মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শৰীৰৰ ওজন হ্ৰাসত জুম্বা নৃত্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ ওজন হ্ৰাসত জুম্বা নৃত্য :

শৰীৰৰ ওজন হ্ৰাসত জুম্বা নৃত্যৰ বিষয়ে লিখা হৈছে ।

 

জুম্বা ডান্স কি -

জুম্বা ডান্স বা নৃত্য হ’ল লেটিন এৰ’বিক নৃত্য হিপ-হাপৰ দৰে বিভিন্ন লেটিন নৃত্যৰ সৈতে সংযুক্ত কৰি এই নৃত্যক প্ৰস্তুত কৰা হৈছে। জুম্বা ডান্সৰ মুখ্য কেন্দ্ৰ হ’ল ইয়াৰ সংগীত। জুম্বা ডান্স কৰাৰ ফলত প্ৰতিদিনে শৰীৰত ৩০০ ৰ পৰা ৫০০ কেলৰি হ্ৰাস হয়। জুম্বা নৃত্য হ’ল এক ইণ্টাৰভেল ট্ৰেইনিং ছেচন, য’ত অতি লাহে লাহে আৰু কেতিয়াবা অতি ক্ষিপ্ৰ গতিৰে এই নৃত্য কৰা হয়। ইয়াৰ দ্বাৰা ব্যক্তিৰ হৃদযন্ত্ৰত বহু ইতিবাচক প্ৰভাৱ পৰে। জুম্বা ডান্স হ’ল এক কাৰ্ডিঅ’ ডান্স, যি অন্য নৃত্যতকৈ সোনকালে শৰীৰৰ ওজন হ্ৰাস কৰে। এই নৃত্য শৰীৰৰ মাংসপেশীৰ ওপৰত নিৰ্ভৰ কৰে। ই সকলো দিশৰ পৰা শৰীৰটোক টোন কৰে আৰু শৰীৰটোক মজবুত কৰি দেখিবলৈ আকৰ্ষণীয় কৰি তোলে। ই কেৱল শৰীৰ স্বাস্থ্যৱান কৰি তোলাই নহয়, শৰীৰটোক এটা সঠিক গঢ় দিয়াত সহায় কৰে। এই নৃত্য আন আন কেইবাটাও নৃত্যৰ সৈতে সন্মিলিত কৰি কৰা হয়। সেই নৃত্যশৈলীসমূহ হ’ল- হিপ-হাপ, চাম্বা, ফ্লেমেনকো, চালসা, মেৰিংগিউ, টেংগু, চা চা চা, ডাংগৰা আদি। মন কৰিবলগীয়া যে ওজন হ্ৰাস কৰিবলৈ সকলো বয়সৰ লোকে জুম্বা নৃত্য কৰাৰ সমান্তৰালকৈ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ ওপৰত ধ্যান ৰখা উচিত।

জুম্বা নৃত্য কৰিবলৈ পাৰ্গত প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষন লৈহে কৰা উচিত। জুম্বা নৃত্য শিকিবলৈ বা শিকাবলৈ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী উভয়ৰে সেই নৃত্যৰ প্ৰতি ৰাপ থাকিব লাগিব। তেতিয়াহে এই নৃত্যৰ লাভদায়ক ফল পাব। জুম্বা নৃত্যৰ সহায়ত শৰীৰত ওজন ঘটাবলৈ ইয়াক প্ৰতিদিনে অভ্যাস কৰা উচিত। অন্যথা ওজন কমোৱাত বিশেষ পাৰ্থক্য নাথাকিব। উল্লেখ্য যে এই নৃত্যই মানসিক চাপ কমোৱাতো বিশেষ সহায় কৰে।

উপকাৰিতা -

১) শৰীৰৰ কেলৰি হ্ৰাস কৰাত সহায় কৰে এই নৃত্যই। এই নৃত্যৰ এটা ছেছনে শৰীৰৰ ৩০০-৫০০ কেলৰি হ্ৰাস কৰে।

২) যিহেতু এই নৃত্য এৰ’ বিক ব্যায়ামৰ দৰে। গতিকে গভীৰ শ্বাস-প্ৰশ্বাস লোৱাতো ই সহায়ক হয়।

৩) শৰীৰৰ সঠিক ফিটনেছ গঢ় দিয়াত এই নৃত্যই সহায় কৰে। যিহেতু এই নৃত্যই শৰীৰৰ সকলো দিশতে সকাৰাত্মক প্ৰভাৱ পেলায় তথা মাংসপেশীসমূহক ট’ন কৰে। যদি আপুনি প্ৰতিদিনে এই নৃত্য কৰে, তেন্তে অধিক লাহী হোৱাৰ লগতে স্বাস্থ্য সবল হৈ থাকিব।

৪)মন কৰিবলগীয়া যে এই নৃত্য কৰাৰ পূৰ্বে এইক্ষেত্ৰত এজন দক্ষ প্ৰশিক্ষকৰ সন্ধান কৰি লওক।

৫) নৃত্য হ’ল এক সামূহিক ক্ৰিয়া আৰু যদি বহু লোকৰ সৈতে এই নৃত্য কৰে, তেন্তে ইয়াৰ আনন্দই সুকীয়া। গতিকে এই নৃত্য কৰিবলৈ ব্যক্তিগত প্ৰশিক্ষক বাছি লোৱাতকৈ সমূহীয়াকৈ এই নৃত্যৰ অভ্যাস কৰক।

৬) জুম্বা নৃত্য এক প্ৰকাৰৰ ব্যায়ামেই । সেয়েহে আপোনাৰ যদি কিবা স্বাস্থ্যৰ সমস্যা আছে, তেন্তে এই নৃত্যৰ অভ্যাস কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লেখিকা: প্ৰাৰ্থনা হাজৰিকা

উৎস: দেওবৰীয়া সম্ভাৰ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top