মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / শৰীৰৰ সুৰক্ষাৰ বাবে সুক্ষ্ম যোগ ব্যায়াম (দ্বিতীয় ভাগ )
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰীৰৰ সুৰক্ষাৰ বাবে সুক্ষ্ম যোগ ব্যায়াম (দ্বিতীয় ভাগ )

শৰীৰৰ সুৰক্ষাৰ বাবে সুক্ষ্ম যোগ ব্যায়াম (দ্বিতীয় ভাগ)ৰ বিষয়ে লিখা হৈছে ।

 

পদ্ধতি নং৫-
ভৰি আঠু আৰু নিতম্বৰ বাবে:-
ক) ভৰি দুখন সমুখৰফালে পোনকৈ মেলি বহি লওক । সোঁভৰি কোচাই ভৰিৰ পতা বাওঁ ভৰিৰ উৰুত ৰাখক ; সোঁহাত সোঁআঠুত বাওঁহাতেৰে ভৰিপতাত ধৰক । এইবাৰ সোঁআঠু বুকুৰ ফালে ছবিত দেখুৱাৰ দৰে কেইবাৰমান উঠানমা কৰক । আনখন ভৰিৰেও একেদৰে অভ্যাস কৰক ।
খ)  ভৰি দুখন সমুখৰ পিনে পোনাই বহক । বাওঁভৰিৰ উৰুৰ তলভাগত দুহাতেৰে ধৰি ( চিত্ৰত দেখুৱাৰদৰে) উশাহৰ লগে লগে ভৰি কোচাই গাৰ ফালে আনক আৰু উশাহ এৰাৰ লগে লগে ভৰি পোনাওক । এনেদৰে কেইবাৰমান কৰাৰ পিচত একে দৰে আনখন ভৰিৰে কৰক ।

গ)  ভৰিৰ গেৰোহা আৰু আঠু দুয়োটা লগ লগাই থিয় হওক । কিছু হাওলি দুহাতৰ পতা আঠুৰ ওপৰত ৰাখক ।

ঘ)  ভৰিৰ দুয়োখন পতা পৰস্পৰে লগলগাই আৰু আঠু দুয়োপিনে বহলকৈ মেলি বহি লওক । দুয়োহাতেৰে দুভৰিৰ আঙুলীবোৰত ধৰি লওক আৰু দুয়ো আঠু একেলগে উঠা নমা কৰক (পখিলাৰ পাখিৰ দৰে) যথাসম্ভৱ কিছুসময় এইদৰে কৰক।
ফলাফল:- ওপৰোক্ত ব্যায়াম নিয়মিত কৰিলে শৰীৰৰ নিম্নাংশৰ সকলো অংগৰ ৰক্ত সঞ্চালন , স্নায়ু, পেশী ,সন্ধি সমুহ সৱল হয় ।
পদ্ধতি নং ৬:---
ডিঙি ঘাড় কান্ধ আৰু মুৰৰ বাবে-
ক)  সুবিধানুযায়ী যিকোনো আসনত বহক । সোহাতৰ তলুৱা মুৰৰ সোঁফালে ( কাণৰ ওপৰত) ৰাখি শ্বাস গ্ৰহন কৰক আৰু হাতেৰে মুৰত (উভয়ে উভয়ক)চাপ দিয়ক । ২-৩ ছেকেণ্ডৰ  পিচত শ্বাস এৰক আৰু পুনৰ বাওঁফালে পুনৰাবৃতি কৰক ।

খ)ইয়াৰ পিচত সোঁহাতৰ তলুৱা কপালৰ মাজভাগত থৈ শ্বাস গ্ৰহনৰ লগে লগে কপাল আৰু হাতেৰে উভয়ে উভয়ক ২-৩ চে: চাপ দিয়ক আৰু শ্বাস এৰক ।

গ)এইবাৰ দুয়োহাতৰ আঙুলি পৰস্পৰ লগলগাই মুৰৰ পিচফালে ৰাখক আৰু শ্বাস গ্ৰহন কৰি মুৰত চাপ দিয়ক পুনৰ শ্বাস এৰি স্বাভাৱিক হওক ।

ঘ) সুস্থিৰে পোন হৈ বহক । চকু মুদি উশাহৰ লগে লগে মুৰটো সোঁফালে বেকাকৈ কান্ধৰ পিনে হলাই নিয়ক আৰু উশাহ এৰি লাহে লাহে মুৰ পোন কৰক । পুনৰ বাওঁপিনে একেদৰে কৰক ।

ঙ)২য় বাৰত-> উশাহ টনাৰ লগে লগে মুৰটো সোঁ ফালে ঘুৰাই থুতৰি কান্ধৰ ফালে নিয়ক আৰু উশাহ এৰি পোন হওক । পুনৰ বাওঁফালে কৰক ।

চ) ৩ৰ্থ বাৰত ->উশাহৰ লগে লগে লাহে লাহে মুৰটো পিচলৈ হলাই উশাহ এৰি এৰি মুৰটো আগলৈ থুতৰি বুকুত লগাকৈ হালক ।

পদ্ধতি নং ৭:-

পিঠি বাহু ঘাড়ৰ বাবে:-
ভৰি দুখন সমুখলৈ আগুৱাই বহক । হাত ওপৰলৈ ছবিত দেখুৱাৰ দৰে সোঁহাতেৰে বাওঁহাতৰ কব্জিত ধৰক । দীঘলকৈ শ্বাস লওক আৰু বাওঁ কিলাকুতি মুৰ ৰ ওপৰত আৰু আনতো কিলাকুতি কান্ধৰ সমান্তৰালত কিছু টানকৈ ৰাখক । শ্বাস এৰি হাত ওপৰ কৰক আৰু বিপৰীত দিশত একেদৰে কৰক ।

পদ্ধতি নং ৮
চকুৰ ব্যায়াম-
পোন হৈ যিকোনো আসনত বহক । মুৰ নলৰোৱাকৈ লাহে লাহেকৈ চকুৰে এবাৰ এবাৰকৈ ক্ৰমে ১।ওপৰলৈ চাওক

২। তললৈ চাওক

৩। সোঁফালে

৪। বাওঁফালে চাওক আৰু শেষত
৫/ চকুৰ মনি সোঁফালৰ পৰা বাওঁ ফালে আৰু বাওঁফালৰ পৰা সোঁফালে বৃত্তাকাৰে ঘুৰাওক ।

সকলোবোৰ প্ৰক্ৰিয়া দেহৰ কোনো অংগত বিষ অনুভৱ নকৰাকৈ লাহে লাহে অভ্যাস কৰিব আৰু অভ্যাসৰ সময় কমৰ পৰা পিচলৈ ক্ৰমে বঢ়াব ।

লেখক- যতীন দাস

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top