মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতকালৰ প্ৰাৰম্ভৰ পৰা সতৰ্ক হওঁ আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালৰ প্ৰাৰম্ভৰ পৰা সতৰ্ক হওঁ আহক

 

শীত কালছোৱাত মীন পালনৰ পুখুৰীৰ তুলনামুলকভাৱে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন -

কিয়নো এই কালছোৱা মীনপালনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট স্পৰ্শকাতৰ সময়।আমাৰ ৰাজ্যখনত মুখ্যত:পালন কৰা ভাৰতীয় মুলৰ ৰৌ,বাহু,মিৰিকা আৰু বিদেশী মুলৰ ছিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প,কমন কাৰ্প আদি মাছৰ বাবে পানীৰ সৰ্বোত্তম উষ্ণতা ২৮ ডিগ্ৰী চে: ৰ পৰা ৩২ ডিগ্ৰী চে:।অনুকুল উষ্ণতা বৃহৎ পৰিসৰত ২৫ ডিগ্ৰী চে: ৰ পৰা ৩৫ ডিগ্ৰী চে: ৰ ভিতৰত শ্ৰেণীবদ্ধ কৰিব পাৰি।পানীৰ উষ্ণতা ২৫ ডিগ্ৰী চে: ৰ তললৈ নামি যোৱাৰ লগে পুখুৰীটো মাছৰ সপক্ষে বৰ্তি থকা অনুকুল জলবায়ৱীয় পৰিৱেশত ব্যাপক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈ বেমাৰ-আজাৰকে আদি কৰি বিভিন্ন অবাঞ্জিত সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

শীতকালত মাছৰ খাদ্য গ্ৰহণৰ হাৰ,বিপাক আৰু দৈহিক বৃদ্ধিতো ব্যাপক প্ৰভাৱ পৰে।শীতৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগে লগে মাছৰ খাদ্য গ্ৰহণৰ হাৰো কমি যায় আৰু সেয়েহে এই কালছোৱাত খাদ্যৰ পৰিমাণ কমাই দিব লাগে।অন্যথা অপচয় হোৱা খাদ্যখিনিয়ে পানীৰ গুণাগুণ হ্ৰাস কৰি বিভিন্ন অসুবিধাৰ কাৰক হ’ব পাৰে।অৱশ্যে খাদ্যৰ পৰিমাণ একেবাৰে বন্ধ কৰি দিয়া অনুচিত।প্ৰতিটো জীৱ-জন্তুৰ দৰে মাছকো পৰিপুষ্টিৰ বাবে খাদ্যৰ প্ৰয়োজন।শীতকালছোৱাত মাছৰ দেহৰ ওজনৰ ০.৫ শতাংশ হাৰত দৈনিক খাদ্য দিলেই যথেষ্ট।আকৌ এই সময়ছোৱাত পুখুৰীত মাছৰ বাবে দ্ৰবীভুত অম্লজানৰো নাটনি হ’ব পাৰে।আন জীৱৰ দৰে ধাৰণৰ বাবে মাছকো অক্সিজেন দৰকাৰী।মাছে জলক্লোমৰ সহায়ত পুখুৰীৰ পৰা অক্সিজেন আহৰণ কৰে।সুৰ্যৰ পোহৰত সালোক সংশ্লেষণৰ জৰিয়তে পানীত দ্ৰৱীভুত অক্সিজেন উপলভ হয়।শীতকালত ৰাতি দীঘল,দিন চুটি হোৱা বাবে সুৰ্যৰ পোহৰ কম সময়ৰ বাবে পুখুৰীত পৰে।ফলত মাছৰ বাবে দ্ৰবীভুত অক্সিজেন কমি যায়।যদি পুখুৰীটোত থকা মাছৰ ঘনত্ব অনুমোদিত নিৰিখতকৈ বেছি হয় তেন্তে মাছ মৰাৰো আশংকা থাকে।শীতকালত পুখুৰীটোৰ পানী কমি যোৱাৰ লগে লগে তাত থকা মাছৰ বাবে নিৰ্দিষ্ট প্ৰয়োজনীয় পানীৰ অভাৱ হয়।ই দৈহিক বৃদ্ধিতো বাৰুকৈয়ে প্ৰভাৱ পেলায়।শীতকালি সততে পুখুৰীত দৃষ্টিগোচৰ হোৱা আন এটা পৰিঘটনা হৈছে ঘোলা পানীৰ বিস্তৃতি।ইয়াৰ মুল কাৰণ হৈছে মে-জুন মাহৰ পোনা ছেপ্টেম্বৰ অক্টোবৰত কিছু ডাঙৰ হয় আৰু তাৰ পৰবৰ্তী সময়ত পানী শুকাই গ’লে (অৰ্থাৎ কমি গ’লে)কম পানীত ঘোদালি মাছবোৰে পানীখিনি আবিল কৰি তোলে।এনে অৱস্থাত সুৰ্যৰ পোহৰ পানীৰ বেছি তললৈ যাব নোৱাৰে।ফলত সালোক সংশ্লেষণ আৰু প্ৰাকৃতিক খাদ্যৰে উপলভ্যতাত ব্যাপক প্ৰভাৱ পৰে।মাছে শ্বাস-প্ৰশ্বাসৰ লগতে খাদ্য গ্ৰহণত অসুবিধা পায়।

শীতকালত পানী শুকাই গ’লে যদি সম্ভৱ হয় তেন্তে বাহিৰা উৎসৰ পৰা পানী ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে।যদি তেনে সুবিধা নাই তেন্তে পানী নিৰ্দিষ্ট হিচাপতকৈ কমি যোৱাৰ লগে লগে পুখুৰীত মাছৰ ঘনত্ব কমাই দিব লাগে।এনে কৰোতে ডাঙৰ মাছ যিবোৰ বিক্ৰীৰ উপযুক্ত তেনেবোৰ মাছ উঠাই পেলাব লাগে।ইতিমধ্যে খাদ্যৰ পৰিমাণ,সাৰ প্ৰয়োগ আদিও এই সময়ত কমাই দিব লাগে।বহু সময়ত শেলাইৰ অতিচাৰৰ বাবে পুখুৰীত এটা সেউজীয়া চামনি পৰা দেখা যায়।ই পুখুৰীত অক্সিজেনৰ নাটনিৰ লগতে মাছৰ চাল-চলন,খাদ্য গ্ৰহণ আদিতো বাধাৰ সৃষ্টি কৰে।

শীতকালছোৱাত সচৰাচৰ মাছৰ বিভিন্ন বেমাৰ-আজাৰ হোৱা দেখা যায়-

 

পানীৰ উষ্ণতা কমি যোৱাৰ লগে লগে শীতলৰক্তী প্ৰাণী মাছৰ দেহৰো উষ্ণতা কমি যায় বাবে মাছৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা কমি যায় আৰু বিভিন্ন জীৱাণু,পৰজীৱী,ভেঁকুৰ ,ভাইৰাছ,বেক্টেৰিয়া আদিৰ আক্ৰমণৰ সুচলতা প্ৰকট হৈ পৰে।এনে সম্ভাৱনা নস্যাৎ কৰিবলৈ শীতকালৰ প্ৰাৰম্ভত মীন পালনত পুখুৰীত কেতবোৰ প্ৰতিষেধক প্ৰয়োগ কৰা হয়।যদি ও মাছৰ প্ৰায়বিলাক বেমাৰেই চিকিৎসাৰ জৰিয়তে আৰোঘ্য কৰিব পাৰি তৎসত্ত্বেও পানীত থকা প্ৰাণী এটাৰ চিকিৎসা আৰু স্থলভাগৰ জীৱ এটাৰ চিকিৎসা একে কথা নহয়।বিভিন্ন বাস্তৱ অসুবিধা আমি উলাই কৰিব নোৱাৰো।সেয়েহে মীন পালনৰ ক্ষেত্ৰত ‘প্ৰতিৰোধেই প্ৰতিকাৰতকৈ শ্ৰেয়’এই দৃষ্টিভ্ংগী প্ৰযোজ্য হয়।শীতকালৰ প্ৰাৰম্ভত পুখুৰীত বিভিন্ন প্ৰতিষেধক নিৰ্দিষ্ট হিচাপ আৰু নিৰিখত প্ৰয়োগ কৰা উচিত।ইমানৰ পাছতো মাছৰ বেমাৰ হ’লে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।পুখুৰীত প্ৰয়োগ কৰিবলগীয়া বিভিন্ন ঔষধৰ মাত্ৰা,প্ৰয়োগ বিধি,মিশ্ৰণ আদি অতি নিৰ্দিষ্ট আৰু সেই নিৰ্দিষ্ট পুখুৰীটোৰ পটভুমি,সেই দিনটোৰ বতৰ-উষ্ণতা আদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।সেয়েহে ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’লে যথেষ্ট সতৰ্ক হোৱা উচিত।মীন বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।ভাৰতীয় কৃষি গৱেষণা সেৱাৰ প্ৰথমজন অসমীয়া মীন বিজ্ঞানী তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটীৰ উত্তৰ-পুব আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী বিজ্ঞানী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ (৯৪৩৫৫-৫৩২৭৪)পৰা জানিব পৰা মতে থাউকতে পোৱা দুটা সামগ্ৰী পোৰা চুণ (কেলচিয়াম অক্সাইড)আৰু ব্লিচিং পাউদাৰ প্ৰয়োগ কৰি প্ৰতিষেধক আৰু চিকিৎসাৰ ব্যৱস্থা অতি ফলপ্ৰসুভাৱে কৰিব পাৰি।তেওঁৰ মতে এক মিটাৰ গভীৰতা বিশিষ্ট এক হেক্টৰ জলকালিত প্ৰথমে ৫০ কেজি পোৰা চুণ প্ৰয়োগ কৰি তাৰ এসপ্তাহ পাছত ৫০ কেজি ব্লিচিং পাউদাৰ প্ৰয়োগ কৰিলে সুন্দৰ প্ৰতিষেধকৰ কাম কৰে।প্ৰয়োজনবোধে পৰৱৰ্তী মাহত পুনৰ অনুৰুপ ধৰণে প্ৰয়োগ কৰিব লাগে।প্ৰতিকাৰৰ ক্ষেত্ৰত মাত্ৰা দুগুণ কৰা যুগুত।

শীতকালত পুখুৰীৰ পানীত পি.এইচৰ তাৰতম্য ঘটাৰ থল থাকে।সেয়েহে পি.এইচ নিৰ্দিষ্ট হিচাপত (৭.৫-৮.৫)ৰাখিবলৈ নিৰ্দিষ্ট জোখও নিৰিখত চুণ প্ৰয়োগ কৰিব লাগে।পানীৰ পি.এইচ বজাৰত পোৱা পি.এইচ কাগজৰ নুৰা নতুবা সাধাৰণ আহিলাৰেই নিৰ্ণয় কৰিব পাৰি।প্ৰগতিশীল মীন পালকসকলে এইখিনি জানে।পানীত পি.এইচৰ পৰিমাণ কমি যোৱাৰ লগে লগে মাছখিনি প্ৰ্তিচাপৰ সন্মুখীন হয় আৰু বিভিন্ন সমস্যাত আক্ৰান্ত হয়।শীতকালত পুখুৰীত হোৱা বিভিন্ন সমস্যা সম্পৰ্কে সততে ব্যৱহাৰিক পৰ্যবেক্ষণত জড়িত থকা মীন বিশেষগ তথা মীন মহাবিদ্যালয়,ৰহাৰ সহযোগী অধ্যাপক ড: কৃষ্ণকান্ত তামুলীয়ে (৯৪৩৫০-৬৮৭৪৮)ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ পৰা জানিবলৈ দিয়া মৰ্মে পুখুৰীটো চাফ-চিকুণ কৰি ৰাখি দৈনিক পৰ্যবেক্ষণ কৰাটো এই সময়ছোৱাত নিতান্তই বাঞ্চনীয়।যদিহে পুখুৰীটোৰ পানীৰ বৰণ,গোন্ধ আদিত কিছু বৈসাদৃশতা নজৰত আহে বা মাছখিনিৰ আচাৰ-আচৰণৰ বিসংগতি দৃষ্টিগোচৰ হয়,তেন্তে কিছু দিনলৈ সাৰ যোগান,খাদ্য যোগান আদি সাময়িকভাৱে বন্ধ কৰি প্ৰয়োজনবোধে মাটি আৰু পানী পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ড: তামুলীয়ে জানিবলৈ দিয়ে।ইচ্ছুক মীন পালক সকলে বিভিন্ন স্পষ্টীকৰণ,খুদুৱনি আৰু বিশদ দিহাৰ বাবে তেওঁৰ লগত (৯৪৩৫০-৬৮৭৫৮)যোগাযোগ কৰিব পাৰে।এই মৰ্মে যৎপৰোনাস্তি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কিছুদিন আগতে সাক্ষাৎ কালত তেওঁ এই প্ৰতিবেদকক দিছে।

শীতকালছোৱাত উক্ত আলোচিত সতৰ্কতাসমুহ পালন কৰিলে সাধাৰণতে বিশেষ সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা নাথাকে।যদিহে পুখুৰীটোত নিয়মমাফিক চুণ দি থকা হয়,যদি পুখুৰীটোত নিৰ্দিষ্ট ঘনত্বত আছে,পুখুৰীটোত যদি আন যিকোনো প্ৰাকৃতিক উৎসৰ পৰা পানী সোমোৱাৰ সুযোগ নাথাকে,শামুক,জোক আদিৰ উপদ্ৰৱ নাথাকে,শেলাইৰ অতিচাৰ ৰোধ কৰিব পৰা গৈছে তেন্তে কোনো সমস্যাই হ’ব নালাগে।মাহেকে পষেকে পুখুৰীটোত পৰীক্ষামুলক জাল মাৰি মাছৰ স্বাস্থ্য পৰীক্ষা অৱশ্যেই কৰিব লাগে।অতি সহজেই এই পৰীক্ষাটি কৰিব পাৰে।মাছটো জালৰ পৰা লৈয়েই লুটিয়াই দিব লাগে।যদি মাছটো নিৰোগী হয় তেন্তে ইয়াৰ চকু মাছটো ঘুৰাৰ লগে লগে নুঘুৰে,আগৰ ঠাইতে থাকিব।এনে অৱস্থাত চকুৰ মণিটো ওপৰৰ পৰা নেদেখি।কিন্তু যদিহে মাছটো দুৰ্বল বা ৰুগীয়া হয় তেন্তে মাছটো ঘুৰাৰ লগে লগে একে দিশত চকুৰ মণিটো ঘুৰিব।অৰ্থাৎ মণিটো ওপৰৰ পৰা দৃষ্টিগোচৰ হ’ব।অৱশ্যে পুখুৰীত প্ৰয়োগ কৰা জালখন প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পাছত নিমখ বা পটাছ পানীত ডুবাই বীজাণুমুক্ত কৰি লোৱা উচিত।যিকোনো যাৱতীয় সমাধানৰ বাবে থাউকতে পোৱা মীন উন্নয়ন বিষয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিষয়ক বিষয়বস্তু বিশেষজ্ঞ,মীন প্ৰদৰ্শক,মৎস্য মিত্ৰ আদিৰ লগত যোগাযোগ কৰা উচিত।মীন বিভাগৰ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মাই (৯৪৩৫১-৬০৪১৪)জানিবলৈ দিয়া মৰ্মে এই সময়ত জাল আদি পুখুৰীত পেলোৱাৰ পাছত ভালকৈ শুকুৱাই নিমখ পানীত কিছু সময় ডুবাই থৈ পুনৰ ওখ চাঙত থ’ব লাগে।এই সময়ত ঔষধ-প্ৰতিষেধক-প্ৰয়োগ সামগ্ৰী আদি ব্যৱহাৰৰ ক্ষেত্ৰতো যথেষ্ট সতৰ্ক হ’ব লাগে।য’ৰে-ত’ৰে পৰা অনুমোদিত প্ৰয়োগ সমগ্ৰী ক্ৰয় কৰি অবাঞ্চিত সমস্যা আমন্ত্ৰণ নকৰি বলৈ তেওঁ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।মীন পালনৰ বাবে প্ৰয়োজনীয় সকলো অনুমোদিত প্ৰয়োগ সামগ্ৰী,ঔষধ,প্ৰতিষেধক আদি ন্যায্য মুল্যত যাৱতীয় প্ৰয়োগ বিধিৰ দিহাসহ ক্ৰেতাক উপলব্ধ কৰোৱাবলৈ বিভাগে ৰাষ্ট্ৰীয় মৎস্যজীৱী সমবায় সংঘৰ সহযোগত এলানি ‘জল বিপণী’মুকলি কৰিছে।মীনমন্ত্ৰী পৰিমল শুল্কবৈদ্যৰ মাৰ্গদৰ্শনেৰে ৰুপায়িত এই বিপণীত কেৱল অনুমোদিত সামগ্ৰীহে পোৱা যায় নায্য মুলত।গুৱাহাটীৰ পাণবজাৰৰ মৎস্য বিকাশ সৰোবৰৰ সমীপৰ কেন্দ্ৰীয় জল বিপণী আৰু বিভিন্ন জিলাত জল বিপণী মুকলি কৰা হৈছে।ফিছকপফেডৰ মাণ্ডলিক তত্ত্বাৱধায়ক বিষয়া ছাদিকুৰ ৰহমান লস্কৰে (৯৮৬৪২-০১৪২৯)জনোৱা মৰ্মে কেউখন জল বিপণীলৈ ক্ৰেতাৰ সঁহাৰি অতি আশাপ্ৰদ।পৰ্যায়ক্ৰমে ৰাজ্যৰ প্ৰতিখন জিলাত এনেধৰণৰ জল বিপণী আৰম্ভ কৰা হ’ব বুলি লগতে বিষয়াগৰাকীয়ে জনাইছে।মীনপালন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ইচ্ছুকসকলে ৯৪৩৫৩-০৯৫৬৮ নম্বৰত সমল ব্যক্তিৰ লগত বাৰ্তালাপ কৰিব পাৰে।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (ৰাইজৰ বাতৰি)

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top