অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সোনকালে উঠাৰ সুফল :

সোনকালে উঠাৰ সুফলৰ বিষয়ে লিখা হৈছে ।

পুৱা সোনকালে শুই উঠাৰ সমান ভাল কাম কিজানি একো হ’ব নোৱাৰে। সৰুতেতো আমি পঢ়িছিলোৱেই পিছে, পঢ়িছিলোহে।

কিমানে সেই নিয়ম মানি চলো। বেছিভাগৰে পুৱা বিচনা এৰিবলৈ এলাহ। তাৰ বাবে নিজৰে বহু ক্ষয়-ক্ষতি হয়।

পুৱা সোনকালে বিছনা এৰিব পাৰিলে নিজে কেনে ধৰণে উপকৃত হ’ব পাৰি তাকে চাওঁ আহক। পুৱা সোনকালে উঠিব পাৰিলে খোজ কাঢ়িবলৈ, জগিং আৰু ব্যায়াম কৰিবলৈ ইচ্ছুকসকলে জগিং-ব্যায়াম কৰিবলৈ সতেজ সময় এটা পাব পাৰে।

ঘৰৰ ছাদত বা কোঠাত নীৰৱে প্ৰাণায়াম-ধ্যান কৰিব পাৰে। পুৱা সোনকালে শুই উঠিলে গা ধুই পৰিষ্কাৰ মন এটাৰে দিনটো সোনকালে আৰম্ভ কৰিব পাৰে। মনটো সজীৱ-সতেজ হৈ পৰে।

এখন ঘৰত বহুতো কাম থাকে-

  • ঘৰখন চাফ-চিকুণ কৰা,
  • ৰন্ধা-বঢ়াৰ কাম আৰম্ভ কৰা এই সকলো লৰালৰি নোহোৱাকৈ আৰম্ভ কৰিব পাৰে। কামবোৰ সুকলমে কৰিব পাৰে।

ঘৰখনত এটা শান্ত-শিষ্ট পৰিৱেশ সৃষ্টি হয়। সুন্দৰ মনেৰে পুৱাটো আৰম্ভ কৰিলে দিনটোৱেই ভালদৰে যায় বুলি বহুতে বিশ্বাস কৰে।

পুৱাই নানা কামত বেমেজালি হ’লে, বিশৃংখল পৰিৱেশৰ সৃষ্টি হ’লে বহুতৰে মনটো ভাগি পৰে, দিনটোৱেই বেয়াকৈ যাব বুলি মনটোত এটা বিশ্বাস হয়।

ক’বলৈ গ’লে দিনটো মনটো বেয়া লাগি থাকে। সেয়েহে পুৱাটো ভালভাৱে আৰম্ভ হ’ব লাগে আৰু এই ক্ষেত্ৰত পুৱা সোনকালে উঠাত বহু সহায় কৰে।

পুৱা সোনকালে শুই উঠাৰ আন এটা ডাঙৰ উপকাৰ হৈছে পুৱাৰ সতেজ বতাহ লাভ। পুৱাৰ পৰিষ্কাৰ অক্সিজেন লাভে শৰীৰৰ যথেষ্ট উপকাৰ সাধে।

মুকলিত অলপ পৰ থিয় হৈ চকু মুদি দীঘল উশাহ ল’ব লাগে। পুৱা সোনকালে উঠিব পাৰিলে কিছুমান কাম আগতিয়াকৈ কৰিব পাৰি।

যেনে ফুলৰ টাববোৰ খঁচৰি, ঘাঁহ-বনবোৰ গুচাই, পানী দি ফুলৰ যতন ল’ব পাৰে।

আন গছবোৰৰো যতন ল’ব পাৰে। কাৰণ দিনৰ বিভিন্ন কামৰ মাজত পাছত এই কামবোৰ কৰিবলৈ প্ৰায়ে সময় নাথাকেগৈ।

সেয়েহে বহুতে ফুলৰ যতন ল’ব নোৱাৰে আৰু ফুলৰ টাববোৰ শুকাই নষ্ট হৈ যোৱা দেখা যায়।

কিন্তু পুৱা সোনকালে শুই উঠিব পাৰিলে এনে ধৰণৰ কামবোৰ কৰি নিজৰ ফুলৰ টাববোৰ জকমকীয়া কৰি ৰাখিব পাৰি। সোনকালে উঠিলে দিনটোৰ কামখিনি নিৰ্ধাৰণ কৰি ল’ব পাৰি।

যেনে-

  • আজি পৰ্দাখিনি ধুব,
  • ছ’ফা বেক,
  • বিছনা কাপোৰ আদি ধুব।

এনেবোৰ কাম কৰিবলৈ অলপ আগতীয়া পৰিকল্পনাৰ দৰকাৰ।

ব্ৰেকফাষ্ট কি তৈয়াৰ কৰিব, দুপৰীয়াৰ আহাৰত কি ৰান্ধিব সেয়াও শান্তভাৱে ভাবিবলৈ সময় পায়।

উৎস: অসম বাণী

আপোনাৰ শিশুটিয়ে স্কুললৈ যাব নিবিচাৰে কিয় -

স্কুললৈ যাব নিবিচৰাৰ সমস্যাটো যদি কেৱল আৰম্ভণিৰ দিনবোৰতহে হয়, তেন্তে বিশেষ চিন্তা কৰিবলগীয়া একো নাই।

কিন্তু যেতিয়া নিয়মীয়াকৈ স্কুল যোৱা শিশুটিয়ে প্ৰায়ে স্কুললৈ যোৱাৰ কথা ক’লে কন্দা-কটা কৰা হয় অথবা তাৰ মনলৈ ভয় ভাব আহে, তেন্তে এই সমস্যাটোৰ ক্ষেত্ৰত গম্ভীৰভাৱে বিচাৰ কৰাৰ প্ৰয়োজন।

কিয়নো বহু সময়ত কিছুমান মানসিক সমস্যাৰ বাবেও শিশুটিৰ ব্যৱহাৰলৈ পৰিৱৰ্তন অহা দেখা যায়।

শিশুটিয়ে ভয় কৰাৰ কাৰণ -

যেতিয়া শিশুৱে প্লে-স্কুললৈ যোৱা আৰম্ভ কৰে, তেতিয়া প্ৰথমবাৰৰ বাবে ঘৰখনৰ পৰা কেইঘন্টামানৰ বাবে দূৰৈত থাকিবলগীয়া হোৱাৰ হেতু তাৰ মনলৈ ভয় ভাব আহে।

অৱশ্যে সকলোৰে ক্ষেত্ৰত এনে নহয়। কিন্তুসংখ্যক শিশুৱেহে স্কুললৈ যোৱাৰ কথা ক’লে কান্দি কান্দি হাহাকাৰ কৰে।

কেৱল প্লে-স্কুলৰসকলেই নহয়, বৰঞ্চ বহু সময়ত অলপ ডাঙৰ অজুহাত দেখুৱাব ধৰে। এইটো সম্পূৰ্ণৰূপে মানসিক সমস্যা।

যদি চাৰিৰ পৰা আঠ বছৰ বয়সৰ শিশুৱে এনেকুৱা কৰে, তেনেহ’লে জানিব সেয়া তাৰ পৃথক মনোভাব অৰ্থাৎ মাজে-সময়ে তাৰ মনত এনে ভাব ওপজে যে স্কুলত এৰি থৈ যোৱাৰ পাছত ঘৰৰ মানুহে তাক নিবলৈ আহিব নে নাহে।

অন্যহাতেদি কিছুসংখ্যক শিশু স্বভাৱতে খুব জেদী হয়, সিহঁতে স্কুলতো ঘৰৰ নিচিনাকৈ কাজিয়া-পেচাল কৰিব বিচাৰে আৰু তাৰে অনুশাসিত পৰিৱেশ দেখি ভয় খাই স্কুললৈ যাব নিবিচাৰে।

যদি শিশুক আগৰে পৰাই মানসিকভাৱে প্ৰস্তুত কৰা নহয়, তেন্তে স্কুলৰ নতুন পৰিৱেশৰ সৈতে নিজক খাপ খুৱাবলৈ সিহঁতৰ যথেষ্ট অসুবিধা হয়।

শিশুটি সৰু হওক বা ডাঙৰ, যদি সি প্ৰায়ে স্কুললৈ যাবলৈ ভয় কৰা হয়, বেমাৰৰ ভাও ধৰি ঘৰতে থাকিব বিচাৰে বা স্কুলৰ পৰা অহাৰ পাছত খুব উদাস বা নীৰৱ হৈ থাকে তেনে ক্ষেত্ৰত অভিভাৱকে এই সমস্যাৰ আচল কাৰণ জনাৰ প্ৰয়াস কৰিব লাগে।

যদি সি স্কুলত দিনটো কেনেভাৱে কটালে কথাষাৰ ঠিক মতে ক’ব নোৱাৰে তেতিয়াও অভিভাৱকে এই সমস্যাৰ কাৰণ বুজাৰ যত্ন কৰি তাৰ সমাধান উলিওৱা দৰকাৰ।

স্কুলৰ পৰিৱেশ -

স্কুলত শিশুৱে ঘৰখনতকৈ পৃথক পৰিৱেশ এটা পায়। তাত সিহঁতে একেবাৰে নতুন মুখবোৰ দেখে আৰু এটা অনুশাসিত জীৱন অতিবাহিত কৰিব লগা হয়।

যিসকল শিশুক অনাৱশ্যক চেনেহভৰা ব্যৱহাৰ কৰা হয়, সিহঁতে বাহিৰতো ইয়াকে আশা কৰে।

যেতিয়া স্কুলত সিহঁতে বিশেষ আদৰ-যত্ন নাপায়, সিহঁতে তেতিয়া তালৈ যাবলৈ অনীহা প্ৰকাশ কৰে।

তদুপৰি কিছুসংখ্যক শিশুৱে এনেবোৰ কাৰণতো স্কুললৈ যাবলৈ নিবিচৰা হয়।

  • শ্ৰেণীত অন্য শিশুৰ পৰা অশান্তি পোৱা।
  • পাঠ বুজি নোপোৱা।
  • কোনো শ্ৰেণী শিক্ষকৰ কঠোৰ ব্যৱহাৰ।
  • শ্ৰেণীত শাস্তি দিয়া বা অন্য ছাত্ৰ-ছাত্ৰীয়ে ঠাট্টা-বিদ্ৰূপ কৰাৰ ভয়তো সিহঁতে স্কুললৈ যাব নিবিচাৰে।

শিক্ষকে ধ্যান ৰখা আৱশ্যক:

স্কুল গৈ পোৱাৰ পাছত শিশুটি শিক্ষকজনৰ তত্ত্বৱাধানত থাকে। সেয়ে তেৱোঁ নিম্নোক্ত কথাকেইটালৈ লক্ষ্য ৰখা উচিত।

  • যদি কোনো এটি শিশু প্ৰায়ে উদাস হৈ থাকে, তেন্তে অভিভাৱকৰ পৰা কাৰণটো জনাৰ চেষ্টা কৰিব লাগে।
  • শিশুটিক ভাব বিনিময় কৰাৰ সুযোগ দিয়ক।
  • তাৰ অভিযোগসমূহো মন দি শুনক।
  • তাক খেলা-ধূলাৰ দৰে বিষয়সমূহত অন্তৰ্ভুক্ত হ’বলৈ উৎসাহ যোগাওক।
  • শিশুটিৰ সু-ব্যৱহাৰৰ প্ৰশংসা কৰক। ইয়াৰ ফলত সি আনন্দিত হৈ স্কুল যাবলৈ আগ্ৰহী হ’ব।

অভিভাৱকে কি কৰিব:

যদি স্কুললৈ যোৱাৰ সময়ত কোনো শিশুৱে প্ৰায় অজুহাত উলিয়ায় তেন্তে অভিভাৱক হায়ৰাণ হোৱাটো তেনেই স্বাভাৱিক কথা।

কেতিয়াবা তেওঁলোকে সিহঁতক ধমকি দিয়া আৰু কেতিয়াবা সিহঁতৰ চকুলো দেখি মন পিছলি যায়।

কিন্তু এনে কৰাটো এই সমস্যাৰ স্থায়ী সমাধান নহয়।

যদি আপোনাৰ শিশুটিয়েও এনে কৰে, তেন্তে সাৱধানেৰে তলৰ কথাখিনিলৈ ধ্যান দিয়ক।

  • শিশুটিক এনে ব্যৱহাৰ দেখুওৱাক যাৰ ফলত সি নিজৰ সমস্যাসমূহৰ বিষয়ে আপোনাক ক’ব বিচাৰ(অধিক কঠোৰো নহ’ব, অতি বেছি ঢিলাও নহ’ব)।
  • যেতিয়া সি স্কুলৰ পৰা আহে, তেতিয়া তাৰ পৰিৱেশ শিক্ষক আৰু বন্ধু-বান্ধৱৰ বিষয়ে তাৰ লগত কথা পাতক।
  • যেতিয়া আপোনাৰ ভাব হয় যে শিশুটি কিবা সমস্যাৰ মাজত আছে, তেন্তে তাৰ শিক্ষকজনক লগ কৰক।

শিশুটিৰ প্ৰতি ধ্যান দি তাৰ সৈতে সময় কটালে প্ৰত্যেকটো সমস্যাৰে সমাধান সম্ভৱ হয়।

তাৰ ওপৰত বিশ্বাস ৰখাৰ লগতে আপোনাৰ তাৰ ওপৰত ভৰসা থকাৰ অনুভৱো কৰাওক যাতে সি মনৰ কথাবোৰ ক’বলৈ সংকোচ নকৰে।

আৰু এটা কথা, শিশুৰ সন্মুখত কোনো ধৰণৰ হিংস্ৰ ঘটনাৰ বিষয়ে আলোচনা নকৰাই ভাল।

সত্য ঘটনাৰ ভিত্তিত আধাৰিত স্কুলৰ বিষয়বস্তুক মূল কাহিনী হিচাপে লোৱা টিভি ধাৰাবাহিকসমূহ দেখুৱাব লাগে, যাতে সি ভাল-বেয়াৰ মাজৰ পাৰ্থক্য বুজিব পাৰে।

লেখিকা: ৰীণা দেৱী(অসম বাণী)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top