অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষাঠিৰ পিছত যৌৱন :

ষাঠিৰ পিছত যৌৱনৰ বিষয়ে লিখা হৈছে ।

 

সকলোৱে এদিন চাকৰিৰ পৰা অৱসৰ ল’বই লাগিব । চাকিৰ কিয়, এই জীৱনৰ পৰাই অৱসৰ ল’ব লাগিব । কোনোবাই আগত আৰু কোনোবাই পিছত অৱসৰ ল’ব লাগিব । এই সত্যটো মানি লৈয়েই জীৱন । চাকৰিৰ পৰাও হয় ষাঠি বছৰ, নহয় পঁইষষ্ঠি বছৰৰ পিছত অৱসৰ ল’বই লাগিব । হতাশ হোৱাৰ কোনো কাৰণ নাই । অৱশ্যে সংসাৰেই হওক বা চাকৰিয়েই হওক, এটা মায়াৰ জালে আমাক টানি ৰাখিব খোজে । খুব সৎ চাকৰিয়ালজনেও অৱসৰৰ সময়ত চকুপানী টোকে  । আমাৰ দেশত বৃদ্ধাৱস্থাত অথবা অৱসৰকালীন অৱস্থাত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয় । আমাৰ দৰে দেশত য’ত জনস্বাস্থ্যৰ ছবিখন উজ্জ্বল নহয়, চিকিৎসা পদ্ধতি হৈ পৰিছে ব্যয়বহুল, খাদ্যত বিষ পৰিৱেশত বিষ, এনে প্ৰতিকূল পৰিস্থিতিতো চাকৰিৰ পৰা অৱসৰ ল’ব পৰাটোও কম প্ৰত্যাহ্বান নহয় । আমি ইজনে সিজনক অভিনন্দন জনোৱা উচিত । বিজ্ঞানৰ অভূতপূৰ্ব প্ৰগতিয়ে সৃষ্টি কৰিছে উন্নত জীৱনশৈলী । আমি আজি খাদ্য সম্পৰ্কে কিছু সচেতন, স্বাস্থ্য সম্পৰ্কে সজাগ পৰিৱেশ বিষয়তো আমাৰ সচেতনতা বাঢ়িছে । আমাৰ পূৰ্বৰ বংশধৰসকলৰ তুলনাত আমি বহু বেছি সা-সুবিধা পাইছো । আমি বেতনভোগীসকলে চিকিৎসাৰ সা-সুবিধাও কিনিব পৰা হৈছো । গতিকে গড় হিচপত আমাৰ আয়ুকাল বাঢ়িছে । সেয়েহে চাকৰিৰ পৰা অৱসৰৰ লগে লগে সকলো শেষ বুলি দুই আঁঠুৰ মাজত মূৰ গুঁজি অনুশোচনা কৰাৰ প্ৰয়োজন নাই । আমি কৰি অহা সজখিনিৰ বাবে আনন্দ কৰিব লাগে । পৰিয়ালৰ লোকৰ লগত বা বন্ধুৰ লগত শ্বেয়াৰ কৰি আনন্দ কৰিব লাগে । আমাৰ কামৰ মাজত যদি সমাজে বিচৰাখিনি নাই অথবা অজ্ঞাতসাৰে যদি কৰ্মস্থানৰ কিবা অনিষ্ট কৰিছো বা আনৰ গৰ্হিত চিন্তি সদনামত কলংক সানিছো, তেনেহ’লে অনুতপ্ত হোৱাটো স্বাভাৱিক । গতিকে অৱসৰকালীন সময়ত দেহটো ভালে ৰখাৰ কৰাৰ উপৰি দেশৰ দহৰ মংগল চিন্তা কৰা উচিত ।

কিছুমান স্বাভাৱিক প্ৰক্ৰিয়াই আমাৰ যে বয়স বাঢ়ি আছে সোঁৱৰাই দিয়ে । আমাৰ শৰীৰৰ ছাল ডাঠ হয়, শোটোৰা-শোটোৰ পৰে , ডাঢ়ি-চুলি বগা হ’বলৈ ধৰে, দাঁত দুৰ্বল হয়, সৰিবলৈ ধৰে, চকুৰ দৃষ্টিশক্তি কমে, ছানি পৰে, এইবোৰ সচৰাচৰ হোৱা পৰিৱৰ্তন । ইয়াত বাদেও সচেতন নহ’লে মধুমেহ ৰোগ, বিশেষকৈ যাৰ বংশত আছে হ’ব পাৰে । এই ৰোগক অৱজ্ঞা কৰিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে অথবা আনুষংগিক বহু ৰোগে জুৰুলা কৰিব পাৰে । বয়স বঢ়াৰ লগে লগে ৰক্তচাপ, ষ্ট্ৰ’ক, হাৰ্ট এটেক, সন্ধিবাত, ৰজবাত আদি নানা ৰোগে পীড়া কৰিব পাৰে । আমি চুলিত কলপ লগাই আৰু দাঁত সলনি কৰি যৌৱন ঘূৰাই নানিব নোৱাৰো । আজিৰ উন্নত বিজ্ঞান আৰু স্বাস্থ্যবিজ্ঞানে ষাঠিৰ ঊৰ্ধ্বৰ লোকৰ বাবে কিছুমান কামৰ অনুমোদন জনাইছে । সেইবোৰ মানি চলিলে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট থাকিব বুলি আশা কৰিব পাৰি ।

১) কামৰ উদ্দেশ্য আৰু লক্ষ্য :-

এটা উদ্দেশ্য আগত ৰাখি কাম কৰি সুফল পোৱা যায় । মাৰ্কিন যুক্তৰাষ্ট্ৰত চলোৱা এটা সমীক্ষাত প্ৰকাশ যে যিসকলে এটা উদ্দেশ্যে লৈ পৰিকল্পনা কৰে আৰু সেই মতে কামত আগবাঢ়ে তেওঁলোকৰ আয়ুস বাঢ়ে । সংগীতজ্ঞ লিঅ’নাৰ্ডো ক’হেনে এবাৰ মঞ্চত কৈছিল- মই এই জীৱন যাত্ৰা আৰম্ভ কৰিছিলো তিনি বছৰ আগত । মই তেতিয়া উন্মাদনা ভৰা স্বপ্নেৰে এজন ৭৩ বছৰীয়া শিশু । অৰ্থাৎ উদ্দেশ্য আৰু লক্ষ্য ঠিক কৰি ল’লে বয়স হেঙাৰ হ’ব নোৱাৰে । আমাৰ বহুতৰে উচ্চ শিক্ষাৰ হাবিয়াহ অৱস্থাৰ তাড়নাত লেৰেলি গৈছে । আজিকালি বয়সস্থ মানুহেও মুক্ত বিশ্ববিদ্যালয় আৰু দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান ( IDOL) আদিৰ জৰিয়তে ষাঠিৰ পিছতো ডিগ্ৰী লাভ কৰিব পাৰে । এইটো মাত্ৰ এটা উদাহৰণে ।

২) এলাহ ত্যাগ কৰক :-

সক্ৰিয় হৈ থাকিলে মানুহ সুখী, স্বাস্থ্যৱান আৰু দীৰ্ঘজীৱী হয় । বিভিন্ন দেশত চলোৱা অধ্যয়নে এই কথা প্ৰমাণ কৰিছে । আপুনি যদি ব্যায়াম কৰা নাই এতিয়াও সৰু-সুৰা ব্যায়াম, প্ৰাণায়াম আদি আৰম্ভ কৰিব পাৰে । দেৰি হোৱা নাই । টেক্সাছৰ এদল গৱেষকে প্ৰমাণ কৰিছে যে এবছৰৰ ব্যায়ামৰ প্ৰশিক্ষণ লোৱাৰ পিছত পূৰ্বতে মেজৰ ওচৰত বহি কাম কৰা ৬০ ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰো হৃদযন্ত্ৰ বেছি সক্ৰিয় হৈ উঠিছিল । শিলত যদি যাদু থকা বুলি ভাবো, তেনেহ’লে সেই যাদু পোৱা যাব শাৰীৰিক ব্যায়ামত । হাৰ্ভাৰ্ড জনস্বাস্থ্য স্কুলে দহ বছৰ ধৰি গড়ে ৬৩ বছৰীয়া ১,৪৩,০০০ লোকৰ ওপৰত সমীক্ষা চলাই যি তথ্য সংগ্ৰহ কৰিছে সি আশ্চৰ্যজনক আৰু প্ৰেৰণাদায়ক । দৈনিক অন্তত: আধা ঘণ্টা মজলীয়া ধৰণৰ কামে (জগিং, সাঁতোৰ, টেনিছ খেল বা চাইকেল চলোৱা) শতকৰা ৪০ জনকে পাৰ্কিনছনছ ৰোগৰ পৰা ৰক্ষা কৰিছে ।

৩) মন আনন্দত ৰাখক, উদ্বেগৰ পৰা মুক্ত থাকক :-

আমি যদি সুখী মানুহৰ তালিকা এখন প্ৰস্তুত কৰো , আমি দেখিম যে তেওঁলোকৰ বেছিভাগেই হাঁহিমুখীয়া । মুখত মিঠা হাঁহি এটা বিৰিঙি থাকে । যৌৱনত সাধাৰণতে মানুহ সুখী । মাজৰছোৱাত সাংসাৰিক দায়-দায়িত্বই মানুহক কম সুখী কৰে (অৰ্থাৎ বহু সময় সাংসাৰিক দায়-দায়িত্ব পালনৰ বাবে ব্যস্ত থাকে ) । বৃদ্ধ সময়ত সফল জীৱন যাপন কৰি প্ৰায়বোৰেই সুখী । গ্ৰেট ব্ৰিটেইনত এটা সমীক্ষাত প্ৰকাশ যে ৬৫ ৰ পৰা ৮৫ বছৰৰ বেছিভাগ মানুহেই সুখী । অৱশ্যে একে মাপকাঠীৰে আমাৰ দেশৰ মানুহৰ সুখ-দুখ জুখিব নোৱাৰি । ব্ৰিটেইনৰ উক্ত সমীক্ষাত প্ৰায় আশী হাজাৰ লোকক সামৰি লোৱা হৈছিল । মানুহে হাঁহিলে কোনো খৰচ নাই । এজনে আনজনক হাঁহিৰে সম্ভাষণ জনালে তৎক্ষণাৎ বন্ধুত্ব গঢ়ি উঠে । আজিকালি যান্ত্ৰিক বিশ্বত মানুহে হাঁহিব পাহৰিছে বাবে চহৰাঞ্চলত হাঁহিৰ ক্লাব (laughing club) গঢ়ি উঠিছে । অৱশ্যে বহু ক্ষেত্ৰত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থায়ো মানুহৰ মানসিকতাত প্ৰভাৱ পেলোৱাটো স্বাভাৱিক ।

৪) পেটুৱা হোৱাটো সুস্বাস্থ্যৰ লক্ষণ নহয় :-

কঁকালৰ বেৰ সৰু ৰাখিব লাগে । পেটুৱা হোৱা মানে পেটত চৰ্বি জমা হোৱা । ই বহু ৰোগৰ আগজাননী, তদুপৰি ই ওজনো বঢ়ায় । উচ্চতা হিচাপে ওজন কিমান হোৱা উচিত, এই তালিকা চিকিৎসক বা আশা কৰ্মীৰ ওচৰত আৰু চিকিৎসা কেন্দ্ৰত পোৱা যায় । ওজন বেছি, পেট ডাঙৰৰ লগে লগে উচ্চ ৰক্তচাপ, মধুমেহ, সন্ধিবাত আদি ৰোগে দেখা  দিয়ে । একেদিনাই পেট কমোৱা, ওজন কমোৱাৰ চেষ্টা নকৰি ব্যায়াম আৰম্ভ কৰিব লাগে আৰু খাদ্যাভ্যাস সলনি কৰিব লাগে ।

৫) বন্ধু নকমাব, বন্ধু বঢ়াওক :-

কৰ্মজীৱনত আমাৰ অৱসৰ কম । কিন্তু অৱসৰৰ পিছত আমাৰ হাতত যথেষ্ট সময় থাকে । পুৰণি বন্ধু-বান্ধৱৰ লগত ফোন কৰি অথবা কথা-বতৰা পাতি  সময়, আনকি নতুন বন্ধুও পাতিব পাৰো । ঘৰত নাতি-পুতিক সময় দিয়ক, সিহঁতৰ লগত খেলা-ধূলা কৰক । এই সময়ত সিহঁত আমাৰ সঞ্জীৱনী । যোগাযোগ প্ৰযুক্তিয়ে আনি দিয়া সা-সুবিধা ব্যৱহাৰ কৰি বন্ধু-বান্ধৱৰ লগত যোগাযোগ বঢ়াব পাৰো । ছ’চিয়েল নেটৱৰ্ক ব্যৱহাৰ কৰি সেই ক্ষেত্ৰখন আৰু বঢ়াব পাৰে ।

৬) খোৱাত মন দিয়ক, শাক-পাচলি বেছি খাওক :-

জাপানৰ অ’কিয়বা দ্বীপত শতায়ু গৰকা ব্যক্তি বহু আছে । বয়স বঢ়াৰ লগে লগে যিবোৰ ৰোগে আমাক হেঁচি ধৰে, থৰকাছুটি হেৰাবলগীয়া কৰে, তেওঁলোকৰ পৰা এনে ৰোগ বহু যোজন আঁতৰত থাকে । তেওঁলোকে আচলতে বেছি খায় । কিন্তু আমাৰ দৰে সোপা-সোপে মাছ, মাংস, কণী, গাখীৰ, ঘিউ, ক্ৰীম, বাটাৰ আৰু ট্ৰেন্স ফেট থকা খাদ্য নাখায় । তেওঁলোকে অকাৰী চাউলৰ খাদ্য সতেজ শাক-পাচলি (আমাৰ দৰে বিষাক্ত কীটনাশক দ্ৰব্য দিয়া নহয়) আৰু ফল-মূল যথেষ্ট পৰিমাণে খায় । আনহাতে বেছি চৰ্বিযুক্ত অথবা বেছি কেলৰিযুক্ত খাদ্য নামমাত্ৰহে খায় ।

৭) বাহিৰলৈ ওলাব লাগে :-

সূৰ্যৰ পোহৰত ভিটামিন-ডি আমাৰ শৰীৰে নিজে প্ৰস্তুত কৰে । এই ভিটামিনৰ অভাৱত হাড় দুৰ্বল হয় । কিছুমান কেন্সাৰে গা কৰি উঠে । আৰু বহু আকাৰৰ স্কিল’ৰিক (Sceloric) ৰোগ হ’ব পাৰে । গৰমৰ দিনত কেইমিনিটমানৰ বাবে হ’লেও আৰু ঠাণ্ডাৰ দিনত বেছি সময় শৰীৰত ৰ’দ লগাব লাগে ।

৮) এপাক নাচি লওক, মন উৎফুল্ল হ’ব :-

পশ্চিমীয়া দেশত বয়সস্থ মানুহেও লগ-সমনীয়াৰ লগত স্পেনিছ বা টেংগো নাচ নাচি আনন্দ কৰে । আমিও দেখো নাতি-পুতিৰ লগত অথবা সমনীয়াৰ লগত এপাক বিহু নাচিব পাৰো । সঁচাকৈয়ে মন প্ৰফুল্লিত নহ’বনে ?

৯) পিয়াহ নালাগিলেও পানী খাওক :-

সময় বঢ়াৰ লগে লগে শৰীৰত তৰল পদাৰ্থৰ সমতা ৰক্ষা কৰা এক ডাঙৰ সমস্যা হৈ পৰে । তদুপৰি বৃক্কয়ো আগৰ দৰে কাম কৰাৰ ক্ষমতা হেৰুৱায় । পিয়াহ লগা অথবা ডিঙি শুকোৱালৈ অপেক্ষা নকৰি আমি দিনটোত মাজে মাজে পানী খোৱা উচিত । অৱশ্যে বৃক্ক বিকল হোৱা লোকে চিকিৎসকৰ দিহা মতেহে খোৱা উচিত ।

১০) বাগিচাৰ যতন লওক :-

যাৰ পথাৰত খেতি আছে, সপ্তাহত/ পষেকত এবাৰ হ’লেও চাবলৈ যাব । খেতিডৰাৰ যতন লোৱাৰ যদি সুস্বাস্থ্য আপোনাৰ আছে নিজে যতন লওক । অথবা আনক পৰামৰ্শ দিয়ক । লহপহকৈ বাঢ়ি অহা খেতিডৰা দেখি অথবা সোণালী ধানৰ থোকবোৰ দেখি মনত আনন্দ পাব । ঘৰতে শাক-পাচলি অথবা ফুলৰ বাগিচাৰ বাবে যদি ঠাই আছে তেনেহ’লে বাগিচা কৰক । আৰু যতন লওক । উপকাৰ কেউপিনৰ পৰা মনত আনন্দ লগাৰ উপৰি সতেজ শাক-পাচলি খাব পাৰিব । আজিকালি বজাৰৰ শাক-পাচলি, মাছ-মাংস খাবলৈ ভয় লাগে । অপকাৰী ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি সেইবোৰ বিষতুল্য কৰি তোলে । চহৰৰ মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন হৈছে । বহুতে ফ্লেটতেই থাকে । ফ্লেটৰ বাৰাণ্ডাৰ টাবত আপুনি ভালপোৱা ফুল ৰুব পাৰে । অষ্ট্ৰেলিয়াৰ গৱেষকসকলে প্ৰমাণ পাইছে যে ফুলৰ যতন লোৱা লোকৰ শতকৰা ৩৬ জনেই চিত্তভ্ৰংশ ৰোগৰ পৰা ৰক্ষা কৰে ।

১১) নিয়মিতভাৱে দাঁত মাজক :-

নিয়মিতভাৱে (চিকিৎসকৰ দ্বাৰা অনুমোদিত ব্ৰাছ আৰু পেষ্টেৰে) দিনে দুবাৰকৈ দাঁত মাজিলে উপকৃত হ’ব । দাঁতৰ যতন ল’লে দাঁতৰ মাজত সোমোৱা খাদ্যত বেক্টেৰিয়াই বাহ ল’ব নোৱাৰে । দাঁতৰ যন্ত্ৰণা দূৰ হোৱাৰ উপৰি মুখৰ দুৰ্গন্ধ নোহোৱা হয় । দাঁতৰ বেক্টেৰিয়াই শৰীৰৰ আন অংগ-প্ৰত্যংগবোৰতো প্ৰভাৱ পেলাব পাৰে । এই বেক্টেৰিয়াৰ প্ৰদাহৰ ফলত গুৰুতৰ ৰোগ যেনে ষ্ট্ৰ’ক, হাৰ্ট এটেক আৰু এলঝেইমাৰছ ৰোগ বা বুদ্ধিভ্ৰংশ ৰোগ হ’ব পাৰে ।

১২) নিজৰ পচন্দৰ পোছাক পিন্ধক :-

আপুনি যদি ৰংচঙীয়া পোছাক পিন্ধে, আটাইৰে চকু থিৰ হ’ব । দোকানীয়েও আনকি আপোনাক পৰামৰ্শ দিব, এইযোৰে আপোনাক ভাল নালাগিব । এইবোৰ কথালৈ মন নিদিব । নিজৰ পচন্দৰ পোছাক পিন্ধিব, মন আনন্দত থাকিব ।

১৩) জীৱ-জন্তু পোহক আৰু মৰম কৰক :-

বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে , জীৱ-জন্তুৱে মানুহৰ মানসিক চাপ কমোৱাত সহায় কৰে । পশ্চিমীয়া দেশত কুকুৰ পোহাত গুৰুত্ব দিয়ে, ই বেছ প্ৰভুভক্ত আৰু বিশ্বাসী জন্তু । মিয়ামি বিশ্ববিদ্যালয়ৰ এটা সমীক্ষাত প্ৰকাশ যে ভাল জাতৰ কুকুৰ ৰখাসকল বেছি বিবেকৱান, মৰমিয়াল আৰু আত্মসন্মানৰ প্ৰতি সচেতন হয় ।

১৪) নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰক :-

বয়সস্থ লোকক প্ৰধানকৈ দুটা ৰোগে পীড়া কৰে- এটা হ’ল মধুমেহ আৰু আনটো হ’ল ৰক্তচাপ । এইকেইটাৰ পৰীক্ষা কৰা খুব দৰকাৰী ।

তেজৰ পৰীক্ষাৰ দ্বাৰা ৰক্তশৰ্কৰা, কলেষ্টেৰল, যকৃৎ আৰু বৃক্কৰ ক্ৰিয়া আদি সঠিকভাৱে নিৰ্ণয় কৰিব পাৰি । আজিকালি পৰীক্ষাগাৰবিলাকে ঘৰৰ পৰাই তেজৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰিছে ।

১) নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি ইয়াক নিয়ন্ত্ৰণত ৰাখিলে ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ পৰা ৰক্ষা পৰিব পাৰো ।

২) পঞ্চাশৰ ঊৰ্ধ্বৰ মহিলাই বক্ষ স্ক্ৰীনিং, এক্স- ৰে’ কৰিলে বক্ষৰ কেন্সাৰ ধৰা পৰে । ষাঠিৰ ওপৰৰ পুৰুষে তেনেকৈ প্ৰষ্টেট গ্ৰন্থিৰ এক্স- ৰে আৰু বিশেষ পৰীক্ষা কৰিলে (তেজ পৰীক্ষাৰ দ্বাৰা) কেন্সাৰৰ আগজাননী পাব পাৰে ।

৩) নিয়মিতভাৱে চকু পৰীক্ষা কৰি চকুত ছানি পৰা, গ্লুক’মা আদি ৰোগৰ পূৰ্বাভাস পাব পাৰি ।

৪) ছালৰ পৰীক্ষা কৰি ছালত থকা মাহ আদিৰ ৰং সলনি হ’লে চিকিৎসকক জনাব লাগে । ই কেন্সাৰৰ আগজাননী হ’ব পাৰে ।

৫) আন্ত্ৰিক কেন্সাৰৰ পৰীক্ষা দুবছৰৰ মূৰে মূৰে কৰাটো বাঞ্চনীয় । ষাঠিৰ ঊৰ্ধ্বৰ ব্যক্তিৰ শতকৰা আশীজনৰে এই ৰোগৰ আশংকা নথকা নহয় ।

৬) ছাৰভাইকেলস্মিয়াৰ (Cervical smear) পৰীক্ষাত ছাৰভিক্তাৰ কোষৰ পৰিৱৰ্তন, স্পণ্ডিঅ’লাইটিছ আদি ৰোগৰ লক্ষণ ধৰা পৰে ।

১৫) শেষ, কিন্তু গুৰুত্বপূৰ্ণ কথা :-

বুঢ়া-বুঢ়ীৰ মাজৰ মৰম, প্ৰেম ভালপোৱা অক্ষুণ্ণ ৰাখিব লাগে । পৰস্পৰে উপকৃত হ’ব আয়ুস বাঢ়িব । এই বয়সত ইজন-সিজনৰ Best Friend । আনহাতে এজনে আনজনৰ ওপৰত সামান্য কথাতে খং কৰি, মুখ ওফোন্দাই থাকিলে তাৰ নেতিবাচক প্ৰভাৱ গোটেই পৰিয়ালটোৰ ওপৰতে পৰে । আকৌ দোহাৰিছো, হতাশ হ’বলগীয়া একো নাই । আজিকালি মানুহৰ জীৱন ধাৰনৰ মান উন্নত হৈছে, চিকিৎসা-বিজ্ঞানৰ উন্নতি হৈছে । গতিকে বিশ্বত ষাঠি বা ষাঠিৰ ঊৰ্ধ্বৰ মানুহৰ সংখ্যা ২০২৫ চনত ১.২৫ লাখ কোটি হ’ব । অৰ্থাৎ পৃথিৱীৰ জনসংখ্যা যিমান হ’ব বুলি ভবা হৈছে (২০২৫ চনত) তাৰ এক-চতুৰ্থাংশ হ’বগৈ । বৃদ্ধ বয়সৰ সুবিধা কিছুমানো আছে । অভিজ্ঞ বুলি সৎ বুদ্ধিৰ দিহা-পৰামৰ্শ ল’বলৈ আহে । সমাজত তামোল-পাণৰ কথাটো প্ৰথমে বৃদ্ধ মানুহৰ ফালেহে আগবঢ়ায় । এই বয়সত পানীলগা আদি ৰোগৰ ভাইৰাছ বিৰুদ্ধে দেহত প্ৰতিৰক্ষা গঢ়ি উঠে । ছাল ডাঠ হোৱা বাবে ব্ৰন, ফোঁহা আদি সহজতে নহয় । তদুপৰি জ্যেষ্ঠ নাগৰিক হিচাপে বেংক, বীমা, ৰে’ল বিভাগ, বিমান, আনকি চিটিবাছতো সুবিধা আছে । আহক, আনন্দৰে আমি এই নতুন জীৱন উপভোগ কৰো ।

লেখক :- ড: চন্দ্ৰমোহন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

আমি জীয়াই থকাৰ সিদ্ধান্ত নিজেই লওঁ আহক -


সহজলভ্য কেচামালৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে লাভজনক উদ্যোগ। বৰ্তমান সময়ত অসমৰ ৰাইজক কেচামাল হিছাবে ব্যৱহাৰ কৰি গঢ়ি উঠিছে ব্যক্তিগত খণ্ডৰ লাভজনক কেঞ্চাৰ চিকিৎসালয় আৰু ডায়েলাইছিছ গোট। ১৭ বাৰকৈ মোগলক পৰাজিত কৰা পৰাক্ৰমী অসমীয়াক এতিয়া দেশৰ ভিতৰতে সৰ্বাধিক কিডনী আৰু কেঞ্চাৰ ৰোগাক্ৰান্ত ৰাজ্যত পৰিণত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেজত সামান্য পৰিমাণে চিৰাম ক্ৰিয়েটিনিন বঢ়া মাত্ৰেই ৰোগীক মধুৰ আৰু ভদ্ৰ ভাষাৰে ভই খুৱাই আতঙ্কিত কৰি ডায়েলাইছিছ কৰিবলৈ বাধ্য কৰায়। কিন্তু অসমত ডায়েলাইছিছ কৰা কিমানজন ৰোগী ভাল হৈছে? অসমত বিষাক্ত আৰু ভেজাল খাদ্যৰ পয়োভৰতা দিনকদিনে বাঢ়িছে যদিও ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নায়।
আজি অসমৰ জনগণৰ সুস্বাস্থ্যৰ প্ৰতি কোনেও কাণসাৰ নিদিয়ে। এতিয়া শেষ পৰ্য্যায়টো যদি চকুমুদি থাকো তেন্তে সম্পূৰ্ণৰূপে আমি শেষহৈ যাম। আমাৰ স্বাস্থ্য হানিকাৰক ঔষধ, ফল-মূল, শাকপাচলি , মাছ , মাংস খাই আমি কিমান দিন জীয়াই থাকিম। আহক আমি সকলোৱে প্ৰথম পদক্ষেপ হিচাবে প্ৰতিজ্ঞা কৰো তলত উল্লেখ কৰা বস্তু বৰ্জন কৰিবলৈ।

(১) কিডনী ৰোগ সৃষ্টিকাৰক গেষ্ট্ৰিকৰ পি পি আই ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল আৰু অ'মিপ্ৰাজল দীৰ্ঘদিন ধৰি, জধেমধে নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰিব। অসমত কিডনী ফেইলাৰ ৰোগী বৃদ্ধি হোৱাৰ অন্যতম কাৰণ এই ঔষধৰ ব্যৱহাৰ। প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাব।
(২) কাৰ্বাইদ দি পকোৱা কল, চালানী আম কোনেও নিকিনিব। সকলোৱে বৰ্জন কৰিলে বেপাৰীয়ে কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হ'ব। কাৰ্বাইড কেঞ্চাৰ আৰু কিডনী ৰোগ সৃষ্টিকাৰক।
(৩) পেৰাফিনৰ প্ৰলেপ সনা উজ্জ্বল ৰঙৰ আপেল নিকিনি স্থানীয় মধুৰিয়াম খাওক। তিনিটা আপেলৰ সমান খাদ্যপ্ৰাণ এটা মধূৰিয়ামত পোৱা যায়। স্থানীয় ফল বিভিন্ন জামু, লেটেকু, পনীয়ল, আম, আতলচ বা আতাই ফল, থলুৱা বগৰী, ডালিম, ৰবাব, জলফাই, অমৰা ,কঠাল, মাটি কঠাল খাই নিৰোগী হওক‌।
(৪) অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যই ফৰ্মেলিন আৰু আন বহুতো বিষাক্ত ৰাসায়নিক পদাৰ্থ সানি অসমীয়াক চিৰৰুগীয়া কৰিব খোজা চালানী মাছ ভুলটো নিকিনিব। কেঞ্চাৰ আৰু কিডনী ৰোগ সৃষ্টিকাৰী এই মাছ ভুলতো নাখাব। অতিথিক চালানী মাছৰে এসাজ খুউৱাৰ মানসিকতা পৰিহাৰ কৰক। যিকোনো উৎসৱ-পাৰ্বনত এই মাছ নিজেও নাখাব আৰু আনকো নাখাবলৈ বুজাব
(৫) ফ্ৰ'জেন আৰু প্ৰচেচ মিট নিকিনিব। মৃত,গেলা, পচা অচিন জীৱ-জন্তুৰ পৰা প্ৰস্তুত ফ্ৰ'জেন আৰু প্ৰচেচ্ মাংস খাই নিজৰ বিপদ চপাই নল'ব।
(৬) কল্ডড্ৰিঙ্কচৃ নিকিনিব। বি ভি অ , ডি ডি টি থকা কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী কল্ডড্ৰিঙ্কচৃ নাখাব। আনকো খোৱাত বাধা দিব। ভীমকলৰ চৰ্বত, তেতেলি চৰ্বত, ডাবৰ পানী, নেমুৰ চৰ্বত খাওক।
(৭) বিষাক্ত ৰাসায়নিক সাৰ , কীটনাশক আৰু বিষাক্ত ৰং সানি সতেজ কৰি ৰখা পাচলি নিকিনিব। দেখাত ধুনীয়া, ডাঙৰ আকৃতিৰ, পোকে নধৰা , গাঢ় ৰঙৰ পাচলি নিকিনিব। গ্ৰীণ মটৰ নাখাব। সাধাৰণ মটৰমাহত বিষাক্ত সেউজীয়া ৰঙ সানি বনোৱা হয় গ্ৰীণমটৰ মাহ স্বাস্থ্যৰ কাৰণে খতিকাৰক।
(৮) ঢেকীয়া, কলমৌ, লেহেতি, হেলঞ্চি, কলডিল,খুতৰীয়া, পচলা,নৰসিংহ, ভেদাইলতা, কচুঠাৰি, কচুলতি,শুকলতি, মচন্দৰী, মেৱা আদিৰ উপৰিও নিজে ঘৰতে কৰা পাচলি খাওক।
(৯) পাঞ্জাৱ, হাৰিয়ানা, ঝাৰখণ্ডৰ পৰা অহা কেঞ্চাৰ আৰু কিডনী ৰোগৰ উপৰিও যকৃতৰ বাবে খতিকাৰক চাউল নাখাব।
(১০) কেঞ্চাৰ ৰোগৰ এটা মুখ্য কাৰক ধপাত জাতীয় বস্তু বৰ্জন কৰক।
(১১) ৰঙচঙীয়া মিঠাই নাখাব, বিষাক্ত ৰং মিহলাই প্ৰস্তুত কৰা মিঠাই অমৃত নহয় , ই ঘাতকহে।
(১২) খাদ্য বস্তু প্লাষ্টিকৰ পাত্ৰত নাৰাখিব। প্লাষ্টিকৰ পানীৰ টেঙ্কী, পানীৰ ফিল্টাৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব। পৰম্পৰাগত ভাৱে সাতাম পুৰুষৰ পৰা ব্যৱহাৰ কৰি অহা কাঁহ-পিতলৰ বাচন-বৰ্ত্তন ব্যৱহাৰ কৰিব। অসমীয়াত এষাৰ কথা আছে, শাকত নাখায় লোণ পিটিকাত যায় তিনিগুণ। সেয়েহে দামদি হলেও কাঁহ-পিতলৰ বাচন-বৰ্ত্তন ব্যৱহাৰ কৰিব।
সদায় মনত ৰাখিব - ধপাত উৎপাদনকাৰী , চালানী মাছ উৎপাদনকাৰী,বিষাক্ত চাউল উৎপাদনকাৰী , বিষাক্ত আম উৎপাদনকাৰী ৰাজ্য কেইখনে অসমীয়াৰ ব্ৰহ্ম তালুত ৰামটাঙোন মাৰি আৰ্থিক ভাৱে লাভান্বিত হৈছে। সেই ৰাজ্য কেইখনৰ খেতিয়কৰ আয় বাঢ়িছে। এই বোৰ খোৱাৰ ফলত অসমত দিনকদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে যকৃতৰ ৰোগ , কেঞ্চাৰ আৰু কিডনী ৰোগ।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top