মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শীতৰ খাদ্য আৰু সৌন্দৰ্য চৰ্চা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতৰ খাদ্য আৰু সৌন্দৰ্য চৰ্চা :

শীতৰ খাদ্য আৰু সৌন্দৰ্য চৰ্চাৰ বিষয়ে লিখা হৈছে ।

 

শীতৰ দিন বুলিলেই খাদ্যৰ মেলা বুলিব পাৰি। বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় এই শীতৰ বতৰত। আমি আমাৰ স্বাস্থ্য ভালে ৰখাৰ বাবে কেনে ধৰণৰ খাদ্য খাম, সেয়া জনাটো আৱশ্যক। স্বাস্থ্য ভালে থাকিলে অধিক হাৰত সৌন্দর্যচর্চা নকৰিলেও হয়। শীতৰ দিনত আমাৰ ছাল আৰু চুলি শুকান হয়। যাৰ বাবে ছালখন শোটোৰা পৰে আৰু চুলি সৰে। এনে নোহোৱাৰ বাবে ভিটামিন ‘এ’ যুক্ত খাদ্য খাব লাগে। ভিটামিন ‘এ’ৰ অভাৱত শালমইনা হয় আৰু খজুৱতি হয়। ছালখনো খুব শুকান হয়। ফলত মানসিকভাৱে দুর্বল হোৱা যায়। তাৰ বাবে আমি চিন্তিত হৈ পৰিবলগীয়া হয়। শৰীৰৰ বাবে ভিটামিন ‘এ’ পাবলৈ কণী, গাখীৰ, মাংস, পালেং শাক, গাজৰ, স্কোৱাচ, ওলকবি খাব পাৰো। এনে খাদ্যই আমাৰ শৰীৰত ভিটামিন ‘এ’ যোগান ধৰে। শীতৰ বতৰত ছাল শুকান হোৱাৰ পৰা ৰেহাই পাব পাৰো। বয়সৰ ছাপ যথেষ্ট কমি থাকে। এনে খাদ্য নিয়মিত খোৱাৰ ফলত চুলিও শুকান নহয়। চুলিৰ আগ নাফাটে।

ভিটামিন ‘বি’ কমপ্লেক্সৰ বাবে চুলি সৰা বন্ধ হয়। চুলি গজাত সহায় কৰে, ছালৰ মসৃণতা ধৰি ৰাখে আৰু চুলিৰ গুৰি সবল কৰে। সাধাৰণতে কল, কণী, চাউল, ওটমিলত এই “বি কমপ্লেক্স” পোৱা যায়। এনে খাদ্য আমি নিয়মিত খাব লাগে। চুলিৰ অসুবিধা এই ভিটামিনৰ দ্বাৰা আঁতৰাব পাৰি। ভিটামিন ‘চি’ৰ দ্বাৰা আমাৰ ছাল সতেজ আৰু কমনীয় হৈ থাকে। বয়সৰ ছাপ কমি যায়। ছালৰ ৰং ভিন্ন নহয়। অর্থাৎ ছালৰ ৰং চামনি পৰা নহয়। ছালৰ ৰং বগা কৰে। ছালৰ ইলাচটিচিটী ৰক্ষা কৰে। ছাল শোটোৰা পৰা নহয়। “চি” ভিটামিনৰ বাবে জলফাই, নেমু, কমলা, কল, ব্রকলি, ষ্ট্ৰবেৰী, বন্ধাকবি খাব পাৰো। গতিকে শীতৰ দিনত ছাল সতেজ কৰি ৰখাৰ একমাত্র উপায় এই সুষম খাদ্য গ্রহণ।

ভিটামিন ‘ই’ৰ পৰা আমি আমাৰ ছাল সতেজ কৰি ৰাখিব পাৰো। বয়স কমাই ৰাখিব পাৰো। ছালৰ মসৃণতা ধৰি ৰখাত সহায় কৰে। ছালক মিহি কৰি ৰাখিব পাৰো। আইৰণে তেজলৈ  অক্সিজেন কঢ়িয়াই ছাল আৰু চুলিক স্বাস্থ্যৱান কৰি ৰাখে। মহিলাসকলে আইৰণ নিয়মিত খাব লাগে। ফল-মূল, পছলা, ডালিম, কলমৌ, ভেদাইলতা, নৰসিংহ আদিত এই আইৰণ পোৱা যায়।

জিংকৰ সহায়ত বয়সৰ ছাপ কমাই ৰাখিব পাৰো। চুলি পকাই ৰোধ কৰে। সূর্যমুখী ফুলৰ, ৰঙালাউৰ গুটি আদিত পোৱা য়ায় এই ভিটামিন।

ভিটামিন ই আৰু চিয়ে ছল-চুলিক মইশ্ব' কৰি ৰাখে।

গতিকে আমি আমাৰ স্বাস্থ্য ভালে ৰখাৰ বাবে নিয়মিতভাৱে সতেজ পাচলি, ফল-মূল খাব লাগে, বিশেষকৈ শীতৰ পাচলিসমূহে আমাৰ স্বাস্থ্য ভালে ৰখাৰ উপৰি ছাল আৰু চুলিৰ স্বাস্থ্যও ভাল কৰে। যেতিয়া আমাৰ সুন্দৰ স্বাস্থ্য হ’ব, তেতিয়া আমাৰ মনটোও ভালে থাকিব। ভাল মনে বহু কাম নিয়াৰীকৈ কৰিব পৰাত সহায় কৰে। আত্মবিশ্বাসো বাঢ়ে। যিকোনো পৰিৱেশত সকলোৰে লগত আনন্দেৰে থাকিব পাৰি।

লেখিকা: ভানু শৰ্মা, অসম বাণী।

3.30434782609
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top