মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতকাল আৰু হাড়-মাংসপেশীজনিত সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকাল আৰু হাড়-মাংসপেশীজনিত সমস্যা

শীতকাল আৰু হাড়-মাংসপেশীজনিত সমস্যা

শীতকালত দিন চুটি বাবে কম সময়ৰ বাবে ৰ’দ ওলায়। তদুপৰি ঠাণ্ডাৰ বাবে মানুহে প্ৰায়ে কাপোৰ নোখোলে। ফলত শৰীৰত বৰ কমকৈ আৰু বহু সময়ত ৰ’দ নপৰে। খাদ্যত ভিটামিন ‘ডি’ পালেও মূলত: সূৰ্যৰ পোহৰৰ দ্বৰা আমাৰ শৰীৰৰ ছাল আৰু বৃক্কৰ সহায়ত ভিটামিন ‘ডি’ তৈয়াৰ হয়।শৰীৰত ৰ’দ কমকৈ পৰা বাবে আমাৰ শৰীৰত ভিটামিন ‘ডি’ কমকৈ সৃষ্টি হয়। ভিটামিন ‘ডি’ আৰু কেলচিয়ামৰ এক সম্পৰ্ক আছে। ভিটামিন ‘ডি’য়ে আমাৰ শৰীৰত কেলচিয়াম শোষণ হোৱাত অংশ গ্ৰহণ কৰে। শৰীৰত ভিটামিন ‘ডি’ ৰ অভাৱ হ’লে, আমিও খাদ্যত অধিক কেলচিয়াম খালেও সি শোষিত নহয়। ভিটামিন ‘ডি’ য়ে কেলছিয়ামৰ সহায়ত আমাৰ শৰীৰৰ হাড় গঠনত সহায় কৰে। শীতকালত ভিটামিন ‘ড’ৰ অভাৱ হ’লে কেলচিয়ামৰো অভাৱ হয় বাবে হাড়ৰ নানা সমস্যা, হাড়ৰ বিষ আৰু গাঠিৰ বিষ আদি অধিক হয়। শীতকালত ‘অষ্টিওপোৰোছিছ’ৰ সমস্যাও অধিক হৈ পৰে। অষ্টিঅ’পৰোছিছত ভোগা ব্যক্তিৰ শীতইকালত হাড় ভগাৰ আশংকা অধিক হয়। শীতকালত মানুহৰ শৰীৰৰ জড়তা বেছি হয় বাবে পিছল খাই পৰা আদি অধিক হয় আৰু ইয়াৰ বাবে হাড় ভগাৰ আশ্ংকা অধিক হয়। ভিটামিন ‘ডি’ৰ অভাৱৰ বাবে শীতকালত হাতৰ কঁপনি অধিক হোৱা দেখা যায়। সেয়েহে শীতকালত মানুহে অলপ সময়ৰ বাবে হ’লেও প্ৰতিদিনে বন্ধ কোঠালীৰ পৰা ওলাই ৰ’দ আৰু পোহৰ পৰা ঠাইত থাকিব লাগে। অতি কমেও পোন্ধৰ মিনিটৰ বাবে হ’লেও খালী গাত সূৰ্যৰ ৰশ্মি পৰিবলৈ দিব লাগে। তদুপৰি ভিটামিন ডি যুক্ত আৰু কেলচিয়ামযুক্ত আহাৰ শীতকালত অধিক খাব লাগে। কণীৰ কুহুম, গাখীৰ, লিভাৰ, মাখন, মাছ অৰু মাংসৰ হাড়ত ভিটামিন ডি প্ৰচুৰ পৰিমাণে থাকে। গাখীৰ, দুগ্ধজাত খাদ্য, কণী আৰু মাছত কেলচিয়াম অধিক থাকে। প্ৰয়োজন হ’লে বয়সিয়াল লোকে দৰৱৰুপে ভিটামিন ডি অৰু কেলচিয়াম খাব লাগে। আমাৰ শৰীৰৰ নানা শাৰীৰিক ক্ৰিয়াৰ বাবে তাপ লাগে। ইয়াৰ বাবে শৰীৰে আমি খোৱা খাদ্য দহন কৰি তপ উতপন্ন কৰে। শীতৰ দীনত বাহ্যিক তাপ কম থাকে আমাৰ শৰীৰে এইদৰে উতপন্ন কৰা এই তাপ বিকিৰণ আৰু পৰিবহন ব্যৱস্থাৰে শৰীৰৰ পৰা ওলাই গৈ থাকে। তাপৰ অভাৱত শৰীৰৰ ক্ৰিয়াবোৰত যাতে ব্যাঘাট নজন্মে তাৰ বাবে শীতকালত শৰীৰৰ পৰা এই তাপ ওলাই নাযাবৰ বাবে আমাৰ শৰীৰে ভৰি, হাত আদি শৰীৰৰ ওলাই থকা অংশবোৰলৈ তেজ চলাচল কমাই দিয়ে। তেজ চলাচল কম হোৱাৰ বাবে শৰীৰৰ এই অংশবোৰত অক্সিজেনৰ অভাৱ ঘটে। অক্সিজেনৰ অভাৱৰ ফলত শীতকালত হাত-ভৰি আদিত অধিক বিষ অনুভূত হয়। শীতকালত আমিঅধিক আৰামপ্ৰিয় হৈ শাৰীৰিক শ্ৰম আৰু ব্যায়াম আদি কৰা কমাই দি শৰীৰৰ মাংসপেশীবোৰৰ সঞ্চালন কমাই দিও। ফলত মংসপেশীবোৰত তেজৰ চলাচল কম হৈ পৰে। তেজৰ চলাচল কম হোৱাৰ বাবে মাংসপেশীবোৰত অক্সিজেনৰ অভাৱ হৈ শীতকালত অধিক বিষ অনুভূত কৰে। শীতকালত চাৰিওফালৰ নিম্ন তাপমাত্ৰাৰ বাবে আমাৰ শৰীৰৰ ছিম্পেথেটিক স্নয়ুতন্ত্ৰ অধিক সক্ৰিয় হৈ উঠে। ফলত কেটেক’লেমাইনে হাত, ভৰি আৰু মাংসপেশীৰ ৰক্তবাহী নলিকাবোৰ স্ংকুচিত কৰে। ৰক্তবহী নলিকাবোৰ স্ংকুচিত হৈ শৰীৰৰ এই অংশবোৰত ৰক্ত চলচল কম হোৱা বাবে শৰীৰৰ এই অংশবোৰত অক্সিজেনৰ অভাৱ হৈ বিষ অনুভৱ হয়। শীতকালত শীতল বতাহ, বায়ুৰ চাপৰ পৰিবৰ্তনৰ বাবে মাংসপেশী আদিৰ বিষ বেছিকৈ অনুভূত হয়। কিছুমন ব্যক্তিৰ হাত-ভৰিত চেঁচা বতাহ লাগিলে হাত ভৰিৰ আঙুলি স্ংকুচিত হৈ বিষ অনুভূত হয়। ইয়াক ৰেনাউড্‌ছ ফেনোমেনোন বুলি কোৱা হয়। শীতকলত মাংপেশী আৰু শৰীৰৰ বিষ কমাই চলিবৰ বাবে পৰ্যাপ্ত শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰি শৰীৰৰ সকলো অংশলৈ ৰক্ত চলাচল অটুট ৰাখিব লাগে। ব্যায়াম আৰু শ্ৰম অধিক কৰিব লাগে। নিত্য কৰণীয় ঘৰুৱা কাম, চাইকেল চলোৱা, খোজ কঢ়া, নৃত্য আৰু খেলা-ধূলা অধিক কৰিব লাগে। শৰীৰটোক ঠাণ্ডা আৰু ঠাণ্ডা বতাহৰ পৰ ৰক্ষা কৰিব লাগে। গৰম কাপোৰ, কপাহী মোজা আদি পিন্ধি শৰীৰটোক শীতৰ পৰা বচাব লাগে। কম হিটাৰ ব্যৱহাৰ কৰিলেও কোঠাৰ ভেণ্টিলেচন ঠিক থাকিব লাগে। গৰম পানীৰ বেগ ব্যৱহাৰ কৰিব পাৰি। টোপনি ভলদৰে মাৰিব লাগে। প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্টযুক্ত খাদ্য খাব লাগে। মূলা, গজৰ, বিলাহী, সেউজীয়া শাক-পাচলি আৰু সেউজীয়া চাহত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে।

ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম.

2.86842105263
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top