মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সতেজ শাক-পাচলি আৰু আমাৰ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সতেজ শাক-পাচলি আৰু আমাৰ স্বাস্থ্য

সতেজ শাক-পাচলি আৰু আমাৰ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

সতেজ শাক-পাচলিত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো উপাদানেই সন্নিৱিষ্ট হৈ থাকে।

  • প্ৰ’টিন,
  • খনিজ পদাৰ্থ,
  • লৌহ জাতীয় পদাৰ্থ আৰু বিভিন্ন ধৰণৰ খাদ্যপ্ৰাণ আদি বহুল পৰিমাণে পোৱা যায়।

ই আমাৰ শৰীৰ সুস্থ-সবল কৰাৰ উপৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম কৰে। বহু শাক-পাতে আমাৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি আৰু তেজ শোধন কৰাৰ বাবে সহায় কৰে।

পৰিশোধিত তেজে ছালৰ উজ্জ্বলতা বঢ়োৱাতো সক্ৰিয় ভূমিকা লয়। গতিকে আমাৰ চৌপাশে সহজতে পাব পৰা বিভিন্ন শাক-পাতে কেনেদৰে আমাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে, তাৰে চমুকৈ আলোচনা কৰোঁ আহক-

  • মানিমুনি,
  • টেঙেচি,
  • মিথি শাক,
  • পালেং শাক,
  • জিলমিল শাক আদিয়ে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

ব্ৰাহ্মী শাক আমাৰ স্নায়ুবল বৃদ্ধি আৰু স্মৰণ শক্তি অটুট ৰখাৰ মহৌষধ। আমাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে লৌহ জাতীয় পদাৰ্থ থকা পাচলি খোৱাৰ নিতান্ত প্ৰয়োজন। এই লৌহ জাতীয় পদাৰ্থ-

  • কলডিল,
  • পচলা,
  • ক’লা কচু,
  • পুৰাকল,
  • চজিনা,
  • মৰিচা শাক,
  • আমলখি,
  • শিলিখা,
  • বগৰী,
  • খেজুৰ,
  • ভেণ্ডী,
  • গাজৰ,
  • কুঁহিয়াৰৰপৰা প্ৰস্তুত কৰা গুড়,
  • নহৰু,
  • জলফাই আদিত পোৱা যায়।

ই আমাৰ শৰীৰৰ ৰক্তহীনতা প্ৰতিৰোধ কৰে আৰু শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হোৱাত সহায় কৰে। এই পৰিশোধিত তেজে আমাৰ ছালখন ৰোগমুক্ত কৰাৰ উপৰি উজ্জ্বলতা বঢ়ায়।

সেইদৰে খাদ্যপ্ৰাণ ‘ক’ যথেষ্ট পৰিমাণে থকা-

  • গাজৰ,
  • ৰঙালাউ,
  • বীট,
  • পকা জলকীয়া,
  • মধুৰিআম,
  • পকা খেজুৰ,
  • ৰবাব টেঙা,
  • কমলা টেঙা,
  • ওলকবি,
  • পূৰৈ শাক,
  • চুকা শাক,
  • পদিনা,
  • কলমৌ শাক,
  • ছয়াবীন, আদি নিয়মীয়াকৈ খালে চকুৰ দৃষ্টিশক্তি অটুট থকাত সহায় কৰে।

আমাৰ শৰীৰটো সুস্থ কৰি ৰখাটোৱেই সকলোৰে প্ৰথম আৰু প্ৰধান দায়িত্ব। কাৰণ সুস্থ শৰীৰৰ দ্বাৰাহে সুস্থ মন পাব পাৰি। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ’লেহে প্ৰকৃত স্বাস্থ্যৱান বুলি ক’ব পাৰি।

লেখিকা: অপৰাজিতা ভূঞা(দৈনিক অসম)

জলকীয়াৰ গুণ -

জলকীয়াৰ বৈজ্ঞানিক নাম হৈছে ‘কেপছিকাম এনাম’(CAPSICUM ANNUM) আৰু ই ‘ছলানেছি’(SOLANACEAE) গোত্ৰৰ। ইয়াৰ ইংৰাজী নাম হৈছে ‘চিল্লি’ বা ৰেডপিপাৰ।

ইয়াৰ ফল প্ৰধানকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। কেঁচা অৱস্থাত এই হফলৰ ৰং সেউজীয়া আৰু পকা বা পূৰঠ অৱস্থাত ইয়াৰ ৰং উজ্জ্বল ৰঙা। জলকীয়াত ‘কেপছিচিন’(Capsaicin) নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থকা বাবেই ই জ্বলা প্ৰকৃতিৰ হয়। ৰন্ধনশালৰ ই এক অপৰিহাৰ্য উপাদান।

কম বয়সীয়া সৰু ল’ৰা-ছোৱালীৰ বাহিৰে কম-বেছি পৰিমাণে ই সকলোৰে প্ৰিয়। বিভিন্ন ব্যঞ্জনৰ ই এক অত্যাৱশ্যকীয় উপাদান।

প্ৰত্যেক ব্যক্তিয়ে পৰিমিতভাৱে ইয়াক আহাৰৰ সৈতে গ্ৰহণ কৰা উচিত। কিয়নো ইয়ে দেহৰ অংগ-প্ৰত্যংগক কিছু উত্তেজিত কৰি মানুহক গতিশীল কৰি তোলে। জলকীয়া জ্বলা প্ৰকৃতিৰ হ’লেও গুণত কিন্তু ই মিঠা।

ইয়াৰ অনেক ঔষধি গুণ আছে। ইয়াৰ সেৱনৰ দ্বাৰা মানুহৰ লেলাউতি আৰু পাচক ৰসৰ বৃদ্ধি ঘটি খাদ্য সোনকালে হজম কৰোৱাত সহায় কৰে। ই ৰুচিকাৰক আৰু ক্ষুধাবৰ্ধক।

জলকীয়াৰ বিভিন্ন গুণ -

কৰ্কট প্ৰতিৰোধী গুণ:

কেঁচা জলকীয়া(Green Chillies) এন্টি অক্সিডেন্টেৰে সমৃদ্ধ, যিয়ে দেহৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা ক্ষতিকাৰক অণু মুক্তমূলক বা ফ্ৰিৰেডিকেলচবোৰৰ ক্ষতিৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য ৰোগো প্ৰতিৰোধত সহায় কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীৰ পৰীক্ষাত প্ৰমাণিত হৈছে।

  • কেঁচা জলকীয়াই তেজৰ বৰ্দ্ধিত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ(Triglyceride) মাত্ৰা নিয়ন্ত্ৰিত কৰিব পাৰে।
  • জলকীয়াৰ জ্বলা ভাবটো(গুণটো) ‘কেপছাইচিন’(Capsaicin) নামৰ ৰাসায়নিক যৌগবিধৰ বাবে পোৱা যায়, যিয়ে আমাৰ জিভা উত্তেজিত কৰি পৰ্যাপ্ত পৰিমাণে লেলাৱটি ওলোৱাত সহায় কৰে আৰু লেলাৱটিত থকা পাচক ৰসে আহাৰ সহজে হজম হোৱাত সহায় কৰে।
  • কেঁচা জলকীয়া লৌহ পদাৰ্থৰ এক প্ৰাকৃতিক উৎস স্বৰূপ, যিয়ে ৰক্তাল্পতা ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

ই(জলকীয়া) এন্টিবেকটেৰিয়েল(Antibacterial) গুণ সমৃদ্ধ। ই দেহৰ ছালৰ সংক্ৰমণ প্ৰতিৰোধত সহাত কৰে।

  • কেঁচা জলকীয়াত যথেষ্ট পৰিমাণে ‘ভিটামিন-কে’ পোৱা যায়, যিয়ে অষ্টিঅ’পৰোছিছ(Osteoporosis) ৰোগৰ সম্ভাৱনা কমায় আৰু কটা-ছিঙা হ’লে সহজে তেজ বন্ধ হোৱাত সহায় কৰে।
  • জলকীয়া খালে এণ্ডোৰফিন(endorphins) হৰম’ন নিঃসৰিত হয় যিয়ে বিষৰ মাত্ৰা কমায় আৰু উৎসাহ বৰ্দ্ধক হিচাপে কাম কৰে।
  • ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণতো সহায় কৰে বাবে মধুমেহ ৰোগীৰ বাবেও উপকাৰী।

আয়ুৰ্বেদ শাস্ত্ৰ মতে ই-

  • জঠৰাগ্নি উদ্দীপক,
  • পিত্ত,
  • কফ,
  • অৰুচি,
  • তন্দ্ৰা আৰু
  • স্বৰভঙ্গ নাশক।

ই মূত্ৰপ্ৰণালী আৰু শুক্ৰাশয়ৰ বিকাৰত লাভদায়ক বুলি প্ৰমাণিত হৈছে। ই নপুংসকতা আদিৰ ক্ষেত্ৰতো লাভদায়ক। ই দেহৰ অতিৰিক্ত কেলৰি নাশ কৰি মানুহক অযথা শকত হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ দ্বাৰা মানুহৰ বুদ্ধিও তীক্ষ্ণ হয় বুলি কোৱা হয়।

সকলোৰে অতিমাত্ৰাটো বেয়া। এই বহুগুণী জলকীয়াৰ অত্যধিক প্ৰয়োগেও দেহৰ অনিষ্ট সাধন কৰিব পাৰে। ইয়াৰ অতিমাত্ৰা ব্যৱহাৰত আলচাৰ, ৰক্তবিকাৰ, চকুৰ ৰোগ তথা দেহৰ পোৰণি হ’ব পাৰে। এই কাৰণে প্ৰাচীন আয়ুৰ্বেদাচাৰ্য চৰকে ইয়াৰ অত্যধিক প্ৰয়োগক অস্বাস্থ্যকৰ বুলি অভিহিত কৰি গৈছে।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)

4.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top