মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শাৰীৰিক-মানসিক বিশ্ৰামৰ আধাৰ যোগনিদ্ৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাৰীৰিক-মানসিক বিশ্ৰামৰ আধাৰ যোগনিদ্ৰা :

শাৰীৰিক-মানসিক বিশ্ৰামৰ আধাৰ যোগনিদ্ৰা বিষয়ে লিখা হৈছে ।

 

যোগনিদ্ৰা কি ?

যোগনিদ্ৰা যোগৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়। ই এক প্ৰকাৰৰ গভীৰ ধ্যান, যাৰ দ্বাৰা শৰীৰ আৰু মনক প্ৰচুৰ পৰিমাণে বিশ্বাস দিব পাৰি। যিদৰে ধ্যান আনৰ পৰা দেখি, শুনি আয়ত্ব কৰিব পৰা বিষয় নহয়, ঠিক একেদৰে যোগনিদ্ৰাও আনৰ পৰা দেখি, শুনি আয়ত্ব কৰিব পৰা নেযায়। ইয়াৰ বাবে নিজৰ সাধনা আৰু তপস্যাৰ প্ৰয়োজন।

যোগনিদ্ৰাৰ বাবে আৱশ্যকীয় দিশবোৰ -

*যোগনিদ্ৰা প্ৰকৃতিৰ মুকলি পৰিৱেশ বা কোঠাৰ ভিতৰত কৰিব পাৰি।

*যোগনিদ্ৰা কৰা স্থানত সুমধুৰ লঘু সংগীতৰ মূৰ্চ্চনাৰ প্ৰয়োজন।

*যিকোনো এটা বিশ্ৰামদায়ক আসনৰ প্ৰয়োজন।

*শ্বাস-প্ৰশ্বাসৰ গতিবিধি নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

*শৰীৰটো সম্পূৰ্ণৰূপে শিথিল কৰিব লাগে।

*অন্তৰ্দৃষ্টিৰে সৰ্বশৰীৰৰ ওপৰত নিৰোগী ভাৱনা আৰোপ কৰি ৰাখিব লাগে।

*নিজকে অতি সুখী, শান্ত আৰু পবিত্ৰ বুলি অনুভৱ কৰিব লাগে।

*মনৰ ভিতৰত এটা সাত্ত্বিক ভাৱনাৰ সৃষ্টি কৰিব লাগে।

*দৈহিক আৰু মানসিক চিন্তা এৰি আত্মসচেতনতা উপলব্ধি কৰিব লাগে।

*পবিত্ৰ মন আৰু আত্মাক ব্ৰহ্মজ্ঞানমুখী কৰিব লাগে।

যোগনিদ্ৰাৰ বৈজ্ঞানিক দৃষ্টিভংগী -

যোগনিদ্ৰাৰ সময়ত ‘ওমকাৰ ধ্বনি’ৰ কম্পনে গোটেই অংগবোৰ আন্দোলিত কৰে। যাৰ প্ৰভাৱে শৰীৰত অৱস্থিত অষ্টচক্ৰৰ মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহুত, বিশুদ্ধি, আজ্ঞা, বিন্দু আৰু সহস্ৰাৰ চক্ৰসমূহৰ জাগৰণ ঘটাই কুণ্ডলনী শক্তি আহৰণত সহায় কৰে। ইয়াৰ ফলত জীৱনৰ প্ৰকৃত আৰু প্ৰজ্ঞান সন্ধানত মন স্থিৰ হয়। ওমকাৰ ধ্বনিয়ে মগজুৰ গুৰুত্বপূৰ্ণ অংশ পন্স, থেলামাছ, হাইপ’থেলামাছ, চেৰিব্ৰাম আৰু চেৰিবেলামৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণ কৰি সমগ্ৰ মগজুক বিশ্ৰাম প্ৰদান কৰে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে ধ্যানৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা ইতিমধ্যে বহু তথ্য পোৱা গৈছে। ধ্যানৰ সময়ত মগজু আৰু শৰীৰৰ আন অংশত বিটা তৰংগৰ প্ৰভাৱ কমি যায়, যাৰ ফলত কোনো এটা বিষয় বা বস্তুৰ ওপৰত একান্তভাৱে ধ্যান কেন্দ্ৰীভূত কৰিব পৰা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰই ধ্যানৰ ওপৰত চলোৱা EEG আৰু MRI পৰীক্ষাসমূহৰ ফলাফলত প্ৰকাশ হয় যে ধ্যানে দৈহিক আৰু মানসিক ক্ষেত্ৰত গভীৰভাৱে ইতিবাচক প্ৰভাৱ পেলায়। ধ্যানে মানুহৰ জীৱনৰ গতিবিধি সলনি কৰিব পাৰে। এই কথাও স্পষ্ট হয় যে মগজুৰ দুৰ্বল, অকামিলা আৰু বিশৃংখল কোষবোৰৰ আন্তঃগাঁঠনি পুনৰ সবল ৰূপত গঢ়ি উঠে আৰু পূৰ্বৰ দৰেই কাৰ্য কৰিবলৈ লয়। ধ্যান বা যোগনিদ্ৰাৰ সময়ত মগজুৰ স্নায়ুবোৰত সৃষ্টি হোৱা মৃদু কম্পনে নেতিবাচক চিন্তাত অৰিহনা যোগোৱা ৰাসায়নিক পদাৰ্থবোৰ সৃষ্টি হোৱাত বাধা দিয়ে।

সাৱধানতা -

*আগতীয়া অভ্যাস নাথাকিলে যোগনিদ্ৰা ত্ৰিছ মিনিটতকৈ দীঘলীয়া নকৰিব।

*কফ আৰু স্নায়ুজনিত ৰোগ থাকিলে যোগনিদ্ৰাৰ সময়ত শৰীৰত ঠাণ্ডা লাগিবলৈ নিদিব।

*মিউজিক বজাওঁতে সাৱধান হ’ব, যাতে মানসিক শান্তিত কোনো আঘাত নালাগে।

*কোঠাৰ ভিতৰত অভ্যাস কৰিলে ধূপকাঠি আদি নজ্বলাব।

যোগনিদ্ৰা কেনেকৈ অভ্যাস কৰিব -

*যোগনিদ্ৰাৰ বাবে প্ৰথমে ঠাই বাছি লওক। প্ৰকৃতিৰ মুকলি পৰিৱেশত থকা নিৰৱ নিস্তব্ধ ঠাই বা এটা বায়ু চলাচল কৰা কোঠাত ক্ষীণ পোহৰৰ ছ’ডিয়াম বালব জ্বলাই লওক, নাইবা এগছি বন্তি জ্বলাই ৰাখক। বন্তিগছি খাঁটি সৰিয়হৰ তেল বা খাঁটি ঘিউৰ হ’ব লাগে।

*যোগনিদ্ৰাৰ বাবে আসন ঠিক কৰি লওক। ধ্যানাসন, যেনে- পদ্মাসন বা সিদ্ধাসনত বহি লওক। এতিয়া বাওঁহাতৰ তলুৱাৰ ওপৰত সোঁহাত(তলুৱা ওপৰফালে কৰি) ৰাখক। দুয়োহাতৰ বুঢ়া আঙুলি লগ লগাই দিয়ক, যাতে দেখিবলৈ পদুমৰ পাহিৰ দৰে হয়। এতিয়া মেৰুদণ্ড পোন কৰি ৰাখি সৰ্বশৰীৰ শিথিল কৰি দিয়ক। নিজৰ মনক আজ্ঞা চক্ৰত(কপালত ফোট লোৱা স্থানত) নিয়ন্ত্ৰণ কৰি ৰাখক। শ্বাস-প্ৰশ্বাস গভীৰ আৰু ধীৰ গতিত ৰাখক।

নাইবা শৱাসনত শুই লওক। শৰীৰ ৰাখি শিথিল কৰি দিয়ক।

*খুব গভীৰভাৱে ৩-৫ বাৰ ওমকাৰ ধ্বনি জপ কৰক। প্ৰতিবাৰত একোটাকৈ দীঘলীয়া উশাহ(শ্বাস) লওক।

*এতিয়া শৰীৰটোৰ সকলোবোৰ অংগ-প্ৰত্যংগৰ কথা ভাবিবলৈ ধৰক। যাতে প্ৰতিটো অংগ দেহত সুস্থ, সবল আৰু শান্তিপ্ৰিয় হৈ আছে। প্ৰথমে ভৰিৰ নখবোৰৰ কথা ভাবক, তাৰ পিছত ভৰিৰ তলুৱা আৰু পতা, ভৰিৰ গাঁঠিবোৰ, কলাফুল, আঠু, উৰু, কঁকালৰ সন্ধি, যৌনাংগ, নাভি, পেট, মেৰুদণ্ড, পিঠি, বুকু, ডিঙি, থুতৰি, মুখ, নাক, কাণ, চকু, ছাল, চুলি(মূৰৰ অগ্ৰ অংশ)লৈ। ইয়াৰ পিছত পুনৰ মূৰৰ অগ্ৰভাগ(চুলি)ৰ পৰা দেহৰ নিম্নাংশ ভৰিৰ নখলৈ একান্তভাৱে ভাবক। যাতে নিজৰ শৰীৰত কোনো ৰোগ-ব্যাধি নাই। নিৰ্মল, শান্ত, সুশোভিত আৰু পবিত্ৰ স্থানত সমগ্ৰ দেহ এতিয়া বিশ্ৰামৰ বাবে শুই পৰিছে। (ভাৱনাবোৰৰ মাজে মাজে একোটা গভীৰ আৰু দীঘলীয়া উশাহ ল’ব)।

*সুবিধাজনক হ’লে যোগনিদ্ৰাৰ সময়ছোৱাত নিম্ন কম্পনাংকৰ সুমধুৰ সংগীতৰ মুৰ্চ্ছনা বজাই ৰাখিব লাগে। এনে সংগীত কেৱল ‘মিউজিক থেৰাপি’ হিচাপে ব্যৱহাৰ কৰিব। যাতে যোগনিদ্ৰাৰ সময়ত মন নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। এতিয়া সংগীতৰ লহৰৰ সৈতে মিল থকা কোনো ঘটনাৰ অনুসন্ধান কৰিবলৈ ধৰক। ঘটনাবোৰ যাতে প্ৰকৃতি, প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম আৰু ঈশ্বৰমুখী প্ৰেম হয়, তাৰ প্ৰতি নজৰ ৰাখিব।

*প্ৰকৃতিৰ ৰূপ, সৌন্দৰ্য বা ভগৱানৰ দিব্য মহিমাৰ বিষয়ে এটি কাহিনী ‘মিউজিক প্ৰেয়াৰ’ত তেনেই কম শব্দত বজাই ৰাখক। এনে কাহিনীবোৰ ৰসাল কাব্যিক কন্ঠত ৰেকৰ্ডিং হোৱা হ’ব লাগে। প্ৰথমে কাহিনীটো শুনি তাৰ প্ৰতিচ্ছবিৰ জীৱন্ত ৰূপ এটা নিজৰ মনৰ মাজলৈ আনিব লাগে। এইদৰে গৈ গৈ কাহিনীৰ অন্তত পুনৰ যোৱা বাটেৰে ঘটনাবোৰ বিপৰীত ক্ৰমে পুনৰাবৃত্তি কৰি নিজৰ মনৰ মাজলৈ উভতি আহক। মনটো আজ্ঞাচক্ৰত ৰাখক।

*পামিং পদ্ধতিৰে(দুয়োখন হাত মূৰৰ ওপৰলৈ উঠাই হাতৰ তলুৱা জোৰেৰে ঘঁহি দিয়া কাৰ্য) দুয়োহাতৰ তলুৱাৰ উত্তাপ মুখমণ্ডলত লাহে লাহে চকুযুৰি মেলি প্ৰকৃতিৰ সেউজীয়া ৰূপ দৰ্শন কৰক। এই পদ্ধতিয়ে হ’ল ‘যোগনিদ্ৰা’। যোগনিদ্ৰাৰ শেষত প্ৰায় ১০-১৫ মিনিট সময়লৈ দ্বিতীয় ব্যক্তিৰ সৈতে কথা-বতৰা পাতিব নালাগে।

*যোগনিদ্ৰাৰ সময় ন্যূনতম ২০-৩০ মিনিট হ’ব লাগে। ইয়াক প্ৰতিদিনে পুৱা-গধূলি অভ্যাস কৰিব পাৰি।

উপকাৰ:

*যোগনিদ্ৰাই পূৰ্ণ হাৰত শাৰীৰিক আৰু মানসিক বিশ্ৰাম প্ৰদান কৰে। দেহ, মন আৰু মগজু শীতল কৰি ৰাখে।

*মানসিক সমস্যা, যেনে- ডিপ্ৰেছন, টেনচন, অনিদ্ৰা, অধিক ক্ৰোধ, সকলো সময়তে মৌন হৈ থাকিবলৈ মন যোৱা, ভয় লগা, হীনমন্যতাত ভোগা আদিৰ উপশম ঘটায়।

*যোগনিদ্ৰাই ধ্যানশক্তি, ধৈৰ্যশক্তি, উৎসাহ, সাহস, আনন্দ আৰু মনোযোগ বৃদ্ধি কৰে।

*যোগনিদ্ৰাই স্মৃতিশক্তিৰ লগতে মগজুৰ তথ্য বিশ্লেষণ শক্তি বৃদ্ধি কৰে। ফলত বুদ্ধিমত্তা প্ৰখৰ হয়।

*উচ্ছৃংখল মানসিক শক্তি নাশ কৰি শৃংখলাবদ্ধ মানসিক শক্তিৰ উত্থান ঘটায়। উচ্ছৃংখলতাৰে পৰিপূৰ্ণ জীৱন শৃংখলাবদ্ধতাৰ মাজলৈ আনে।

*যিসকল ব্যক্তিৰ কৰ্মব্যস্ততা অতি বেছি, দিনটোৰ বেছিভাগ সময় কম্পিউটাৰ, টিভি আদিৰ স্ক্ৰীণৰ সৈতে ব্যস্ত হৈ থাকে, তেওঁলোকৰ মগজুৰ বিশ্ৰামৰ বাবে আৰু ইয়াক পুনৰ উজ্জীৱিত কৰিবলৈ যোগনিদ্ৰাৰ অভ্যাস কৰাটো অতি প্ৰয়োজন।

*যোগনিদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপকাৰটো হ’ল- ই সকলো সময়তে মানসিক শক্তিক সবল ৰূপত ধৰি ৰাখে। যাৰ বাবে শৰীৰত সহজতে ৰোগে আক্ৰমণ কৰিব নোৱাৰে।

লেখক: ৰংমন ৰংদৈ(স্বাস্থ আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top