মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শিশুটিৰ নাক-কাণত কোনো বস্তু সোমালে আতংকিত নহ’ব:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুটিৰ নাক-কাণত কোনো বস্তু সোমালে আতংকিত নহ’ব:

শিশুটিৰ নাক-কাণত কোনো বস্তু সোমালে আতংকিত নহ’ব,তাৰ বিষয়ে লিখা হৈছে ।

 

ফলৰ গুটি অথবা বুটাম আদি যদি সোমায় -

সৰু ল’ৰা-ছোৱালীৱে হাতত যিহকে পায়, তাকে নাক আৰু কাণত হেঁচি-ঠেলি সুমুৱাই দিবলৈ বিচাৰিব পাৰে। সেয়ে বোটাম, টিপ বুটাম, ৰাবাৰ, বগৰি গুটি, মটৰ গুটি, বুট-মাহ, কাপোৰৰ হুক আদি বস্তুৱেই শিশুৱে নাকে-কাণে সুমুওৱা দেখিলে মাক-দেউতাকে ভয় কৰিবলগীয়া কাম কিছুমান কৰি পেলায়। সৰু চেপেনাৰে টানি উলিয়াবলৈ চেষ্টা কৰে, নাকেৰে জোৰ দি নিশ্বাস এৰিবলৈ কয়, নাকত কোমল বস্তুৰে সুৰসুৰাই হাঁচি আনিবলৈ চেষ্টা কৰে। তেনেদৰে চেষ্টা কৰাৰ পিছতো নাকৰ পৰা বস্তুটো উলিয়াবলৈ চেষ্টা কৰে। ফলত নাক বা কাণৰ পৰা তেজ ওলায় আৰু তেনে অৱস্থা হ’লেহে ল’ৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ দৌৰে। এনেদৰে অযথা চেষ্টা কৰাৰ ফলত নাকৰ বেছি ভিতৰলৈ বস্তুটো সোমাই যায়।

বহুতৰে ধাৰণা, নাকত কিবা সোমালে সেই বস্তুটো শ্বাস-প্ৰশ্বাসৰ নলীত সোমাই উশাহ-নিশাহৰ পথ বন্ধ কৰি পেলাব বা ওপৰলৈ উঠি ব্ৰেণলৈ গুচি যাব। এই সকলো ভয় অমূলক। নাকত সোমোৱা যিকোনো বস্তু আকাৰত ক্ষুদ্ৰ হ’লে মুখলৈ আহে। গিলি পেলালে পেটলৈ গুচি যায়। ইয়াৰ বাহিৰেও নাকৰ এটা ফুটা যদি বন্ধ হৈ থাকে, শিশুৱে নাকৰ আনটো ফুটাৰে আৰু মুখেৰে উশাহ ল’ব। শ্বাসকষ্টৰ কোনো প্ৰশ্নই নাহে।

কিবা কাৰণত আপোনাৰ শিশুটিৰ নাকত যদি কিবা সোমায়ো, অযথা উদ্বিগ্ন নহ’ব। অধৈৰ্য নহ’ব অথবা লৰালৰি নকৰিব। সুস্থিৰ হৈ ডাক্তৰৰ ওচৰলৈ যাওক।

কাণত পোক সোমালে -

পৰুৱা, যিকোনো উৰণীয়া পতংগ বা মহ আদি হঠাতে কাণত সোমাব পৰে। কেতিয়াবা আকৌ শিশুহঁতে খেলি থাকোতে বগৰি গুটি, পেন্সিলৰ ভগা টুকুৰা, কাগজৰ টুকুৰাসহ বহুত বস্তুৱেই কাণৰ ভিতৰত ঠেলি সুমুৱাই দিয়ে।

আমাৰ কাণৰ সুৰংগকেইটা সামান্য বেঁকাধৰণৰ বাবে এনেধৰণৰ বস্তুবোৰ সহজে কাণৰ পৰা ওলাই আহিব নোৱাৰে। মহ, মাখি, পোক-পতংগ আদি কাণত সোমালে কাণৰ ভিতৰত ধৰফৰাই থাকে। ফলত কাণত অস্বস্তি হয় আৰু প্ৰায়েই তীব্ৰ বিষ হয়। বহুতে ধাৰণা কৰি লয় যে, এনে ধৰণৰ পোকে কাণৰ পৰ্দা ফুটা কৰি ব্ৰেণৰ ভিতৰলৈ সোমাই যাব। এই ভয়তে বহু মাক-দেউতাকে এনে পোক আদি উলিয়াবলৈ কাণত সৰু কাঠি, চুলিত মৰা ক্লিপ আদি সুমুৱাই অপ্ৰয়োজনীয়ভাৱে খোঁচা-বিন্ধা কৰে। তাৰ ফলত কাণৰ সুৰংগ আৰু লগতে কাণৰ পৰ্দাৰ ক্ষতি হয়।

কেতিয়াবা এনে কাৰণতে কাণৰ ভিতৰত ঘা হৈ কাণেদি তেজো ওলায়। এনেধৰণৰ পোক সোমালে কাণত দুই-তিনি টোপাল পৰিষ্কাৰ পানী বা নাৰিকলৰ তেল অথবা গ্লিচাৰিণ দিব পাৰে। এইবিলাক দ্ৰব্যৰ সংস্পৰ্শত পোক-পৰুৱা আদি ভিতৰতে আধামৰা হ’ব।

এতিয়া ডাক্তৰৰ ওচৰলৈ যাপক। তেওঁ কাণৰ ভিতৰখন পোহৰাই সূক্ষ্ম চেপেনা সুমুৱাই বা ফিচকাৰিৰ সহায়েৰে কাণৰ ভিতৰলৈ পানী মাৰি ভিতৰখন ধুই এক মিনিটৰ ভিতৰতে কাণৰ ভিতৰত সোমাই থকা পোক-পৰুৱা বা মহ-মাখি আদি বাহিৰ কৰি দিব।

নাকৰ ফুটা দুটা আঙুলিৰে বন্ধ কৰি লৈ কেইবাৰমান সেপ ঢুকি থাকিলে কাণৰ পৰ্দাত স্পন্দনৰ সৃষ্টি হয় আৰু পোক-পৰুৱা আদি পৰ্দাত লাগি থাকিলে তাৰ পৰা সৰি পৰিব। অৱশ্যে তেনে কৰিলে পোক আদি ওলাই নাহিবও পাৰে। উলিয়াই দিবৰ কাৰণে ডাক্তৰৰ কাষলৈ যাব লাগিব।

ডিঙিত কাঁইট লাগিলে -

অতি সাধাৰণ এটা সমস্যা। আপোনাৰ শিশুটিক ভালকৈ মাছৰ কাঁইট নবছাকৈ খুৱালে বিপদ ঘটিব পাৰে। অলপ ডাঙৰ শিশুৱে যেতিয়া নিজ হাতে মাছৰ কাঁইট বাছি খাবলৈ চেষ্টা কৰে, তেতিয়াও এনে ঘটনা ঘটিব পাৰে। ডিঙিত কাঁইট লাগিলেই শুকান ভাত, চিৰা, কল আদি খুৱাই আমি কাঁইট গুচাবলৈ চেষ্টা কৰো। বহুতে আকৌ শিশুৰ ডিঙিত আঙুলি সুমুৱাই বমি কৰাই কাঁইট উলিয়াবলৈ চেষ্টা কৰে। এই সকলোবোৰেই অপচেষ্টা।

কাঁইট যদি ডিঙিৰ ক’ৰবাত(টনচিল, জিভাৰ পিছফালে আৰু ফেৰিংচ আদিত) ফুটাই লাগি থাকে, তেনেহ’লে যিকোনো বস্তু খুৱাই কাঁইট আঁতৰাব পৰা নাযায়। ডাক্তৰৰ ওচৰলৈ গৈ ফ’ৰচেপৰ সহায়তহে তেনে কাঁইট গুচাবলগীয়া হয়। যদি কাঁইটডালে ডিঙিৰ কোনোবাখিনিত বিন্ধি লাগি নেথাকি মুখৰ ভিতৰৰ কোনোবা ভাঁজত সামান্যভাৱে লাগি থাকে, তেনেহ’লে কেইঢোকমান পানী খালেই কাঁইট গুচি যাব। সেয়েহে ডিঙিত কাঁইট লাগিলে শিশুক বাৰে বাৰে কেইঢোকমান পানী খুৱাওক। তেতিয়াও যদি কাঁইটডাল যোৱা নাই, তেনেহ’লে ডাক্তৰৰ ওচৰলৈ যাওক।

নাকেৰে তেজ ওলালে -

বছৰৰ বিশেষ কিছুমান সময়ত শিশুহঁতৰ নাকেৰে তেজ ওলাব পাৰে। প্ৰচণ্ড গৰম বা শীতত আৰু ঋতু পৰিৱৰ্তনৰ সময়ত এনেদৰে শিশুৰ নাকেদি তেজ ওলাব পাৰে। ইয়াৰ বাহিৰেও আন বিভিন্ন কাৰণতো এনেদৰে ৰক্তপাত হ’ব পাৰে।

বহুতো শিশুৰ সঘনাই নাক-খুচৰি থকাৰ বদ অভ্যাস থাকে। ইয়াৰ ফলত পাৰ্টিছনৰ হাড় ‘নেজাল চেপ্তাম’ত ঘা হ’ব পাৰে। ইয়াৰ পৰাই পিছলৈ তেজ ওলায়। ইয়াৰ বাহিৰেও নাকত আঘাত পালে, নাকত কোনো ইনফেকচন হ’লে বা চাইনাচাইটিছৰ ফলত নাকত পলিপ বা টিউমাৰ হ’লে, নাকত কিবা বস্তু সোমাই থাকি গ’লে আৰু তেজৰ বিভিন্ন অসুখত নাকেৰে ৰক্তপাত হ’ব পাৰে। এইবিলাকৰ বিভিন্ন কাৰণ অনুযায়ী চিকিৎসাও ভিন ভিন হয়।

হঠাতে নাকেৰে তেজ ওলোৱা আৰম্ভ হ’লে কি কৰিব জানি থওক:

*দুটা আঙুলিৰে শিশুৰ নাকটো কিছুসময় চেপি ধৰি ৰাখক। মুখেৰে উশাহ ল’বলৈ কওক।

*তেজ মুখেৰে ওলালে থুই পেলাই দিবলৈ কওক।

*নাকৰ ওপৰত বৰফৰ টোপোলা এটা কৰি লগাবলৈ দিব পাৰে।

*শুই থাকিলে মূৰৰ গাৰুটো আঁতৰাই দি শিশুটোক কাটি কৰি দিয়ক। তেজ ওলোৱা নকমিলে কপাহ বা বেণ্ডেজ কাপোৰৰ টুকুৰা নাকৰ ফুটাত গুজি আধাঘন্টামান ৰাখি দিয়ক।

*ডাক্তৰক দেখুৱাবলৈ নেপাহৰিব।

*বেলৰ চৰবৎ, মিচিৰিৰ পানী, ডাবৰ পানী, দৈ বা ঘোলে শৰীৰটো ঠাণ্ডা কৰে। ৰক্তক্ষৰণ বন্ধ কৰে বুলি কৰা ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। নাকেৰে পানী বা তেল উজাই ল’লেও তেজ ওলোৱা বন্ধ নহয়।

কাণৰ বিষ -

অকণমানি কেচুৱাই মাজৰাতি হঠাতে কান্দি উঠিব পাৰে। শিশুটিৰ পেট বিষাইছে বুলি ভবাটোৱেই স্বাভাৱিক। পেটত ঠাণ্ডা পানীৰ সেক দিলে, বিষ কমোৱাৰ ঔষধো খুৱালে, শিশুটিৰ কান্দোন কিন্তু নকমিল। তেনে অৱস্থা হ’লে কি কৰিব?

শিশুটিৰ কাণদুখন সামান্য টানি চাওকচোন। শিশুটিৰ কান্দোনৰ তীব্ৰতা আৰু বাঢ়ি গ’ল নেকি, লক্ষ্য কৰক। এইবাৰ টৰ্চ মাৰি শিশুটিৰ কাণৰ ফুটা দুটি লক্ষ্য কৰক। কাণৰ ফুটাৰে পানী বা পূঁজ আদি ওলাইছে বা বিৰিঙিছে নেকি চাওক। কাণৰ পতা ৰঙা পৰিছে নেকি চাওক। কাণত সামান্য হেঁচা লাগিলেও শিশুটিয়ে বিষত কান্দি উঠে নেকি লক্ষ্য কৰক। নাক বন্ধ হৈ থকাৰ বাবে মুখেৰে ফোঁচ ফোঁচাই উশাহ লৈছে নেকি- সেই কথাও লক্ষ্য কৰক।

যদি এইবিলাক লক্ষণ প্ৰকাশ পাইছে, তেনেহ’লে জানিব, শিশুটি ‘ওটাইটিচ মিডিয়া’ নামৰ ৰোগটোত আক্ৰান্ত হৈছে। ৰোগটো হৈছে মধ্যকৰ্ণৰ প্ৰদাহ। প্ৰধানকৈ হঠাৎ ঠাণ্ডা লাগিলে এনেধৰণৰ তীব্ৰ কাণৰ বিষ হ’ব পাৰে। ঠাণ্ডা লগাৰ উপৰি কাণত কিবা কাৰণত ঘা, ফোঁহা, কাণৰ হাড় ‘মেচটয়েড’ৰ প্ৰদাহ, কাণত পোক বা মহ সোমোৱাৰ ফলতো কাণত বিষ হ’ব পাৰে।

তেনেদৰে টনচিল, চাইনাচ, দাঁত, জিভা, ফেৰিংচ, গলধন, নাক, লেলাউটি গ্ৰন্থি খাদ্যনলীসহ বিভিন্ন ঠাইত হোৱা অসুখেও কাণত তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ’লে কি কৰিব?

নিশ্চয় তেল গৰম কৰি কাণত দিব, নহ’লে ঘৰত পৰি থকা পুৰণি কাণৰ ‘ড্ৰপ’ দিব। কিন্তু আপুনি এনেধৰণৰ কোনো কাম নকৰিব।

ৰুমাল বা এখন কাপোৰ চাৰি ভাঁজ কৰি লেম্পৰ চিমনিত লগাই বা ইস্ত্ৰিৰে অলপ গৰম কৰি শিশুৰ কাণত সেক দিয়ক। দেখিব লাহে লাহে শিশুটিয়ে আৰাম পাই আহিছে।

শিশুটিক নিতাল মাৰি শুবলৈ দিয়ক। পিছদিনা পুৱা ই.এন.টি. বিশেষজ্ঞক দেখুৱাই আনিবলৈ পাহৰি নাযাব।

লেখক: অঞ্জলি মহন্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

2.83333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top