মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শৰীৰ সুস্থ সুঠাম কৰি ৰখাত সাঁতোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰ সুস্থ সুঠাম কৰি ৰখাত সাঁতোৰ :

শৰীৰ সুস্থ সুঠাম কৰি ৰখাত সাঁতোৰ, সেই বিষয়ে লিখা হৈছে ।

 

আমি সৰুতে পঢ়িছিলো যে ‘সাঁতোৰাটো হৈছে এটা শৰীৰৰ কাৰণে ভাল ব্যায়াম । বৰ্তমান সময়ত ইয়াক মানুহে বিভিন্ন ধৰণে ল’ব পাৰে । কোনোৱে অৱসৰ বিনোদন হিচাপে, কোনোৱে প্ৰতিযোগিতামূলক বৃত্তি হিচাপে আৰু আন কোনোৱে নিজৰ দেহটো সুস্থ কৰি সুঠাম কৰি ৰাখিবৰ কাৰণে ।

সাঁতোৰাটো সকলো ধৰণৰ বয়সৰ মানুহৰ কাৰণে সম্ভৱ নহয় । ইয়াত কোনো বয়সৰ হকা-বাধা নাই । এই ব্যায়ামৰ জৰিয়তে মানুহৰ শাৰীৰিক শক্তি, পৰিশ্ৰম শক্তি, সহনশীলতা আৰু নমনীয়তা বঢ়াব পাৰি । ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ বেমাৰৰ পৰাও পৰিত্ৰাণ পাব পাৰি । সাঁতুৰিলে মানুহৰ হৃদযন্ত্ৰ শক্তিশালী হয় আৰু মানুহ ষ্ট্ৰেছমুক্ত হয় । দেহৰ মাংসপেশীবোৰ শক্তিশালী হয়, লগতে হাওঁফাওঁ শক্তিশালী কৰি ৰাখে ।

সেয়েহে বৰ্তমান সময়ত সাঁতোৰা খুবেই প্ৰয়োজনীয় ব্যায়াম । বৰ্তমান সময়ত বিভিন্ন ঠাইত সাঁতোৰ অনুশীলন কৰিব পাৰি । কিছুমান মানুহৰ ক্ষেত্ৰত ওজন হ্ৰাস কৰিবলৈ জিমত গৈও ব্যায়াম কৰাটো সম্ভৱ নহয় । সেইসকল মানুহৰ কাৰণে সাঁতোৰাটো এটা উপযুক্ত মাধ্যম, যাৰ জৰিয়তে নিজকে সুস্থ কৰি ৰাখিব পাৰি । সেয়েহে সাঁতোৰাটো বৰ্তমান সময়ত এটা দৰকাৰী ব্যায়াম ।

উপকাৰিতা:-

১) সাঁতুৰিলে গোটেই শৰীৰটোৰে ব্যায়াম কৰা হয় ।

২) আধাঘণ্টা সাঁতুৰিলে প্ৰায় ৩৫০ কেলৰি হ্ৰাস পায় ।

৩) সুচাৰুৰুপে দেহৰ ৰক্ত সঞ্চালন হয় ।

৪) মাংসপেশী শক্তিশালী কৰে ।

৫) গাঁঠিৰ বিষৰ পৰাও পৰিত্ৰাণ পাব পাৰি ।

৬) মানুহৰ দেহটো শিথিল কৰাত সহায় কৰে ।

৭) ওজন হ্ৰাস কৰাত সহায় কৰে ।

৮) ভাল কলেষ্টেৰল বঢ়ায় ।

৯) ষ্ট্ৰেছমুক্ত কৰে ।

লেখক: নৱজ্যোতি বৈশ্য

উৎস: দেওবৰীয়া সম্ভাৰ

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top