মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শল্য চিকিৎসাৰ জৰিয়তে মেদবহুলতাৰ প্ৰতিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শল্য চিকিৎসাৰ জৰিয়তে মেদবহুলতাৰ প্ৰতিকাৰ :

শল্য চিকিৎসাৰ জৰিয়তে মেদবহুলতাৰ প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

বেছিভাগ ক্ষেত্ৰতে এনে ব্যক্তিসকলে নিজৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। ব্যায়াম বা খাদ্যাভ্যাসৰ মাত্ৰাৰ তাৰতম্যৰ বাবে এনে লোকসকল প্ৰায়ে উচ্চ ৰক্তচাপ (High BP), মধুমেহ বা হাৰ্টৰ অসুখত ভোগা দেখা যায়। মানসিক অস্থিৰতা বা হতাশাৰ কাৰণেও শকত হোৱাটো এটি ডাঙৰ সমস্যা। আনহাতে বিভিন্ন স্বাস্থ্যজনিত কাৰণ যেণে থাইৰয়ডৰ বা পলিচিষ্টিক অভাৰিয়ান ডিজিজ (PCOD) ইত্যাদিও শকত হোৱাৰ কাৰণ।

শকত হোৱাৰ কিবা প্ৰতিকাৰ আছেনে?

শকত হোৱাৰ প্ৰথম প্ৰতিকাৰ হৈছে নিয়মীয়া ব্যায়াম আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন। কিন্তু প্ৰায়ক্ষেত্ৰত এজন ব্যক্তিক এনেবোৰ উপায়ে কাম নিদিয়ে। শাৰীৰিক অসুস্থতাৰ বাবেও কোনো কোনো লোকে ব্যায়াম ইত্যাদি কৰিব নোৱাৰে। তেনেক্ষেত্ৰত এনেসকল লোকক বেৰিয়াট্ৰিক ছাৰ্জাৰী (Bariatric surgery) ৰ প্ৰয়োজন হৈ পৰে।

এই  অপাৰেচন প্ৰক্ৰিয়াত পাকস্থলী (stomach)ৰ এটা অংশ বান্ধি ইয়াৰ আকৃতি সৰু কৰা হয়। ফলত সেই ব্যক্তিজনে বেছিকৈ খাদ্য খাব নোৱাৰা হয়।

কোনো কোনো ক্ষেত্ৰত খাদ্যনলীৰ এটা অংশ আন এটি অংশৰ লগত সংযোগ কৰি দিয়া হয় যাতে খাদ্যনলীৰ খাদ্য শোষণ কৰাৰ (Absorption) ক্ষমতা কমি যায়।

ক) বেৰিয়াট্ৰিক অপাৰেচন বহুতো ধৰণৰ হয়-

* বিলিৱ’পেংক্ৰেটিক ডাইভাৰচন Biliopancreatic diverson

*জেজুনইলিয়াক বাইপাছ Jejunoiliac bypass

*এণ্ডলোমিনেল শ্লিভ Endoluminal sleeve

*ভাৰ্টিকেল বেণ্ডেড গেষ্ট্ৰ’প্লাষ্টি Vertical banded gastroplasty

*এডজষ্টেবোল গেষ্ট্ৰিক বেণ্ড Adjustable gastric band

*শ্লিভ গেষ্ট্ৰেকটমি Sleeve gastrectomy

*ইণ্ট্ৰাগেষ্ট্ৰিক বেলুন Intragastric baloon

*ষ্ট’মাক ফলডিং Stomach folding

*গেষ্টিক বাইপাছ ছাৰ্জাৰী Gastric bypass surgery

*মিক্সড প্ৰচিডিয়’ৰ  Mixed procedure ইত্যাদি।

কোনসকল ব্যক্তিৰ ক্ষেত্ৰত বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰ কৰা হয়-

ক) যিসকল লোকৰ BMI 40  বা বেছি আৰু তেওঁলোকৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যায়াম ইত্যাদিয়ে ওজন কমাব পৰা নাই।

খ) যিসকল লোক মেদজনিত অসুস্থতা যেনে উচ্চ ৰক্তচাপ, মধুমেহ বা হাৰ্টৰ অসুস্থতা ইত্যাদিত ভুগি আছে।

গ) ডায়েট প্ৰগ্ৰেমে (ঔষধ সৈতেও) কাম কৰা নাই।

ঘ) কোনো কোনো ক্ষেত্ৰত BMI 30-35  ৰ লোককো বেৰিয়াট্ৰিক অপাৰেচনৰ কাৰণে লোৱা হয়।

এই অস্ত্ৰোপচাৰৰ দ্বাৰা দেহৰ ওজন ৩২ ৰ পৰা ৪১ কেজিলৈ কমাব পৰা যায়।

লাইপ’চাক্সন আৰু বডি কণ্ট’ৰ -

বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰ যিসকল লোকৰ বাবে উপযুক্ত নহয়, সেইসকল লোকৰ বাবে লাইপ’চাক্সন কৰা হয়। এই প্ৰক্ৰিয়াত সাধাৰণতে অপাৰেটিভ এস্পিৰেচন (Operative aspiration) ৰ দ্বাৰা ছালৰ তলত জমা হোৱা মেদ আঁতৰাই দিয়া হয়, লগতে Body contouring  ৰ সহায়ত শৰীৰৰ বিভিন্ন অংশৰ গঠন সলনি কৰা হয়। সাধাৰণতে এনে অস্ত্ৰোপচাৰত তিনিটা স্তৰ থাকে।

ক) মেদ এস্পিৰেচন (Fat aspiration)

খ) স্কিন এক্সিচেন (Skin excision)

গ) মাচকুল’ এপ’নেউৰেটিক টাইটেনিং ( Musculo aponeurotic tightning)

এনে অস্ত্ৰোপচাৰবোৰৰ ক্ষেত্ৰত সাধাৰণতে BMI 30  ৰ তলৰ ব্যক্তিসকলক বাছনি কৰা হয়। BMI 30 ৰ ওপৰৰ ৰোগীসকলে সাধাৰণতে এনে প্ৰক্ৰিয়াত বিশেষ সুফল লাভ কৰিব নোৱাৰে।

এক প্ৰক্ৰিয়াত শৰীৰৰ বিশেষ অংগবোৰ যেনে বাহু, পেট ইত্যাদি অংগৰ মেদ আঁতৰাই শোঁতোৰা পৰা ছাল আৰু মাংসপেশী পুনৰ টান টান কৰি পেলোৱা হয়। এনে প্ৰক্ৰিয়াসমুহ হৈছে-

এবডমিনেল কণ্ট’ৰিং -

সাধাৰণতে যিসকল ব্যক্তিৰ বেছি ওজন কম সময়ৰ ভিতৰত কমাই পেলোৱা হয়, তেওঁলোকৰ প্ৰায়ে পেটটো বেছিকৈ ওলমি পৰে, লগতে ছালখনো শোঁতোৰা পৰি যায়। এনে লোকৰ বাবে এবডমিনেল কণ্ট’ৰিং কৰা হয়। ইয়াত পেট অংশৰ বেছিকৈ ওলমি পৰা ছাল আৰু মেদ আঁতৰাই গঠন দেখনিয়াৰ কৰি পেলোৱা হয়। কোনো কোনো ক্ষেত্ৰত ৱেল্ট লাইপেক্টমি (belt lipectomy) কৰি পেট অংশৰ জোখ সৰু কৰিব পৰা যায়।

ল’ৱাৰ ব’ডি লিফট (LBL) বাটক কণ্টৰিং -

কোনো কোনো লোকৰ ক্ষেত্ৰত অকল এবডমিনো প্লাষ্টিয়ে কাম নকৰে। তেনে লোকৰ অংশত ছাল আৰু মেদ ওলমি পৰা দেখা যায়। তেতিয়া সেইসকল লোকৰ Vertical thigh lift  কৰি দেখিবলৈ টান টান ভাব (Taut) কৰি দিয়া হয়। সেইদৰেই তপিনা আদিৰো অতিৰিক্ত মেদ আদি নাইকিয়া কৰিবলৈ বাটক কণ্টৰিং (Buttock contouring) কৰা হয়।

সেইদৰেই এনে হঠাতে ওজন কমোৱা ব্যক্তিসকলৰ বাহু, বুকু, দেহৰ ওপৰ অংশৰ কণ্টৰিং কৰিব পৰা যায়।

সাধাৰণতে এনে প্ৰক্ৰিয়াবোৰ কৰিবলৈ দুই- তিনিটা বা বেছিকৈয়ো অস্ত্ৰোপচাৰ কৰা প্ৰয়োজন বাবে ল’ৱাৰ বডি লিফট উপযোগী হয়।

সাধাৰণতে বেছিকৈ ওজন কমোৱা ব্যক্তিসকলৰ কৰঙন হৈ পৰে। কেতিয়াবা এজন ব্যক্তিক একাধিক অপাৰেচন একেলগে কৰিব লগা হয়।

এইখিনিতে মন কৰিবলগীয়া হয় যে এইবোৰ সকলো পদ্ধতিৰে লগত বহুতো পাৰ্শ্বক্ৰিয়া জড়িত হৈ থাকে। কেতিয়াবা কোনো ক্ষেত্ৰত অস্ত্ৰোপচাৰ পুনৰ কৰিবলগীয়া হ’ব পাৰে। এই চিকিৎসাৰ বাবে সাধাৰণতে ব্যক্তিগত খণ্ডত দুই-তিনি লাখ বা ততোধিক টকাৰ প্ৰয়োজন হ’ব পাৰে।

লেখক: ডা° পৰেশ বৰুৱা (নন্দিনী)

 

 

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top