মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সংগীত বা মিউজিক থেৰাপী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংগীত বা মিউজিক থেৰাপী :

সংগীত বা মিউজিক থেৰাপীৰ বিষয়ে লিখা হৈছে ।

 

বিভিন্ন ধৰণৰ অৰ্থৱহ শব্দই বিভিন্ন আৱেগেৰে উচ্চাৰিত হ’লে এই তৰংগায়িত শব্দই মানৱ শৰীৰত বিশেষভাৱে ক্ৰিয়া কৰে৷ এই শব্দ ধ্বনিয়ে যাদুকৰী শক্তিৰে মানৱ হৃদয়ত বিভিন্ন অনুভূতিৰ সৃষ্টি কৰে আৰু গম নোপোৱাকৈ মগজুতো বিশেষধৰণে ক্ৰিয়া কৰে৷ সেয়েহে কোৱা হয় শব্দই ব্ৰহ্ম৷ সঁচাকৈয়ে শব্দৰ মহিমা অপাৰ আৰু ইয়াৰ শক্তি অপৰিসীম৷ অতি প্ৰাচীন কালৰে পৰাই বিশ্বৰ প্ৰায় সকলো ধৰ্মতে ভগৱান, আল্লাৰ নাম লিখিত বিভিন্ন মন্ত্ৰ শ্লোক বা প্ৰাৰ্থনাৰ দ্বাৰা ৰোগ উপশমৰ প্ৰচেষ্টা চলি আছে৷ জনবিশ্বাস যে ভগৱানৰ আশীষপুষ্ট বিভিন্ন প্ৰাৰ্থনাৰ দ্বাৰা শৰীৰৰ ৰোগ, শোক, জৰা ব্যাধিৰ পৰা মুক্ত হ’ব পাৰি৷ আমাৰ অসম তথা ভাৰততো সৰ্বশক্তিমান ভগৱানৰ নামত বিভিন্ন গীত-মাত আদি চলি আহিছে, যাৰ দ্বাৰা আমাৰ চেতন, অৱচেতন মনৰ পৰা ভয়-শংকা আঁতৰাই ৰোগীয়ে এক ভক্তিমূলক পৰিৱেশত উপৱিস্ত হ’ব পাৰে৷ অসমত কীৰ্তন, নামঘোষা আদিৰ পৰা নাম, পদ, প্ৰাৰ্থনা, কোৰান পাঠ আদি চলি আহিছে যাৰদ্বাৰা শৰীৰ-মন পৱিত্ৰ হয়, বিয়োগাত্মক চিন্তাৰ পৰা মুক্ত হৈ সুস্থ শৰীৰে থাকিব পাৰি, ৰোগ নিৰাময় হয়৷

বৈদিক যুগৰে পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন ‘ৰাগ’ চিকিৎসাৰ বাবে ব্যৱহাৰ হৈ আহিছে৷ যোগ চৰ্চাৰ দ্বাৰা শৰীৰ আৰু মনৰ উৎকৰ্ষ সধাৰ উপৰি বিভিন্ন সংগীতৰ ৰাগো ইয়াৰ বাবে ব্যৱহাৰ হয়৷ এটা নিৰ্দিষ্ট সুৰ আৰু তালে তালে গোৱা ৰাগৰ লহৰত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ যেনে নিদ্ৰাহীনতা, স্নায়ুজনিত ৰোগ, মানসিক ৰোগ, মূৰ্চা যোৱা ৰোগ আদি প্ৰশমিত হয়৷ ডাঃ ব্ৰুনেলে সংৰক্ষণ কৰা ‘ৰাগ চিকিৎসা’ নামৰ লিপি এখন তানজোৰৰ সৰস্বতী মহল লাইব্ৰেৰীত এতিয়াও আছে৷

প্ৰাচীন গ্ৰীচৰ পাইথাগোৰাচ, প্লেটো, এৰিষ্ট’টল আদি দাৰ্শনিকে ৰোগৰ চিকিৎসাৰ বাবে সংগীতৰ ভূমিকা উনুকিয়াই গৈছে৷ আধুনিক চিকিৎসা শাস্ত্ৰৰ দিগদ্ৰস্তা হিপোক্ৰেটিছে ৰোগ নিৰাময়ৰ বাবে সংগীতৰ ব্যৱহাৰ কৰিছিল৷ পুৰণি ইজিপ্তত গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা উপশম কৰিবলৈ সংগীত ব্যৱহাৰ কৰিছিল৷ তুৰ্কো পাৰ্চীয়ান সংগীতজ্ঞ অল ফাৰাবীয়ে আত্মাৰ উৎকৰ্ষৰ বাবে সংগীতৰ অপৰিহাৰ্যতা আৰু ৰোগ নিৰাময়ত ব্যৱহাৰৰ বিষয়ে লিখি গৈছিল৷ সোতৰ শতিকাত ৰবাৰ্ট ব্ৰাউনে তেওঁৰ গ্ৰন্থত মানসিক ৰোগৰ চিকিৎসাত সংগীত অপৰিহাৰ্য বুলি লিখি গৈছে৷

ইংলেণ্ডত প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আহত সৈনিকসকলৰ চিকিৎসাৰ সময়ত চিকিৎসালয়বোৰত সংগীতৰ প্ৰচলন কৰিছিল৷ পাশ্চাত্যত “নৰদফ্ ৰবিনছ্ মিউজিক থেৰাপী” নামৰ শিক্ষাৰ প্ৰচলন হয় প্ৰায় ৫০- ৬০ দশকত৷

প’ল নৰদফ্ আৰু ক্লাইভ ৰবিনছ্ এই দুজন বিশেষজ্ঞই বিশ্বাস কৰিছিল যে যিমানে ৰুগ্ন বিকলাংগ নহওক কিয় প্ৰত্যেক ব্যক্তিৰ ওপৰতে সংগীতে ক্ৰিয়া কৰে৷ ব্যক্তি এজনক সংগীতে শাৰীৰিক, মানসিক, বৌদ্ধিক দিশত উৎকৰ্ষ সাধন কৰাৰ উপৰি সকলোৰে লগত সৌৰ্হাদ্য ৰাখি সুখে-সন্তোষে সমাজত বাস কৰাৰ বাবে উৎসাহ যোগায়৷

ব্ৰিটেইনৰ ফৰাচী সংগীতজ্ঞ জুলিয়েট এলভিনে প্ৰায় ৬০-৭০ ৰ দশকত আধুনিক পদ্ধতিৰে মানৱ দেহৰ ৰোগৰ চিকিৎসাৰ বাবে সংগীতৰ ব্যৱহাৰ কৰিবলৈ ধৰে৷ তেওঁৰ ছাত্ৰ মেৰী প্ৰিষ্টলিয়ে “এনলাইটিকেল মিউজিক থেৰাপী” নামৰ সংগীত শিক্ষাৰ প্ৰচাৰ বিশ্বত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ এই থেৰাপীৰ ওপৰত কিতাপো ৰচনা কৰে আৰু আমেৰিকাত এনেদৰে এই থেৰাপীৰ ধাৰণাৰ প্ৰচলন হয়৷

ভাৰতবৰ্ষতো বৈজ্ঞানিক পদ্ধতিৰে মিউজিক থেৰাপীৰ প্ৰথম প্ৰচলন কৰে মধ্য প্ৰদেশৰ জব্বলপুৰৰ ভাস্কৰ খাণ্ডেকাৰে৷ অন্য এজন বিশিষ্ট সংগীতজ্ঞ আৰু চেতাৰবাদক ৰূপ বাৰ্মাই উত্তৰ ভাৰতত মিউজিক থেৰাপীৰ প্ৰচলন কৰে৷ নতুন দিল্লীক কেন্দ্ৰ কৰি ইয়াৰ ওচৰে পাজৰে প্ৰায় সাতখনমান মিউজিক থেৰাপীৰ অনুষ্ঠান গঢ় লৈ উঠিছে৷ এই অনুষ্ঠানবোৰে বিভিন্ন চিকিৎসালয়ৰ চিকিৎসকৰ সহযোগত সেৱা আগবঢ়াই আহিছে৷

বিশেষজ্ঞসকলে কয় যে সংগীতৰ তালে তালে মানুহৰ স্নায়ুতন্ত্ৰৰ উত্তেজনা কমি আহি লাহে লাহে মগজু শান্ত হয়৷ আনকি সংজ্ঞাহীন বা অৰ্ধ সংজ্ঞাহীন ৰোগীকো এই থেৰাপীৰ দ্বাৰা স্নায়ুতন্ত্ৰৰ সংবেদনশীলতা বা কাৰ্য্য ক্ষমতা বঢ়াবলৈ চেষ্টা কৰা হয়৷

সংগীতৰ আনন্দ, বিষাদ, প্ৰেম আদি বিভিন্ন অনুভূতিয়ে মানৱ শৰীৰৰ কোষবোৰত থকা বিশেষধৰণৰ জিনৰ ডি এন এ সক্ৰিয় আৰু সংবেদনশীল কৰি টিছু হৰমন নিঃসৰণ কৰে৷ সংগীতে সকলো দুঃচিন্তা দূৰ কৰি টোপনি অহাতো সহায় কৰে সেয়ে যিসকলে আগতে “চেডেটিভ” বা টোপনিৰ ঔষধ ব্যৱহাৰ কৰিছিল তেওঁলোকে সেই ঔষধ সংগীত থেৰাপীৰ পিছত ব্যৱহাৰ কৰিবলগীয়া নহয় বা তাৰ পৰিমাণ একেবাৰে কমি আহে৷

সংগীতে শৰীৰৰ মেটাবলিক একটিভিটি বঢ়ায় যাৰ বাবে উশাহ-নিশাহৰ হাৰ বাঢ়ে, আভ্যন্তৰীন টিছুৰস নিঃসৰণ বৃদ্ধি হয়, মাংসপেশীৰ ক্ষমতা বাঢ়ে, স্নায়ুতন্ত্ৰ আৰু হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে৷

সংগীত থেৰাপী দুই ধৰণৰ হ’ব পাৰে৷ প্ৰথম হ’ল সংগীত শুনা, যি সকলো ৰোগীৰ বাবে ব্যৱহাৰ হয়৷
দ্বিতীয় হ’ল সংগীত চৰ্চা৷ য’ত ৰোগীয়ে নিজে গান গোৱা বা বাদ্য যন্ত্ৰ বজোৱাত গুৰুত্ব দিয়ে৷ স্নায়বিক দুৰ্বলতাৰ বাবে দুৰ্বল হৈ যোৱা বিভিন্ন অংগৰ সঞ্চালনৰ বাবে আৰু কথা কোৱাৰ সমস্যা বা উচ্চাৰণৰ অসুবিধা থকা ৰোগী যেনে অ’টিজিম, হাইপাৰ এক্টিভ শিশুৰ ক্ষেত্ৰত এই থেৰাপী প্ৰযোজ্য৷

সংগীত থেৰাপী সাধাৰণতে পুৱা, গধূলি আৰু ৰাতি কৰা হয় আৰু প্ৰায় এঘণ্টাজুৰি মাজতে জিৰণি লৈ লৈ কৰা হয়৷ এতিয়া মৃগী ৰোগীসকলৰ বাবে ভাল খবৰ যে মোজাৰ্ট পিয়ানো চোনাটা K448 য়ে ৰোগীৰ মূৰ্চা যোৱা বা চেইজাৰৰ সংখ্যা বা সময় কমাব পাৰে৷ ইয়াক ’মোজাৰ্ট এফেক্ট’ বুলি কোৱা হয়৷ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণৰ লগতে স্মৃতিশক্তি লোপ পোৱা ৰোগ (এলজাইমাৰ) প্ৰতিৰোধতো এই থেৰাপী সহায়ক হয়৷

বিভিন্ন উত্তেজনাৰে ভৰা আধুনিক জীৱন প্ৰণালীৰ বাবে প্ৰত্যেকে দৈনিক বিছ মিনিটৰ এটা ‘ছাউণ্ডবাথ’ লোৱা প্ৰয়োজন৷ ‘ছাউণ্ডবাথ’ৰ বাবে মিউজিক চিষ্টেম ত নিজৰ প্ৰিয় সংগীত বজাই ৰাখি মজিয়াত দীঘল হৈ শুই থাকিব লাগে৷ প্ৰয়োজনত হেডফোন ব্যৱহাৰ কৰি সংগীতত মনোযোগ দিব লাগে আৰু উশাহ নিশাহত মনোনিবেশ কৰিব লাগে৷ লাহে লাহে সংগীতৰ লহৰে শৰীৰটো মূৰৰ পৰা ভৰিলৈ ঢৌৱাই দিব আৰু এনেদৰে কিছু সময় থকাৰ পিছত নিজকে সম্পূৰ্ণৰূপে সবল, সতেজ আৰু উদ্যমী অনুভৱ কৰিব পাৰি৷

সংগীত থেৰাপিষ্টে বিভিন্ন ৰোগৰ বাবে বিভিন্ন তাল, লয়, সুৰ আদিৰ সংগীত নিৰ্বাচন কৰি দিয়ে৷

অসমতো বৈজ্ঞানিক পদ্ধতিৰে চিকিৎসা শাস্ত্ৰত সংগীত প্ৰয়োগ কৰাটো এতিয়া অতি প্ৰয়োজন হৈ পৰিছে৷ এনেকৈয়ে মিউজিক থেৰাপীয়ে চিকিৎসাৰ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷

লেখক: ডাঃ বিজুলী গোস্বামী

2.75
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top