অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালমইনাৰ যত্ন :

শালমইনাৰ যত্নৰ বিষয়ে লিখা হৈছে ।

 

কম-বেছি পৰিমাণে আমাৰ বেছিভাগৰে শালমইনা হোৱা দেখা যায়। বিশেষকৈ বাৰিষাৰ সময়খিনিত বেছিকৈ শালমইনা হোৱা দেখা যায়। আজিৰ দিনত হৰম’নৰ তাৰতম্যৰ বাবে, জাংক ফুড খোৱাৰ বাবে শালমইনা বেছি হোৱা দেখা যায়। পেটৰ অসুবিধা, উফি, মানসিক হেঁচা, ছাল অপৰিষ্কাৰ কৰি ৰখাৰ বাবে, সাত্ত্বিক আহাৰ গ্ৰহণ নকৰাৰ বাবেও শালমইনা হোৱা দেখা যায়। শালমইনাৰ নিৰাময়ৰ বাবে কেইটামান উপায় আগ বঢ়ালো।

ওটমিলৰ প্ৰলেপ ব্যৱহাৰ কৰিলে ছালৰ পৰা মৃত কোষসমূহ পৰিষ্কাৰ হৈ যায়। খজুৱতি আৰু ৰঙা পৰাও কমি যায়। বাৰিষা কালত এই প্ৰলেপ অতি উপযুক্ত।

প্ৰথমে ছালখন ভালদৰে পৰিষ্কাৰ কৰি ল’ব। এচামুচ ওটমিল দৈৰ লগত মিহলাব। এচামুচ মৌ আৰু এটা কণীৰ বগা অংশ মিহলাব। ব্যৱহাৰ কৰাৰ আগেয়ে ফ্ৰীজত মেৰিনেট হ’বলৈ থৈ দিব। মুখত ২৫ মিনিটমান লগাই পাছত ঘঁহি ঘঁহি ধুই দিব।

নিম পাতৰ ৰস উলিয়াই মৌৰ সৈতে মিহলাই দিনটোত দুবাৰকৈ লগাব। ছালত যদি বেক্টেৰিয়া থাকে, সেয়াও পৰিষ্কাৰ কৰিব। ছালৰ জলন নাশ কৰিব। ফলত শালমইনা কমি যাব।

অমিতা বিশেষকৈ পকা অমিতাৰ প্ৰলেপ লগাব পাৰে। কাৰণ অমিতাত ভিটামিন ‘এ’ আৰু ‘চি’ থাকে। ইয়াত যিহেতু এনজাইম থাকে, গতিকে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু বগা হয়। পকা অমিতা কাটি ভালদৰে ধুই পিটিকি ল’ব। এতিয়া ইয়াত মিথি পাউডাৰ মিহলাই লগাব। ১৫ মিনিটৰ পাছত ধুই গোলাপ জল লগাব।

চন্দনৰ প্ৰলেপ শালমইনাৰ বাবে উত্তম। ই ছালৰ পৰা অতিৰিক্ত তেল শুহি লয়। ছালত শালমইনাৰ দাগো নাথাকে। নিম আৰু পদিনাৰ পাতৰ ৰস উলিয়াই ল’ব। এই ৰসৰ দ্বাৰা চন্দন পিহনাত পিহি মুখত আৰু ডিঙিত লগাব। প্ৰায় ৩০ মিনিটমান সময় ৰখাৰ পাছত ঘঁহি ঘঁহি ধুই দিব। নিয়মিত এনেদৰে প্ৰায় ১৫-২০ দিনমান ব্যৱহাৰ কৰিলে শালমইনাৰ লগতে মুখৰ দাগো নাথাকিব।

শালমইনাৰ দাগ নাথাকিবৰ বাবে বিলাহীৰ ৰস আৰু আলুৰ ৰসৰ লগতে বুটৰ গুড়ি সমানে মিহলাই ১৫ মিনিটমান লগাই ধুই দিব। ১৫-২০ দিনমান কৰাৰ পাছত ভাল পাব।

কেৱল মুখত প্ৰলেপ লগাই থাকিলেও শালমইনা ভাল নহয়। কাৰণ শালমইনা আমাৰ খাদ্য অভ্যাসৰ বাবেও হোৱা দেখা যায়। সেই বাবে খাদ্যৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে। ফলৰ ৰস, পাচলিৰ ৰস বেছিকৈ খাব লাগে। ফলত শৰীৰৰ পৰা ট’স্কিন পৰিষ্কাৰ হয়। বীটৰ ৰস, গাজৰৰ ৰস, ডালিম আদি খালে তেজ পৰিষ্কাৰ হয়। সেউজীয়া শাক-পাচলিও বেছিকৈ খাব লাগে। শালমইনা নাশ কৰাৰ বাবে যোগাসন কৰিব লাগে। যাৰ ফলত মন স্থিৰ হৈ থাকিব অৰ্থাৎ শান্ত মন হ’ব। তেতিয়া হতাশা, হেঁচা আদি নাশ হয়। শৰীৰত তেজ চলাচল সঠিকভাৱে হয়। শালমইনা হ’লে প্ৰতিদিনে দুবাৰকৈ গা ধুব লাগে। ছাল আৰু চুলি পৰিষ্কাৰকৈ ৰাখিব লাগে। গাখীৰ, বগা পাওৰুটি আৰু আলু খাব নালাগে।

এইদৰে ছালৰ যত্ন ল’ব পাৰিলে শালমইনা নহয় আৰু সুস্বাস্থৱান ছালৰ অধিকাৰী হ’ব পাৰিব।

উৎস: অসম বাণী(ভানু শৰ্মা)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top