মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ষ্ট্ৰ’কৰ পৰা ৰক্ষা পোৱাৰ এক অন্যতম উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্ট্ৰ’কৰ পৰা ৰক্ষা পোৱাৰ এক অন্যতম উপায় :

ষ্ট্ৰ’কৰ পৰা ৰক্ষা পোৱাৰ এক অন্যতম উপায়ৰ বিষয়ে লিখা হৈছে ।

 

এক্যুট ষ্ট্ৰ’কৰ জটিলতা -

১) ইনফেকচন।

২) ডি ভি টি আৰু পালমোনেৰী এম্বোলিজম।

৩)ভাৰসাম্য হেৰুৱাই পৰি যোৱা।

৪) স্পাষ্টিচিটী।

৫) চিজাৰছ বা পোষ্ট ষ্ট্ৰ’ক এপিলেন্সী (মৃগী ৰোগ)

৬)মুড ডিছঅৰ্ডাৰ-হতাশাত ভোগা।

৭)সঘনাই দেখা কান্ধস্থলৰ পীড়া।

৮) ডিকণ্ডিচনিং আৰু ফেটিপ।

এক্যুটি ষ্ট্ৰ’কৰ প্ৰথম ৪৮ ঘণ্টাৰ পিছত দেখা দিয়া জ্বৰৰ প্ৰধান কাৰণ হৈছে- নিউমোনিয়া। ৬০ শতাংশ ক্ষেত্ৰতেই এস্পিৰেচনৰ ফলস্বৰুপে ই দেখা দিয়ে। গতিকে ৰোগীৰ গিলিব পৰা সামৰ্থ্য পৰীক্ষা নকৰাকৈ মুখেৰে খাদ্য খাবলৈ দিয়া অনুচিত। ৰোগীৰ বিছনাৰ মুৰৰ ফালটো উঠাই সহায়কাৰীৰ দ্বাৰা ৰোগীক ফিডিং দিয়া উচিত। ৰোগীয়ে নিজে খাদ্য খাব পাৰিলে বহাই খাবলৈ দিয়া উচিত।

ষ্ট্ৰ’ক ৰোগীৰ ১১ ৰ পৰা ১৫ শতাংশত প্ৰস্ৰাৱৰ নলীৰ ইনফেকচন দেখা যায়। ৰোগীক হাস্পতালত ভৰ্তি কৰোৱাৰ ৫ ৰ পৰা ৭ দিনৰ ভিতৰত সাধাৰণতেই ই দেখা দিয়ে। ষ্ট্ৰ’কৰ পিছতো ৩ মাহ পৰ্যন্ত ই দেখা দিব পাৰে। ইনড্যুৱেলিং কেথেটাৰ য’ত শীঘ্ৰে পাৰি আঁতৰোৱা উচিত আৰু সাময়িকভাৱে কেথেটেৰাইজেচনৰ ব্যৱস্থা কৰীনফেকচনৰ বিপদ কমাব পৰা যায়।

পতন -

ষ্ট্ৰ’কক্ৰান্ত ৰোগীৰ পৰি যোৱাৰ ঘটনা খুব বেছি, যাৰ ফলস্বৰুপে হিপ ফ্ৰেকচাৰৰো বলি হ’বলগীয়া হয়। সেয়েহে হাস্পতালৰ পৰা ডিচাৰ্জ হোৱাৰ পিছত ষ্ট্ৰ’ক ৰোগীয়ে যাতে চৰণ অনুশীলন, বেলেগ এক্সচাৰ্জড প্ৰ’গ্ৰেমত অন্তৰ্ভুক্ত হয় সেয়া নিশ্চিত কৰা উচিত।

চিজাৰ (মৃগী ৰোগ) -

হিমোৰেজিক ট্ৰেন্সফৰ্মেচন হোৱা ষ্ট্ৰ’ক ৰোগীৰ ক্ষেত্ৰত মৃগী ৰোগৰ সংঘটনা বেছি। হেমিস্ফেৰিক ইনফাৰ্ক্ট বা হিমোৰেজিক ষ্ট্ৰ’কৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ প্ৰায় ৭০ শতাংশই মৃগীৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

হতাশা:

বেছিভাগ ক্ষেত্ৰতেই ষ্ট্ৰ’কৰ গুৰুতৰতা, প্ৰবল অক্ষমতা, জ্ঞান, বিবেচনা শক্তিৰ অৱনতি ইত্যাদিয়ে ষ্ট্ৰ’কৰ পৰৱৰ্তী পৰ্যায়ত ৰোগীৰ মনত হতাশাৰ সৃষ্টি কৰে। অৱসাদেও ষ্ট্ৰ’ক ৰোগীক অক্ষমতাৰ চিকাৰ কৰি তোলে। হতাশাবিহীনভাৱে দেখা দিয়া অৱসাদ দুৰ কৰা খুবেই কষ্টকৰ।

১) ষ্ট্ৰ’ক ৰোগীৰ ব্যৱস্থাপনাৰ এক গুৰুত্বপুৰ্ণ উপাদান হৈছে ৰিহেবিলিটেচন।

২)সফল  ৰিহেবিলিটেচনৰ বাবে এক যৌগিক প্ৰচেষ্টাৰ খুবেই দৰকাৰ।

ৰোগীৰ অৱস্থা সুস্থিৰ হোৱা মাত্ৰকেই ৰিহেবিলিটেচন আৰম্ভ কৰা উচিত।

ৰোগী আৰু ৰোগীৰ পৰিয়ালক ষ্ট্ৰ’ক আৰু ইয়াৰ পৰিণতিৰ বিষয়ে অৱগত কৰাটো খুবেই জৰুৰী। উদাহৰণস্বৰুপে- ষ্ট্ৰ’কৰ দ্বাৰা হ’ব পৰা নিউৰ’লজিকেল বিসংগতিসমুহৰ কথা পৰিয়ালৰ লোকক জনোৱা উচিত।

ফিজিকেল থেৰাপীৰ ভিতৰত তলত উল্লেখ কৰা ক্ৰিয়সমুহ অন্তৰ্ভুক্ত -

-ম’বিলাইজেচন

-চলনৰ প্ৰশিক্ষণ

-হাত-ভৰিৰ মটৰ আৰু ছেন্সৰী বিকলতা ৰোধ কৰাৰ প্ৰচেষ্টা

-যাৱতীয় সঁজুলি, যেনে-স্প্লিণ্ট, কেন, ৱাকাৰ ইত্যাদিৰ নিৰ্দেশ।

স্পীচ পেথ’লজিষ্টৰ ভুমিকা হ’ল -

-ভাষাৰ বিসংগতি বা কথা বুজি পোৱাৰ সামৰ্থ্য উন্নীতকৰণ।

-মাতৰ অস্পষ্টতাৰ উন্নতি

-খাদ্যবস্তু গিলাৰ সামৰ্থ্যৰ উন্নতি

অক্যুপেচনেল থেৰাপিষ্টে নিম্নলিখিত সমস্যাসমুহত গুৰুত্ব প্ৰদান কৰে -

-হাতৰ সুক্ষ্ম চাল-চলনৰ উন্নতি

-বাহুৰ কৰ্মৰ উন্নৰ্তি

-আচবাব, যেনে-ডিনাৰ ফৰ্ক, স্পুন ইত্যাদি ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা।

-সহায়ক সঁজুলি, যেনে-স্পিণ্ট ইত্যাদি ব্যৱহাৰৰ নিৰ্দেশ। ৰোগীৰ থকা ঠাইৰ পৰিৱৰ্তন, যেনে-কোৱাৰ্টাৰৰ পৰা ৰোগীক ঘৰলৈ ওভতাই লৈ অহা উচিত। ৰোগীৰ সুবিধাৰ বাবে ঘৰত কিছুমান সালসলনিৰ দৰকাৰ হ’ব পাৰে, যেনে-

*টয়লেট

*বাথ ছাৱাৰ

*মজিয়াৰ কাৰ্পেট

*ৰান্ধনিঘৰ

*ছিৰি

*উজুটি খাই পৰাৰ বিপদ দুৰ কৰা (যেনে-ইলেক্ট্ৰিক তাঁৰ, পিছল মজিয়া ইত্যাদি।

লেখক: ডা: মানস ঘোষ (জি এনআৰচি স্বাস্থ্য)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top