মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সদায় হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সদায় হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰিব

বৰ্তমান আধুনিক সমাজত মানুহৰ হাতে হাতে হেণ্ড চেনিটাইজাৰৰ (হস্ত শোধক) বটল একোটা থাকেই। কাৰণ য’তে-ত’তে হাত পানীৰে ধোৱাৰ সুবিধা নাথাকে।

বৰ্তমান আধুনিক সমাজত মানুহৰ হাতে হাতে হেণ্ড চেনিটাইজাৰৰ (হস্ত শোধক) বটল একোটা থাকেই। কাৰণ য’তে-ত’তে হাত পানীৰে ধোৱাৰ সুবিধা নাথাকে। বিশেষকৈ ঠাণ্ডা দিন অহাৰ লগে লগে মানুহৰ মাজত ইনফ্লুয়েঞ্জা ৰোগ বৃদ্ধি পায়। আনহাতে নানা ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বিশেষজ্ঞসকলে মানুহক হাত ধুবলৈ উপদেশ দিয়ে। তেনেস্থলত ভেনিটী বেগ বা পেন্টৰ জেপত হেণ্ড চেনিটাইজাৰৰ সৰু বটল একোটা ৰাখি থোৱাটো নিশ্চয় সুবিধাজনক ব্যৱস্থা। পিচে জনা গৈছে যে হেণ্ড চেনিটাইজাৰ বা হস্ত শোধকে জীৱাণু ধ্বংস কৰিব পাৰিলেও হেনো ইয়াত থকা কিছুমান পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ বাবে কিছুমান ক্ষতিকৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে। সঘনে অথবা অতিৰিক্তভাৱে হস্ত শোধক ব্যৱহাৰ কৰিলে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে তাক জানি লওঁ আহকচোন:

শুকান ছালৰ বৃদ্ধি হয়-

 

হেণ্ড চেনিটাইজাৰ বা হস্ত শোধক তৈয়াৰ কৰোতে যি এলকহল জাতীয় দ্ৰব্য ব্যৱহাৰ কৰা হয়, তাৰ মাজত থাকে আইছ’প্ৰপাইল, ইথানল আৰু এন-প্ৰপানল এই দ্ৰব্যবোৰে মানুহৰ ছাল শুকান কৰে। কাৰণ ইহঁতে ছালত থকা প্ৰাকৃতিক তেল আঁতৰাই কোষবোৰক পানী শূন্য কৰে। তাৰ পৰিণতিত মানুহৰ ছালৰ ৰোগ বৃদ্ধি পায়।

এন্টিবায়’টিক প্ৰতিৰোধক-

 

বহুত হস্ত শোধকত ট্ৰাইক্লোছ’ন থাকে। পৰীক্ষা-নিৰীক্ষাত দেখা গৈছে যে, ট্ৰাইক্লোছ’নে প্ৰাণীৰ হৰম’নৰ কাম-কাজত বাধা দিয়ে, ছুপাৰ বাগ নামৰ অনিষ্টকৰ শক্তিশালী জীৱাণুৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে।এই ছুপাৰ বাগ নামৰ জীৱাণু বা ভাইৰাচবোৰ ইমানেই বেছি শক্তিশালী যে, সিহঁতে ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত হোৱা এন্টিবায়’টিক ঔষধবোৰকো দুৰ্বল বা প্ৰতিৰোধ কৰিব পাৰে, যাৰ ফলত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এন্টিবায়’টিক ঔষধবোৰ একেবাৰে মূল্যহীন, নিষ্ফল হৈ যায়।

অচিন ৰাসায়নিক সুগন্ধ-

 

আমি জানো হস্ত শোধকবোৰক নানা ধৰণৰ দ্ৰব্যৰে সুগন্ধি কৰি তোলা হয়। পিচে হস্ত শোধক প্ৰস্তুত কৰোঁতাসকলে তেওঁলোকৰ বটল বা বটল ভৰোৱা পেকেটবোৰত কেনে ধৰণৰ সুগন্ধ ব্যৱহাৰ কৰা হৈছে, তাৰ উল্লেখ নকৰে। গতিকে ব্যৱহাৰকাৰীয়ে গম নাপায় যে, তেওঁ হস্ত শোধকটোৰ জৰিয়তে কেনে ধৰণৰ সুগন্ধি উপাদানেই ছালৰ কাৰণে যন্ত্ৰণাদায়ক হয় বা এলাৰ্জি সৃষ্টি কৰাৰ ক্ষেত্ৰত মূল কাৰক হয়।

শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাটোক দুৰ্বল কৰে-

 

মানুহে হস্ত শোধক ব্যৱহাৰ কৰাৰ কাৰণ হৈছে ইয়াক ব্যৱহাৰ কৰিলে ৰোগৰ আশংকা কমে। পিচে নৰ্থৱেষ্টাৰ্ণ ৰিচাৰ্ছ চেন্টাৰ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা গৱেষণাত গম পোৱা গৈছে যে, শিশুসকলৰ দেহত থকা নিজা প্ৰতিৰোধী ক্ষমতাটোৰ ওপৰত হস্ত শোধকৰ ভয়ানকভাৱে প্ৰভাৱ পৰে। ‘চায়েন্স ডেইলি’ নামৰ আলোচনীৰ পাতত প্ৰকাশ হোৱা উক্ত গৱেষণাত উল্লেখ কৰা হৈছে যে, শিশু অৱস্থাত অতিমাত্ৰা পৰিষ্কাৰ পৰিৱেশটোৱে শিশুসকলৰ শৰীৰৰ নিজা প্ৰতিৰোধক অৱস্থাটো ইমান বেছি কমাই তোলে যে, সিহঁতৰ শৰীৰৰ প্ৰতিৰোধ বা প্ৰতিৰক্ষা ব্যৱস্থাটো অনবৰত যুদ্ধং দেহি অৱস্থাত থাকে, যাৰ পৰিণতিত নিজা প্ৰতিৰোধ ব্যৱস্থাটো বেছ দুৰ্বল হৈ পৰে। ভৱিষ্যতত এই শিশুবোৰ পূৰ্ণবয়স্ক হোৱাৰ পিচতো সিহঁতৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটো দুৰ্বল হৈয়েই থাকি যায়, জ্বলন-পোৰণৰ ক্ষেত্ৰত বেছ স্পৰ্শকাতৰ হৈ পৰে। গতিকে শৰীৰৰ এই দুৰ্বল ৰোগ প্ৰতিৰোধক ব্যৱস্থাটোৱে বহুত ৰোগক প্ৰতিহত কৰিব বা বাধা দিব নোৱাৰা হয়।

হস্ত শোধকে ঠিকমতে কাম নকৰে-

 

আমেৰিকা যুক্তৰাষ্ট্ৰত চলোৱা এক গৱেষণাৰ ফলত জনা গৈছে যে, এন্টিবায়’টিক চাবোন আৰু হেণ্ড চেনিটাইজাৰ বা হস্ত শোধকবোৰে সিমান বেছি ধৰণে জীৱাণু দূৰ কৰাত সফল নহয়; ইহঁতৰ তুলনাত হেনো সাধাৰণ ধৰণৰ চাবোন আৰু গৰম পানীৰে হাত ধুলেহে জীৱাণু দূৰ কৰাৰ ক্ষেত্ৰত সম্ভাৱনা অধিক হয়। ২০০০ চনত চলোৱা এক গৱেষণাত আচৰিত ধৰণে ধৰা পৰিছে যে, হস্ত শোধক ব্যৱহাৰ কৰাৰ ফলত হাতত জমা হোৱা বেক্টৰিয়া কমি নাযায়, এইবোৰৰ বৃদ্ধিহে হয়।

উৎস: সাদিন ফিচাৰ্ছ।

3.08
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top