মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শৰীৰৰ ওজন কম কৰিব খোজে নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ ওজন কম কৰিব খোজে নেকি?

শৰীৰৰ ওজন কম কৰিব খোজে নেকি?, সেই বিষয়ে লিখা হৈছে ।

 

মেদবহুলতাই মানুহক যথেষ্ট অসুবিধা দিয়ে আৰু পিছলৈ এই অৱস্থা অব্যাহত থাকিলে কেৱল দেহৰ ভৰৰ কাৰণেই ভালেমান আনুষংগিক ৰোগতো ভুগিব লগা হয়। সেয়ে মেদবহুল ব্যক্তিয়ে ইয়াৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰে। বহু পুৰুষ অথবা মহিলাই ওজন হ্ৰাস কৰাৰ কাৰণে বহুতো উপায় অৱলম্বন কৰে। তথাপি বহুতে নিজে বিচৰা ধৰণৰ ফলাফল নেপায়। আজি আমি আপোনাক এনে কেইটিমান দিহা দিব খুজিছোঁ, যিকেইটা পালন কৰিলে আপুনি অলপ দিনৰ ভিতৰতে আশা কৰা ধৰণে ফলাফল পাব। এই দিহাকেইটা পালন কৰিবলৈ যথেষ্ট সহজ আৰু আপুনি আন্তৰিকতাৰে যত্ন কৰিলে শৰীৰৰ অতিৰিক্ত ওজন কমাব পাৰিব।

উপায়বোৰ এনেধৰণৰ-

*এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যে, পুৱাৰ আহাৰ(ব্ৰেকফাষ্ট) যাতে নোখোৱাকৈ নেথাকে। পুৱা শুই উঠাৰ দুঘন্টাৰ ভিতৰতে এই আহাৰ খাওক। বহু লোকে শপত হোৱাৰ ভয়ত পুৱাৰ আহাৰ নোখোৱাকৈ থাকে। কিন্তু এই অভ্যাস খুব বেয়া আৰু ওজন কমোৱা প্ৰক্ৰিয়াৰ কাৰণে ভুল পদক্ষেপ।

*সপ্তাহত শৰীৰৰ পৰা ১ কিলোগ্ৰাম চৰ্বি কমাবৰ কাৰণে প্ৰতিদিনে মুঠ আহাৰৰ পৰা ১০০ কেলৰি কমাই আহাৰ গ্ৰহণ কৰি থাকিলে বহুখিনি কেলৰি কম কৰিব পাৰি। এই অভ্যাসে আপোনাৰ শৰীৰৰ শক্তিৰ মাত্ৰাও বঢ়াব। যদি অধিক চৰ্বিযুক্ত খাদ্য খাই থাকে, তেনেহ’লে কম কমকৈ খাদ্য খোৱাৰ পৰা একো লাভ নেপাব। মনত ৰাখিব যি খাদ্যই নেখাওক লাগে, একেবাৰে চৰ্বিবিহীন হ’ব লাগে।

*খাদ্যৰ যোগেদি প্ৰয়োজনীয় মাত্ৰাত প্ৰোটিন গ্ৰহণ কৰাটো অতি দৰকাৰী। প্ৰোটিনে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে। কিন্তু সকলো ধৰণৰ প্ৰোটিন আপোনাৰ বাবে প্ৰয়োজন নহ’ব পাৰে। সেয়ে পাতল ধৰণৰ প্ৰোটিনযুক্ত খাদ্যহে নিৰ্বাচন কৰি ল’ব। এই ক্ষেত্ৰত প্ৰয়োজন হ’লে আপুনি কোনো খাদ্য বিশেষজ্ঞৰো পৰামৰ্শ ল’ব পাৰে। নিয়মীয়াকৈ প্ৰোটিনযুক্ত খাদ্য খাই থাকিলে শৰীৰত চৰ্বি সঞ্চয় কম হয়। ফলত শৰীৰৰ ওজনো লাহে লাহে কমি আহে। পাতল ধৰণৰ প্ৰটিন লাভ কৰিবলৈ হ’লে আপুনি মাছ, দেশী মুৰ্গি আৰু কণী আদি খাব পাৰে। কিন্তু চৰ্বিযুক্ত কোনো ধৰণৰ মাংস নেখাব।

*দৈনিক গ্ৰহণ কৰা খাদ্যৰ পৰিমাণ কম কৰি অনাৰ ফলত আপোনাৰ যেতিয়াই তেতিয়াই ভোক লাগিব পাৰে। কোনো পৰিস্থিতিতে আপুনি ভোকত নেথাকিব।

*আমাৰ সুস্বাস্থ্যৰ ৰক্ষাৰ কাৰণে পানীৰ বৰ দৰকাৰ। সেয়ে দিনটোত সঘনাই কেইবাবাৰো পানী খাই থাকিব লাগে। পানীয়ে শৰীৰৰ ওজন কমোৱাত দুই প্ৰকাৰে সহায় কৰে। পানীয়ে শৰীৰৰ কেলৰি(শক্তি) ক্ষয় কৰাৰ মাত্ৰা বঢ়ায় আৰু লগতে বেছি পৰিমাণে খাদ্য গ্ৰহণৰ অভ্যাসো আঁতৰত ৰাখে।

সেয়ে ওপৰত উল্লেখ কৰা উপায়বিলাক মানি চলিবলৈ অভ্যাস কৰকচোন। দেখিব লাহে লাহে আপোনাৰ শৰীৰৰ বৰ্ধিত ওজন কমি আহিছে। ওজন কমাবৰ কাৰণে উপবাসে থকা, অধিক শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰো দৰকাৰ নেথাকে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top