মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতকালৰ স্বাস্থ্য সমস্যা কিদৰে সকাহ পাব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালৰ স্বাস্থ্য সমস্যা কিদৰে সকাহ পাব?

 

শৰতৰ পিছতেই হয় শীতৰ আগমন। বর্তমান পৃথিৱীৰ ভূমণ্ডলৰ উপৰিভাগত বহুতো পৰিৱর্তন হ’ল। শীতকালত ৰাতিপুৱা কুঁৱলী আৰু গধূলি ঠেঁটুৱৈ লগা জাৰৰ কাৰণে ঘৰৰ ভিতৰত দর্জা-খিৰিকী বন্ধ কৰি জুইৰ ওচৰত বহি একাপ গৰম কফি বা আদা দিয়া গৰম চাহ খাব লগা অৱস্থা এতিয়া আৰু নাই। অৱশ্যে চাৰি হাজাৰ বা পাঁচ হাজাৰ ফুট উচ্চতা বা বৰফে আবৃত ঠাইৰ কথা সুকীয়া। শীতকালত বতৰ শুকান আৰু সেমেকা হোৱাৰ কাৰণে যি বতাহ বলে, তাত ধূলিবালিৰ উপৰিও কিছুমান বেমাৰৰ বীজাণুও উৰি ফুৰে-আৰু মানুহৰ গাত প্রৱেশ কৰি বেমাৰ বিয়পায়।

তাৰেই কেইবিধমান তলত উল্লেখ কৰিলো।

ফ্লু বা ইনফ্লুৱেঞ্জা

শীতকালত হোৱা ফ্লু এটা সংক্রামক ৰোগ। ই বতাহৰ দ্বাৰাই বিয়পে। যদি কোনো ফ্লু বেমাৰীয়ে ভাল মানুহৰ ওচৰত কাহে বা হাঁচি মাৰে, তেতিয়া এই বেমাৰ বিয়পিব পাৰে। যদিও ফ্লু বাৰমাহেও থাকে, শীতকালত বেছি হোৱা দেখা যায়। সেই কাৰণে ইয়াক ঋতু পৰিবৰ্তনৰ ফ্লু (Seasonal Flu) বুলি কোৱা হয়। এইবিধ ৰোগ হ’লে জ্বৰ, মূৰৰ বিষ, গাৰ বিষ, দুর্বল দুর্বল লগা বা ভাগৰ ভাগৰ লগা আৰু শুকান কাহো হয়। বেছি মাত্রাত হ’লে চিকিৎসকৰ পৰামর্শ লোৱা উচিত—নহ’লে ঔষধ নোখোৱাকৈও এসপ্তাহমানত ভাল হৈ যায়। এতিয়া ইয়াৰ বাবে ছিটা (vaccine)ও ওলাইছে। সাৱধানতা অৱলম্বন কৰিলে বেমাৰ বিয়পাত বাধা দিব পাৰি। এই বেমাৰতো চর্দি-কাহৰ দৰে ঘনাই হাত ধুব লাগে। চকুৰ পানী, সেঙুন আদি য’ত ত’ত মচি নেপেলাই ৰুমাল আদিৰে মচিব লাগে। সেই ৰুমাল বা গামোচা আনক ব্যৱহাৰ কৰিবলৈ দিব নালাগে। কাহ বা হাঁচি আহিলে মুখখন ৰুমাল বা গামোচাৰে ঢাকি ল’ব লাগে। এবাৰ ব্যৱহাৰ কৰি পেলাব পৰা কাগজৰ ৰুমাল ব্যৱহাৰ কৰিলে ভাল।

মুখ আৰু ছালৰ বেমাৰ

আমাৰ মুখখন শৰীৰৰ বৰ গুৰুত্বপূর্ণ অংগ আৰু ই শৰীৰৰ দুৱাৰমুখ। শীতকালত প্ৰায়ে মুখৰ বেমাৰ হোৱা দেখা যায়। শীতকালত বেছিভাগ মানুহে ঘৰৰ বাহিৰলৈ ওলাব নোখোজে আৰু ওলালেও গৰম কাপোৰেৰে সম্পূর্ণ গাটো ঢাকি লয়। সেই কাৰণে সূর্যৰ ৰশ্মি শৰীৰে নাপায় কাৰণে তাৰ পৰা পাব লগা ভিটামিন ডি নাপায়। ভিটামিন ডি নাপালে শৰীৰত কেলছিয়ামৰ মাত্রা কমি যায়। ভিটামিন ডি আৰু কেলছিয়ামে আমাৰ শৰীৰক বীজাণুৰ পৰা ৰক্ষা কৰে। কিন্তু ইয়াৰ মাত্রা কমি যোৱাৰ লগে লগে বীজাণুৱে সংক্রমণ কৰিবলৈ সুবিধা পায়। শীতকালৰ বতাহ শুকান আৰু সেমেকা হোৱাৰ কাৰণে আমাৰ শৰীৰত পানীৰ মাত্রা কমি যায় আৰু ঠাণ্ডাৰ কাৰণে পানী খাবলৈও মন নাযায়। সেইকাৰণে শীতকালত দাঁতৰ বেমাৰ যেনে দাঁতৰ পৰা তেজ-পূঁজ ওলোৱা, দাঁত পোকে খোৱা, শুকান ওঁঠ বা ওঁঠ ফটা, ছালৰ খজুৱতি আদি হোৱা দেখা যায়। মুখৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে খোৱাৰ পিছত দাঁত ভালকৈ ব্ৰাছ কৰাৰ উপৰিও মুখখন কুলিকুলি কৰিব লাগে। ভিটামিন ডি পাবলৈ ৰাতিপুৱা কিছুসময় খালী গাৰে ৰ’দত থাকিলে ভাল। শৰীৰত পানীৰ মাত্রা বঢ়াবলৈ পর্যাপ্ত পৰিমাণে পানী খাব লাগে। দিনে কমেও ছয় গিলাচ পানী খাব লাগে।

শ্বাস-প্রশ্বাসৰ বেমাৰ

শ্বাস-প্রশ্বাসৰ বেমাৰীৰ কাৰণে শীতকালটো বৰ বেয়া। শীতকালত শ্বাসী বেমাৰীয়ে ঘৰৰ ভিতৰ-বাহিৰ কৰি থাকিলে শৰীৰত ঠাণ্ডা-গৰম পৰিৱেশৰ কাৰণে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয়। তেতিয়া উশাহ চুটি চুটি হোৱাৰ উপৰিও বুকুৰ শব্দ পর্যন্ত হোৱা দেখা যায়। এনেকুৱা ৰোগীয়ে যিমান পাৰে গৰম পৰিৱেশত, গৰম কাপোৰ আদি ব্যৱহাৰ কৰি থাকিলে আৰাম পাব পাৰে। গৰমপানী ব্যৱহাৰ কৰি থাকিলে আৰাম পাব পাৰে। গৰম পানী ব্যৱহাৰ কৰাৰ উপৰিও সময়মতে ঔষধ বা নাকেৰে শুঙা ঔষধ ব্যৱহাৰ কৰা উচিত। বেছি হ’লে চিকিৎসকৰ পৰামর্শ লোৱা উচিত।

ডিঙিৰ বিষ

ডিঙিৰ বিষ বা টনচিলাইটিছ বেমাৰ শীত কালতে সঘনাই হোৱা দেখা যায়। গৰম পৰিৱেশৰ পৰা ঠাণ্ডালৈ আৰু ঠাণ্ডাৰ পৰা গৰমলৈ সঘনাই অহা-যোৱা কৰিলে ডিঙিৰ বিষ হ’ব পাৰে। বীজাণুৰ পৰা এই ৰোগ বিয়পে। এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কাণ-মূৰ ঢকা গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে, কুহুমীয়া পানীৰে কুলি কুলি কৰিব লাগে। বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বমি-পায়খানা

নৰো ভাইৰাছ আৰু ৰোটা ভাইৰাছ নামৰ দুবিধ বীজাণুৱে শীতকালত কিছুমান খাদ্যৰ লগত পাকস্থলীত প্ৰৱেশ কৰে আৰু তেতিয়া যথেষ্ট পৰিমাণে বমি আৰু পায়খানা হয়। এই ভাইৰাছ বা বীজাণুবিধ লেতেৰা পৰিৱেশত হোটেল, হাস্পতাল বা স্কুলত ৰন্ধা খাদ্যৰ পৰা বিয়পে৷ ই শীতকালত হোৱাৰ কাৰণে ইয়াক শীতকালৰ পায়খানা বেমাৰ (Winter Diarrhya) বুলি কয়। বমি-পায়খানা হ’লে আমাৰ শৰীৰত পানীৰ মাত্রা কমি যায় আৰু সেইকাৰণে যথেষ্ট পৰিমাণে পানী বা ORS খাব লাগে। ঘৰৰ বাহিৰত বা ভ্ৰমণত খাদ্য খাব লগা হ’লে হোটেল আদিৰ চাফ-চিকুণতাৰ পৰিৱেশটো চাই ল’ব লাগে। বমি-পায়খানা বেছি হ’লে চেলাইন ল’ব লাগিব পাৰে— তেতিয়া চিকিৎসকৰ পৰামর্শ লোৱা উচিত।

গাঁঠিৰ বিষ

যিবিলাক মানুহৰ গাঁঠিৰ বিষ থাকে, শীতকালত ই বেছি হোৱা দেখা যায়। সদায় গৰম পৰিৱেশত থাকি গৰম পানীৰ সেক আদি দিয়াৰ উপৰিও ব্যায়াম আদি কৰিব লাগে। তেতিয়া কিছু পৰিমাণে সকাহ পোৱা যায়।

হার্ট এটেক

শীতকালত হার্ট এটেক (Heart attack) হয় বুলি আমাৰ বহুতে নাজানে। বাহিৰৰ উত্তাপ কমি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ তেজ চলাচল কৰা সিৰাবোৰৰ মাংসপেশীও কোঁচ খাই যায়। তেতিয়া নলীৰ বা সিৰাৰ ফুটাবোৰ সৰু হৈ যোৱাৰ কাৰণে তেজ চলাচল কমকৈ কৰে আৰু সেই কাৰণে হৃৎপিণ্ডৰ মাংসপেশীৰ সিৰাবোৰো কোঁচ (spam) খাই তেজ চলাচলত ব্যাঘাত জন্মায় আৰু তেতিয়া হৃৎপিণ্ডই কাম কৰিবলৈ এৰি দিয়ে আৰু তাকে হার্ট এটেক কোৱা হয়।

কেলিফৰ্ণিয়া, লছ এঞ্জেলছ আদি দেশত ডিচেম্বৰ-জানুৱাৰী মাহত শীতকালীন বন্ধ পালন কৰা হয়। এই শীতকালীন বন্ধৰ সময়ত সেইবোৰ দেশত হার্ট এটেক বেছিকৈ হোৱা দেখা যায়। সেই কাৰণে ইয়াক ‘Merry Christmas Coronery’ বা "Happy Hamukhah Heart Attack বুলি কোৱা হয়।

শীতকালত হার্ট এটেকৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে বাহিৰৰ ঠাণ্ডা বতৰত নোলাই ঘৰৰ ভিতৰত সোমাই থাকিব লাগে বা বাহিৰলৈ ওলালেও গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে। প্রাতঃভ্রমণ কৰাৰ অভ্যাস থাকিলে ৰাতিপুৱাই কুঁৱলী থকা সময়ত নকৰি বেলি ওলোৱাৰ পিছত, বতৰটো অলপ গৰম হোৱাৰ পিছতহে কৰিব লাগে। বেছি শাৰীৰিক পৰিশ্রম কৰা উচিত নহয়। খং-ৰাগ বা চিন্তা-ভাৱনা বেছি নকৰি সুস্থ মগজুৰে থাকিব লাগে। নিমখ বা সুৰাজাতীয় পানীয় পাৰ্যমানে কমকৈ খাব লাগে। ঘৰৰ ভিতৰত থাকিলেও জুইৰ ধোঁৱাৰ পৰা আঁতৰি থাকিব লাগে।

লিখক: ডা: মহেন্দ্ৰ মোহন পাটগিৰি।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top