অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালৰ প্ৰসাধন

শীতৰ আগমনৰ লগে লগে আমাৰ ছাল অলপ শুকান হ’বলৈ ধৰে|

চমু বিৱৰণ

শীতৰ আগমনৰ লগে লগে আমাৰ ছাল অলপ শুকান হ’বলৈ ধৰে| গতিকে এই সময়ত ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং প্ৰতিদিনে কৰাটো খুবেই প্ৰয়োজনীয়| প্ৰতিদিনে কৰা এই সাধাৰণ পৰিচৰ্যাই ছালখন সুন্দৰ আৰু সেমেকা কৰি ৰাখে| শীতৰ আগমণৰ লগে লগে মেকআপৰ দিশতো কিছু গুৰুত্ব দিয়া উচিত|

শীতকালৰ প্ৰসাধনৰ টিপছ্‌

#এইখিনি সময়ত কোনোবা বিয়া বা পাৰ্টিলৈ গ’লে হেভি বা মোটা আইলেচ লগাব পাৰে| যিয়ে মুহুৰ্তৰ ভিতৰতে আপোনাৰ ৰুপ সলনি আৰু আকৰ্ষণীয় কৰিব পাৰে| আইলেচ লগাবলৈ এবিধ আঠা পোৱা যায়| খুৱ সাবধানে আঠা লগাই আইলেচ চকুৰ পতাত বহাব| আইলেচ লগালে মুখৰ বাকী প্ৰসাধন পাৰিলে নিউট্ৰেল ৰাখিব| নহ’লে অতিৰঞ্জিত দেখাব পাৰে|

#মেকআপ কৰাৰ আগমুহূৰ্তত ছালখন ভালদৰে ময়শ্বাৰাইজাৰ লগাব লাগে| ইয়াৰ ফলত ছালখন মেকআপ কৰাৰ পিছত খুব ধুনীয়া, উজ্জ্বল কৰি ৰাখে|

# এই সময়ছোৱাত ব্লাছাৰ অলপ কাঢ়াকে লগাব পাৰে| এই সময়ত নিশা কোনো পাৰ্টি বা অনুষ্ঠানলৈ গ’লে অলপ কাঢ়াকে লগোৱা ব্লাছাৰে এটা আকৰ্ষণীয় ৰুপ দিয়ে| পিচে ইয়াৰ লগত চকুৰ প্ৰসাধন আৰু ওঁঠৰ ৰং ভালদৰে মিলিব লাগিব, নহ’লে অলপ অশুৱনি দেখিব পাৰে|

# যদি হাতত বেছি সময় নাথাকে, কম সময়তে এটা সুন্দৰ লুক দেখাবলৈ আইলাইনাৰ অলপ দীঘলকৈ বুলাব পাৰে| এনে উইংড আইলাইনাৰে বৰ আকৰ্ষণীয় লুক দিয়ে| দীঘলীয়াকৈ ক’লা আইলাইনাৰ লগোৱাৰ পিচত তাৰ ঠিক ওপৰত অইন ৰঙৰ আইলাইনাৰ, যেনে-নীলা, বেঙুনীয়া, গ’লড্‌, ছিলভাৰ লগাই এটা ট্ৰেণ্ডি লুক আনিব পৰা যায়|

# কেৱল ক’লা ষ্ম’কি আই মেকআপ নকৰি, মাজৰ অংশত কপাৰ বা ব্ৰ্ঞ্জ আইশ্বেড’ বুলাব পাৰে| তদুপৰি নীলা বা বেঙুনীয়া স্ম’কি আই মেকআপো কৰিব পাৰে|

# শেহতীয়াকৈ জনপ্ৰিয় মেকআপ ট্ৰেণ্ড হৈছে গাঢ়কৈ লগোৱা পিংক লিপষ্টিক| কিন্তু ইয়াৰ বাবে চকু আৰু গালৰ প্ৰসাধন একেবাৰে কম ৰাখিব| পিংক লগাব নিবিচাৰিলে ৰঙা মেট লিপষ্টিক বা বেঙুনীয়া লগাব পাৰে|

# সাধাৰণতে আপুনি যি সাজ পিন্ধে তাৰ আটাইতকৈ কমকৈ থকা ৰংটোৰ লগত মিলাই চকুৰ আৰু ওঁঠৰ ৰং ৰাখিব পাৰে| ইয়াৰ ফলত এটা সুন্দৰ ৰুপ ওলাই পৰে|

# কম সময়তে এটা সুন্দৰ আই মেকআপ কৰিবলৈ হ’লে আপোনাৰ চকুৰ পতাত গ্লিটাৰ্ছ লগাব পাৰে| ইয়ে লগে লগে এটা উজ্জ্বল ৰুপ দিয়ে|

# শীতৰ আগমনৰ এটা লেটেষ্ট ট্ৰেণ্ড হৈছে-ৰঙা আইশ্বেড’| ইয়াৰ লগত আইলাইনাৰ আৰু মাস্কাৰা নলগালে বেছি ভাল দেখাব| কিন্তু এনে আই মেকআপ পশ্চিমীয়া সাজ, যেনে- ষ্কাৰ্ট বা পেণ্টৰ লগত বেছি ভাল দেখায়| ৰঙা আইশ্বেড’ নলগাই যিকোনো ডাঠ ৰঙৰ আইশ্বেড’ লগাব পাৰে|

# এটা সুন্দৰ বেছ মেকআপ কৰিবলৈ প্ৰথমে কালাৰ কাৰেক্টৰ তাৰ পিচত ফাউণ্ডেচন আৰু শেষত কনচিলাৰ লগাব|

# আইব্ৰ’ বা চেলাউৰি অলপ কাঢ়াকে গাঢ় ব্ৰাউন পেঞ্চিলেৰে বুলাব পাৰে| কিন্তু মন কৰিব যাতে নেচাৰেল লুকটো থাকে| চেলাউৰিৰ খালী অংশবোৰ পূৰাবলৈহে আইব্ৰ’ পেঞ্চিল ব্যৱহাৰ কৰা হয়| ইয়াৰ পিছত আইব্ৰ’ ব্ৰাছৰ সহায়ত আইব্ৰ’ বা চেলাউৰিযোৰ আঁচুৰি দিব লাগে|

লেখক:- জুৰি শইকীয়া

উৎস:- সম্ভাৰ

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top