মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শৰীৰৰ পৰা ঘামৰ দুৰ্গন্ধ আঁতৰোৱাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ পৰা ঘামৰ দুৰ্গন্ধ আঁতৰোৱাৰ উপায়

শৰীৰৰ পৰা ঘামৰ দুৰ্গন্ধ আঁতৰোৱাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

উহ- আহিল নহয় গৰমৰ দিন।

এৰা, গৰমৰ দিনত বহুতো লোকৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়। কিছুমান লোকৰ শৰীৰৰ পৰা ওলোৱা ঘাম অতি দুৰ্গন্ধযুক্ত, সেয়ে তেওঁলোকৰ গাৰ পৰা অনবৰতে দুৰ্গন্ধ ওলাই থাকে। ই এটা অতি অস্বস্তিদায়ক সমস্যা। আনকি এনে লোকৰ ওচৰলৈ কোনো লোক যাব নোখোজে বা সভা-সমিতি আদিতো এনে লোকৰ ওচৰত কোনো বহিব নোখোজে। বা বহিলেও তেওঁলোকে বৰ অশান্তিত সময়খিনি কটায়।সুবিধা পালেই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাব খোজে। এনেধৰণে শৰীৰৰ ঘামৰ পৰা ওলোৱা বেয়া গোন্ধৰ কাৰণেই যে কোনো লোক ওচৰ চাপিব নোখোজে, সেই কথা হয়তো আপুনি অনুমান কৰিব পাৰিছে।

সেয়ে এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কেইটিমান উপায় উল্লেখ কৰিলো-

পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকক -

শৰীৰৰ পৰা বেয়া গোন্ধ আঁতৰাবৰ বাবে আপুনি যিমানেই পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব  নিবিচাৰক লাগে, ক’ৰবাত নহয় ক’ৰবাত সুৰঙা থাকি যায়েই। যাৰ বাবে আপুনি কেতিয়াও সম্পূৰ্ণকৈ পৰিত্ৰাণ নাপায়। প্ৰায়সকলো লোকেই ভাবে যে ঘামৰ বাবেই শৰীৰৰ পৰা বেয়া গোন্ধ ওলায়। কিন্তু প্ৰাকৃতিক উপায়েৰে নিৰ্গত হোৱা ঘামৰ প্ৰকৃত গুণ হ’ল-ই গন্ধহীন আৰু বৰ্ণহীন। এক প্ৰকাৰৰ তৰল দ্ৰব্য আৰু শৰীৰৰ প্ৰতিটো নোমকূপেদি এই ঘাম স্বত:স্ফূৰ্তভাৱে ওলাই আহে। শৰীৰটো অপৰিষ্কাৰ হৈ থাকিলে এই ঘামৰ ওপৰত বেক্টেৰিয়াই বাহ লয় আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত শৰীৰৰ পৰা এনেধৰণৰ বেয়া গোন্ধৰ উৎপত্তি হয়। সেয়েহে শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰোৱাৰ কাৰণে আপুনি প্ৰতিদিনে নিয়মিতৰুপে এবাৰকৈ হ’লেও ভাল চাবোন ব্যৱহাৰ কৰি গা ধোৱাটো অপৰিহাৰ্য হৈ উঠে। এনেদৰে কৰা স্নানৰ যোগেদি শৰীৰৰ পৰা ঘাম ধুই পেলোৱাৰ লগতে তাত বাহ লোৱা বেক্টেৰিয়া আদি জীৱাণুবোৰো শৰীৰৰ পৰা আঁতৰাই পেলোৱা হয়। আপুনি যদি চাকৰিয়াল ব্যক্তি হয়, তেনেহ’লে কৰ্মস্থলীলৈ ওলাই যোৱাৰ আগতেও এবাৰ গা ধুই পৰিষ্কাৰ হৈ লোৱাৰ লগতে পিন্ধি ওলাই যাব লগা হ’লে গৰমৰ দিনত গধূলি পুনৰ এবাৰ ভালদৰে গা ধুলে অন্তত: নিশা শৰীৰৰ পৰা বেয়া গোন্ধ ওলোৱাটো বন্ধ হ’ব আৰু আপুনিও সতেজ অনুভৱ কৰি ৰাতিটো শান্তিৰে পাৰ কৰিব পাৰিব।

লেখিকা: ৰঞ্জুশ্ৰী বৰ্মন (নন্দিনী)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top