মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতত মূৰৰ খজুৱতি দূৰ কৰাৰ ঘৰুৱা উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতত মূৰৰ খজুৱতি দূৰ কৰাৰ ঘৰুৱা উপায়

শীতত মূৰৰ খজুৱতি দূৰ কৰাৰ ঘৰুৱা উপায়ৰ বিষয়ে লিখা হৈছে ।

নাৰিকল তেল -

মূৰৰ ছালৰ খজুৱতি সমস্যাৰ এক অন্যতম কাৰণ হ’ল চুলিৰ ৰুক্ষতা। এনেক্ষেত্ৰত নাৰিকল তেলে চুলিৰ উপযোগী ময়শ্বাৰাইজাৰ হিচাপে কাম কৰে।

অলপ পৰিমাণৰ নাৰিকল তেল সামান্য গৰম কৰি মূৰৰ ছালত লগাই মালিচ কৰক। আপুনি যিমান দেৰিলৈ লগাই ৰাখিব বিচাৰে ৰাখিব পাৰে। পিচত মাইলড শ্বেম্পুৰে চুলি ধুই পেলাব।

নেমু ৰস -

এণ্টিমাইক্ৰ’বিয়েল আৰু এণ্টিইমফ্লেমেট্ৰীৰে ভৰপূৰ নেমু ৰস মূৰৰ ছালৰ খজুৱতি সমস্যা দূৰ কৰাত সহায় কৰে।

এটা ডাঙৰ নেমুৰ ৰস চেপি উলিয়াই মূৰৰ ছালত লগাব আৰু প্ৰায় ১৫ মিনিটৰ পিচত চুলিখিনি ধুই পেলাব। সপ্তাহত এবাৰ বা দুবাৰকৈ মূৰৰ ছালত নেমুৰ ৰস লগাব।

পিঁয়াজৰ ৰস -

এটা পিঁয়াজ মিক্সাৰ গ্ৰাইণ্ডাৰৰ সহায়ত ইয়াৰ ৰস উলিয়াই ল’ব। এই ৰস মূৰৰ তালুত ২০ মিনিটমানৰ বাবে লগাই ৰাখিব।

ইয়াৰ পিচত চুলিখিনি ভালদৰে ধুই পেলাব। পিঁয়াজৰ ৰসে মূৰৰ তালুখন ইনফেকচন হোৱাৰ পৰা সুৰক্ষা দিয়ে আৰু খজুৱতি হোৱাৰ পৰা সুৰক্ষা দিয়ে।

৪) বেকিং ছ’ডা :-

প্ৰথমে দুইৰ পৰা তিনি চামুচ বেকিং ছ’ডা পানীৰ সৈতে মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি লওক। এই পেষ্ট এতিয়া আপোনাৰ মূৰৰ ছালত ১০-১৫ মিনিটমানৰ বাবে লগাই ৰাখক।

বেকিং ছ’ডা এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল। যিয়ে মূৰৰ ছাল বা তালুত পি এছ লেভেল নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।

৫) আপেল চিদাৰ ভিনেগাৰ :-

৪ চামুচ পানীত এচামুচ আপেল চিদাৰ ভিনেগাৰ মিহলাই ল’ব আৰু এই মিশ্ৰণটোৰে আপুনি অপোনাৰ মূৰৰ ছাল বা তালুত মালিচ কৰক।

আপেল চিদাৰ ভিনেগাৰত নিহিত থাকে মেলিক এচিড এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল। লগতে ই এষ্ট্ৰিনজেণ্টৰ দৰে কাম কৰে, যিয়ে ছালৰ খজুৱতিৰ সমস্যা দূৰ কৰে।

উৎস :- দেওবৰীয়া সম্ভাৰ

 

এৰোমা অইলৰ উপকাৰিতা -

সকলো ধৰনৰ ছালৰ বাবে লেভেণ্ডাৰ তেল ব্যৱহাৰ কৰিব পৰা হয়। তদুপৰি কেতিয়াবা আমি দেখা পাওঁ যে কিছু লোকৰ মূৰত মাজভাগ বা অন্য ঠাইত চুলি সৰি ‘তপা’ হৈ যায়।

এনে লোকে এই লেভেণ্ডাৰ অইল সদায় মূৰৰ চুলি সৰা অংশত লগালে সুফল পাব। তদুপৰি প্ৰখৰ ৰ’দত আমাৰ ছালখনত ছানবাৰ্ন হোৱা দেখা যায়।

এনেদৰে ছানবাৰ্ন হোৱা ঠাইত তিনি-চাৰি টোপাল তেল লৈ লাহে লাহে মালিচ কৰিব। কেতিয়াবা কিবা পোক-পৰুৱাই বেয়াকৈ কামুৰিলে লগে লগে অলপমান লেভেণ্ডাৰ অইল সেই ঠাইত লগাই দিব।

তাৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব নোৱাৰে। জুয়ে পোৰা ঠাইতো এই তেল ব্যৱহাৰ কৰিব পাৰি।

জুনিপাৰ অইল :-

এই তেল ৰিউমেটিক বিষ হোৱা লোকে ব্যৱহাৰ কৰিব পাৰে। যি ঠাইত বিষ হয়, তাত ৪-৫ টোপাল লৈ মালিচ কৰিব।

তদুপৰি উদ্বিগ্নতা, মানসিক চাপ আদি হ’লে কপালৰ দুইফালে অলপ আঙুলিত তেল লৈ লাহে লাহে শোৱাৰ আগতে লগাব।

ৰ’জমেৰী অইল :-

এই তেল বিশেষকৈ চুলিত উফি হ’লে এমগ পানী লৈ তাত ৪-৫ টোপাল দি শ্বেম্পু কৰাৰ পিচত সেই পানীৰে চুলি ধুব, সপ্তাহত তিনিবাৰকৈ।

জেছমিন অইল :-

জেছমিন তেল বিশেষকৈ শুকান ছাল, স্পৰ্শকাতৰ ছালৰ বাবে প্ৰয়োজন। এই তেল লগালে ছেনছেনৰ মাত্ৰাটো কমি যায়। শুকান ভাব কম হয়। বিষণ্ণতা, সহজে নাৰ্ভাছ হোৱা সমস্যা দূৰ হোৱাত সহায় কৰে।

লং লং এছেনচিয়েল অইল :-

এই অইল বিশেষকৈ যিসকল লোকৰ বহুত বেছি পৰিমাণে প্ৰেছাৰ হাই হৈ থাকে, তেনে লোকৰ বাবে উপকাৰী।

এই অইল ৩ টোপাল লৈ গা ধোৱাৰ সময়ত মূৰত ঢালিব। যিসকলৰ অনবৰতে টেনছন হৈ থাকে, তেনে লোকে ৰাতি শোৱাৰ সময়ত নিজৰ গাৰুত দুই টোপাল দি শুব।

ক্লেৰীচেজ :-

যিসকল লোকৰ খুব বেছি পৰিমাণে ঘাম ওলায় বা খুব বেছি পৰিমাণে মানসিক ছাপত থাকে, তেনে লোকে গা ধোৱাৰ সময়ত এই ক্লেৰীচেজ তেল পানীত ৪-৫ টোপাল দি গা ধুব।

ৰ’জ অইল :-

ই ছালৰ বাবে বৰ উপকাৰী। যিসকলৰ ছালত গৰম দিনত মুখখন খজুৱাই থকাৰ দৰে অনুভৱ কৰে, তেনে লোকে এক মগ পানীত এনে অইল ২-৩ টোপাল দি মুখ ধুব। তদুপৰি কেতিয়াবা আমাৰ মনত বিষাদ ভাব আহে- এনে ভাব দূৰ কৰাতো ই সহায় কৰে।

এই তেল গা ধোৱা পানীত দিও ব্যৱহাৰ কৰিব পাৰে। নাইবা মূৰত দিয়া তেলত মিহলায়ো সানিব পাৰে।

ষ্টিমুলেট :-

এই তেলৰ সহায়েৰে আমি চুলি সৰা কমাব পাৰো আৰু চুলি গজাত বহু পৰিমাণে সহায় কৰে।

কিন্তু এই হেয়াৰ ফল কণ্ট্ৰ’ল ট্ৰিটমেণ্ট কৰোতে ভাল অভিজ্ঞ এৰোমা বিশেষজ্ঞৰ দ্বাৰাহে কৰিব। নহ’লে অন্য সমস্যাৰ সন্মুখীনহে হ’ব পাৰে।

কেৰট ছীড তেল :-

যদি কাৰোবাৰ লিভাৰৰ সমস্যা থাকে, তেনে লোকে এই অইল ২-৩ টোপাল লৈ লাহে লাহে পেটৰ ওপৰ অংশত মালিচ কৰিব।

ইউকেলিপটাছ অইল :-

যিসকলৰ সঘনে কাহ-কফ হৈ থাকে, তেওঁলোকে এই তেলৰ সহায়ত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব।

বুকুৰ সমস্যাত যথেষ্ট উপকাৰ পায়।

ভাইৰেল, ডায়েবেটিছ ৰোগীৰ বাবেও বৰ সহায়ক হয়।

গা ধোৱা পানীত ২-৩ টোপাল দি গা ধুব লাগে।

তদুপৰি চুলি অনুসৰি নানা এৰোমা শ্বেম্পু ব্যৱহাৰ কৰি আপোনাৰ চুলি সৰা বহু পৰিমাণে কমাব পাৰে।

যিসকলৰ চুলি শ্বেম্পু কৰাৰ পিচদিনাই আকৌ মূৰৰ তালুখন, তেলেতীয়া হৈ পৰে তেনে লোকে অইল বেলেন্সিং শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে।

কিছুমানৰ চুলিত বহু পৰিমাণে উফি হোৱা দেখা যায়।

কেতিয়াবা মূৰত চকলা-চকলকৈ উফি হৈ মূৰত মাজে মাজে চুলি সৰে।

এনে সমস্যাত পৰিলে উফি দূৰ কৰাৰ চিকিৎসা কৰি এই শ্বেম্পু ঘৰত ব্যৱহাৰ কৰিব পাৰে।

শ্বাইন এণ্ড ভলিউম শ্বেম্পু :-

যিসকল লোকৰ চুলিত উজ্জ্বলতা নাই বা চুলি পাতল, ধুলে চেপেটা লগাৰ দৰে হৈ থাকে, তেনে লোকে চুলি দেখাত সৰহ লাগিবলৈ এনে শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে।

লেখিকা :- বৰ্ণালী ভট্টাচাৰ্য

উৎস :- দেওবৰীয়া সম্ভাৰ

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top