মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ষ্টেভিয়া - চেনিৰ এক প্ৰাকৃতিক বিকল্প :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্টেভিয়া - চেনিৰ এক প্ৰাকৃতিক বিকল্প :

ষ্টেভিয়া - চেনিৰ এক প্ৰাকৃতিক বিকল্পৰ বিষয়ে লিখা হৈছে ।

২৩ মাৰ্চ ২০১৭  প্ৰকাশিত এক আলোচনীৰ তথ্য মতে পুৰুষে দৈনিক ৯ চাহ চামুচ আৰু মহিলাসকলে ৬চাহ চামুচ চেনি খোৱাটো নিৰাপদ৷ ইয়াত প্ৰাকৃতিকভাবে ফলমূল আৰু গাখীৰত উপলব্ধ চেনিৰ কথা ধৰা নাই৷ অধিক পৰিমাণৰ চেনিয়ে মানৱ দেহত কৰিব পৰা ক্ষতিসমূহ এনেধৰণৰ-

  • ডায়েবেটিজ,
  • হৃদৰোগ,
  • মেদবহুলতা,
  • শৰীৰৰ ইমিউনিটি হ্ৰাস কৰা,
  • দন্তক্ষয়,
  • অকাল-বাৰ্ধক্য,
  • বৰ্ধিত ষ্ট্ৰেচ উৎপন্ন কৰা,
  • দেহত ক্ৰমিয়ামৰ পৰিমাণ হ্ৰাস কৰা (ক্ৰমিয়ামে দেহত চুগাৰৰ পৰিমান নিয়ন্ত্ৰণ কৰে),
  • নন-এলকোহলিক লিভাৰ ডিজিজ,
  • এলঝাইমাৰ ৰোগ,
  • কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰা,
  • মুডৰ সঘন পৰিবৰ্তন,
  • ক্লন্তিবোধ আদি৷

গতিকে চেনিৰ বিকল্পৰ কথা আহিল য'ত সেই অপকাৰিতাসমূহ নোহোৱাকৈ মিঠা স্বাদক মানুহে উপলব্ধি কৰিব পাৰে৷ ওলাল নানাবিধ Artificial Sweetener যেনে-

  • Saccharin,
  • Aspartame,
  • Sucralose৷

কিন্তু কালক্ৰমত এই কৃত্ৰিম স্বাদ সমূহৰ অপকাৰিতাৰ বিষয়ে নানান ধ্যান-ধাৰণাৰ সৃষ্টি হব ধৰিলে৷ এইবিলাকৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়াসমূহ হ'ল-

  • ওকালি,
  • ডায়েৰিয়া,
  • মাইগ্ৰেইন,
  • মূৰৰ বিষ,
  • মূৰঘূৰণি,
  • অৰুচি,
  • এলাৰ্জি,
  • একজিমা,
  • লিভাৰৰ অসুখ,
  • হাওঁফাওঁৰ অসুখ,
  • হাইপো-থাইৰয়েডিজম,
  • কিডনিৰ ক্ষতি,
  • নাৰ্ভৰ ক্ষতিসাধন আৰু আটাইতকৈ বিপদজনক হ'ল কেঞ্চাৰৰ সম্ভাৱনা৷

ইয়াৰ সামন্তৰালভাবে এবিধ উদ্ভিদৰ বিষয়ে মই আজি কিছু লাগতিয়াল কথা পাঠকক অৱগত কৰিবৰ মনস্থ কৰিছোঁ যি হয়তো আজিৰ দিনৰ সৈতে বেচি সময় উপযোগী আৰু স্বাস্থ্যসন্মত হব৷ হয়,মই আলোচনা কৰিব ওলাইছোঁ ষ্টেভিয়াৰ বিষয়ে৷ বিশ্বজুৰি জনপ্ৰিয়তা লভা এই ষ্টেভিয়াৰ ব্যৱসায়িক ভিত্তিত উৎপাদন দেশৰ নানান ঠাই লগতে অসমতো বিগত কিছু বছৰৰ পৰা কৰিবলৈ আৰম্ভ কৰিছে কেইবাজনো যুৱা উদ্যমী লোকে৷ অসমৰ বাহিৰে আমাৰ দেশৰ-

  • পঞ্জাব,
  • হৰিয়ানা,
  • উত্তৰ প্ৰদেশ,
  • কেৰালা,
  • ৰাজস্থান,
  • দিল্লী,
  • উত্তৰাঞ্চল,
  • উৰিষ্যা,
  • বিহাৰ,
  • মহাৰাষ্ট্ৰ,
  • মেঘালয়,
  • অৰুণাচল প্ৰদেশ আদি ৰাজ্যত ষ্টেভিয়াৰ খেতি হয়৷

অসমত ষ্টেভিয়াৰ সৈতে মই জনা জড়িত ব্যক্তি আৰু প্ৰতিস্থান কেইটামান হ'ল: হেন্যিমেন চেৰিটেবল চ'ছাইটি, গুৱাহাটীৰ পংকজ কলিতা, নলবাৰীৰ সোনধন ডেকা৷ পংকজ কলিতাৰ ফাৰ্ম ৰাণী আৰু জাগীৰোডত আছে৷ বিগত ভালে কেইবছৰৰ পৰা ঐকান্তিকভাবে অসমত ষ্টেভিয়াৰ উৎপাদন আৰু প্ৰচাৰ-প্ৰসাৰত জড়িত হৈ আছে সোনধন ডেকা৷ ডেকাই জনোৱা মতে অসমত যোৱা ৮বছৰে প্ৰায় ৪০ জন খেতিয়ক কৰ্মৰত।

ষ্টেভিয়াৰ বিষয়ে বুৰঞ্জীয়ে কি কয় ?

ষ্টেভিয়াৰ প্ৰাৰম্ভিক উৎপত্তি স্থল দক্ষিণ আমেৰিকা,মধ্য আমেৰিকা আৰু মেক্সিকো আছিল বুলি জনা যায়৷ পাৰাগুৱে, ভেনেজুৱেলা, কলম্বিয়া, ব্ৰাজিল আদি দেশত ১৫০০ বছৰ আগৰ পৰাই ষ্টেভিয়াৰ প্ৰচলন আছিল৷ স্পেইন দেশৰ ব'টানিৰ অধ্যাপক আৰু চিকিৎসক পেড্ৰো জেম এষ্টিভে (Pedro Jaime Esteve-১৫00-১৫৫৬) পোন প্ৰথমবাৰৰ বাবে ইয়াৰ ওপৰত গবেষণা আৰম্ভ কৰে৷ ১৮৯৯ চনত স্বিচ উদ্ভিদ বিজ্ঞানী মোইচেচ চনটিয়াগো বটোৰ্ণিয়ে (Moises Santiago Bertoni) ইয়াৰ মিঠা স্বাদৰ কথা বিশ্বক অৱগত কৰে৷ ১৯৩১ চনত দুজন ফৰাচী ৰসায়ণ বিজ্ঞানীয়ে ইয়াত থকা দুবিধ ষ্টেভিয়েল গ্লাইকোচাইড (ষ্টেভিয়'চাইড আৰু ৰিয়াউডিয়'চাইড) চিনাক্ত কৰে৷ ১৯৭০ চনত জাপানে চেনিৰ বিকল্প হিচাবে ষ্টেভিয়াৰ খেতি কৰিব আৰম্ভ কৰে৷ ১৯৭১চনৰ পৰা জাপানী খাদ্য পদাৰ্থ আৰু শীতল পানীয়ত ষ্টেভিয়াৰ ব্যৱহাৰ আৰম্ভ হয় আৰু আজি বিশ্বত আটাইতকৈ বেচিকৈ ষ্টেভিয়া প্ৰয়োগ কৰা দেশ হ'ল জাপান৷ ১৯৯০ চনত আমেৰিকাৰ FDA ৰ দ্বাৰা ষ্টেভিয়াক নিৰাপদ স্বাদিষ্ট পদাৰ্থ বুলি স্বীকৃতি দিয়া হয়৷ ইয়াৰ পিছত-

  • অষ্ট্ৰেলিয়া,
  • নিউজিলেণ্ড,
  • চীন,
  • ইউৰোপ,
  • কানাডাকে ধৰি বিশ্বৰ আন আন দেশসমূহত ষ্টেভিয়াই স্বীকৃতি লভিবলৈ ধৰিলে৷ ভাৰতবৰ্ষত ২০১৫ চনৰ নভেম্বৰৰ পৰা খাদ্যত ষ্টেভিয়াৰ প্ৰয়োগ আৰম্ভ হয়৷

ষ্টেভিয়াৰ গছৰ বৰ্ণনা আৰু কৃষিৰ বিষয়ে জানিবলগীয়া- ষ্টেভিয়া হ'ল এবিধ চিৰস্থায়ী (Perennial) উদ্ভিদ যাক চেনিৰ বিকল্প হিচাপে অতি প্ৰাচীন কালৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে৷ এই ব্যৱহাৰ ওপৰিও ষ্টেভিয়া নানাবিধ ঔষধি গুণৰ বাবে বহুজন সমাদৃত৷ ষ্টেভিয়া নামৰ উৎপত্তি লেটিন শব্দৰ পৰা হৈছে৷ ষ্টেভিয়াৰ পুলি ৰোপন কৰাৰ পৰা ৪/৫মাহৰ ভিতৰত পূৰঠ হয় আৰু পাত সংগ্ৰহ কৰিব পৰা হয়৷ এবাৰ ৰোৱা পুলিৰ পৰা অন্তত: ৬বছৰলৈ পাত চিঙিব পাৰি৷ প্ৰথম বছৰত সেয়ে উৎপাদন ব্যয় বেচি হলেও পৰৱৰ্তী বছৰবোৰত খৰছ কম হয়৷ এজোপা গছৰ উচ্চতা ৪০ৰ পৰা ৮০ চেন্টিমিটাৰ (সৰ্বোচ্চ এক মিটাৰ)পৰ্য্যন্ত হয়৷ এখিলা পাত হয় ৫চেন্টিমিটাৰ দীঘল আৰু ২চেন্টিমিটাৰ বহল৷ গছত ফুল ফুলিব ধৰিলে সেই ফুল চিঙি পেলোৱা হয়৷ কেঁচা পাত আৰু শুকোৱা পাত দুয়োবিধেই মিঠা স্বাদৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷ ঘৰুৱাভাবে ষ্টেভিয়া টাবটো ৰুব পাৰি৷ এটা পৰিয়ালৰ বাবে এজোপা বা দুজোপা গছেই যথেষ্ট৷ ষ্টেভিয়াত Septoria নামক শেলুৱৈয়ে কৰা ৰোগ প্ৰতিৰোধ কৰিবলৈ নিমৰ পানী প্ৰয়োগ কৰা হয়৷ ৰোপনৰ বাবে মাৰ্চ-এপ্ৰিল হ'ল সৰ্বোত্তম সময়৷ মাটিৰ পি এইচ ৬ৰ পৰা ৭.৫হলে ভাল৷ বতৰৰ তাপমান ৩০ৰ পৰা ৩২ডিগ্ৰী চেন্টিগ্ৰেড হ'ল উত্তম৷ নিম্নতম ৫ডিগ্ৰী আৰু সৰ্বোচ্চ ৪৫ডিগ্ৰী তাপমান এই গছে সহ্য কৰিব নোৱাৰে৷

বংশাৱলী আৰু নামাকৰণ : ষ্টেভিয়াৰ বৈজ্ঞানিক নাম হ'ল Stevia rebaudiana৷ ই ক্ৰিচেনথিমাম (Chrysanthemum) বংশৰ, উপ বংশাৱলী হ'ল Asteraceae/Ragweed family৷ সূৰ্য্যমুখী হ'ল একেটা পৰিয়ালৰে উদ্ভিদ৷ কমেও ২৪০টা ষ্টেভিয়াৰ প্ৰজাতি চিনাক্ত কৰা হৈছে৷ অসমৰ তাৰে দুটা প্ৰজাতিৰ খেতি হয়৷ সেই দুটা হ'ল MDS-13 আৰু MDS – 14 ৷

অসমত ষ্টেভিয়াৰ আন আন প্ৰচলিত নাম হ'ল

  • মিঠাপাত,
  • মৌপাত,
  • চেনিপাত আৰু
  • মিঠা তুলসী৷
  • মলয়ালম ভাষাত মধুৰ তুলসী,
  • তামিলত চেনি তুলসী,
  • তেলেগুত মধু পাত্ৰি,
  • মাৰাঠীত মধু পৰাণি,
  • গুজৰাটীত মিষ্টি পট্টি,
  • বাংলা আৰু ওৰিয়াত ষ্টেভিয়া নামেৰেই পৰিচিত৷
  • জাপানত ইয়াক Caa-He-e বুলে,যাৰ অৰ্থ হ'ল মিঠা উদ্ভিদ৷

কি কি লাগতিয়াল তত্ব ষ্টেভিয়াত থাকে?

ষ্টেভিয়া হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত একমাত্ৰ প্ৰাকৃতিক চেনিৰ বিকল্প যাক শিশু, বৃদ্ধ, ৰোগী আৰু সকলো বয়সৰ পুৰুষ-মহিলাই বিশেষ একো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ গ্ৰহণ কৰিব পাৰে৷ ইয়াৰ-

  • কেলৰিৰ পৰিমান ০,
  • কাৰ্বোহাইড্ৰেট হ'ল ০,
  • ক'লেষ্টেৰল হ'ল ০,
  • গ্লাইচেমিক ইনডেক্স ০৷

ইয়াত আছে-

  • এন্টিঅক্সিডেন্ট আৰু ফ্লেভনয়েড,
  • ভিটামিন-এ, ভিটামিন-চি আৰু ৰাইব্লফ্লেবিন,
  • খনিজ- আইৰণ,
  • মেংগানিজ,
  • কেলচিয়াম,
  • ক্ৰমিয়াম,
  • চ'ডিয়াম আৰু
  • জিংক;
  • টেনিন,
  • কেফেইক এচিড,
  • কেম্পৰোল আদি৷

ষ্টেভিয়াৰ সক্ৰিয় তত্ব ষ্টেভিয়েল গ্লাইকোচাইড (Steviol glycoside) চেনিৰ তুলনাত ১৫০গুণ পৰ্য্যন্ত মিঠা৷ ২০০ ডিগ্ৰী উত্তাপতো ইয়াৰ গুণমান বিনষ্ট নহয়, সেয়ে ষ্টেভিয়া চাহ, কফি, পায়স আদি বনাওতে উতলাই লব পাৰি৷ ষ্টেভিয়া ফাৰ্মান্টেচনো নহয়৷ থুলমুলকৈ ষ্টেভিয়া হ'ল এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, এন্টিইষ্ট আৰু এন্টিভাইৰেল গুণৰে সমৃদ্ধ৷

ষ্টেভিয়াৰ উপকাৰিতাসমূহ

১)তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস কৰা৷

২)উচ্চ ৰক্তচাপ কমোৱা৷

৩)শৰীৰৰ ওজন কমোৱা৷

৪)বুকু জ্বলাপোৰা কমোৱা আৰু বদহজমি দূৰ কৰা৷

৫)মুখমণ্ডলৰ বয়সৰ ছাপ আতৰ কৰা৷

৬)দাঁত আৰু দাঁতৰ আলু মজবুত কৰা৷

৭)হাঁড় শক্তিশালী কৰা।

৮)শালমন আৰোগ্য কৰা৷

৯)উফিৰ চিকিৎসা৷

১০)সোনকালে ঘাঁ শুকোৱাত সহায় কৰা৷

১১)কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা৷

লবলগীয়া সতৰ্কতা

ষ্টেভিয়া ব্যৱহাৰ কৰা লোকসকলে অন্যান্য অসুখৰ চিকিৎসা লওঁতে নিজৰ চিকিৎসকৰ লগত আলোচনা কৰি সেইমতে দৰব গ্ৰহণ কৰা উচিত৷ কিয়নো কিছুমান দৰব (যেনে ৰক্তচাপ কমোৱা কেলচিয়াম চেনেল ব্লকাৰ, এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, এন্টিভাইৰেল, এন্টি কেঞ্চাৰ, ক'লেষ্টৰল হ্ৰাস কৰা দৰব, ফাৰ্টিলিটি এজেন্ট)ৰ সৈতে Drug Interaction হব পাৰে৷

ব্যৱসায়িক দৃষ্টিভংগীৰে ষ্টেভিয়া খেতিৰ পৰ্য্যালোচনা

বিশ্বৰ বজাৰত ষ্টেভিয়াই দিনক দিনে ইয়াৰ স্থান উন্নত কৰি যাব ধৰিছে৷ ষ্টেভিয়াৰ এটি পুলিৰ মূল্য ৫টকা ধৰিলেও প্ৰতি একৰ মাটিত ৫০হেজাৰ পুলি ৰোপন কৰি বাৰ্ষিক ২ৰ পৰা ৫লাখ টকা উপাৰ্জন কৰিব পাৰি৷ প্ৰতি কেজি শুকান ষ্টেভিয়াৰ পাতৰ মূল্য বজাৰ ভেদে ২০০ৰ পৰা ৫০০টকাৰ ভিতৰত৷ আজিকালি মিঠাই, আইচক্ৰিম, শীতল পানীয়, বিস্কুট, বেকাৰীৰ কেক আৰু অন্যান্য খাদ্য পদাৰ্থত চেনি বা কৃত্ৰিম স্বাদৰ পৰিবৰ্তে এই প্ৰাকৃতিক সোৱাদযুক্ত কৰাৰ দিন বাঢ়ি আহিব ধৰিছে৷ (উপৰুক্ত কথাখিনিত তথ্যগত বিসংগতি থাকিলে অভিজ্ঞলোকে শুধৰাই দিয়ে যেন৷)

সকলোৰে জ্ঞাতাৰ্থে:-

ষ্টেভিয়াৰ পুলি, শুকান পাত আৰু খেতিৰ বিষয়ে বিতংকৈ জানিবলৈ সম্পৰ্ক কৰক:

১)৬০০১৪৬০০৮৪ - নম্বৰত সোণধন ডেকাৰ সৈতে কথা পাতক৷

২)আইতাৰ আখল, পাঠশালা - ভ্ৰাম্যভাষ 9101453659, 8638119949

৩)পংকজ কলিতা যোগাযোগ- +৯১ ৯০৮৫৫ ৭৮৪০৮

মোখনিত পাঠকসকলক এটা কথা জনাব খোজোঁ যে বজাৰৰ পৰা ষ্টেভিয়া সংগ্ৰহ কৰোতে পোনতেই শুকান পাতহে পচন্দ কৰিব৷ ষ্টেভিয়াৰ প্ৰচেচড পাউদাৰ বা টেবলেটত একেই গুণমান আশা নকৰিব৷

লেখক: ডা° ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং -৯৭৪৩৩৭৩৮৭২২

4.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top