মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতত স্বাস্থ্যৰ প্ৰতি সজাগ হওক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতত স্বাস্থ্যৰ প্ৰতি সজাগ হওক

শীতত স্বাস্থ্যৰ প্ৰতি সজাগ হওক, সেই বিষয়ে লিখা হৈছে ।

শীতকাল সমাগত। গ্ৰীষ্মৰ দেই পুৰি নিয়া দিনবোৰৰ তুলনাত এই সময়বোৰ সুখকৰ অৱশ্যেই হয়। কিন্তু শীতৰ আৰম্ভণিৰ লগে লগে-

  • জ্বৰ,
  • পানীলগা,
  • কাহ আৰু বিভিন্ন ৰোগে আমনি কৰিব ধৰে।

দিন, ৰাতি আৰু পুৱাৰ তাপমানৰ যথেষ্ট তাৰতম্য হয় বাবেই পৰিৱৰ্তনীয় পৰিৱেশত এই ধৰণৰ ৰোগ আমাৰ বহুসংখ্যকৰে হোৱা দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ।

সংক্ৰমণৰ ভয়

শীতকালীন ৰোগৰ মুখ্য কাৰণ হৈছে বেক্টেৰিয়েল আৰু ভাইৰেল সংক্ৰমণ। ঠাণ্ডাৰ দিনবোৰত সূৰ্যৰ তাপমান হ্ৰাস হয়।

ফলস্বৰূপে সংক্ৰমণৰ আশংকা বাঢ়ি আহে আৰু ভীষণ জ্বৰ, ডিঙিৰ ৰোগ, পানীলগা তথা অন্য বহু ৰোগৰ উৎপত্তি হয়।

ইয়াৰ উপৰি ঠাণ্ডা বতৰৰ হেতু শৰীৰৰ প্ৰতিৰোধক ক্ষমতাও কমি আহে। এই কাৰণতে শৰীৰটো বিভিন্ন ৰকমৰ ভাইৰাছ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে অতি সংবেদনশীল হৈ পৰে।

চকুযুৰিৰ বাবে

শীতৰ প্ৰভাৱে আপোনাৰ চকুযুৰিৰ বিশেষভাৱে ক্ষতিসাধন কৰিব পাৰে। এইকেইটা দিনত বহুতৰে ‘ড্ৰাই আই’ৰ সমস্যা হয়।

সেয়েহে যেতিয়াই আপুনি অতিপাত ঠাণ্ডাৰ দিনত কোনো কাৰণত বাহিৰত কটাবলগীয়া হয়, তেতিয়া চকুযুৰিৰ সুৰক্ষাৰ চিন্তা কৰিব লাগে, যাতে চকুযুৰি অত্যধিক ঠাণ্ডাৰ সংস্পৰ্শলৈ নাহে।

আপোনাৰ হাড়ৰ বাবে

আঁঠুৰ বিষত পীড়িত ৰোগীৰ বাবে শীতকালৰ এই সময়ছোৱা যমকাল যেন হৈ পৰে, কিয়নো এনে বতৰত বিষৰ প্ৰকোপ যথেষ্ট বাঢ়ি আহে।

প্ৰাকৃতিক তাপমান কমি অহা মাত্ৰকে ‘আৰ্থাইটিছ’ৰ সমস্যা স্বাভাৱিকতে বাঢ়িব ধৰে। তাপমানৰ সঘন পৰিৱৰ্তনৰ ফলত গাঁঠিবোৰ ফুলে।

সিৰাবোৰ টনাটনি কৰিব ধৰে, যি কাৰণত যন্ত্ৰণা অসহ্যকৰ হৈ পৰে।

ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াওক

শীতকালত দেখা দিয়া বিভিন্ন সমস্যাৰ পৰা নিজক সুৰক্ষিত কৰি ৰখাৰ বাবে সেউজীয়া শাক-পাচলি তথা সতেজ খাদ্য খাব পাৰে।

প্ৰতিৰোধক ক্ষমতা বঢ়োৱাৰ কাৰণে-

  • নহৰু,
  • পিঁয়াজ,
  • ভিটামিন চি আৰু
  • জিংকৰ নিচিনা কিছুমান গুণকাৰী ভিটামিনৰ সেৱন নিয়মীয়াকৈ কৰা উচিত।

গতিশীল হৈ থাকক:

সুস্বাস্থ্য অটুট ৰখাৰ বাবে ঠাণ্ডাৰ দিনতো নিজক সক্ৰিয় কৰি ৰখা আৱশ্যক। ঘৰৰ ভিতৰ ভাগতে ব্যায়ামৰ অভ্যাস কৰক।

এনে কৰিলে শৰীৰলৈ গৰম ভাব আহিব আৰু সুস্থতা বজাই ৰখাত সহায় হ’ব।

ভালদৰে খোৱা-বোৱা কৰক

ঠাণ্ডাৰ দিনবোৰত গৰম ভজা-পোৰা তথা এইধৰণৰ জুতি লগা খাদ্য খোৱাৰ তীব্ৰ ইচ্ছা হয়, য’ত সাধাৰণতে তেল, নিমখ, চৰ্বি আৰু চেনিৰ মাত্ৰা অধিক থাকে। প্ৰকৃতপক্ষে এনে খাদ্যৰ

পৰিৱৰ্তে গৰম পুষ্টিকৰ চুপ আৰু স্বাস্থ্যবৰ্ধক পাচলিৰে তৈয়াৰ কৰা সোৱাদ ভৰা খাদ্য খোৱাহে যুগুত।

সদায় চাব যাতে আপোনাৰ আহাৰত ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ-

  • কল,
  • পাচলি,
  • কল,
  • কমলা,
  • নহৰু আৰু
  • আদাৰ নিচিনা দ্ৰব্য থাকে।

ভালদৰে শোৱক

সঠিক টোপনি(বয়ষ্কসকলৰ বাবে আঠ ঘন্টা)য়ে শাৰীৰিক স্বাস্থ্য অটুট ৰখাৰ লগতে পানীলগা ৰোগৰ পৰাও বচায়।

সুৰা, কেফেইন আৰু চিগাৰেট সেৱনৰ অভ্যাস থাকিলে এৰি পেলাওক। ইয়াৰ থকা ক্ষতিকাৰক পদাৰ্থসমূহে আপোনাৰ সুনিদ্ৰাত ব্যাঘাত জন্মাব পাৰে।

নিয়মীয়াকৈ অলপ-অচৰপ সাধাৰণ ব্যায়াম কৰি প্ৰতিদিনে সঠিক সময়ত শুবলৈ যাওক। ভাল টোপনি আহিব।

ত্বকৰ স্বাস্থ্য

শীতৰ চেঁচা বতাহে আপোনাৰ শৰীৰৰ ছালখনত অৱশ্যেই প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত ত্বকৰ শুষ্কতা বঢ়াৰ লগতে ফোঁহা, খজুৱতি আদিৰ নিচিনা সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ত্বকৰ সতেজতা কমি যোৱাৰ অন্য এক কাৰণ হৈছে গৰমৰ দিনতকৈ ঠাণ্ডাৰ দিনত পানী কমকৈ খোৱা। আনহাতে, ৰক্ত সঞ্চালন ঠিক মতে নোহোৱা বা প্ৰয়োজনীয় পুষ্টিৰ অভাৱ।

প্ৰতিদিনে মইশ্বৰাইজাৰৰ ব্যৱহাৰেৰে ত্বকৰ সতেজতা আৰু কোমলতা ৰক্ষা কৰিব পৰা যায় আৰু ভিটামিন ই তথা নহৰুযুক্ত খাদ্য আহাৰত অন্তৰ্ভুক্ত কৰিও সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।

জীৱাণুৰ পৰা নিজক বচাওক:

নিজৰ হাত দুখ ধুই পৰিষ্কাৰকৈ ৰাখিব আৰু জ্বৰ, পানীলগাৰ দ্বাৰা পীড়িত ব্যক্তিৰ সৈতে নিকট সম্বন্ধ স্থাপন নকৰিব।

পৰিয়ালত কাৰোবাৰ যদি এনে ৰোগ হৈছে, তেন্তে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব।

যদি আপুনি নিজেই বেমাৰী, তেনেহ’লে পৰ্যাপ্ত পানী, গৰম চাহ আৰু চুপৰ লগতে তৰল পদাৰ্থ সেৱন কৰিব।

সুস্থ মন

হতাশা, উদ্বিগ্নতাই আমাৰ শৰীৰ-মনক প্ৰভাৱিত কৰাৰ ফলস্বৰূপে দেহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কমি আহে।

এই কাৰণতে শৰীৰ যন্ত্ৰৰ কাম সুচাৰুৰূপে চলাত বাধা আহি পৰে।

গতিকে মন-মেজাজ প্ৰফুল্লিত অৱস্থাত ৰাখি আৰু B1, B5, B6 ৰ B12 নিচিনা ভিটামিন বি আদি গ্ৰহণ কৰক।

ই সুস্থতা বঢ়োৱাত যথেষ্ট সহায় কৰে।

পানী পিবলৈ নাপাহৰিব -

পৰ্যাপ্ত মাত্ৰাত পানী পিব। সাধাৰণতে শীতৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে আমাৰ পিয়াহ কমি আহে আৰু সেয়ে পানী পিবলৈ অনীহা হয়।

তথাপি ঠাণ্ডাৰ দিন হ’লেও প্ৰত্যেক দিনাই প্ৰায় দুই লিটাৰ পানী খোৱা অতি প্ৰয়োজন।

লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top