মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শক্তিবৰ্ধক থলুৱা পানীয় খাওক আৰু সুস্থ হৈ থাকক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শক্তিবৰ্ধক থলুৱা পানীয় খাওক আৰু সুস্থ হৈ থাকক

শক্তিবৰ্ধক থলুৱা পানীয় খাওক আৰু সুস্থ হৈ থাকক, সেই বিষয়ে লিখা হৈছে ।

 

বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকসকলে কৈছে যে শক্তিবৰ্ধক পানীয়ই মানুহৰ দেহত কি প্ৰভাৱ পেলায় তাৰ বিষয়ে আলোচনা কৰিছে । এনাৰ্জী ড্ৰিংকছত কেফেইন ইনটক্সিকেচন হোৱাৰ সম্ভাৱনা প্ৰচুৰ । ইয়াৰ ফলত পানীয় সেৱন কৰাৰ ফলত ওকালি অহা, উচ্চ ৰক্তচাপ, হৃৎযন্ত্ৰৰ ধপধপনি, শাৰীৰিক অসুস্থতা বৃদ্ধি হ’ব পাৰে । বিশেষকৈ কিশোৰ-কিশোৰীয়ে অধিক পৰিমাণে এনাৰ্জী ড্ৰিংকছ খোৱাৰ ফলত সংবেদনশীলতা কমি যায় আৰু তেওঁলোকৰ স্বভাৱত উচ্ছৃংখলতাই প্ৰকাশ পায় ।

সেয়েহে গৰমৰ দিনত আমাৰ দেহৰ পৰা যথেষ্ট ঘাম ওলায় । দেহটো শীতল কৰিবলৈ আৰু দেহৰ শক্তিবৰ্ধনৰ বাবে থলুৱা পানীয় খোৱা উচিত । সুস্বাস্থ্যৰ বাবে এনে থলুৱা পানীয় খোৱাটো দেহ-মনৰ অতি আৱশ্যক । অকল এয়াই নহয়, থলুৱাভাৱে প্ৰস্তুত পানীয়বোৰত আছে যথেষ্ট স্বাস্থ্যগুণ আৰু বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা ।

থলুৱাভাৱে প্ৰস্তুত কৰি ঘৰত ব্যৱহাৰ কৰি দেহটো শীতল কৰি মন-মস্তিষ্ক সুন্দৰভাৱে ৰখা কেইবিধমান পানীয় দ্ৰব্যৰ কথা আলোচনা কৰিবলৈ লোৱা হৈছে । এইবোৰৰ ভিতৰত নেমু, আঠীয়া কল, ডাব নাৰিকল, থৈকাৰা টেঙা, তৰমুজ, বগৰী গুড়িৰ চৰবত ।

নেমু -

নেমু এবিধ উত্তম দেহ-মন সবল আৰু শীতল কৰা পানীয় (চৰবত ) । নেমুত থাকে ১.৫ গ্ৰাম প্ৰ’টিন, ১ গ্ৰাম চৰ্বি, ১০ গ্ৰাম মিলিগ্ৰাম কাৰ্বহাইড্ৰেট । এটা নেমুৰ ৰসে মানুহৰ শৰীৰত ১৭ কেলৰি শক্তি তৈয়াৰ কৰে । ভিটামিন-চিৰ বাবে মহৌষধ । নেমুৰ ৰসে দেহৰ ঘা শুকুৱায় । নেমুৰ ৰসে দেহৰ সৌন্দৰ্য বৰ্ধন কৰে । গাৰ ছাল মসৃণ কৰি তোলে । নেমুৰ চৰবত খালে পেট ঠাণ্ডা হয় । ই খোৱাৰ ৰুচি বঢ়ায় । গতিকে গৰমৰ দিনত নেমুৰ চৰবত খাই সুস্থ হৈ থাকক ।

আঠীয়া কলৰ চৰবত -

আঠীয়া কলৰ গুটিবোৰ চেপি উলিয়াই কলখিনি পানীৰ লগত মিহলাই ঠাণ্ডা কৰি খোৱা উচিত । ই বৰ পুষ্টিকৰ আৰু শক্তিদায়ক । আঠীয়া কলৰ চৰবত বৰ উপকাৰী । ই বৰ ঠাণ্ডা আৰু ই দেহ-মন শীতল কৰি ৰাখিব পাৰে । ইয়াক গ্ৰহণী ৰোগৰ মহৌষধ বুলি কয় ।

তেঁতেলী -

পকা তেঁতেলীৰ চৰবত বৰ উপকাৰী । পকা তেঁতেলীৰ গুটিবোৰ এৰুৱাই পানীত ফেনি লৈ ভালদৰে চৰবত কৰি খাওক । ই উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীৰ বাবে বৰ উপকাৰী । তেঁতেলীৰ চৰবত গৰম দিনত খালে দেহ- মন ঠাণ্ডা কৰি ৰখাৰ উপৰি ই খোৱাৰ ৰুচি বঢ়ায় । ই পুষ্টিকৰ আৰু উপকাৰী ।

তৰমুজ :- গৰমৰ দিনত তৰমুজৰ চৰবত বৰ উপকাৰী । তৰমুজ সৰু সৰুকৈ কাটি লৈ চেপি লৈ চৰবত কৰি খাব পৰা যায় । ই বৰ পুষ্টিকৰ, ঠাণ্ডা আৰু দেহ শীতল কৰি ৰাখে ।

বগৰী গুড়িৰ চৰবত :- শুকান বগৰী গুড়ি কৰি তাক ভালদৰে পানীত মিহলাই লোণ এচিকুট বা চেনি দি চৰবত কৰি খালে বৰ সোৱাদ পোৱা যায় । ই ডায়েবেটিছ ৰোগীৰ মহৌষধ বুলি কোৱা হয় ।

ডাব নাৰিকল -

গৰমৰ দিনৰ আন এবিধ দেহ-মন শীতল কৰা উৎকৃষ্ট পানীয় দ্ৰব্য হৈছে ডাব নাৰিকলৰ পানী । ডাব নাৰিকলৰ পানী তৃষ্ণা নিবাৰণৰ উপৰি স্বাস্থ্য খাদ্যগুণ যথেষ্ট পোৱা যায় । ১০০ গ্ৰাম ডাবৰ পানীত খনিজ পদাৰ্থ ০.৩ গ্ৰাম কেলচিয়াম ১৫ মিলিগ্ৰাম, শৰ্কৰা ২.৫ গ্ৰাম, চৰ্বি ০.১ গ্ৰাম, ভিটামিন বি-১ আৰু ০.১১ গ্ৰাম । ই মানুহৰ কৰ্মশক্তি বঢ়ায় । থাইৰয়ড গ্ৰন্থিৰ হৰম’ন বৃদ্ধি কৰে । ই আমাৰ দেহৰ কোষৰ শক্তি বৃদ্ধি কৰিব পাৰে ।নিয়মিত ডাবৰ পানী পান কৰিলে শৰীৰৰ সঞ্জীৱনী শক্তি বৃদ্ধি পায় । বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি দেহ-মন সুস্থ-সবল কৰি ৰাখিব পাৰে । বিভিন্ন ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰি ক্ষতিকাৰক বেক্টেৰিয়াবোৰ ধ্বংস কৰি পেলায় । বিশেষকৈ কিডনী সুস্থ কৰি ৰখাত ডাবৰ পানীয়ে সহায় কৰে । ৰক্ত সঞ্চালন অতি সুন্দৰ আৰু নিয়মীয়া কৰি ৰাখে । ডাবৰ পানীয়ে হজম শক্তি বঢ়ায় । প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগৰ বাবে ডাবৰ পানী মহৌষধ বুলি কোৱা হয় ।

থেকেৰা টেঙা -

থেকেৰা টেঙাৰ সুথিৰে এবিধ অতি উত্তম পানীয় তৈয়াৰ কৰিব পাৰি । গৰমৰ দিনত ৰ’দত ঘামি-জামি আহিলে বা ভাগৰ লাগিলে থেকেৰা টেঙাৰ চৰবত খোৱা উচিত । পুৰণা থেকোৰা টেঙাৰ সুথি ৪-৫ পাত মান ভালদৰে পানীত মোহাৰি লওক । পানীত মোহাৰি লোৱাৰ পিছত সেই পানীখিনি ছেকনিৰে বা বগা সূতাৰ কাপোৰেৰে ছেকি লৈ তাত অলপ নিমখ দি খালে বৰ সোৱাদ পোৱা যায় । থেকেৰা টেঙাৰ গুটিৰ চৰবত বৰ উপকাৰী, পুষ্টিকৰ, পেটৰ ৰোগ নিৰাময়ক আৰু গৰম দিনৰ এবিধ উৎকৃষ্ট পানীয় বুলি ক’ব পাৰি । ইয়াত ভিটামিন –চি যথেষ্ট পৰিমাণে পোৱা যায় । ভিটামিন চিয়ে শৰীৰৰ ছালৰ খহটা দূৰ কৰি নিমজ কৰে । ই অতি পুষ্টিকৰ আৰু উপাদেয় পানীয় বুলি কোৱা হয় ।

কুঁহিয়াৰৰ ৰস -

গৰমৰ দিনত কুঁহিয়াৰৰ ৰস বৰ উপকাৰী । ৰ’দত ঘাম ওলাই দেহ-মন বৰ অস্থিৰ হৈ পৰে । সেই সময়ত কুঁহিয়াৰৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায় । কুঁহিয়াৰৰ ৰসে দেহ-মন শীতল কৰাৰ লগতে গৰমত হোৱা প্ৰস্ৰাৱৰ পোৰণি, ৰঙা পৰা আদিৰ বাবে কুঁহিয়াৰৰ ৰস বৰ উপকাৰী । গতিকে গৰমত ক’লড ড্ৰিংক, ঠাণ্ডা, ক’কা-কোলা আদি খোৱাতকৈ থলুৱাভাৱে ঘৰতে সহজতে পোৱা পানীয়বোৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী ।

তৰমুজৰ চৰবত -

গৰমৰ দিনত তৰমুজৰ চৰবত বৰ উপকাৰী । ভাল পকা তৰমুজ এটাৰ বাকলি এৰুৱাই মিক্সিত ভালদৰে চেপি লৈ তাত দুটামান পদিনাৰ পাত দি ভালদৰে ছেকি লৈ সন্ধ্যা লৱণ দি পৰিৱেশন কৰক । ই দেহলৈ সতেজতা অনিব ।

লেখক :- ধনেশ্বৰ হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top