মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতকালত ছাল চুলিৰ সাধাৰণ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালত ছাল চুলিৰ সাধাৰণ যতন :

শীতকালত ছাল চুলিৰ সাধাৰণ যতনৰ বিষয়ে লিখা হৈছে ।

শীতৰ দিনকেইটাত গৰম কাপোৰৰ উম লৈ, ৰাতিপুৱা ৰ'দত বহি, সন্ধিয়া পৰত জুইৰ সেকৰ আমেজ লৈ ভাল লাগে নহয়নে?

কিন্তু শীতৰ এইকেইটা দিনতেই আমাৰ ছাল আৰু চুলিৰ নানা সমস্যাইও দেখা দিয়ে। বতৰ শুকান আৰু ঠাণ্ডা হোৱাৰ উপৰিও আমিও কিছু পৰিমাণে ছাল, চুলিৰ যত্ন লোৱাত অৱহেলা কৰো যাৰ বাবে -

  • ছাল,
  • চুলি শুকান হৈ পৰে,
  • ওঁঠ ফাটে,
  • উফি হয় আৰু কত যে কি!!

ঠাণ্ডা হোৱাৰ বাবে আমি বহুতেই স্বাস্থ্য ৰক্ষাৰ নীতি নিয়ম সমূহ পালন কৰাত এলাহ কৰো নহয়নে বাৰু? যেতিয়া সমস্যা সমূহে আমনি দিয়ে তেতিয়াহে আমি সচেতন হৈ পৰো আৰু উপায় বিচাৰি হাবাথুৰি খাওঁ। অৱশ্যে আজিকালি সৰহসংখ্যক লোকেই নিজৰ স্বাস্থ্যৰ যত্ন ল'ব জানে আৰু ছাল চুলিৰ সুন্দৰকৈ পৰিচৰ্যা কৰে।

মহিলা আৰু পুৰুষ উভয়ে মাহত এবাৰ হলেও পাৰ্লাৰ বা চেলুন গৈ অকণমান সময় নিজৰ যত্ন লৈ আহে। ব্যস্ততাৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াই শৰীৰ, ছাল, চুলি আদিৰ যত্ন লোৱাটো সঁচাই অতি প্ৰয়োজনীয়।

শীতকালত ছাল, চুলিৰ বাবে সকলোৱে সহজতে কৰিব পৰা এনে কেইটামান সাধাৰণ দিহা হৈছে:-

ৰাতিপুৱা মুখখন কুহুমীয়া গৰম পানীৰে ধুব। নিজৰ ছালৰ প্ৰকাৰ অনুসৰি ফেচৱাছ বা ক্লিঞ্জাৰ ব্যৱহাৰ কৰিব। মুখ ধোৱাৰ পিছত সঠিক ট'নাৰ আৰু মইছাৰাইজাৰ ব্যৱহাৰ কৰক। শুকান ছালৰ গৰাকীয়ে তেলযুক্ত মইছাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে।

শুকান ছালৰ গৰাকীয়ে মইছাৰাইজাৰ লগোৱাৰ পিছত অন্য কোল্ড ক্ৰীম বা তেনে কোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে (যদি ছালখন বেছি শুকান)।

ছালত বয়সৰ চাপ পৰিলে ছালৰ প্ৰকাৰ অনুযায়ী 'স্কিন চিৰাম' ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ পুষ্টি যোগায় আৰু বয়সৰ চাপ কম কৰাত সহায় কৰে।

  • পুৱা খালিপেটত কুহুমীয়া গৰম পানী সেৱন কৰিলে ই-
  • গেছৰ সমস্যা কম কৰে,
  • পেট খোলোচা কৰে,
  • কৌষ্ঠকাঠিন্য দূৰ কৰে।

ছাল আৰু চুলিৰ সুস্বাস্থ্যৰ বাবে পেট পৰিস্কাৰ হৈ থাকিব লাগে আৰু লগতে পেচাব পৰিষ্কাৰ হৈ থকাটোও জৰুৰী। পানী কম খোৱা লোকৰ পেট খোলোচা নহয় আৰু শালমন, ক'লা দাগ আদি নানা সমস্যাই দেখা দিয়ে।

ছালখন বেছি শুকান হলে গা ধোৱাৰ আগতে অলিভ অইলেৰে মালিচ কৰি তাৰ কিছু সময় পিছত গা ধুব পাৰে। নাইবা গা ধোৱা পানীখিনিত কেইটোপাল মান অলিভ অইল দি লব পাৰে।

কিছুমান ব্যক্তিয়ে চাবোন ব্যৱহাৰ কৰিলে ছালখন বেছি ৰুক্ষ হৈ পৰে। তেনে লোকে চাবোনৰ সলনি বেচন ব্যৱহাৰ কৰিব পাৰে। বেচনৰ লগত অলপ কেঁচা হালধি বা শুকান হালধিৰ গুৰি মিহলাই লবও পাৰে।

মাটিমাহ পিচি তাৰ লগত কেঁচা হালধি মিহলাই মুখত লগাব পাৰে আৰু গাত লগাব পাৰে। এই মিশ্ৰণে ছালৰ মৃত কোষ (dead skin cells) আঁতৰাই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

এনেবোৰ প্ৰাকৃতিক সামগ্ৰীয়ে 'স্ক্ৰাবাৰ' (scrubber) হিচাবে কাম কৰে।

ৰাতি শোৱাৰ সময়ত মুখখন পৰিষ্কাৰ পানীৰে ধুই শুব লাগে। তেতিয়াহে আমাৰ ছালৰ নোমৰ গুৰিসমূহ পৰিষ্কাৰ হৈ থাকে। শালমন, ব্লেক হেডছ, হোৱাইত হেডছৰ সমস্যা থকা লোকে বিশেষ ভাবে এই নিয়ম মানি চলা উচিত।

তৈলাক্ত ছালৰ লোকে ৰাতি বেছিকৈ ক্ৰীম লগাই শুব নালাগে,অন্যথা নোমৰ গুৰি বন্ধ হৈ ছালৰ সমস্যা দুগুণে বৃদ্ধি হয়। শুকান ছালৰ গৰাকীয়ে অৱশ্যে মাজে মাজে নাইট ক্ৰীম বা তেনে নাৰিচিং ক্ৰীম (nourishing cream) লগাব পাৰে। দৈনিক 7 ঘণ্টামান শোৱক কাৰণ পৰ্যাপ্ত পৰিমাণৰ টোপনি নহলে ছাল, চুলিৰ সৌন্দৰ্য ম্লান পৰি যায়।

সপ্তাহত এদিন বা দুদিনকৈ চুলিৰ গুৰিত কুহুমীয়া গৰম তেলৰ মালিচ বা ' hot oil massage' দিব লাগে।

ই চুলিৰ গুৰিত তেজৰ চলাচল বৃদ্ধি কৰে, চুলি মজবুত কৰে আৰু চুলি সৰা, চুলি ফটা আদি সমস্যা কম কৰে। উফিৰ সমস্যা থাকিলে আমলখিৰ ৰস ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ উপৰিও মেথিগুটি পিচি লগাব পাৰে নাইবা নাৰিকল তেলৰ লগত কেইটোপালমান নেমুৰ ৰস দি লগাব পাৰে। চুলি ধোৱাৰ এঘণ্টামানৰ আগতে লগালে সুফল পোৱা যায়। সপ্তাহত এদিন বা দুদিন তেনেকৈ ব্যৱহাৰ কৰক।

চুলি সৰিলে সপ্তাহত দুদিনমানকৈ পিয়াজৰ ৰস লগাওঁক, সুফল পাব। সপ্তাহত দুদিন শ্বেম্পুৰে চুলি ধোৱক। ভেষজ বা হাৰ্বেল শ্বেম্পু ব্যৱহাৰ বেছি উপকাৰী। শ্বেম্পু কৰাৰ পিছত চুলিৰ প্ৰকাৰ অনুযায়ী হেয়াৰ চিৰাম লগাব পাৰে।

চুলিৰ সাধাৰণ যত্নৰ উপৰিও প্ৰচুৰ পৰিমাণে বতৰৰ সজীৱ সেউজীয়া শাকপাঁচলি, ফলমূল, চালাড আদি সেৱন কৰক(পাৰে যদি থলুৱা খাদ্য সামগ্ৰী ব্যৱহাৰ কৰক)।

লেখিকা: ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 7399114617

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top