মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সকৰ্মক আৰু স্বাস্থ্যসন্মত বৃদ্ধ প্ৰাপ্তিৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সকৰ্মক আৰু স্বাস্থ্যসন্মত বৃদ্ধ প্ৰাপ্তিৰ প্ৰয়োজনীয়তা

সকৰ্মক আৰু স্বাস্থ্যসন্মত বৃদ্ধ প্ৰাপ্তিৰ প্ৰয়োজনীয়তা

বৃদ্ধ প্ৰাপ্তিক এক সময় সম্বধীয় ক্ৰিয়াত্মক প্ৰক্ৰিয়া হিচাপে অভিহিত কৰিব পাৰি। বৃদ্ধাৱস্থাত মানুহৰ স্বাস্থ্য ঠুনুকা হৈ পৰে আৰু যিকোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি হয় আৰু ইয়াৰ পৰিণামস্বৰুপে মৃত্যুক সাৱটি ল’ব লগা হয়।। বৃদ্ধ প্ৰাপ্তিৰ সন্দৰ্ভত আমাৰ সকলোৰে কৰ্তব্য—‘প্ৰতিবন্ধকতাক অবৰোধ কৰা আৰু অপৰিহাৰ্য পৰিণামক বিলম্ব কৰা’

বৰ্তমান সকলোতকৈ ডাঙৰ সামাজিক পৰিৱৰ্তন হৈছে জনসংখ্যাৰ বৃদ্ধি প্ৰাপ্তি পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখা যায় যে ১৯৮০ চনৰ পিছত ৬০ বছৰৰ ওপৰৰ বৃদ্ধ লোকৰ স্ংখ্যা দুগুণ বৃদ্ধি হৈছে আৰু পূৰ্বানুমান অনুযায়ী অহা ২০৫০ চনত ৮০ বছৰৰ ওপৰৰ বৃদ্ধ লোকৰ স্ংখ্যা সমগ্ৰ বিশ্বতে চাৰিগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

২০৫০ চনত এই বৃদ্ধ লোকৰ সংখ্যা ১৪ বছৰৰ তলৰ শিশুতকৈ বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে পূৰ্বানুমান কৰিছে। ভাৰতবৰ্ষত ২০০১ চনৰ লোকপিয়ল অনুসৰি ৬০ বছৰৰ উৰ্দ্ধৰ লোকৰ সংখ্যা মুঠ ৭.৮ শতাংশ অছিল যদিও ২০৫০ চনত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ১৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী অসমৰ বৰ্ধিত জনস্ংখ্যাৰ ৭.২ শতাংশ লোক ৬০ বছৰ উৰ্দ্ধৰ বুলি চিনাক্ত কৰা হৈছে। এই বৰ্দ্ধিত বৃদ্ধ লোকৰ জনস্ংখ্যাৰ মূল কাৰণ হৈছে জীৱনকালৰ সময় বৃদ্ধি আৰু সন্তানোৎপাদিত ক্ষমতা হ্ৰাস। ভাৰতবৰ্ষত প্ৰায় ৭৫ শতাংশতকৈয়ো বেছি বয়োজেষ্ঠ্য লোক গ্ৰামাঞ্চলত বাস কৰে আৰু আমাৰ ৰাজ্যখনো তাৰ ব্যতিক্ৰম নহয়। এনে বৰ্দ্ধিত বৃদ্ধ লোকৰ জনসংখ্যাক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলেও ইয়াক সমাজৰ বোজা হিচাপে গণ্য কৰা উচিত নহয়। এনে লোকসকলক এক ৰাষ্ট্ৰীয় সম্পদ ৰুপে চিহ্নিত কৰি তেওঁলোকক এক সম্পূৰ্ণ, সুশোভিত আৰু ফলোৎপাদক জীৱন প্ৰণালী নিৰ্বাহ কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকে যৎপৰোনাস্তি চেষ্টা কৰাৰ সময় আহি পৰিছে। এনে কৰিলে তেওঁলোকে বৰ্তমান পৃথিৱীখনৰ চাৰিওফালে ঘটি থকা ঘটনাসমূহৰ লগত স্ংযোজিত হৈ থাকিব আৰু পৰিয়াল তথা সমাজৰ লোকসকলৰ লগত সুমধুৰ সম্পৰ্কৰে জীয়াই থাকিবলৈ সক্ষম হ’ব।

উপৰোক্ত ধনাত্মক ধাৰাণা বা আদৰ্শ বাস্তৱত ৰুপায়িত কৰিবলৈ হ’লে বৃদ্ধ লোকসকলৰ শাৰীৰিক, মানসিক অৰু আধ্যাত্মিক দিশত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। এই মহান উদ্দেশ্য আগত ৰাখি বিশ্ব স্বাস্থ্য স্ংস্থাই ২০১২ চনত বয়োজেষ্ঠ্য লোকসকলৰ স্বাস্থ্য যতনৰ ওপৰত মুখ্য গুৰুত্ব আৰোপ কৰিছে আৰু এই সম্পূৰ্ণ বছৰটো বয়োজেষ্ঠ্য লোকসকলক এক স্বাস্থ্যসন্মত আৰু সকৰ্মক বৃদ্ধ প্ৰাপ্তিৰ বাবে উদগনি জনাবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকসকললৈ আহ্বান জনাইছিল। বিশ্ব স্বাস্থ্য স্ংস্থ্যাৰ এনে মহৎ পদক্ষেপৰ মূল বিশিষ্ট সাংকেতিক উক্তি হৈছে—‘জীৱনত পুনৰ অধিক বছৰ স্ংযোজন কৰাতকৈ আয়ুসত প্ৰাণোচ্চল আৰু স্বাস্থ্যসন্মত জীৱন স্ংযোজন কৰা।

ক্ৰমবৰ্দ্ধমান জনস্ংখ্যাৰ পৰিৱৰ্তনৰ বাবে সমাজ তথা চৰকাৰৰ ওপৰত নতুন নতুন প্ৰত্যাহ্বান দেখা দিছে, যেনে—অসমৰ্থ জীৱন ধাৰণ কৰা লোকৰ স্ংখ্যা বৃদ্ধি হৈছে, চিৰকালিক অস্ংক্ৰমিত ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশ্ংকা বৃদ্ধি হৈছে, বহুদিনীয়া স্বাস্থ্যৰ যতনৰ প্ৰয়োজন হৈছে আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ স্ংখ্যা বৃদ্ধি পাইছে। সামাজিক অধ্যয়ন তথা বিশ্লেষণৰ দ্বাৰা দেখা গৈছে যে বিশ্বৰ প্ৰায়ভাগ দেশতেই বয়োজেষ্ঠ্য লোকসকল দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ এক যন্ত্ৰণাময় জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। আনহাতে যিকোনো আপাতকালীন পৰিস্থিতিত এই লোকসকলৰ জীৱন সবাতোকৈ স্ংকটপূৰ্ণ হোৱা দেখা যায়।

বৃদ্ধ লোকসকলৰ এনেবোৰ সমস্যাৰ প্ৰতি সতৰ্ক দৃষ্টি প্ৰয়োগ কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অলপতে বৃদ্ধ লোকৰ স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবে এক ৰাষ্ট্ৰীয় আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। ‘বয়োজেষ্ঠ্য লোকৰ স্বাস্থ্যৰ যতনৰ ৰাষ্ট্ৰীয় আচনি’ নামকৰণেৰে এই অভিলাষী আঁচনিখন দেশৰ প্ৰায় ২১ খন ৰাজ্যৰ মুঠ ১০০ জিলাত ৰুপায়ণ কৰিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে। পোনপ্ৰথমে অসমৰ প্ৰায় পাঁচখন জিলা, যেনে—কামৰুপ (গ্ৰাম্য), যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাক এই আঁচনিৰ অন্তৰ্গত সামৰি লোৱা হৈছে।

বয়োজেষ্ঠ্য লোকসকলৰ স্বাস্থ্যৰ যতনৰ ৰাষ্ট্ৰীয় আঁচনিৰ মূল লক্ষ্য হৈছে—

সকলো বয়োজেষ্ঠ্য মহিলা তথা পুৰুষসকলৰ বাবে প্ৰতিবন্ধক, উৎকৰ্ষ সাধন, ৰোগ নিবাৰক আৰু লঘুকৰণ যত্নৰ সেৱা সহজলভ্য কৰা, সমাজভিত্তিক বুনিয়াদী স্বাস্থ্যৰ যতনৰ সু-ব্যৱহাৰ, চিকিৎসা বৃত্তি আৰু স্বাস্থ্য বিভাগৰ সকলো বৃত্তিধাৰী লোকৰ ধাৰণ শক্তি বৃদ্ধি কৰা, প্ৰয়োজন সাপেক্ষে ৰুগীয়া বৃদ্ধ লোকসকলক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত তথা চিকিৎসা মহাবিদ্যালয়ৰ দৰে উচ্চ চিকিৎসা প্ৰতিষ্ঠানলৈ তাৎক্ষণিক প্ৰেৰণ কৰাৰ ব্যৱস্থা তথা বৃদ্ধ লোকৰ বিশেষ চিকিৎসা বিভাগৰ অন্তৰ্গত মানৱ সম্পদৰ উৎকৰ্ষ সাধন কৰা।

ভাৰতবৰ্ষত চলোৱা বিভিন্ন বিশ্লেষণৰ দ্বাৰা প্ৰমাণ হৈছে যে বৃদ্ধ লোকসকল দুইবিধ চিকিৎসাৰ সমস্যাত ভোগে আৰু সেইবোৰ স্ংক্ৰামক বা অস্ংক্ৰামক ৰোগো হ’ব পাৰে। শৰীৰৰ ক্ৰিয়া-বিক্ৰিয়াত বিভিন্ন প্ৰকাৰৰ জটিলতাৰ সৃষ্টি হোৱা বাবে বয়সস্থ লোকসকল সহজতে পিচলি পৰে আৰু কঁকাল ভগাৰ ফলত তেওঁলোকে পুনৰ খোজ কাঢ়িবলৈ সক্ষম নহয়। এনেদৰে পিছলি পৰাৰ মুখ্য ভয়াবহ উপাদান হ’ল শক্তি হ্ৰাস পোৱা, চিকিৎকে দিয়াতকৈ অধিক ঔষধ সেৱণ কৰা আৰু মাংসপেশীৰ দুৰ্বলতা। আনহাতে বাৰ্দ্ধক্য অৱস্থাত বহুমূত্ৰ বা মধুমেহ ৰোগীসকলৰ মাজত বিভিন্ন জটিলতাই দেখা দিয়ে আৰু এই জটিল সমস্যাসমূহ নিয়ন্ত্ৰণত নাৰাখিলে জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে।

ডা: কবিতা বৰুৱা বৰ্মন, অসমীয়া প্ৰতিদিন

3.0652173913
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top