাছত অন্য ঠাইত দৰকাৰ অনুযায়ী বিন্ধা কৰি লেপাৰোস্কপি যন্ত্ৰ, পোহৰ দিব পৰা সঁজুলি আৰু অন্যান্য যন্ত্ৰ-পাতি সুমুৱাই অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰ সমাপ্ত কৰাৰ পাছত পেটৰ ভিতৰত সুমুৱাই দিয়া গেছ আৰু যন্ত্ৰ-পাতিবোৰ উলিয়াই দিয়া হয়। ৰোগীৰ অৱস্থা ঠিক থাকিলে সেইদিনাই ৰোগীক হস্পিতালৰ পৰা ছুটি দিব পাৰি। কেতিয়াবা ৰোগীৰ অৱস্থা চাই এদিন বা দুদিনৰ পাছতো ছুটী দিব পাৰি। হস্পিতালত ৰোগী বেছিদিন থাকিব নালাগে আৰু ৰোগীৰ অস্ত্ৰোপচাৰজনিত যন্ত্ৰণাও একেবাৰে কম হয় বাবে এই পদ্ধতি বিশেষভাৱে জনপ্ৰিয়। পোনতে স্ত্ৰীৰোগ বিশেষজ্ঞই এই পদ্ধতিৰে তল পেটৰ বিষক(Pelvic Pain), অস্বাভাৱিক স্থানত হোৱা গৰ্ভধাৰণ(Ectopic pregnancy), ঋতুস্ৰাৱ নোহোৱা(Amenorrhoea), বিভিন্ন স্ত্ৰীৰোগ যেনে এণ্ডোমেট্ৰিঅ’ছিছ(Endometriosis), টেমুনা(Tumour), বন্ধ্যাকৰণ(Tubal sterilization), জৰায়ু উঠাই দিয়া(Hysterectomy) আদি বিভিন্ন ধৰণৰ অস্ৰোপচাৰ কৰিছিল আৰু সেইমতে চিকিৎসাৰ ব্যৱস্থাও কৰিছিল। এইবোৰৰ উপৰিও বন্ধ্যাত্বৰ (Infertility) কাৰণ নিৰ্ণয় কৰাৰ কামতো এই পদ্ধতি বহুলভাৱে ব্যৱহাৰ হৈছে। ফলত ৰোগীয়ে বিশেষভাৱে উপকৃত হৈছে। বৰ্তমান শল্য চিকিৎসকসকলে এপেণ্ডিক্স(Appendix), গলব্লাডাৰ(Gallbladder), হাৰ্নিয়া(Hernia) আদিৰ অস্ত্ৰোপচাৰো এই পদ্ধতিৰে সুকলমে কৰিব পাৰিছে। তদুপৰি পেটৰ বিভিন্ন বিষৰ কাৰণ(Abdominal Pain), পেটৰ অন্ত্ৰৰ ৰক্তক্ষয়(Intestinal Haemorrhage), টেমুনা(Tumour) আদিত এই পদ্ধতি প্ৰয়োগ কৰি ধৰা পেলাব পাৰি। যদিও লেপাৰোস্কপি পদ্ধতিৰে সহজে কিছুমান বেমাৰ চিনাক্তকৰণ আৰু অস্ত্ৰোপচাৰ কৰিব পাৰি, তথাপি এই পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰতো কিছুমান বিশেষ ধৰণৰ সমস্যা বা পাৰ্শ্ব প্ৰতিক্ৰিয়াই(Side Effects) দেখা দিব পাৰে। বিশেষকৈ বেমাৰ নিশ্চিতভাৱে চিনাক্তকৰণ কৰিব নোৱাৰিলে এই পদ্ধতি প্ৰয়োগ নকৰি পুৰণি পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ব পাৰে। তাৰ বাবে ৰোগী সাজু হৈ থাকিব লাগিব। কেতিয়াবা ভেৰাছ বেজীয়ে অন্ত্ৰত আঘাত কৰিব পাৰে আৰু তাৰ ফলত অন্ত্ৰত ফুটা(Intestinal Perforation), ৰক্তক্ষয়(Bleeding) হ’ব পাৰে বা পেটৰ ভিতৰৰ অংগ-প্ৰত্যংগতো আঘাত কৰিব পাৰে। কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰা বুকু আৰু বাউসীৰ ওপৰত(Tip of Shoulder) বিষ হ’ব পাৰে। কেতিয়াবা তেজত গেছ মিহলি হৈ একপ্ৰকাৰ বিষক্ৰিয়াৰ বিসংগতি(Gas Embolism) হ’ব পাৰে। অস্ত্ৰোপচাৰৰ শেষত কেতিয়াবা পেটত সামান্য বিষ বা বমি আদিও হ’ব পাৰে। মুঠতে এই পদ্ধতিত সুবিধা আৰু অসুবিধা দুয়োটাই আছে যদিও বিশেষজ্ঞ আৰু অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰিলে এই পদ্ধতি সম্পূৰ্ণ নিৰাপদ আৰু কম কষ্টদায়ক। যদিও লেপাৰোস্কপি পদ্ধতি অতি জনপ্ৰিয় হৈ পৰিছে তথাপিও ইয়াক সকলো হস্পিতালতে কৰিব নোৱাৰি। ইয়াৰ যন্ত্ৰ-পাতি, কেমেৰা আৰু ভিডিঅ’ টেলিভিছন আদি অতি দামী। ইয়াক চলাবলৈ স্ত্ৰীৰোগ বিশেষজ্ঞ, শল্য চিকিৎসক(Surgeon), সংজ্ঞাহৰণকাৰী(Anaesthesiologist), পৰিচালিকা(Operation Theatre Nurse) আদিয়ে বিশেষ প্ৰশিক্ষণ ল’ব লাগে। তেতিয়াহে এই পদ্ধতিৰে সুকলমে অস্ত্ৰোপচাৰ কৰিব পাৰিব। তদুপৰি বিদ্যুৎ আৰু গেছৰ নাটনি থাকিলে লেপাৰোস্কপি কৰিবলৈ যোৱাটো ভীষণ বিপদজনক। তথাপি কিছুমান বিশেষ ৰোগৰ কাৰণসমূহ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এই পদ্ধতি উত্তম। শেষত এজন বিশেষজ্ঞৰ এষাৰ উপদেশলৈ মনত ৰখা উচিত – “It is better to peep before you leap, rather than cut it out when in doubt and regret later”.

লিখক: ডা° ধ্ৰুৱজ্যোতি দাস, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.11428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top