মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ষ্ট্ৰ’কৰ পৰা ৰক্ষা পোৱাৰ এক অন্যতম উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্ট্ৰ’কৰ পৰা ৰক্ষা পোৱাৰ এক অন্যতম উপায়

ষ্ট্ৰ’কৰ পৰা ৰক্ষা পোৱাৰ এক অন্যতম উপায় লিখা হৈছে

 

থ্ৰ্ম্ব’লাইটিক থেৰাপী

 

ইস্কিমিক ষ্ট্ৰ’কৰ লক্ষণ দেখা দিয়াৰ পৰা ৩ ৰ পৰা ৪.৫ ঘণ্টাৰ ভিতৰত ৰোগী চিকিৎসালয় আহি পালে ইণ্ট্ৰাভেনাছ ৰিকম্বিনেণ্ট টিছ্যু প্লাজমিনোজেন এক্সিভেটৰৰ দ্বাৰা ৰোগীক থ্ৰোম্বোলাইছিছ কৰিব পৰা যায়।ষ্ট্ৰ’কৰ এয়া এক অগ্ৰণী চিকিৎসা,১৯৯৬ চনত ইউ এছ ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেচনে এই দৰববিধৰ প্ৰয়োগ বৈধ বুলি ঘোষণা কৰে।

আকস্মিক ষ্ট্ৰ’কৰ বা একিউট ষ্ট্ৰ’কৰ চিকিৎসাত থ্ৰোম্বোলাইটিক থেৰাপীৰ যুক্তিযুক্ততা দুটা প্ৰধান কাৰকৰ ওপৰত নিৰ্ভৰশীল।

১/ইস্কিমিক ষ্ট্ৰ’কৰ এক বৃহৎ সংখ্যা তেজৰ নলীৰ পথ থ্ৰ’ম্বাছ অথবা থ্ৰ’ম্ব’ এম্ব’লাছে ৰোধ কৰাৰ ফলত সংঘটিত হয়।এনে ৰোগীৰ ক্ষেত্ৰত লক্ষণ দেখা দিয়াৰ পৰা ৬ ঘণ্টাৰ ভিতৰত কৰা এঞ্জিঅ’প্ৰাফী পৰীক্ষাত প্ৰায় ৮০ শতাংশতেই তেজৰ নলী ৰোধ হোৱা বুলি প্ৰমাণিত হৈছে।

২/দ্বিতীয়তে,মগজুৰ কোষৰ অক্সিজেনহীনতাৰ অৱস্থা বা ইস্কিমিয়াৰ পৰিমাণ আৰু স্থিতি দেখা দিয়া ইনফাৰ্ক্সনৰ আকাৰ আৰু ভয়াৱহতাও প্ৰত্যক্ষভাৱে প্ৰতিফলিত হয়।সেয়েহে যিমানেই শীঘ্ৰতাৰে থ্ৰোম্বোলাইটিকৰ প্ৰয়োগৰ দ্বাৰা তেজৰ নলীৰ ৰোধ মুকলি কৰিব পৰা যায় সিমানেই চিকিৎসা ফলপ্ৰসু হয়।

৬কৰ সম্ভাব্য বিপদকাৰক (ৰিস্ক ফেক্টৰছ)

 

অপৰিৱৰ্তিত বিপদকাৰক (Non modifiable risk factor):

বয়স:৫৫ বছৰৰ ঊৰ্ধ্বৰ লোকত প্ৰতি দশকৰ অন্তৰে অন্তৰে ষ্ট্ৰ’কৰ সম্ভাৱনা দুগুণলৈ বৃদ্ধি পায়।

লিংগ:মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত ২৪ ৰ পৰা ৩০ শতাংশ ষ্ট্ৰ’কৰ সম্ভাৱনা বেছি।

জাতি-গোষ্ঠী:আফ্ৰিকান আৰু আমেৰিকানৰ ক্ষেত্ৰত ২.৪ গুণ বেছি।

হিস্পানিক্সত ২.০ গুণ বেছি।

চীন দেশৰ লোকৰ মাজত ষ্ট্ৰ’কৰ সংঘটনা বেছি।

পৰিৱৰ্তিত বিপদকাৰক (Modifiable risk factor):উচ্চ ৰক্তচাপ :এয়া ষ্ট্ৰ’কৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যাত দেখা দিয়া এক বিপদকাৰক।ৰক্তচাপ বৃদ্ধি আৰু সেই অনুসাৰে ষ্ট্ৰ’ক সংঘটনৰ ক্ষেত্ৰত প্ৰত্যক্ষ সম্পৰ্ক পৰিলক্ষিত হৈছে।

১/ৰক্তচাপ>১৬০/৯০ মি: মি: মাৰ্কাৰী:পুৰুষ ৩.১,মহিলা ২.৯

২/উচিতভাৱে ৰক্তচাপ নিয়ন্ত্ৰণৰ দ্বাৰা পুৰুষৰ ক্ষেত্ৰত ৫৬ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ৬৬ শতাংশত ষ্ট্ৰ’কৰ হাৰ কমাব পৰা যায়।

৩/শতকৰা ৬০ ভাগ ষ্ট্ৰ’ক আক্ৰান্ত লোকৰ চাপ (systolic)১৬০ তকৈ বেছি হোৱা দেখা গৈছে।

৪)কেৱল ছিষ্টোলিক উচ্চ ৰক্তচাপ (আইছোলেটেড ছিসটোলিক হাইপাৰটেনছন)ৰ ক্ষেত্ৰত ষ্ট্ৰ’ক আৰু ট্ৰেঞ্জিয়েণ্ট ইস্কিমিক এটেকৰ হাৰ ৪২ শতাংশ বৃদ্ধি পায়।

মধুমেহ ৰোগ

 

ধমনীৰ ৰক্ত চলাচলত ব্যাহত হৈ সংঘটিত হোৱা ষ্ট্ৰ’ক (ischaemic stroke)ৰ উৎপত্তিত মধুমেহ ৰোগৰ বিশেষ ভুমিকা দেখা যায়।সংঘটনা আৰু মৃত্যুৰ আপেক্ষিক বিপদ (relative risk)ক্ৰমানুসাৰে ২ ৰ পৰা ৫।

ধুম্ৰপান:ধুম্ৰপান আৰু ধঁপাত সেৱনকাৰীসকলৰ মাজত গড়  অনুযায়ী শতকৰা ২৫ জনৰ মাজত সকলো প্ৰকাৰৰ ষ্ট্ৰ’কৰ প্ৰৱণতা প্ৰায় ১.৫ গুণ বেছি।আনহাতে ইস্কিমিক ষ্ট্ৰ’কৰ প্ৰৱণতা ১.৯ গুণ আৰু ছাবএৰেকনইড হিমোৰেজৰ প্ৰৱণতা প্ৰায় ২.৯ গুণ বেছি।কম বয়সীয়া ৰোগী,মহিলা আৰু কেৰোটিড আৰ্টাৰী ষ্টেনেছিছ ৰোগীৰ ক্ষেত্ৰত ইয়াৰ বিপদ আৰু বৰ্ধিত হাৰত দেখা যায়।পৰোক্ষ ধুম্ৰপানো (passive smoking)ষ্ট্ৰ’কৰ বাবে দায়ী।ধুম্ৰপান নকৰা লোক আৰু পৰিৱেশৰ পৰা ধঁপাতৰ সংশ্ৰৱত অহা লোকৰ ক্ষেত্ৰত এই বিপদ প্ৰায় ১.৬ গুণ বৃদ্ধি পায়।

হৃদৰোগ:এট্ৰিয়েল ফিব্ৰিলেছন (atrial fibrillation)ত ষ্ট্ৰ’কৰ হাৰ খুবেই বেছি।ষ্ট্ৰ’কৰ বাবে দায়ী অন্যান্য হৃদযন্ত্ৰৰ ৰোগসমুহ হ’ল-হৃদযন্ত্ৰৰ ধমনীৰ বিকৃতি (Coronary artery disease)৮.১ ৰ পৰা ১২ শতাংশ,হৃদ কপাটৰ বিকৃতি (valvular heart disease),অক্সিজেনৰ অভাৱত হৃদকোষৰ বিকৃতি (myocardial infarction),প্ৰকাশ্য ফ’ৰামেন অ’ভেল (patent foremen oval),কঞ্জেষ্টিভ হাৰ্ট ফেইলাৰ,আওৰ্টিক আৰ্চ এথেৰোস্ক্লেৰোছিছ এণ্ট্ৰিয়েল ছেপ্টেল এন্যুৰিজম ইত্যাদি।

মেদ বৃদ্ধি (Hyperlipidaemia)

কলেষ্টেৰল আৰু এল ডি এল বৃদ্ধিৰ ক্ষেত্ৰত ষ্ট্ৰ’কৰ আপেক্ষিক বিপদ প্ৰায় ১.৪ গুণ বৰ্ধিত হয়।শৰীৰৰ উচ্চ কলেষ্টেৰলৰ মাত্ৰাই কেৰোটিড এথেৰোস্ক্লেৰোছিছৰ সম্ভাৱনা বৃদ্ধি কৰে।আনহাতে এইচ ডি এলৰ এক ৰক্ষণমুলক ভুমিকা দেখা যায়।

সাম্প্ৰতিক তথ্য অনুসৰি শৰীৰৰ বৰ্ধিত কলেষ্টেৰলৰ মাত্ৰা আৰু ইস্কিমিক ষ্ট্ৰ’কৰ মাজত ব্যাপক সম্পৰ্ক পৰিলক্ষিত হৈছে।যদিওৱা নিম্ন কলেষ্টেৰলৰ লগত ৰক্তক্ষৰণজনিত ষ্ট্ৰ’কহে জড়িত হৈ থাকিব পাৰে।

স্থুলতা/মেদবহুলতা (Obesity):ষ্ট্ৰ’কৰ অন্য এক কাৰক,মধ্যবয়সীয়া লোকৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ দুগুণে বৃদ্ধি পায়।উচ্চ ৰক্তচাপ,মধুমেহ,কলেষ্টেৰল বৃদ্ধি ইত্যাদি সংযোজিত থাকিলে এই বিপদ আৰু বৃদ্ধি পোৱা দেখা যায়।

মদ্যপান:ৰক্তক্ষৰণজনিত ষ্ট্ৰ’কৰ লগত এক প্ৰত্যক্ষ সম্পৰ্ক পৰিলক্ষিত হয় (আপেক্ষিক বিপদৰ হাৰ ছাবএৰেকনইড ব্লিড;৬,মস্তিষ্কৰ প্ৰাথমিক ৰক্তক্ষৰণ:৪)

আহাৰজনিত (ডায়েটৰী ফেক্টৰ):অত্যধিক তৈলযুক্ত আহাৰ গ্ৰহণে কৰ’নেৰী হৃদৰোগী আৰু ষ্ট্ৰ’ক দুবিধৰেই সম্ভাৱনা বৃদ্ধি কৰে।বংশগত বা পৰিৱেশক্ৰমে কেতিয়াবা শৰীৰত হোমোচিষ্টিন নামৰ প্ৰ’টিনবিধৰ পৰিমাণ বৃদ্ধি পায়,যাৰ ফলত অকালতে তেজৰ নলীত চৰ্বি জমা হয় (এথেৰোস্ক্লেৰোছিছ)আৰু ষ্ট্ৰ’কৰ প্ৰৱণতা বৃদ্ধি হয়।এনে ক্ষেত্ৰত সাধাৰণতে শৰীৰত ফ’লেট,ভিটামিন-বি১২ আৰু ভিটামি ন-বি৬ ৰ হাৰ নিম্নগামী হোৱা দেখা যায়।

লেখক:ডা: মানস ঘোষ (জি এনআৰচি স্বাস্থ্য)

3.05882352941
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top