অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সতৰ্কতাৰে ৰঙৰ উৎসৱ হোলী

হোলী ৰঙৰ উৎসৱ। আনন্দৰ উৎসৱ। অতীজত হোলীত ব্যৱহাৰ কৰা ৰং আছিল প্ৰাকৃতিক। কিন্তু বৰ্তমান প্ৰাকৃতিক ৰঙৰ স্থান বিভিন্ন ৰাসায়নিক পদাৰ্থই অধিকাৰ কৰিছে। তদুপৰি কিছুমান ঠাইত পানী, বোকা আদিও হোলীত ব্যৱহাৰ কৰা যায়। এই ৰাসায়নিক দ্ৰব্য আৰু লেতেৰা পানী-বোকা আদিয়ে শৰীৰৰ বহুতো ক্ষতি কৰিব পাৰে। তদুপৰি হোলীৰ সময়ত বহু লোকে ৰাগিয়াল দ্ৰব্য (বিশেষকৈ সুৰা আৰু ভাং) সেৱন কৰাৰ ফলত নানা সমস্যাৰ সৃষ্টি হয়। অলপ সাৱধানতা অৱলম্বন আমি এইবোৰৰ পৰা ৰক্ষা পাব পাৰো।

ছালত পৰা বিৰূপ প্ৰভাৱ

কৃত্ৰিম ৰঙৰ বাবে সৰ্বাধিক ক্ষতি হয় আমাৰ ছালখনৰ। হোলীত এনে ৰং ব্যৱহাৰ কৰাৰ পিচতে ছালৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হোৱা, খজুৱতি হোৱা, ছাল উখহি উঠা, ছাল শুকাই যোৱা, খহটা হোৱা, ছাল এৰাই যোৱা, ছালৰ জ্বলন, ছালৰ ঘা হোৱা, আঘাত পোৱা, ফোঁহা হোৱা, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা ছালৰ সংক্ৰমণ হোৱা, মুখত শালমইনাৰ পৰিমাণ বঢ়া, ছালৰ এলাৰ্জি হোৱা আদি হ’ব পাৰে। হোলীৰ ৰং ব্যৱহাৰ কৰাৰ আগতে গাত তেল বা ভেছলিনজাতীয় পদাৰ্থ ঘঁহি ল’ব লাগে। এনে কৰিলে ছালৰ ভিতৰলৈ ৰং সোমাব নোৱাৰে আৰু ছালত ৰং সৰহকৈ লাগি নাথাকে। হোলী শেষ হোৱাৰ পিছত ভালদৰে ঘঁহি ছালত লাগি থকা ৰংবোৰ গুচাই পেলাব লাগে। পৰিষ্কাৰ পানীৰে ভালদৰে ধুই ছালত ক্ৰীম বা ময়শ্বাৰাইজাৰ ঘঁহিব লাগে।

চকুত হ’ব পৰা ক্ষতি

ফাকুৱাৰ ৰং চকুত পৰি কনজাংটিভাইটিছ ৰোগ হ’ব পাৰে। চকুৰ এলাৰ্জি হ’ব পাৰে। চকুৰ খজুৱতি, চকু ৰঙা পৰা, চকুৰে পানী ওলোৱা, চকুৰ পতা ফুলি উঠা আদি দেখা দিয়ে। কেতিয়াবা চকুত আঘাত হ’লে দৃষ্টি শক্তি পৰ্যন্ত হেৰাব পাৰে। সেয়েহে হোলীত সদায় চছমা বা গগ্‌লছ পিন্ধি ল’ব লাগে। কন্টেক্ট লেন্স ব্যৱহাৰ কৰা ব্যক্তিয়ে লেন্স খুলি থ’ব লাগে। চকুত ৰং পৰিলে ভালদৰে পৰিষ্কাৰ পানী মাৰি ধুই ল’ব লাগে।

ৰং লগোৱাৰ আগতে চুলিত তেল ব্যৱহাৰ কৰক

কৃত্ৰিম ফাকুৱা ব্যৱহাৰ কৰিলে চুলিৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হোৱা, চুলি শুকান আৰু খহটা হোৱা, চুলি দুৰ্বল হৈ সৰিবলৈ ধৰা, চুলি ফটা, চুলিৰ জট বন্ধা, খজুৱতি, উফি হোৱা আদি হ’ব পাৰে। মূৰৰ ছালৰো ক্ষতি কৰিব পাৰে। সেয়েহে হোলীত ৰং ব্যৱহাৰ কৰাৰ আগতে চুলিত তেল ঘঁহি লৈ মূৰটো কাপোৰেৰে বান্ধি অথবা টুপি পিন্ধি ল’ব লাগে। হোলী শেষ হোৱাৰ পিছতে ভালদৰে চুলি আৰু মূৰ ধুই শুকাব লাগে আৰু চুলিত তেল দিব লাগে।

কৃত্ৰিম ফাকুৱাত থকা ৰাসায়নিক দ্ৰব্য

চক, মিহি মাটি, মিহি বালি, ডলমাইট আদিৰ সৈতে কৃত্ৰিম ৰং তাৰমাইন, ৰ’ডামাইন, মিথাইল ভায়োলেট, মিথিলিন ব্লু, মাৰকিউৰিক অক্সাইড, মাৰকিউৰিক ছালফাইড, কপাৰ ছালফেট, ক্ৰমিয়াম আদি মিহলাই কৃত্ৰিম ফাকুৱা তৈয়াৰ কৰা হয়। এইবোৰ শৰীৰৰ ছাল, ছুলি, নখ আৰু চকুৰ বাবে ক্ষতিকাৰক। কৃত্ৰিম ফাকুৱাৰ ৰাসায়নিক দ্ৰব্যত থকা লেড অক্সাইডে কিডনীৰ সমস্যা, শিশুৰ মানসিক আৰু বৌদ্ধিক ক্ষমতা হ্ৰাস কৰা, ক্ৰমিয়ামে শ্বাসতন্ত্ৰৰ ৰোগ কৰা, মাৰকিউৰিয়ে দৃষ্টিশক্তি হ্ৰাস কৰা আৰু মানসিক ৰোগ কৰা, ব্ৰমাইডে কৰ্কট ৰোগ পৰ্যন্ত সৃষ্টি কৰিব পাৰে।

সামাজিক বিৰূপ প্ৰভাৱ

সুৰা, ভাং আদি সেৱন কৰি হোলী পাতিলে কাজিয়া বেছিকৈ হৈ সামাজিক পৰিৱেশ নষ্ট কৰে। কেতিয়াবা হতাহতি হৈ মৃত্যু পৰ্যন্ত হোৱা দেখা যায়। নিচাসক্ত হৈ মটৰ চাইকেল, গাড়ী আদি চলোৱাৰ ফলত দুৰ্ঘটনা হৈ পংগু হ’ব পাৰে। আনকি মৃত্যুও হোৱা দেখা যায়। তদুপৰি নিচাসক্ত হৈ দ, সোঁত থকা নৈ বা বিলত গা ধুবলৈ গৈ বহু সময়ত হোলীত মানুহ মৃত্যুমুখত পৰাও দেখা যায়। তদুপৰি মহিলাৰ সৈতে ফাকুৱা খেলোতে বহু সময়ত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈ থানাপৰ্য্যন্ত যাব লগা হয়। সেয়েহে এনে পৰিৱেশৰ সৃষ্টি নোহোৱাৰ বাবে সুৰা, ভাং আদি ৰাগিয়াল বস্তু পৰিহাৰ কৰা আৰু অন্য ধৰ্মাৱলম্বী লোক, নাৰী আৰু শিশুক ৰং দিওঁতে সাৱধান হোৱা উচিত।

ফাকু জমা হৈ নখত হ’ব পৰা ৰোগ

নখৰ গুৰিত কৃত্ৰিম ফাকুৱা জমা হৈ নখৰ বিভিন্ন ৰোগ হ’ব পাৰে। নখৰ গুৰি ফুলি উঠা, ৰঙা পৰা, বিষোৱা, সংক্ৰমণ হৈ পূঁজ ওলোৱা আদি হ’ব পাৰে। পাৰিলে ৰং ব্যৱহাৰ কৰাৰ আগতে হাতত গ্লোভ পিন্ধি ল’ব লাগে। হোলী শেষ হোৱাৰ পিচতে ভালদৰে নখৰ গুৰিবোৰ পৰিষ্কাৰ কৰি পানীৰে ধুই ক্ৰীম লগাব লাগে।

হোলীত ল’ব লগা সাৱধানতা

  • ফাকুৱাৰ ৰং উচ্চ মানবিশিষ্ট আৰু প্ৰাকৃতিক দ্ৰব্যৰে তৈয়াৰী হোৱা উচিত।
  • হোলী শেষ হোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ভালদৰে শৰীৰ পৰিষ্কাৰ কৰি লৈ তেল বা ময়শ্বাৰাইজাৰ ঘঁহিব লাগে।
  • নখ, আঙুলিৰ ফাঁক, কাণৰ কাষ আদি ভালদৰে ধুব লাগে।
  • গাত কটা ছিঙা বা ঘা আদি থাকিলে ৰং ব্যৱহাৰ কৰিব নালাগে।
  • ৰং গুচাবলৈ স্পিৰিট ব্যৱহাৰ কৰা আৰু জোৰকৈ ঘঁহা অনুচিত।
  • এলাৰ্জি অনুভৱ হ’লে লগে লগে ধুই দিব লাগে।
  • সুৰা, ভাং আদি ৰাগিয়াল বস্তু সেৱন কৰি হোলী পাতিব নালাগে।
  • অনাহকতে তৰ্ক কৰি কাজিয়া কৰিব নালাগে।
  • ৰং ল’ব নোখোজা ব্যক্তিক জোৰকৈ ৰং দিব নালাগে।
  • বিশেষকৈ অন্য ধৰ্মাৱলম্বী লোক, নাৰী আৰু শিশুক।
  • নাৰীক ফাকুৱা দিওঁতে সাৱধানতা অৱলম্বন কৰা উচিত।
  • ফাকুৱা খেলাৰ আগতে ছাল, চুলি আৰু মুখ আদিত তেল বা ভেছলিনজাতীয় পদাৰ্থ ঘঁহি ল’ব লাগে।
  • মহিলাসকলে নেইল পলিচ আৰু ওঁঠত লিপষ্টিক ঘঁহি ল’ব লাগে।
  • টেঙাজাতীয় পদাৰ্থৰে ৰং এৰাব পাৰি।
  • মূৰত কাপোৰ বান্ধি ল’ব লাগে অথবা টুপি পিন্ধি ল’ব লাগে।
  • হোলীত সদায় চছমা বা গগলছ পিন্ধি ল’ব লাগে। কন্টেক্ট লেন্স ব্যৱহাৰ কৰা ব্যক্তিয়ে লেন্স খুলি থ’ব লাগে।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate